গৰম পানীৰ উঁহ –প্ৰদীপ বৰা

আগন্তুক লোকসভাৰ নিৰ্বাচনী বিষয়া হিচাবে মৰঙি মৌজাৰ কৰ্মচাৰী সকলে সৰুপথাৰ কলেজত প্ৰশিক্ষণ ল’বগৈ লাগে৷ কাৰণ মৰঙি বৰপথাৰ আৰু সৰুপথাৰ তিনিটা মৌজা লগহৈ সৰুপথাৰ বিধান সভাৰ সমষ্টিটো গঠন হৈছে৷মৰঙিৰ পশ্চিম সীমাৰ পৰা সৰুপথাৰলৈ প্ৰায় এশ কি মি আৰু আমি থকা ঠাই অৰ্থাৎ ফলঙনিৰ পৰা প্ৰায় ৬০ কিমি হ’ব৷ মৰঙিৰ পৰা গ’লে নামবৰ অভয়াৰণ্যৰ মাজেদি যাব লাগে ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথেৰে৷ নামবৰ ৰিজাৰ্ভৰ মাজেদি যোৱা অংশৰ অধিকাংশ পথ কাৰ্বি আংলং জিলাৰ মাজেৰে যাব লাগে৷ এই পথেৰে গৈ চিলনীজান পাৰহৈ প্ৰধান পথটোৱে সোঁফালে গতি কৰি নগালেণ্ড মণিপুৰ আদি ৰাজ্যত প্ৰৱেশ কৰিছে আৰু বাওঁফালে ধনশ্ৰী মহকুমাৰৰ মাজেদি বৰপথাৰ সৰুপথাৰ নাওজান আদি ঠাইলৈ গৈছে৷ ভাৰতবৰ্ষৰ এটা অন্যতম এই ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ অৱস্থা বৰ্তমান অতি শোচনীয়৷ এই শোচনীয় প্ৰায় পোন্ধৰ কিমি পথ সৰু গাড়ীৰে পাৰ হ’বলৈ প্ৰায় দুঘণ্টা সময়ৰ প্ৰয়োজন হয়৷ পথটোৰ দুৰৱস্থাৰ কাৰণে মৰঙি মৌজাৰ নিৰ্বাচনৰ কামত নিয়োজিত সকল সৰুপথাৰলৈ যাবলৈ গোলাঘাট টাউন হৈ জামুগুৰিৰ হৈ গ’লে কিছু সকাহ পোৱা যায় কিন্তু দূৰত্ব পঁচিশ কিমি মান বেছি হয়৷ আমি আজিলৈকে তিনিদিন সুপথ দূৰগমন বুলি দূৰণি হৈয়ে অহা-যোৱা কৰিছো৷
আজিও প্ৰশিক্ষণ সামৰি ঘৰলৈ ঘূৰিবলৈ যো-জা কৰোঁতে এজনে ক’লে৷ আমিটো নামবৰ ৰিজাৰ্ভৰ মাজেৰে আহিছো, চাৰি কিমি মান ৰাষ্টা বেয়া যদিও কাটিকুটি যাব পাৰি৷ মই ভাবিলো আজি নামবৰ ৰিজাৰ্ভৰ মাজেদি গৈ চোৱা হওক৷ মোৰ লগত দীপক, উমেশ আৰু অজিত৷ আটাইকেইজন প্ৰিজাইডিং অফিচাৰ৷ নামবৰ ৰিজাৰ্ভৰ মাজত ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথটো এনেদৰে বিধ্বস্ত হৈছে যে নিজ চকুৰে নেদেখিলে উপলব্ধি কৰাটো টান৷ ইমান আহলবহল পথটোত মুখামুখিকৈ দুখন গাড়ী ক্ৰছ কৰিবলগীয়া হ’লে এখন গাড়ী সুবিধাজনক জেগাত ৰাখি দিব লাগিব৷ ৰাষ্টাৰ মাজত পানী পূৰ্ণ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী ৷ কোনো কোনো ঠাইত টানি দিয়া স্প্ৰিং এডালৰ দৰে অকাই পকাই আগবাঢ়িব লাগে৷ এই পথত আপুনি এক নং আৰু দুই নং গিয়েৰতে গাড়ী চলাব লাগিব আৰু ষ্টিয়াৰিং ধৰোঁতে আপোনাৰ হাতৰ বিষ উঠিব৷
অৱশ্যে আমি আহি থাকোতে নামবৰ ৰিজাৰ্ভৰ মাজত কিছু সময় বিনোদন কৰাৰ সুবিধা পালোঁ৷ প্ৰায় বাৰ কিমি অভয়াৰণ্যৰ ৰাষ্টাচোৱাৰ সোঁমাজতে নামবৰ নদী৷ নামবৰ নদীৰ কাষতে প্ৰসিদ্ধ গৰমপানীৰ উঁহ৷ আজি পঞ্চাশ বছৰৰ আগতে আমি ভূগোলত গৰম পানীৰ উঁহৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ৷ এই গৰম পানীৰ উঁহে এতিয়াও নিজৰ অস্তিত্ব বজাই ৰাখিছে আৰু হয়তো অনাদি কাললৈ নিজৰ অস্তিত্ব বজাই ৰাখিব৷ কিন্তু ভাৱ হয় ইয়াৰ সন্মুখৰ পথচোৱা যদি চৰকাৰে অনতিপলমে নিৰ্মাণ নকৰে তেন্তে বাৰিষা কালত এই পথছোৱা সম্পূৰ্ণ বন্ধ হৈ যাব আৰু এই গৰমপানীৰ উঁহ জনসাধাৰণৰ বাবে হেৰাই যাব ৷ আগতে কোৱা শুনিছিলো যে গৰমপানীৰ উঁহত নামি তাৰ গৰম পানীৰে গা ধুলে ছালৰ বেমাৰ ভাল হয় হেনো৷ পুখুৰীটোৰ তলত সম্ভৱ চালফাৰ স্তৰ আছে আৰু পানীৰ সংস্পৰ্শলৈ আহি ৰাসায়নিক বিক্ৰিয়া হয় আৰু বুৰবুৰণি কাঢ়ি গৰম পানীৰ সৃষ্টি কৰে৷ বৰ্তমান চৰকাৰে এই উঁহ থকা প্ৰায় ৩৬০০ বৰ্গ ফুটৰ ঠাইকণ পকী বেৰা দি বান্ধি দিছে আৰু পুখুৰীত নামিব পৰাকৈ চাৰিটা খটখটী তৈয়াৰ কৰি দিছে৷ খটখটীবিলাকেৰে পুখুৰীত নামি গৰম পানী স্পৰ্শ কৰিব পাৰে ৷
মানৱ জাতিৰ এটা সাংঘাতিক কৰ্ম আমি পুখুৰীৰ খটখটীত দেখিবলৈ পালো৷ কিছুমান লোকে খটখটীৰে নামি পানীলৈ খুচুৰা পইছা নিক্ষেপ কৰে৷ আজি আমাৰ লগৰ এজনে প্ৰায় বিশ টকা মান খুচুৰা পইচা বুটলিবলৈ সক্ষম হ’ল৷ ময়ো দহ টকীয়া পইছা এটা পানীৰ পৰা বুটলি আনিলোঁ৷ কোনোবাই হয়তো ভাবে যে এই পানীত পইচা নিক্ষেপ কৰিলে পুণ্য অৰ্জন হয়৷ বৰ্তমান পুখুৰীৰ এলেকাত বনভোজ খোৱা চৰকাৰে নিষিদ্ধ কৰিছে স্বচ্ছতাৰ কাৰণে৷ এই গৰমপানীৰ পৰা প্ৰায় দুই কিমি পশ্চিমলৈ লুংলুঙীয়া পথেৰে অৰণ্যৰ মাজেৰে গৈ থাকিলে ফটাশিল জলপ্ৰপাত পোৱা যায়৷ এই পথৰ কোনো চৰকাৰী ৰক্ষণাবেক্ষণ নাই৷ বনৰীয়া হাটীৰ বাবে তালৈ যোৱাতো বিপদজনক৷ ছাব্বিছ বছৰৰ আগতে মই দুজন ঢকুৱাখনাৰ বি এড সহপাঠীৰ লগত গৈ ফটাশিল জলপ্ৰপাত দৰ্শন কৰিছিলো৷
অসম গৌৰৱ এই গৰমপানীৰ উঁহ ৰক্ষণাবেক্ষণ হৈ থাকিবলৈ হ’লে এই গুৰুত্বপূৰ্ণ ৩৯ নং ভাৰত চৰকাৰৰ পথটো পুনৰ নিৰ্মাণৰ একান্তই প্ৰয়োজন ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments