গ্রাহক(- মিতালী বর্মন)


দৰ-দামতো কৰিবই লাগিব।
গোলকীকৰণৰ মহঙা দিন ভাই!
দৰ-দাম কৰিবই লাগিব…
সকলো বস্তুৰে দৰ-দাম কৰিবা
আপত্তি নাই অকণো
পাকঘৰৰ বস্তুৰ পৰা
শোৱনি কোঠাৰ বস্তুলৈ
কম দামত বস্তু পালে সকলোৰে ভাল লাগে
ডিচকাউণ্ট দিলেতো কথাই নাই
যিহে মহঙা দিন!
তুমি বাৰু মোক সুখী কৰিবলৈ কৰা নেকি
এই দৰ-দামৰ খেলা!
এই খেল খেলি খেলি
এদিন তুমি তুলিবা নেকি তুলাচনীত
মোৰ হৃদয়খন?
জুখিবা নেকি মোৰ মৰমবোৰ
মাহৰ শেষত পোৱা টকাকেইটাৰে
অথবা, কেইখনমান বীমা পলিচিৰে?
দৰ-দাম কৰি কৰি
ইমানো ব্যৱসায়িক হৈ পৰিবা নেকি
তুমি?
মানুহবোৰে মোক বুজনি দিব
“গছত গৰু উঠা কথা ক’ব নাপায়”
হৃদয়ৰ ৰং জানো তুলাচনীত
তুলিব পাৰি!
সকলো কথাই খোলা-খুলিকৈ কোৱাই ভাল
হৃদয়ৰ ৰং তুলাচনীত তুলিলে
তোমাক অকণো নুশুৱাব।
কিছুমান বস্তুৰ দৰ-দাম নকৰাই ভাল!!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!