‘গ্ৰন্থ আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ’ – এটি অনুভৱ (ড° লোচন শইকীয়া)

ফেব্ৰুৱাৰী, ২০১৬ৰ ‘সাহিত্য ডট অৰ্গ’ৰ মূল বিষয়বস্তু ‘গ্ৰন্থ আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ’, এই সম্পৰ্কে মোৰ কিছু অনুভৱ ব্যক্ত কৰিব খুজিছোঁ।কিতাপৰ মানদণ্ড তথা লেখক সম্পৰ্কে আলোচনাৰ ইয়াত প্ৰয়োজন বোধ নকৰোঁ । যিহেতু মূল বিষয়টোৰ পৰা ফালৰি কাটি ব্যক্তিপ্ৰশংসাৰ ফালে গতি কৰিব ।
মোৰ কাৰণে, এটা জাতিৰ প্ৰথম পৰিচয়, যাৰ নিজা ভাষা আছে, তেনেহলে প্ৰথমেই ভাষাৰেই আহে । মই নিজকে কওঁ, আনকো সুবিধা পালেই কওঁ, জীৱনে-মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে-প্ৰাণে মই, জীয়াই থাকোঁতে মই অসমীয়া, মৰিলেও বৰি লম অসমৰ মাটিতে অমিয়া মৰণ ।
অসমত গ্ৰন্থমেলা
অসমৰ মূল চহৰ কেইখনত শালিধান কটাৰ পিচতে উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হয় । বৰষুণ কমে । পৰীক্ষাবোৰো শেষ হয় । কিতাপৰ প্ৰচাৰ আৰু বিক্ৰীৰ বাবে এই সময়খিনিকে উচিত সময় ৰূপে বাচি লোৱা হয় বা ইয়াতকৈ উপযুক্ত আৰু বেলেগ সময় নাই । মাঘৰ বিহু পাইহি মানে কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠান আগুৱাই আহে– এই কামটোৰ বাবেই । একোখন গ্ৰন্থমেলাত অসমীয়া কিতাপ কিমান টকাৰ বিক্ৰী হ’ল, ই ভাষাটোৰ আপোন মানুহখিনিৰ কাৰণে বিশেষ কিবা অৰ্থ কঢ়িয়াই বুলি মই নাভাবো । হয়তো কোনো কেইখনমান কিতাপ বেছি বিক্ৰী হয় । কিতাপখনৰ মূল্যটোৱেও এইক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰে । বিষয়বস্তু তথা লেখনশৈলী ভাল হ’বই লাগিব । পাঠকৰ ৰুচি, বয়স এইবোৰো জানো কাৰক নহয় ! এটা নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত (আমাৰ ইয়াত অকল মাত্ৰ জাৰকালিৰ সময়ছোৱা) গ্ৰন্থমেলাবোৰত যিমানেই ভাল কিতাপ নোলাওক, কিনাৰ সামাৰ্থ্য সকলোৰে নাথাকে । গ্ৰন্থমেলাত মুঠ প্ৰৱেশ টিকটৰ বিক্ৰীৰ সংখ্যায়ো গ্ৰন্থমেলাৰ প্ৰকৃত উদ্দেশ্য বুজাত সহায় নকৰে, যদিও প্ৰৱেশমূল্য লোৱাৰ অধিকাৰ আয়োজকৰ নিশ্চয় আছে । ক’বলৈ গলে কিতাপ বিক্ৰী নোহোৱা নহয় । গ্ৰন্থমেলাই কিতাপৰ সতে জড়িত এচাম নতুন মানুহক নিশ্চয় সদায়েই অনুপ্ৰাণিত কৰি আহিছে ।
মই গ্ৰন্থমেলাত কিতাপ লুটিয়াই বগৰাই নিকিনো । কিতাপ নিকিনাকৈও নাথাকোঁ । কিতাপ কি ওলাইছে অলপ খা-খবৰ গোটাওঁ । মোৰ দৰমহাটোৰ এক সৰু অংক প্ৰতি মাহেই কিতাপ কিনোতে যায় । বেলেগ ভাষাৰ সাহিত্য বিশেষকৈ ইংৰাজী ভাষাৰ কিতাপৰ ভাল-বেয়াৰ সমালোচনা বাতৰি কাগজত ওলায় । ইন্টাৰনেটতো খুঁচৰিব পাৰি । অসমীয়া ভাষাৰ কিতাপৰ সমালোচনাৰ কোনো ঠিকনা নাই । কেতিয়াবা ওলায়, কেতিয়াবা নোলায় । প্ৰচাৰ নচলোৱাকৈ পোনে পোনে গ্ৰন্থমেলালৈ অহা কিতাপৰ বিষয়ে সহজতে একো ক’ব নোৱাৰি । এবাৰ কিনি পঢ়া বা আনৰ পৰা লৈ পঢ়া বা অনুষ্ঠানত উপহাৰ স্বৰূপে (এতিয়াও জীয়াই আছেনে নাই, সন্দেহ)পাই পঢ়া পাঠকৰ সংখ্যা কিন্তু বৰ কম । মই নিজে আনৰ পৰাও কিতাপৰ বিষয়ে শুনোঁ, বুজোঁ যে এইখন কিতাপ পঢ়িব লাগিব । অৱশ্যে আনৰ পৰা সংগৃহীত কিতাপৰ সংখ্যা একেবাৰে নগন্য । কাৰণতো মই নাজানো । কিতাপ পঢ়িও আলোচনাত ভাগ সকলোৱে নল’বও পাৰে নতুবা কিতাপ নপঢ়েই । গতিকে কিতাপ বাচনিৰ কামফেৰা নিজেই কৰোঁ । কিতাপ আনৰ পৰা বিচৰা অভ্যাস সমূলি নাই । কিনিবলৈ বিচৰা কামটোৰ দায়িত্ব ঘৰে-ঘৰে কিতাপ বিকিবলৈ অহা স্থানীয় মানুহ এজনকে দিওঁ । তেখেতেই মোক মই বিচৰা কিতাপবোৰ যোগাৰ কৰি দিয়ে । কিছুমান পাওঁ । কিছুমান নাপাওঁ । কিনিবৰ ক্ষেত্ৰতো হোহোকা-পিছলা হ’বই । প্ৰতিষ্ঠিত লিখকনো কেইজন আছে বা পুণৰ মুদ্ৰণনো কিমান হয় ! সৰুতেই স্কুলৰ পুথিভঁৰালৰ পৰা নি পঢ়া চৈয়দ আব্দুল মালিকৰ ‘আধাৰশিলা’খন নিজাকৈ আজিও গোটাব পৰা নাই । পুনৰমুদ্ৰণ নহলে পামনো ক’ত !
গ্ৰন্থ মানে মই কোনবোৰ বুজাব খুজিছোঁ
অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিখিনি বাধ্য হৈ পঢ়ে । পাঠ্যপুথি কেইখনে অসমীয়া গ্ৰন্থক বা অসমীয়া গ্ৰন্থৰ ভৱিষ্যতক বুজায়ো, নুবুজায়ো । তাৰোপৰি কাৰ কিতাপ চলিব সেইভাগৰ হেল্লৌ-হেইচা ৰচী যুঁজ আছেই । কিতাপ বুলি কওঁতে মই বুজিছোঁ পাঠ্যপুথিৰ বাহিৰৰ কিতাপবোৰ । তাকো অসমীয়া ভাষাত । এখন কিতাপৰ জনপ্ৰিয়তাই ভাষাৰো অসীম উপকাৰ সাধন কৰে ।এইসমূহৰ ভিতৰত গল্পসংগ্ৰহ, উপন্যাস, উপন্যাসিকা, কবিতাকুঞ্জ, অনুবাদ সাহিত্য, প্ৰৱন্ধসংগ্ৰহ, ভ্ৰমণকাহিনী, চিকাৰ কাহিনী, প্ৰকৃতিৰ বৰ্ণণামূলক কাহিনী, আত্মজীৱনী বা জীৱনীমূলক, সাধু কিতাপ, শিশুৰ বাবে লিখা কিতাপ বা আলোচনী, ধৰ্মীয় আচাৰ-ব্যৱহাৰ, ৰন্ধন-প্ৰকৰণ, বিহুনাম, বিয়ানাম, আইনাম, খেল-ধেমালি, ফকৰা-যোজনা, খুহুতীয়া, বিহুৰ বিশেষালোচনী, পূজা বিশেষালোচনী ইত্যাদি বিভিন্ন ধৰণৰ কিতাপ বা আলোচনী হ’ব পাৰে । পাঠকৰ নিজা ৰুচি অনুযায়ী কিতাপ পাঠকে বিচাৰে ।
পঢ়ুৱৈৰ সংখ্যাগত পশ্চাদগমণৰ কাৰণ
অসমত পাৰ হোৱা দশক বুলিয়ে ধৰক – এনেয়ে জানিবলৈ, শিকিবলৈ, সময় পাৰ কৰিবলৈ অসংখ্য চেনেল থকা টিভি আছেই । ম’বাইল, ইন্টাৰনেট আছেই । মন-পছন্দৰ ঠাইলৈ যাবলৈ বাহন; হোটেল, ধাবা, সামাজিক অনুষ্ঠান, সাবৰ্জনীন উৎসৱবোৰ আছেই । জিলা পুথিভঁৰালবোৰ কি পৰ্যায়ত আছে জনাই জানেই । গাওঁ পৰ্যায়ত পুথিভঁৰালৰ সৱিশেষ তথ্য নাই । স্কুলবোৰৰ পুথিভঁৰালবোৰৰ বিষয়ে এতিয়া মোৰ কোনো ধাৰণা নাই । বাতৰি কাগজ কেইখন আছেই । অসমীয়া ভাষাক জীয়াই ৰখাত যদি কিবা এটা ঢিমিক-ঢামাক চাকি এটা জ্বলি আছে সেইখিনিত কাকত কেইখনৰ ভূমিকাক কোনো প্ৰকাৰে নুই কৰিবই নোৱাৰি । অৱশ্যে ইয়াৰ ব্যৱসায়িক দিশো আছে । ৰাজনীতিৰ নাগপাশৰ কথা বাৰু নকওঁৱেই ।
বহুতে কৈয়ে দিয়ে এইবোৰ পঢ়ি কি হ’ব, তেতিয়া আমাৰ নিচিনা অসমীয়া ভাষা, জাতিকলৈ গৰ্ব কৰাকেইটাৰ মুখখন কেনেকুৱা হয় চাবলৈ কাৰ কেনেকুৱা লাগিব মই নাজানো । মোৰ দশা ঠিক নহয় ।
যিখন অসমত অসমীয়া কোন, জাতিটোক লৈ, ভাষাক লৈ বিতৰ্ক তুঙ্গত থাকে, সেই মুলূকত জনসংখ্যাৰ গাথঁনিৰ ভিত্তিত অসমীয়া সংখ্যালঘূৰ পালে ঢাল খাইছেই । সেই ৰাজ্যিক ভাষাটোৱেই অনিশ্চিত ভৱিষ্যতৰ ফালে গতি কৰা বুজি পালে সেপ ঢোকা মানুহৰ দৰে অৱস্থা হয় ।
অন্য এক অনুভৱ
স্কুলৰ পাঠ্যপুথিত পঢ়া ‘মাই লাষ্ট লেচন’ যি পঢ়িছে, তেখেতসকলে এটা বিদেশী ভাষাই কেনেকৈ আন এটা জাতিক অস্তিত্বহীন কৰিব পাৰে তাৰ অনুভূতি পাই থৈছে । সেয়ে মোৰ ভাৱ হয়, অকল গ্ৰন্থপ্ৰীতিয়ে অকলেনো আমাক কিমান সহায় কৰিব ! বৃটিছৰাজৰ সময়ত আমাৰ অসমত বাংলা ভাষা লিপি জাপি দিয়া, স্বাধীনোত্তৰ অসমত দুটাকৈ অসমীয়া ভাষা আন্দোলন, তাৰ প্ৰভাৱ, সচেতন জাতিপ্ৰিয় মানুহে বুজিবলৈ কিবা আছেগৈ জানো ! একেবোৰ কথাকে কোনেনো বাৰু বাৰে বাৰে লিখিব বা জনাব । সেয়ে সকীয়াই দি মই ক’ব খোজো যে অসমীয়া ভাষাৰ সৰ্ব্বোন্নতি হ’বলৈ সকলো দিশত আমাৰ কৰণীয় বহুত বাকী আছে । অসমত_ নামত চৰকাৰী ভাষা অসমীয়া হৈও আমাৰ ভাষা অসমীয়াৰ মাজতে সীমাবদ্ধ । কাৰণটো জনগাথঁনি । নিজৰ ৰাজ্যতে চাৰিটা চুকত নিজৰ নিজৰ সংবিধানপ্ৰদত্ত ভাষাৰ স্কুল চলায় । সংবিধানে দিয়া অধিকাৰৰ ভিত্তিত মাদ্ৰাচাবোৰত আৰৱী চলে । বাংলা চলে । হিন্দী চলে । তাৰোপৰি ইংৰাজী মাধ্যমৰ ব্যক্তিগতখণ্ডৰ স্কুলবোৰত অসমীয়া বিষয় হিচাবে এলাগী কাহানিবাই হল । অসমীয়া মাধ্যম নোহোৱা স্কুলত অসমীয়া বিষয় পঢ়োৱা শিক্ষক-শিক্ষয়িত্ৰী গৰাকীক বাকীবোৰে কিবা অদ্ভূত দৃষ্টিৰে চাই যদিও নাজানো । এইকেইদিন বাতৰি কাগজত, টিভিত কনভেন্ট স্কুলবোৰত অসমীয়াত কথা ক’লে কণ-কণ শিশুক জৰিমনা বিহে_ এইবোৰৰ জোৰ প্ৰতিবাদ চলি আছে । দুখৰ কথা এইবোৰ স্কুলৰ গৰিষ্ঠ সংখ্যক শিক্ষক-শিক্ষয়ত্ৰী হওঁতে অসমীয়াই । প্ৰতিবাদ কৰিব খুজিলেও চাকৰিটোৰেই হাত ধুব লাগে বুলি ভয় ।
এসময়ত এতিয়াৰ অৰুণাচলতো, তেতিয়াৰ নেফাত__ স্কুলবোৰত অসমীয়া ভাষাতে পঢ়োৱা হৈছিল । অসমৰ কৃতি সন্তান ইন্দিৰা মিৰি, যি নেফাত এহেজাৰখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল_ তেওঁৰ নাম অৰুণাচলৰ মানুহে লয়নে নলয় ভাবি ওৰ নাপাওঁ । চাকৰি সূত্ৰে অৰুণাচলৰো বিভিন্ন ঠাইলৈ গৈছো । এতিয়াৰ ডেকাচামৰ পৰা তলৰ বয়সলৈ হিন্দী, ইংৰাজী কয় । নিজৰ দোৱানত কথা পাতে । ৰাজনীতিৰ পাশাত অসমীয়া ভাষা এটা সময়ত সেই খণ্ডত বতাহত ফুৰ্ হৈ গ’ল । এতিয়া সেই খণ্ড আমাৰ আলোচনাৰ আওতাতো নপৰে । নকৈ নোৱাৰোঁ কাৰণে কৈছোঁ । লুম্বেৰ দাই, য়েচে দৰজি ঠংচিৰ অসমীয়া ভাষালৈ দিয়া অৱদানৰ কথা শ্ৰদ্ধাৰে সুৱৰিছোঁ ।
অসমৰ হৈয়ো বৰাক উপত্যকাত বাংলা ভাষাই গা কৰি উঠিল । ১৯৭৬-৭৭ চনত কলেজীয়া বিদ্যাৰ একাংশ কৰিমগঞ্জ, শিলচৰত থাকি কৰিবলগীয়া হৈছিল । কৰিমগঞ্জৰ লংগাই ৰোডৰ প্ৰাইমাৰী স্কুল এখনৰ প্ৰাঙ্গণত এখন অসমীয়া নামফলক দেখাৰ সৌভাগ্য হৈছিল । পিচত খবৰ লৈ গম পাইছিলোঁ, সেইখন স্কুলৰো মাধ্যম বাংলা হ’লগৈ । কাছাৰৰ ফালে আনৰ গৈ কেনেকুৱা লাগে নাজানো, মই কামৰ সূত্ৰে বহুবাৰ গাওঁ পৰ্যায়লৈ যাবলগীয়া হয় যদিও তাত বাংলা কবলৈ বাধ্য । কওঁ আৰু, নহলে উপায় নাইকিয়া হয় । নহলে যে অসমীয়া, হিন্দী বা ইংৰাজী বুজি নাপায় । নিজৰ ঘৰতে আলহীৰ দৰে । সোধ-পোচৰ ভাষাও সেইঠাইৰ বাংলা । কোনো ঠাইত চিলেটীয়া বাংলা, কোনো ঠাইত মৈমনচিঙীয়া বাংলা । কেঁচুৱাই কান্দিলেহে খাবলৈ পায় । কাষৰ নাগা পাহাৰত গাওঁ পৰ্যায়ত প্ৰশিক্ষণ দিওঁতে নাগামিজত কওঁ । নাগামিজ কথিত ভাষা । গোটেই নাগাপাহাৰত নাগামিজ নহলে বাইশৰো অধিক জনগোষ্ঠীয়ে এজনে আনজনৰ লগত জনগোষ্ঠীয় ভাষাৰে মনোভাৱৰ আদান-প্ৰদান কৰিব নোৱাৰে । বাকী ৰৈছেগৈ ব্ৰক্ষ্মপুত্ৰ উপত্যকাটো । তাতো অসমীয়াই ঠাই বিশেষে মান নাপায়, দোকানবোৰৰ নামফলকেই কয় ।
অসমীয়া কিতাপ লিখাই লিখি আছে । এইসকল লিখকক শতকোটি প্ৰণাম । অসমীয়া কবিতা পুথিৰ ক্ষেত্ৰত সকলো ভাগ্যবান হ’বই নোৱাৰে । কবি কেইজনৰ কথা ক’বলৈ দুখজনক । এবাৰ এজন ন-কবিয়ে যোৰহাটত অনুষ্ঠিত গ্ৰন্থমেলা এখনত মোক চিনি পোৱাৰ ভাও ধৰি মোৰ খা-খবৰ , ঘৰৰ নোহোৱা সদস্যৰ খবৰো সুধিলে । তেনেই ডেকা ল’ৰা । কবিতাৰ পুথি এখন লাহেকৈ কান্ধৰ ওলমোৱা বেগৰ পৰা উলিয়ালে । কিতাপখন উলিওৱাৰ পিচত মই এখন কিনিলোঁ । কি বুজিলে ? প্ৰকাশকৰ বিপনী কিন্তু কোনো ঠাইত নেদেখিলোঁ । মোৰ সেইদিনা মনতো সেমেকি গৈছিল । কবিতা পুথিখনত কি আছে নকওঁ বাৰু । হলেও কবিজনৰ কিমান হেপাঁহ, তেওঁৰ অনুভৱবোৰ কোনোবাই চুই চাওক । এইয়া আমাৰ ভাষাতে লিখা । আমি নিকিনি, নপঢ়িলে কোনে পঢ়িব ! ৰুচিৰ কথা আহিলে ভগ্নাংশৰ পৰিমাণ বাঢ়ে ।
যিখন ভাৰতবৰ্ষৰ প্ৰায়বোৰ ভাষাৰে জননী সংস্কৃত ভাষা সেই ভাষাৰ অৱস্থা কি, পঢ়ুৱৈ কিমান, বুজি পায় কেইজনে, পঢ়িব পাৰে কেইজনে, লিখিব পাৰে কেইজনে, এনেকুৱা প্ৰশ্ন ভাৰতৰ দৰে দেশতহে হ’ব পাৰে । অসমো ভাৰতৰে অংগ ৰাজ্য । আমাৰ ভাষাৰ জননীও সংস্কৃত নহয় কোনে ক’ব পাৰিব ? মাতৃৰ অৱস্থা এনে হলে সন্তানৰ কি গতি হ’ব, আঞ্চলিকতাৰ সীমনাত সহজেই অনুমেয় । ভূতৰ ওপৰত দানহ পৰাদি আমাৰ সংবিধানক নেওচি যাব পাৰিবও লাগিব ।
কিতাপ অসমীয়া হলে অসমীয়া জনা জনেহে পঢ়িব ।এইতো পোনপটিয়া উত্তৰ । অসমত কিমানখন অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক স্কুল আছে তাৰে এটা খতিয়ান লৈ চাওঁ । তাৰে কিমানে অসমীয়া ভাষাৰ কিতাপ পঢ়ে অনুমান কৰা টান হ’ব । ২০১০-১১ চনৰ তথ্য এটাৰ পৰা জনা য়ায় যে অসমত নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে মুঠ ৫১,২০৯ খন স্কুল দেখুৱাইছে । ইয়াৰে মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাগত গাঁথনিতো দেখুওৱা হোৱা নাই । সেই অনুপাতে শিক্ষক । এই চাম ছাত্ৰ-ছাত্ৰীয়েই ভৱিষ্যতৰ পঢ়ুৱৈ । পাঠ্য-পুথি আৰু সাহিত্য দুটা ভিন্ন অস্তিত্ব । ভাষা আৰু গ্ৰন্থ ইটো সিটোৰ পৰিপূৰক । য’ত চৰকাৰেই অসমীয়া ভাষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব । অনুদান দিব লাগিব । এই স্কুল বিলাকত ভাল কিতাপবোৰ স্কুলৰ পুথিভঁৰালত ঠাই পোৱা উচিত । এই ধৰণৰ পদক্ষেপেও অসমীয়া ভাষাত ন লিখক আৰু পঢ়ুৱৈ সৃষ্টি কৰাত সহায় কৰিব ।
এইবোৰ লিখি থাকোঁতেই বিভিন্ন জনে বিভিন্ন মতামত আগবঢ়াইছে । সেইবোৰ মতামতৰ সপক্ষে বা বিপক্ষে একো নকৈ মই মোৰ ধ্যান-ধাৰণা আগবঢ়ালোঁ । জয় আই অসম । জয় মোৰ ভাষা জননী । জয় আমাৰ গ্ৰন্থৰ যাত্ৰা ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments