গ্ৰন্থ সমালোচনা : ৰাধা তুমি – মৃণাল কুমাৰ মিশ্ৰ

 

অসমত নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ গ্ৰন্থমেলাৰ বতৰ, গ্ৰন্থৰ সুবাস লোৱাৰ বতৰ৷ বতাহত ভাহি আহে নতুনকৈ প্ৰকাশিত গ্ৰন্থৰ চিনাকি সুবাস৷ নতুনৰ কথা বাদেই, এই গ্ৰন্থমেলাতেই পুৰণি কিতাপ সমূহো নতুন সাঁজেৰে আটকধুনীয়া হৈ পুনৰমুদ্ৰিত ৰূপত পঢ়ুৱৈৰ আকৰ্ষণৰ কাৰণ হৈ পৰে৷ মই ব্যক্তিগত ভাবে গ্ৰন্থমেলাত বিচাৰি বিচাৰি কিতাপ সংগ্ৰহ কৰি এক বিশেষ ধৰণৰ আনন্দ উপভোগ কৰো৷ সেই আনন্দ স্বাভাৱিক ভাবেই বিচাৰি পোৱা নাযায়, কিতাপৰ দোকানত কিতাপ বিচাৰি৷ ইয়াৰ বহুতো কাৰণৰ মাজৰ এটা বিশেষ কাৰণ হ’ল গ্ৰন্থ বিপণীসমূহৰ আৰু কিতাপৰ গ্ৰাহকৰ সমন্বয়হীনতা, নিৰ্দিষ্টকৈ বিচৰা কিতাপখনৰ বিষয়ে তথ্য দিয়াৰ অপাৰগতা আৰু কেতিয়াবা দিলেও সেয়া হয়গৈ গ্ৰাহকক নিৰুৎসাহিত কৰা এটা নীৰস উত্তৰ৷ গ্ৰন্থ মেলাত অৱশ্যে এনে অভিজ্ঞতাৰ সম্মুখীন হ’ব নালাগে, কাৰণ নিজেই প্ৰতিখন কিতাপৰ পৃষ্ঠা লুটিয়াই চাই মনপৰশা কিতাপখন সংগ্ৰহ কৰাৰ সুবিধা থাকে৷ তথাপিও পাণবজাৰৰ স্থায়ী কিতাপৰ বিপণীত কিতাপ বিচাৰি যাওঁ, নিৰুদ্বেগ উত্তৰ পাম বুলি জানিও নিজৰ প্ৰিয় লেখকৰ সদ্য প্ৰকাশিত গ্ৰন্থখন বিচাৰি যাওঁ৷ তেনেদৰেই সিদিনা চন্দ্ৰ প্ৰকাশৰ পৰা সংগ্ৰহ কৰিলোঁ জনপ্ৰিয় লেখিকা কুসুমাঞ্জলি শৰ্মাৰ নৱতম উপন্যাস ‘ৰাধা তুমি৷’

বৰঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুসুমাঞ্জলি শৰ্মাই কেবাখনো মনোৰম উপন্যাস আৰু কবিতা সংকলনৰে লেখিকা ৰূপে ইতিমধ্যে পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈ উঠিছে৷ সদ্য সমাপ্ত উত্তৰপুব গ্ৰন্থমেলাত তেখেতৰ আন এখন নতুন উপন্যাস ‘বিহংগ সপোনে’ যথেষ্ট সংখ্যক পঢ়ুৱৈক আকৰ্ষিত কৰিছিল৷ এই ‘ৰাধা তুমি’ উপন্যাসখনো গ্ৰন্থমেলাৰ মাজতেই প্ৰকাশ হৈ ওলোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল৷ সেয়েহে গ্ৰন্থমেলাৰ পাছত হ’লেও তেখেতৰ এই নতুন উপন্যাসখন প্ৰকাশ হৈ ওলোৱাৰ লগে লগেই স্বাভাৱিকভাৱেই মোক আকৰ্ষিত কৰিলে৷ ঘৰলৈ আনি পঢ়িবলৈ লৈ ক্ৰমান্বয়ে যেন সোমাই পৰিলোঁ এখন অগতানুগতিক প্ৰেমৰ অপাৰ্থিৱ জগতত৷ লেখিকাৰ লেখাৰ যে এক সন্মোহনী শক্তি আছে, তাৰ প্ৰমাণ পুনৰ্বাৰ পালোঁ ‘ৰাধা তুমি’ৰ প্ৰতিটো পৃষ্ঠাত৷ অগতানুগতিক প্ৰেমৰ জটিল বিষয়বস্তুৰে লেখিকাই এই উপন্যাসৰ যি জুমুঠি তৈয়াৰ কৰিছে, সেয়া নিশ্চিত ভাবে অভিনৱত্ব দাবী কৰিব পাৰে৷ লেখিকাই উপন্যাসখনৰ আৰম্ভণিও কৰিছে এটি মনপৰশা প্ৰেমৰ কবিতাৰে –

“প্ৰেমৰ বিজন বাটিকাৰ পথত
সোণৰ চিৰি বন্ধাই দিয়াৰ কথা নাহে
সকলো বাহ্যিকতা অগ্ৰাহ্য কৰি
তাতোকৈ
তলসৰা বকুল ফুল সিঁচি দিব পাৰি
অনেক যুগৰ পিছতো সেই সুগন্ধীয়ে আনি দিব
আমোলমোল এক যাত্ৰাৰ সোঁৱৰণি
সেই অমল প্ৰেমৰ নিৰ্মল সুঘ্ৰাণ৷”

‘ৰাধা’ যি নিজেই প্ৰেমৰ এক মূৰ্তমান প্ৰতীক, ভাৰতীয় সাহিত্যৰ পৃষ্ঠাই পৃষ্ঠাই ৰাধাৰ প্ৰেমময় জীৱনৰ কাব্যিক বৰ্ণনা, সেই ৰাধাৰ নামেৰেই এইখন উপন্যাসৰ মূল নাৰী চৰিত্ৰৰ নামো ৰখা হৈছে৷ অৱশ্যেই এই ‘ৰাধা’ আজিকালিৰ ৰাধা, সুখ-দুখ, হাঁহি-কান্দোনেৰে আমাৰ সমাজৰ ৰাধা৷ ৰূপক আৰু অভিজিত, দুটা পুৰুষ চৰিত্ৰ ৰাধাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কক্ষপথৰ আৰোহী, ৰাধাৰ প্ৰেমত নিজকে সমৰ্পিত কৰা, জীৱনৰ সৰ্বোচ্চ উজাৰি দিব পৰা একোজন প্ৰকৃত প্ৰেমৰ পূজাৰী৷ এই পূজাৰ সফল পূজাৰী কোনজন – ৰূপক নে অভিজিত? সেয়া জানিবলৈ ২৯৬ পৃষ্ঠাৰ ’ৰাধা তুমি’ৰ প্ৰতিটো পৃষ্ঠাই পঢ়াৰ প্ৰয়োজন হ’ব বুলি মই ভাবোঁ৷ এক কথাত কিতাপখনৰ আৰম্ভণিৰে পৰা শেষলৈ লেখিকাই পঢ়ুৱৈৰ মনৰ উৎসুকতা ধৰি ৰাখিবলৈ সক্ষম হৈছে৷

মাৰ্জিত আৰু সুকোমল ভাষাৰ সুন্দৰ ব্যৱহাৰেৰে লেখিকাই এই উপন্যাসখন এখন জাকতজিলিকা উপন্যাস ৰূপে পঢ়ুৱৈৰ সমুখলৈ উলিয়াই দি একপ্ৰকাৰ দুঃসাহস কৰা বুলিয়েই ক’ব লাগিব৷ কেৱল প্ৰেমৰ বাবেই নাৰী জীৱনলৈ নামি অহা ঘাত-প্ৰতিঘাটৰ বিভিন্ন ৰূপ, বৈচিত্ৰ্যতাৰে পূৰ্ণ ৰাধাৰ চৰিত্ৰটিৰ মাজেৰে লেখিকাই বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে৷ লেখিকাৰ সাফল্য সেইখিনিতেই৷ মোক আকৰ্ষণ কৰা কিতাপখনৰ আন এটা দিশ হ’ল- কাহিনীক্ৰমৰ গতিশীলতা আৰু সহজ-সৰল বৰ্ণনা৷ আৰম্ভণিৰ পৰা শেষলৈ এই গতিশীলতা অক্ষুণ্ণ থকাৰ বাবে পঢ়ুৱৈৰ মনোযোগ সহজে আকৰ্ষণ কৰিব পাৰিব বুলি মই ভাবোঁ৷

ছপাশালৰ ভূতে নলম্ভা বুলি নকও, কিন্তু কিতাপখনত বানানৰ ভুল বৰ বেছি নাই৷ মুঠতে এখন আটকধুনীয়া আৰু সৰ্বাঙ্গসুন্দৰ চমৎকাৰ উপন্যাস লেখিকাই আমাক উপহাৰ দিয়া বুলি একে আষাৰেই ক’ব পাৰি৷ এই সুযোগতে লেখিকা শ্ৰীমতী শৰ্মাক ধন্যবাদ জনাইছোঁ আৰু অসমীয়া সাহিত্যৰ জগতত তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ৷

কিতাপৰ নাম – “ৰাধা তুমি৷”
লেখিকা – কুসুমাঞ্জলি শৰ্মা৷
প্ৰকাশকঃ চন্দ্ৰ প্ৰকাশ৷ পাণবজাৰ গুৱাহাটী-১৷
দামঃ ২৮০.০০ টকা৷ ■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!