গোটেইখন মৰুভূমি হ’বগৈ বুলি… (ৰৌচন আৰা বেগম)
গোটেইখন মৰুভূমি হ’বগৈ বুলি
ভাবিবইপৰা নাছিলো!
হয়তো এনেকৈয়ে এদিন দৃষ্টিহীনৰ দৰে
খেপিয়াই সকলোৱে পিয়াহৰ এটুপি পানী ।
যোৱাকেইবছৰ, ৰিণি ৰিণি ক’ৰপৰা
বাজিছিল বাৰু সেউজৰ স্বৰলিপি
গীতৰ ৰাগীত মজি থাকোতে ভবাই নাছিলো
কেনেকৈ যাম এই খৰাঙত আগবাঢ়ি।
অনাগত বছৰবোৰ মোৰ যে তেনেই ছুটী
মৰুময় ভাৱনাৰ হওঁক ইয়াতেই যতি।