গ্ৰীষ্মকালীন অসমীয়া শীতল পানীয় (মিতালী বৰ্মন)

গ্ৰীষ্মকালীন অসমীয়া শীতল পানীয়

থেকেৰা টেঙাৰ চৰ্বত
উপকৰণ:

১/ থেকেৰা টেঙা ৫/৬ ফোটা

২/ পানী দুগিলাচ

৩/ চেনি ৩ চামোচ

৪/ নিমখ আধা চামোচ

প্ৰকৰণ:

প্ৰথমে থেকেৰাখিনি ভালকৈ ধুই লওক। তাৰপাছত থেকেৰাখিনি অলপ পানীত আধাঘণ্টামান তিয়াই থওক। আধা ঘণ্টামানৰ পাছত থেকেৰা তিয়াই থোৱা পানীখিনি ঠাণ্ডা পানী দুগিলাচৰ লগত মিলাই তাত নিমখ আৰু চেনি দি ভালকৈ গুলি লওক। এতিয়া ছেকনিৰে থেকেৰাখিনি পানীৰ পৰা ছেকি পেলাওক। আপোনাৰ বাবে থেকেৰা টেঙাৰ চৰ্বত তৈয়াৰ হৈ গ’ল। চৰ্বতৰ গিলাচত বৰফৰ টুকুৰা দি পৰিৱেশন কৰক।

*******************

বেলৰ চৰ্বত

উপকৰণ:

১/ এটা পকা বেল

২/ চেনি (পৰিমাণ অনুযায়ী)

৩/ পাউডাৰ গাখীৰ এক চামোচ (পাউডাৰ গাখীৰ নিদিলেও হয়, দিলে সোৱাদটো অলপ বেলেগ হয়)

৪/ পানী
প্ৰকৰণ:

প্ৰথমে বেলটো ফালি লওক। এতিয়া এখন চামোচেৰে বেলৰ সাহখিনি ৰুকি এৰুৱাই লওক। সামান্য পানী মিহলাই ৰুকি থোৱা বেলৰ সাহখিনি পিতিকি কোমল কৰি লওক। এতিয়া মিশ্ৰণটোত পাউডাৰ গাখীৰ এচামোচ আৰু সোৱাদ অনুযায়ী চেনি আৰু লগতে পানী মিহলাই চৰ্বত প্ৰস্তুত কৰক। যদি ঠাণ্ডা পানী মিহলাই চৰ্বতখিনি প্ৰস্তুত কৰে তেন্তে সেয়া আপুনি লগে লগে পান কৰিব পাৰিব। যদি চৰ্বত প্ৰস্তুত কৰা পানীখিনি ঠাণ্ডা নহয় তেন্তে প্ৰস্তুত কৰা চৰ্বতখিনি ৰেফ্ৰিজাৰেটৰত থৈ ঠাণ্ডা কৰি পান কৰিব পাৰে। যদি চৰ্বতত থকা বেলৰ সাহখিনি খাবলৈ বেয়া পায় তেন্তে ছেকনিৰে ছেকি ল’ব। পৰিৱেশন কৰোঁতে চৰ্বতৰ গিলাচত বৰফৰ টুকুৰা দিব পাৰে।

কিটিপ:

১/ মন কৰিব যাতে বেলৰ গুটিটো ৰোকা নাযায়। বেলৰ গুটিটো ৰোকা গৈ মিহলি হ’লে মিশ্ৰণটো তিতা হৈ পৰিব।

২/ চেনি নিমিহোলোৱাকৈয়ো চৰ্বতখিনি প্ৰস্তুত কৰি ৰাখিব পাৰে। মধুমেহৰ চিকাৰ হোৱা ব্যক্তিয়ে চেনি নিমিহোলোৱাকৈয়ো এই চৰ্বত গ্ৰহণ কৰিব পাৰে।

*******************

তেঁতেলীৰ চৰ্বত

উপকৰণ:

১/ পকা তেঁতেলী (এটা কাপৰ চাৰিভাগৰ এভাগ)

২/ ঠাণ্ডা পানী ৩ কাপ

৩/ খেজুৰৰ গুড় ১ কাপ

প্ৰকৰণ:

প্ৰথমে তেঁতেলীখিনিৰ পৰা গুটিবোৰ আঁতৰাই লওক। আধাকাপ পানীত তেতেলীখিনি তিয়াই থওক। ৬-৭ মিনিট পাছত তেঁতেলী তিয়াই থোৱা পানীখিনি ছেকি লওক। তাৰপাছত ডেৰ কাপ পানীত গুড়খিনি গুলি মিহি কাপোৰ এখনেৰে ছেকি লওক। এতিয়া গুড়ৰ পানী আৰু তেতেলীৰ পানীখিনিৰ লগত বাকী থকা পানী তিনিকাপ মিহলাওক। আপোনাৰ বাবে তেতেলীৰ চৰ্বত তৈয়াৰ হৈ গ’ল। চৰ্বতৰ গিলাচত বৰফৰ টুকুৰা দি পৰিৱেশন কৰক।

 

কেতিয়াবা আকৌ তেঁতেলীৰ পানীখিনি ধনীয়াৰ পাত আৰু পদিনাৰ পাত সৰু সৰুকৈ কাটি কিছুসময় থৈ দিব পাৰে। তেতিয়া চৰ্বতখিনি ধনীয়া আৰু পদিনাৰে গোন্ধেৰে সুগন্ধিময় হ’ব। সোৱাদতো কিছু তাৰতম্য আহিব। পৰিৱেশন কৰাৰ আগতে ধনীয়া আৰু পদিনাৰ পাতখিনি ছেকি ল’বলৈ নাপাহৰিব।

 

********************

বি.দ্ৰ:ইয়াত কেৱল থেকেৰা টেঙাৰ চৰ্বতৰ ছবিহে সন্নিৱিষ্ট কৰা হৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!