গ্ৰীণ টি – পিনাক পাণি বৰুৱা
অমৰ অতি হেলথ্ কনচিয়াচ৷ বেয়া বস্তুটো বাদেই, চাহৰ ভিতৰতো কেৱল গ্ৰীণ টি-হে খায়৷ সেয়ে কাৰোবাৰ ঘৰলৈ গলে গৃহস্থই যা-যোগাৰ কৰাৰ পূৰ্বেই সি চাহ নাখাঁও বা খাই আহিছো বুলিয়েই কয়৷ ককায়েকৰ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ গৈ হাজৰিকাৰ ঘৰত বহি সি ক’বলৈ মুখ মেলিছিলেই ঠিক তেনেতে হাজৰিকাই পাকঘৰৰ দিশত মূৰ ঘূৰাই চিঞৰিলে –
: অই গ্ৰীণ চাহ দুকাপ বনা!
হাজৰিকাৰ ঘৰতো গ্ৰীণ-টি চলে বুলি জানি মনতে বৰ সুখ পালে অমৰে৷ সেই সময়ত এনেয়ো বিয়াৰ নিমন্ত্ৰণীৰ চিঠি বিলাই বিলাই তাৰ ডিঙি একেবাৰে শুকাই আছিল৷
পিছে হাজৰিকাৰ ঘৰৰ বন কৰা ল’ৰাটোৱে চাহকাপ আনি সন্মুখত ৰাখোতেহে অমৰৰ চকু কপালত উঠিল৷ গ্ৰীণ টি-ৰ সলনি কাপটোত গাখীৰ চাহহে দেখোন! সি বিমোৰত পৰিল৷ ইফালে হাজৰিকাই নিজৰ কাপটো হাতত লৈ তাৰ কাপটোও অলপ আগুৱাই দিলে –
: খোৱা৷
: কিন্তু… – সি হাজৰিকাৰ ফালে চাই অনুচ্চ সুৰেৰে কলে৷
: কি কিন্তু?
: মানে মই গাখীৰ চাহ সমূলি নাখাঁও৷ আপুনি গ্ৰীণ টি বুলি কোৱাৰ কাৰণেহে মই একো নকলো৷
: মই কেতিয়া গ্ৰীণ টি বুলি ….. -হঠাৎ হাজৰিকাই খেলিমেলিটো বুজি পাই হাঁহিব ধৰিলে,
: ধেৎ তেৰি, মই গ্ৰীণ টি বনাবলৈ কোৱা নাছিলো নহয়!
: তেন্তে?
: আমাৰ ঘৰত থকা ল’ৰাটোৰ নাম গিৰিণ৷ ■■