গ্ৰন্থ আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ ( ড০ অঞ্জল বৰা)

পৃথিৱীৰ আটাইতকৈ ঐতিহ্যসম্পন্ন মহান শব্দটোৱেই হ’ল গ্ৰন্থ বা কিতাপ৷ কিতাপেই হ’ব পাৰে আমাৰ জীৱনৰ বিশ্বাসী বন্ধু, সৎ উপদেশ দিওঁতা আৰু আমাৰ আনন্দৰ সংগী৷ আমাৰ জ্ঞানৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে কিতাপেই হৈছে একমাত্র মাধ্যম৷ এখন ভাল কিতাপ অধ্যয়নে আমাৰ মনলৈ বিমল আনন্দ আৰু নিবিড় সুখানুভূতি কঢ়িয়াই আনে৷ মানুহৰ নিঃসঙ্গতাৰ প্ৰতিটো মুহূৰ্ততে কিতাপে মানুহক সঙ্গ দিয়ে আৰু বিশ্বাসী বন্ধুৰ দৰে চিৰদিনৰ বাবে আমাক ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে৷ সেয়ে চিচাৰে কৈছিল- ‘এখন বাগিচা আৰু এটা পুথিভঁৰাল যদি তোমাৰ ঘৰত আছে, তেনেহ’লে তোমাৰ প্ৰয়োজনীয় সকলো আছে৷’ কিন্তু সাম্প্ৰতিক সময়ত মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাখন ইমানেই বিচিত্ৰ আৰু দীঘলীয়া হ’বলৈ ধৰিছে যে ‘চিচাৰ’ৰ এই কথা ফাঁকিৰ গুৰুত্ব যেন লাহে লাহে কিছু কমি আহিবলৈ ধৰিছে৷ বৰ্তমান যান্ত্ৰিকতাময়, ভোগসৰ্বস্ব জীৱন যাত্ৰাত জীৱন অতিবাহিত কৰা বহুতো ব্যক্তিকে পাঠ্যক্ৰমৰ কিতাপকেইখনৰ বাদে আন গ্ৰন্থ অধ্যয়ন কৰা দেখা নাযায়৷ গ্ৰন্থ এখনৰ সৃষ্টিৰ আঁৰত যেনেদৰে একোজন লেখক আৰু প্ৰকাশক থাকে সেইদৰে ইয়াৰ ভৱিষ্যতৰ আঁৰত সদায়েই পাঠক, সমালোচক আৰু ইয়াৰ ব্যৱসায়িক দিশটো জড়িত হৈ থাকে৷ গতিকে লেখক, প্ৰকাশক, পাঠক, সমালোচক আৰু ব্যৱসায় এই আটাইকেইটাৰ সু-সম্পৰ্কৰ মাজতহে গ্ৰন্থ এখনৰ ভৱিষ্যত নিৰ্ভৰ কৰে৷ বৰ্তমান অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত দিনে দিনে লেখক, প্ৰকাশক আৰু পাঠকৰ সংখ্যা বৃদ্ধি হৈ অহালৈ চাই অসমীয়া গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে সন্দিহান হোৱাৰ থল নাই যদিও, এতিয়াও অসমীয়া গ্ৰন্থৰ প্ৰচাৰ আৰু ব্যৱসায় আশানুৰূপ হৈছে বুলি ক’ব নোৱাৰি৷
গ্ৰন্থৰ লগত সততে জড়িত এটা বিষয় হ’ল গ্ৰন্থমেলা৷ প্ৰতি বছৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহৰ মাধ্যমেৰে একোজন নতুন লেখকে আত্মপ্ৰকাশ লাভ কৰে আৰু পাঠকসকলেও ন ন গ্ৰন্থৰ সুবাস লাভ কৰে৷ কিন্তু গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ গ্ৰন্থমেলাসমূহৰ উৎসৱমুখৰ পৰিৱেশ আৰু লাখ লাখ টকাৰ কিতাপ বিক্ৰী হোৱাৰ খবৰৰ পিছতো আমাৰ মনত প্ৰায়ে সন্দেহ ওপজে যে প্ৰকৃততে এই গ্ৰন্থমেলাসমূহে সকলো শ্ৰেণীৰ দূৰলৈ গৈ থাকি যেতিয়া আমি নিজৰ গাঁওখনত উপস্থিত হওঁ, তেতিয়া অনুভৱ হয় এই অঞ্চলবোৰ যেন এতিয়াও গ্ৰন্থমেলা আৰু ন ন গ্ৰন্থৰ সেই উৎসৱৰ পৰা বহু নিলগত আছে৷ গাঁও অঞ্চলৰ নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালী বা ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াবা কল্পনা কৰিব পাৰিবনে এনে গ্ৰন্থমেলাৰ কথা? লিৰিকি-বিদাৰি, চুই চাই অনুভৱ কৰিব পাৰিবনে গ্ৰন্থৰ এই সুবাস? আজিও গাঁওসমূহত পুথিভঁৰালৰ অভাৱ৷ স্কুলসমূহতো গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ নাই৷ ঘৰতো বহু মাক-দেউতাকৰ নতুন গ্ৰন্থ কিনি দিয়াৰ ক্ষমতা নাই৷ তাতোকৈ ডাঙৰ কথা হৈছে কাগজ আৰু ছপাযন্ত্ৰৰ অত্যাধিক খৰচৰ বাবে হোৱা গ্ৰন্থৰ অত্যাধিক মূল্য৷ তেন্তে প্ৰতিবছৰ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহে সকলো শ্ৰেণী পাঠকৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিছেনে? এনে বহু কাৰণতেই আজিও ৰাজ্যখনৰ আধাসংখ্যক পঢ়ুৱৈয়েই নতুন নতুন গ্ৰন্থৰ সুবাসৰ পৰা আঁতৰি থাকিব লগা হৈছে বুলিব পাৰি৷ এটা কথা মন কৰিলে দেখা যায় যে সময়ৰ পৰিৱৰ্তন আৰু কৰ্মব্যস্ততাই মানুহক লাহে লাহে গ্ৰন্থৰ কাষৰ পৰা আঁতৰাই নিবলৈ ধৰিছে৷ তাৰ লগতে সংযোগ হৈছে মানুহৰ ভোগসৰ্বস্ব ধ্যানধাৰণা আৰু ম’বাইল, টিভি, ফে’চবুক আদিৰ দৰে আনুষঙ্গিক বিষয়সমূহ৷ এইখিনিতে এটা কথা উল্লেখ নকৰিলে ভুল হ’ব যে আমাৰ আধুনিক পৰীক্ষাকেন্দ্ৰীক শিক্ষা ব্যৱস্থাইও বহু সময়ত ছাত্ৰ—ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশৰ পৰাও আঁতৰি থাকিবলৈ বাধ্য কৰিছে৷ ক্লাছ, পৰীক্ষা, এছাইণ্টমেণ্ট, টিউচন আদিৰ ব্যস্ততাৰ মাজতে আজি বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰায় ২৫-২৬ বছৰ পাৰ হৈ যায়৷ তাৰপিছত জীৱনৰ কৰ্ম ব্যস্ততাৰ মাজত সোমাই পৰি মানুহে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশৰ পৰাই আঁতৰি আহিবলৈ বাধ্য হয়৷ গতিকে আমি গ্ৰন্থমেলাৰ এই তথাকথিত উৎসৱৰ পৰা আঁতৰি কিছু ব্যতিক্ৰমভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে৷ প্ৰতিখন নতুন গ্ৰন্থৰেই সুবাস যাতে প্ৰতিজন পঢুৱৈয়ে পাব পাৰে তাৰ বাবে প্ৰকাশকসকলে সময়ে সময়ে ভ্ৰাম্যমান গ্ৰন্থমেলাৰ ব্যৱস্থা কৰা উচিত৷ সৰু সৰু অঞ্চল, বিদ্যালয়, গাঁও সামৰি এনে ভ্ৰাম্যমান গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি৷ তাৰ বাবে বছৰৰ নিৰ্দিষ্ট সময়লৈ ৰৈ থকাৰ সময় নাই৷ বিহুৰ বতৰত বিহু মণ্ডপত, পূজাৰ বতৰত পূজাৰ মণ্ডপত এনে ক্ষুদ্ৰ গ্ৰন্থমেলাৰ আয়োজন কৰি মানুহক নতুন চিন্তা-চেতনাৰ দিশে আকৃষ্ট কৰা উচিত৷ গতানুগতিক আন মেলাৰ দৰে গ্ৰন্থমেলাতো কেৱল বিক্ৰীৰ হিচাপ-নিকাচ নকৰি কিমান পাঠকৰ কাষলৈ কিতাপ একোখন যাব পাৰিছে সেই দিশটোলৈহে অধিক মন দিয়া উচিত৷ গাঁৱসমূহৰ যুৱক সংঘ, বিদ্যালয় আদিয়েও প্ৰতিখন গাঁৱতে ৰাজহুৱা অৰ্থ সাহায্যৰে একোটাকৈ ক্ষুদ্ৰ পুথিভঁৰাল গঢ়ি তোলাৰ কথা ভাবিব লাগে৷ চৰকাৰেও অপ্ৰয়োজনীয় আঁচনিসমূহত ধন খৰছ নকৰি প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ পুথিভঁৰাল সৃষ্টিৰ বাবে আঁচনি গ্ৰহণ কৰিব লাগে৷ গ্ৰন্থ অধ্যয়নৰ সু-ব্যৱস্থা আৰু পৰিৱেশৰ ওপৰতো অসমীয়া গ্ৰন্থৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে৷
কিতাপৰ লগত জড়িত আন এটা বিষয় হৈছে ইয়াৰ ব্যৱসায়৷ বৰ্তমান গোটেই পৃথিৱীজুৰি ইংৰাজী সাহিত্যৰ গ্ৰন্থসমূহক পাঠকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কিতাপ বিক্ৰেতা বা প্ৰকাশকসকলে নতুন চিন্তা-চৰ্চাৰ কৰা দেখা গৈছে৷ কিন্তু তাৰ তুলনাত অসমীয়া গ্ৰন্থৰ বিক্ৰীৰ বাবে প্ৰকাশকসকলে আজিলৈকে কোনো সু-ব্যৱস্থা কৰা দেখা নগ’ল৷ বৰ্তমান ইংৰাজী গ্ৰন্থ বিক্ৰীৰ বাবে ফ্লিপ কাৰ্ড ডট্ কম, আমাজান ডট্ কমৰ দৰে কিছুমান ৱেবচাইটে কম মূল্যতে কোনো খৰছ নোলোৱাকৈ পাঠকক কিতাপ যোগান ধৰি আহিছে৷ বৰ্তমান গ্ৰন্থমেলাত ১০ শতাংশ কম মূল্যত পাব পাব পৰা কিতাপখন ফ্লিপ কাৰ্ড ডট্ কমৰ দৰে ৱেবচাইটত ঘৰতে থাকি ৩৫ শতাংশ কম মূল্যত পাব পৰা হ’ল৷ বৰ্তমান kindle-ৰ দৰে ডিভাইচসমূহত কম মূল্যতে ইংৰাজী ই-বুক পঢ়াৰ সুবিধা হ’ল৷ কেইদিনমানৰ আগতে ‘প্ৰান্তিক’ৰ লেখাৰ মাধ্যমেৰে চিনাকি হোৱা প্ৰায় ১৫ বছৰ কানাডাত বাস কৰা এগৰাকী মহিলাই আমাক ফোন কৰি কৈছিল যে তেওঁ কানাডাত থাকিয়েই নিয়মীয়াকৈ অনলাইনত অসমীয়া বাতৰি কাকত আৰু দুই এখন আলোচনী পঢ়িবলৈ পাইছে৷ কিন্তু অসমীয়া কিতাপ কিনিব পৰাকৈ কোনো সুব্যৱস্থা নথকাৰ বাবে অসমীয়া জাতীয় সাহিত্যৰ সোৱাদ লোৱাৰ পৰা আঁতৰি থাকিব লগা হৈছে৷ ফাণ্ডাবাবা ডট্ কমৰ দৰে দুই এটা ৱেবচাইটে অনলাইনৰ জৰিয়তে অসমীয়া কিতাপৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছিল যদিও বৰ্তমান এনে বহু ৱেবচাইট নিষ্ক্ৰিয় হৈ পৰিছে৷ সেয়ে প্ৰকাশকসকলে সময়ৰ লগত খোজ মিলাই তেওঁলোকৰ কিতাপসমূহ কেৱল গ্ৰন্থমেলা আৰু দোকানত বিক্ৰীৰ বাবে নাৰাখি অনলাইনৰ জৰিয়তে লাভ কৰিব পৰাকৈও ব্যৱস্থা কৰা উচিত৷ ইয়াৰোপৰি প্ৰতিখন কিতাপৰে দুটা সংস্কৰণৰ ব্যৱস্থা কৰা উচিত৷ এটা উন্নত মানৰ কাগজেৰে পুথিভঁৰালত সংৰক্ষণৰ বাবে আৰু আনটো কম মূল্যৰ কাগজ দি কেচাবন্ধাৰে প্ৰকাশ কৰা উচিত৷ যাতে প্ৰতিজন পঢ়ুৱৈয়ে কিতাপখন কিনাৰ সাহস কৰিব পাৰে৷ আজিকালি দেখা যায় ব্যৱসায়িক দিশটোৰ কথা ভাবি কিতাপ একোখনৰ কাগজ, চিয়াঁহী আৰু বেটুপাতৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়ে৷ যাৰ ফলত কিতাপখনৰ মূল্য বৃদ্ধি হয় ঠিকেই কিন্তু লেখকজনৰ উদ্দেশ্য কেতিয়াও সাৰ্থক নহয়৷ এনে কাৰণতে আজিকালি বহু পাঠক কম মূল্যৰ ই-বুকৰ প্ৰতিও আগ্ৰহী হোৱা দেখা গৈছে৷ লেখক এজনৰ প্ৰধান উদ্দেশ্য হৈছে – যাতে তেওঁৰ কিতাপখন অধিক সংখ্যক পাঠকৰ কাষলৈ যায় আৰু পাঠকেও কিতাপখনক আদৰি লয়৷ কিন্তু অত্যাধিক মূল্যই এনে ক্ষেত্ৰত কেতিয়াবা বাধাৰ সৃষ্টি কৰাও দেখা যায়৷ সেয়ে লেখক-প্ৰকাশকসকলে এনে দিশটোৰ প্ৰতিও মনোযোগ দিয়া উচিত৷
গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ, কিতাপ বিক্ৰীৰ সুব্যৱস্থা, কম মূল্য আদিৰ ওপৰতহে গ্ৰন্থৰ ভৱিষ্যত নিৰ্ভৰ কৰিব আৰু তেতিয়াহে লেখক, পাঠক আৰু প্ৰকাশকৰ এই সমবাহু ত্ৰিভুজটোৱে আমাৰ চিন্তা-চেতনাক আলোড়িত কৰি এখন সুষ্ঠ-সৱল সমাজ গঢ়াৰ অংশীদাৰ হ’ব পাৰিব৷
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

সুন্দৰ