গ্রন্থালোচনা – দেওলাংখুই

গ্রন্থ আলোচক – সুস্মিতা বৰা

দেওলাংখুই
লেখক- ৰীতা চৌধুৰী
প্ৰকাশক- জ্যোতি প্ৰকাশন
মূল্য- ১২০ টকা
তৃতীয় প্ৰকাশ- ডিচেম্বৰ ২০০৭

 

“এক মহত্তম সৃষ্টিৰ ৰসস্বাদনৰ অনুভৱ”

অসমীয়া উপন্যাস সাহিত্যত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰীতা চৌধুৰীৰ এখন অনবদ্য উপন্যাস দেওলাংখুই৷ দেওলাংখুই- তীৱা ভাষাৰ শব্দ যাৰ অৰ্থ দৈৱ তৰোৱাল বা দেও লগা তৰোৱাল৷ উপন্যাসখনৰ কাহিনীটো জনশ্ৰুতিমূলক হ’লেও তাত অসম বুৰঞ্জীৰ অনেক উপাদান ঠাহ খাই আছে৷ ঔপন্যাসিকে উপন্যাসখনত যিছোৱা কালৰ কথা বৰ্ণনা কৰিছে সেইছোৱা কালৰ কথা লিখিত বুৰঞ্জীত বিশদভাৱে পাবলৈ নাই৷ ঔপন্যাসিকে অক্লান্ত শ্ৰমেৰে সেইছোৱা সময়ৰ ছবি জীৱন্ত ভাবে উপন্যাসখনত বৰ্ণনা কৰিছে৷ সেইখিনিতেই ঔপন্যাসিকৰ পাৰদৰ্শিতা তথা সৃষ্টিশীলতা প্ৰকাশ পাইছে৷
বুৰঞ্জীৰ এক উজ্জ্বল অধ্যায়ৰ সাক্ষী বীৰপুৰুষ জোঙাল বলহুৰ জীৱন গাঠা এই উপন্যাসখনৰ ঘাই উপজীৱ্য৷ বুৰঞ্জীৰ সমলক সাৰথি কৰি লেখিকাই জোঙাল বলহুৰ জীৱন, সেই সময়ৰ সমাজ জীৱন, জীৱন দৰ্শন সকলোবোৰ দক্ষতাৰে তথা বিশ্বাসযোগ্যতাৰে উপস্থাপন কৰিছে৷ জোঙাল বলহুৰ জীৱন সম্পৰ্কে ক’বলৈ গৈ লেখিকাই ইতিহাস, বাস্তৱ আৰু কল্পনাৰ ত্ৰিৱেণী সংগমেৰে আৰম্ভণিৰ পৰা শেষলৈকে পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে৷ ৰজা প্ৰতাপচন্দ্ৰৰ আৰ্যৰ অহংকাৰে জীৱনলৈ কঢ়িয়াই অনা বিপৰ্যয়ে উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰকে যন্ত্ৰণাময় কৰি তুলিছে৷ সেই অহংকাৰৰ ফল ভোগ কৰিছে চন্দ্ৰপ্ৰভা, সাধুকুমাৰ, আৰিমত্ত, গংগাৱতী, ৰত্মসিংহ, লখাইতৰা, ৰত্নাৱলী, জকাংক সকলোৱে৷ আৰ্য হোৱাৰ গৌৰৱ আৰু অহংকাৰৰ বিপৰীতে অনাৰ্য সৰলতা, উদাৰ মনোভাৱ সুন্দৰভাৱে প্ৰতিফলিত হৈছে উপন্যাসখনত৷
ৰজা প্ৰতাপচন্দ্ৰ ৰজাসূলভ গাম্ভীৰ্য, অহংকাৰ, আৰ্যগৌৰৱ, ধৰ্মপাল বংশৰ ৰক্তপ্ৰৱাহিত ৰণতৃষ্ণা আৰু অনিৰ্বাপিত বিজয়তৃষ্ণাৰে পৰিপূৰ্ণ এজন লোক৷ নববিবাহিতা পত্নী চন্দ্ৰপ্ৰভাক মায়াপুৰৰ নতুন ৰাজধানী গ্ৰহণৰ উৎসৱত সামান্য এটি কথাতে কঠোৰ শাস্তি প্ৰদান কৰি অনাৰ্য ৰজা সাধুকুমাৰৰ হাতত অৰ্পণ কৰিছে৷ এই কাৰ্যৰ দ্বাৰা প্ৰতাপ চন্দ্ৰৰ উচ্চাত্মিকাবোধ, জেদী, অবিবেচক মনোভাৱ আৰু অন্ধ আৰ্যগৌৰৱৰ মনোভাৱ দেখিবলৈ পাওঁ৷ নকৰা অপৰাধ এটাৰ ক্ষমা নিবিচাৰি বিনা বাক্যব্যয়ে গুচি যায় নিৰপৰাধী চন্দ্ৰপ্ৰভা৷ এই কাৰ্যৰ পৰৱৰ্তী সময়ত অহংকাৰী প্ৰতাপচন্দ্ৰ অনুশোচনাৰ জুইত তিলতিলকৈ জাহ গ’ল৷ যি অনুশোচনা তেওঁ আমৃত্যু বুকুত কঢ়িয়াই লৈ ফুৰিছিল৷ এই কথা ঔপন্যাসিকে বৰ্ণনা কৰিছে এইদৰে-
’’ শোকাৰ্ত মাতৃক এৰি প্ৰতাপচন্দ্ৰ উঠিল৷ অসংগলগ্ন খোজেৰে ওলাই গ’ল জীৱনজোৰা নিসংগতা লৈ৷ জীৱনজোৰা সন্তাপ লৈ৷ অস্থিৰতা লৈ৷ উপায়হীনতা লৈ৷’’
প্ৰতাপচন্দ্ৰৰ দ্বাৰা নিৰ্বাসিত হৈ চন্দ্ৰপ্ৰভাই অনাৰ্য গোভা ৰজা সাধুকুমাৰৰ ছত্ৰছায়াত দিনবোৰ পাৰ কৰিবলৈ ধৰে৷ সেইসময়ত চন্দ্ৰপ্ৰভাই এক নাৰীসূলভ শংকাত ছটফটাই থাকে৷ চন্দ্ৰপ্ৰভাৰ মনৰ কথা বুজিব পাৰি গোভা ৰজাই নিজৰ ৰাজহাউলি এৰি ’’আমছাই মাজঙ’’ লৈ গুছি যায়৷ চন্দ্ৰপ্ৰভাই জন্ম দিয়ে প্ৰতাপচন্দ্ৰৰ পুত্ৰ আৰিমত্তক৷ পুত্ৰ আৰিমত্তৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই হওঁক অথবা গোভা ৰাজ্যবাসীৰ মনৰ পৰা অহেতুক সন্দেহ আঁতৰাবলৈ চন্দ্ৰপ্ৰভাই নিজকে উত্তৰণ ঘটালে আবি কনচাৰীলৈ৷ নিজৰ অতীতক পাহৰি গোভা ৰাজ্যক আদৰি ল’লে অন্তৰেৰে৷ তেওঁক গোভা সমাজে দিলে মাতৃৰ স্থান৷
পিতৃৰ দৰে আৰিমত্তৰো আছিল প্ৰচুৰ বিজয়তৃষ্ণা৷ খলাৰ ৰাণী গংগাৱতীৰ প্ৰেমত পৰিও অৱশেষত পৰিস্থিতিৰ ওচৰত হাৰ মানিও বিয়া কৰায় ৰত্নাৱলীক৷ আনহাতে ৰত্মাৱলীয়ে প্ৰেমিক ফিংগুৱা কোঁৱৰক পাহৰিব নোৱাৰি সুখী হ’ব পৰা নাছিল আৰিমত্তৰ সৈতে৷ ৰত্নাৱলীৰ উচটনিত মাতৃ কনচাৰীৰ বাধা নামানি পূবৰ দেশ আক্ৰমণ কৰিছে আৰু অজানিতে পিতৃহত্যাৰ দৰে মহাপাপ কৰিছে৷ ৰত্নাৱলীৰ বিশ্বাসঘাটকতা, লখাইৰতৰাৰ মৃত্যু, পিতৃহত্যা এই সকলোবাৰ বেদনা সহিব নোৱাৰি আৰিমত্ত টোমৰ পাহাৰলৈ সন্যাস গ্ৰহণ কৰিবলৈ গুচি যায়৷ সেইসময়ত আৰিমত্তলৈ বাট চাই আছিল আন এক দূৰ্ঘটনাই৷ অতীতৰ প্ৰেমিকা গংগাৱতীৰ গৰ্ভত জন্মা নিজৰেই যৌৱনৰ এটি ভুলৰ সাক্ষী জকাংকৰ হাতত প্ৰাণ দিব লগা হৈছে আৰিমত্তই৷ সেই শোকতেই মৃত্যু ঘটিছে ৰাণী গংগাৱতীৰ৷ কছাৰী ৰজাৰ প্ৰস্তাৱত সন্মতি জনাই বিয়া পাতিছে ৰাজকুমাৰী সুকোমলাক৷ নিজৰ বিজয়তৃষ্ণা আৰু হৃত গৌৰৱ উদ্ধাৰৰ বাবে সুকোমলাক কছাৰী ৰজাই বলি হিচাপে আগবঢ়ালে৷ সুকোমলাই জকাংকক বিশ্বাসঘাটকতা কৰি তেওঁৰ সপোনত পোৱা ’’ দেওলাংখুই ’’ খন দেউতাকক প্ৰদান কৰে৷ নিজ স্বাৰ্থৰ বাবে এইদৰে বডোচাই নিজৰ জীয়ৰী আৰু জোঁৱায়েকক মৃত্যুৰ মুখলৈ থেলি দিলে৷ জকাংকই নিজৰ অস্তিত্ব এৰি থৈ গ’ল বুবাউৰ মাজত৷ আবি কনচাৰীয়ে বুবাউক গ্ৰহণ কৰিছে কাৰণ কছাৰী ৰজাৰ হাতত বুবাউক দিবলৈ কোনো উত্তৰ নাই৷ এইদৰে সমাপ্তি ঘটিছে উপন্যাসখনৰ৷
উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰই জীৱন পাৰ কৰিছে অপূৰ্ণতাৰে৷ সেয়া লাগিলে প্ৰতাপচন্দ্ৰই হওঁক বা চন্দ্ৰপ্ৰভা, গোভা ৰজাই হওঁক৷ আৰিমত্তই হওঁক অথবা গংগাৱতী, ৰত্নাৱলীয়েই হওঁক৷ জকাংক আৰু সুকোমলাই হওঁক, কোনেও জীৱনত বিচৰাটো নাইপোৱা, সকলোৰে অন্তৰত অনিৰ্বাপিত তৃষ্ণা, নোপোৱাৰ হাবিয়াস৷ অহংকাৰেৰে পৰিপূৰ্ণ প্ৰতাপচন্দ্ৰৰ অনুশোচনাই চৰিত্ৰটিক সোণত সুৱগা চৰাইছে৷ আৰিমত্ত আৰু জকাংকৰ জীৱন আৰম্ভ হৈছে এটা প্ৰশ্নৰে আৰু শেষো হৈছে একেধৰণেৰে৷ নিজৰ জন্মৰহস্য নজনাটোৱে প্ৰধান কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ৷ ইয়াৰ উপৰিও সোনজিৰা মাহী, চামল, ফিংগুৱা কোঁৱৰ, ধনেশ্বৰ, ৰত্নসিংহ, কছাৰীৰজা আদি চৰিত্ৰই উপন্যাসখন আগবঢ়াই নিয়াত প্ৰভূত বৰঙনি আগবঢ়াইছে৷

উপন্যাসখনত জীৱনৰ গভীৰ উপলব্ধি অনুপম ভাৱে উপস্থাপন কৰা হৈছে৷ প্ৰতিটো চৰিত্ৰৰ মাজেৰে প্ৰতিফলিত হৈছে জীৱনৰ সঁচা উপলব্ধি তথা সত্য স্বীকাৰৰ প্ৰৱণতা৷ ভৱিষ্যতৰ মাজত নিজকে জীয়াই ৰখাৰ অদম্য হেঁপাহ চৰিত্ৰবোৰৰ যোগাত্মক দিশ৷ সুন্দৰ ব্যঞ্জনাৰে উপস্থাপিত সমাজ, সংস্কৃতি আৰু গভীৰ জ্ঞানেৰে পুষ্ট এখনি মনোমোহা উপন্যাস দেওলাংখুই৷ এটি সামান্য লেখাৰে উপন্যাসখন সম্পূৰ্ণভাৱে বিশ্লেষণ কৰাৰ ধৃষ্টতা নকৰি সামান্য ভাৱে আলোচনা কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে মাঁথো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments