গোপীৰ নাম(-প্ৰতিম প্ৰতাপ বৰু‌ৱা)

কৃষ্ণৰ ৰাসলীলাত বহু হাজাৰ গোপীয়ে অংশ লৈছিল | স্বৰ্গৰ দেৱীসকলে গোপীৰ বেশ ধৰি ৰাসত নাচিছিল | মহাদেৱেও গোপীৰ ৰূপ লৈ ৰাসত কৃষ্ণৰ সৈতে নাচিছিল বাবে তেওঁ গোপীশ্বৰ নাম পাইছিল |

কৃষ্ণৰ সৈতে নৃত্য কৰা মূখ্য গোপীসকল আছিল – ৰাধিকা, ইন্দুমতী, মদন মঞ্জৰী, ৰত্নমালা, পদ্মাৱতী, কুন্তী, কুমুদিনী, চন্দ্ৰকলা, ৰোহিণী, হৰিণী, স্বয়ম্বৰী, বিদ্যাধৰী, মাধৱী, মধুমতী, মন্দোদৰী, ভোগৱতী, ভগৱতী, গৌৰী, ৰতি, ৰমা, বসুমতী, সতী, লীলাৱতী, তিলোত্তমা, শশী, ৰুচি, চম্পাকলতিকা, কামপাশা, কাদম্বিনী, মদনদমনী, মদালসা, সুৰভি, সুৰমা, ৰমা, ঊষা, সৰস্বতী, ভবানী, ভূষিতা, ভূমি, ৰম্ভা, প্ৰভাৱতী, কুমুদা, কামদা, মন্দাকিনী, যুগন্ধৰী, বিবুধা, মুগুধা, মেধা, ধৰা, বসুন্ধৰী, অথিৰ, জামীৰ, জৱা, সবী, বসুৰমা, কমললোচনী, চান্দৰুচি, শুচি, শ্যামা, সুপ্ৰভা, সৌভগা, সুভাগিনী, শুভচলা, ভূষণা, ভীষণা, ভান্তি, ভাৰতী, উত্পভলা, ইন্দিৰা, মন্দিৰা, হীৰা, তপতী, তৰুণী, কামিনী, ভামিনী, ভদ্ৰা, ভীষণা, তৰণী, ভাৰতী, ভাগীৰথী, ভানুমতী, কাঞ্চনমালিনী, সুমালিনী ইত্যাদি|
উৎস – শ্ৰীমদ্ভাগৱত |

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!