গোপাল ভাড়ৰ সাধু (দেৱপ্ৰতীম হাজৰিকা)

(১)
সকলো ফালতেই আগবঢ়া জ্ঞানী, গুণী গোপালৰ লগত বহু কম লোকেই যুক্তি-তৰ্ক কৰিছিল। কাৰণ উপস্থিত বুদ্ধিৰ ভঁৰাল গোপালক সেই বিষয়ত হৰুওৱা বৰ কঠিন আছিল।
এদিন গোপালৰ লগৰ কেইজনমানে গোপালক ক’লে, “তইতো গাঁৱৰ সকলোকে যুক্তি-তৰ্কত হৰুৱাই থাক। যদি তই ইমানেই পণ্ডিত তেন্তে আমাৰ গাঁৱৰ মন্দিৰৰ পুৰোহিতজনক হৰুৱাই দেখা। তেওঁৰ সমান পণ্ডিত আমাৰ গাঁৱত নাই।”
গোপালৰ মন নাছিল যদিও লগৰ ল’ৰাকেইজনক এশিকনি দিওঁ বুলি সি মন্দিৰৰ ফালে আগবাঢ়িল। মন্দিৰত তেতিয়া পুৰোহিতজন পুজাত ব্যস্ত আছিল। পুজা শেষ হোৱাৰ পাছত গোপালে প্ৰশ্ন কৰিলে, “মহাশয়, ৰাৱণে দেবী সীতাক কেনেকৈ হৰণ কৰিছিল ?”
-“মায়াবী সোণৰ হৰিণা ধৰিবলৈ ৰামে পহু ৰূপী মায়াবী ৰাক্ষস মাৰিচিকা খেদি গৈছিল। বহুদুৰ গৈয়ো যেতিয়া ৰামে হৰিণ ধৰিব পৰা নাছিল তেতিয়া উপায়ন্তৰ হৈ ৰামে হৰিণক উদ্দেশ্যি শৰ মাৰিছিল। মৰাৰ আগেয়ে মাৰীচে ৰামৰ মাতেৰে কাতৰ স্বৰেৰে ‘ভাই লক্ষ্ণণ। ৰাক্ষসে মোক মাৰিলে, তুমি তৎক্ষণাৎ আহি মোক ৰক্ষা কৰা বুলি চিঞৰিলে। সীতাৰ ৰখিয়াৰ দায়িত্বত থকা লক্ষ্ণণক সীতাই স্বামীক ৰক্ষা কৰিবলৈ পঠাই দিছিল | তেতিয়াই ৰাৱণে ব্ৰাহ্মণৰ বেশ ধৰি সীতাক হৰণ কৰি লৈ গৈছিল।”
-“সেই কথা ময়ো জানো মহাশয়, কিন্তু বিশ্বাস হোৱা নাই। কাৰণ সীতা দেৱীয়ে জনক ৰজাৰ ঘৰত থকা প্ৰকাণ্ড হৰধণুখন বাওঁহাতেৰে দাঙি সোঁহাতেৰে ঘৰ মচি আনিছিল। সেই কথা আপুনিয়েই ৰামায়ন পঢ়ি জনাইছিল।”
-“হয় কৈছিলো। আচলতে জানকী মানৱী নহয়, দেৱী লক্ষ্ণী আছিল। তেওঁৰ ক্ষমতাৰ তুলনা নাই, তেওঁ মহাশক্তিশালিনী দেৱী। গতিকে মহাদেৱৰ সেই ধনুখন দাঙি ধনুৰ তলৰ ঠাইখিনি মচি অনা মিছা নহয়।”
-“মহাশয়, সেই কথা ময়ো বুজিলো। আপুনিয়েই এদিন ব্যাখ্যা কৰিছিল জানকী সীতাই যিখন হৰধনু বাওঁ হাতেৰে দাঙি ধৰি অনায়াসে সদায় ধনুৰ তলৰ ঠাইখিনি মচিছিল সেইখন ধনু স্বয়ম্বৰ সভালৈ আনোতে প্ৰকাণ্ড আঠটি চকাযুক্ত গাড়ীত উঠাই শতাধিক মানুহে ঠেলি ঠেলি আনিছিল। হয়নে নহয় মহাশয় ?”
পুৰোহিতে হয় বোলাত গোপালে আকৌ ক’বলৈ ধৰিলে, “চাওক মহাশয়। দেৱী সীতাই অনায়াসে বাওঁহাতেৰে দাঙিব পৰা ধনুখন ৰাজসভালৈ আনোতে যিদৰে আনিছিল তাৰপৰা বুজিছিলো সেইখন এখন প্ৰকাণ্ড ধনু আছিল। দেৱী জানকীৰ সয়ম্বৰ সভালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰতাপী-মহাপ্ৰতাপী বহু ৰজা-ৰাজকুমাৰৰ আগমণ ঘটিছিল। তাৰ মাজত লংকাধিপতি ৰাৱণো আছিল। সেই ৰাৱণে কিন্তু হৰধনুখন ধনু ৰখা ঠাইৰপৰা চাৰি আঙুল ওপৰলৈও তুলিব পৰা নাছিল। তাৰ পৰা বুজা যায় যে তেওঁৰ শক্তি দেৱী জানকীতকৈ বহুগুণে কম আছিল। তেন্তে আপুনিয়ে কওকচোন সেইজনী দেৱী জানকীক ৰাৱণে বনৰ মাজত হাতৰ ধৰি কৰণ কৰাৰ শক্তি আছে বুলি কেনেকৈ বিশ্বাস হয় ? মই ভাবো জানকীয়ে ইচ্ছা কৰিয়ে ৰাৱণৰ লগত গুচি গৈছিল। কাৰণ শক্তিৰে ৰাৱণে জানকীক কেতিয়াও বলে নোৱাৰিলেহেঁতে।”
পুৰোহিতৰ ওচৰত গোপালৰ সেই যুক্তি খণ্ডন কৰিবলৈ একো উত্তৰ নাছিল। ইমানপৰে পুৰোহিত আৰু গোপালৰ কথা শুনি থকা লগৰ কেইকেইটাও “হায় মা জানকী” বুলি মুৰে-কপালে হাত দি তাতে বহি ৰ’ল। আৰু যুদ্ধত বীজয়ীৰ দৰে গোপালে সুহুৰি বজায় মন্দিৰ ত্যাগ কৰিলে।

(২)
এবাৰ গোপাল আৰু তাৰ লগৰ কেইটামানৰ লগত দোকানৰ পৰা এথোক কল বজাৰৰ পৰা কিনি আনিলে। গোপালৰ লগৰীয়াকেইজনে মনে মনে গোপালক আগৰপৰাই ঈৰ্ষা কৰিছিল। সেয়েহে সিহঁতে গোপালক তল দেখুৱাবলৈ বাটত এটা বুদ্ধি পাঙিলে।
বাটত সিহঁতে এজোপা গছৰ তলত ভোক লাগিছে বুলি কলথোকাকে খাওঁ বুলি প্ৰস্তাৱ কৰিলে। কাৰো একো আপত্তি নাছিল। গোপালক কলৰ ভাগ নিদি সকলোৱে কল খোৱাত লাগিল। কল খাই কলৰ বাকলিবোৰ গোপালৰ ভৰিৰ ওচৰত পেলাবলৈ ধৰিলে।
আটাইবোৰ কল খাই হোৱাৰ পাছত লগৰ ল’ৰাকেইটাই গোপালক ক’লে, “গোপাল, তই সঁচাকৈয়ে বৰ খকুৱা কিন্তু। এথোক কল খাই শেষ।”
-”প্ৰমাণ অবিহনে অভিযোগ কৰা অনুচিত “
-”প্ৰমাণ তোৰ দেখোন ভৰিৰ আগতেই আছে, এথোক কলৰ বাকলিবোৰ |”
-”হয় নেকি ? কিন্তু মোতকৈ দেখোন তহঁতে বেছি খকুৱা। মই কল খাইছো, বাকলি খোৱা নাই। তহঁতি কিন্তু বাকলিৰ সৈতে নিজৰ ভাগৰ কলকেইটা পেটৰ ভিতৰত সুমুৱাই দিলি। এতিয়া কঁচোন কোন খকুৱা, মই নে তহঁতি ?”
গোপালৰ এই কথাৰ উত্তৰত লগৰ ল’ৰাকেইটাৰ ওচৰত ক’বলৈ একো শব্দ নাছিল।

(সৰুৰেপৰা অতিকে প্ৰিয় ‘গোপাল ভাড়ৰ সাধু’ৰ দুটা কাহিনী ‘সাহিত্য’ৰ ‘শিশু সাহিত্য বিশেষ’ বুলি আগবঢ়ালো। ডৰেমন, ছোটা ভীম আদিৰ যুগত আজিৰ শিশুৱে এনে ধৰণৰ কিতাপ নিশ্চয় কমকৈ পঢ়িবলৈ পায়। বজাৰত এই সাধুবিলাকৰ কিতাপসমূহ পায় নে নাই নাজানোঁ। আজিৰ যান্ত্ৰিক যুগৰ শিশুৰ বাল্যকালতকৈ আমাৰ বাল্যকালটো অতি লেহেমীয়া আছিল নিশ্চয়। কিন্তু মই ভাবো সেই লেহেমীয়া বাল্যকালটো আছিল আটাইতকৈ মধুৰ সময়। কাৰণ এনে কিছুমান সাধুকথাৰ পুথিৰ লগতে মৌচাক, সঁফুৰা আদি বিভিন্ন শিশু আলোচনী পঢ়াৰ সুবিধা পাইছিলোঁ। আজিৰ ভাগৰুৱা তথা ব্যস্ত জীৱনৰ কোনোবা এটা পলত ক্ষন্তেক থমকি উভতি চাওঁ সেই কালটোলৈ, ল’ৰালিৰ সেই ৰংচঙীয়া দিনবিলাকলৈ। সময়ৰ সোঁতত আগবাঢ়ি গৈছো, কিন্তু মনৰ কোণে কোণে আজিও সজীৱ সেই দিনবিলাক।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!