গৰ্ভাৱস্থা আৰু আইৰণজনিত ৰক্তহীনতা – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম
কেইবছৰমান আগৰ কথা৷ তেতিয়া মই মৰিগাঁৱৰ চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিলো৷ নিশা প্ৰায় দুইমান বজাত কোৱাৰ্টাৰৰ দৰ্জাত কোনোবাই ঢকিওৱাৰ শব্দত বাহিৰলৈ ওলাই আহিলো৷ বাৰাণ্ডাত সেই সময়ত ছয়জনমান মানুহ থিয় হৈ আছিল৷ তাৰে এজনে জনালে,
“ছাৰ মোৰ পত্নীক আনিছিলোঁ ইয়ালৈ৷ চিষ্টাৰে আপোনাক মাতিব কৈছে৷ ”
“কি হৈছে তেখেতৰ? ”
“ডেলিভাৰী কেছ ছাৰ৷ ”
“ঠিক আছে৷ আপোনালোক আগবাঢ়ক৷ মই আহি আছোঁ৷ ”
মহিলা এগৰাকীয়ে মাত লগাইছিল,
“ছাৰ, লেডী ডাক্তৰ নাই নেকি? ”
কথাষাৰত অস্বস্তি পাইছিলোঁ যদিও মনৰ ভাব মনতে ৰাখি উত্তৰ দিছিলোঁ,
“নাই৷ ”
মানুহবোৰ আঁতৰি গৈছিল৷ কাপোৰযোৰ ততাতৈয়াকৈ সলাই চিকিৎসালয়লৈ বুলি আগবাঢ়িলোঁ৷ লেবাৰ ৰুমৰ বিছনা এখনত মহিলা এগৰাকী শুই আছিল৷ গোটেই গাটোৱেই ফুলি আছিল তেখেতৰ৷ সাংঘাতিকভাৱে ৰক্তহীনতাত ভুগিছিল মহিলাগৰাকীয়ে৷ ৰক্তচাপ পৰীক্ষা কৰিলোঁ৷ অত্যন্ত বেছি৷ গৰ্ভস্থ সন্তানটিৰ হৃদপিণ্ডৰ ধপধপনি শুনিবলৈ যত্ন কৰিলোঁ৷ নাই, শুনা নাপাওঁ৷ মহিলাগৰাকীয়ে কথা কৈ আছিল যদিও অত্যন্ত দুৰ্বল৷ প্ৰসৱ বেদনা নাছিল৷ অন্তিম মাহেকীয়াৰ দিনটো সুধিলোঁ৷ নাই, মাত্ৰ ৩৩ সপ্তাহমানহে হৈছিল৷ মহিলাগৰাকীয়ে জনালে,
“যোৱা দুদিনৰপৰা বাচ্ছাটোৰ লৰচৰ পোৱা নাই৷ ”
একপ্ৰকাৰ নিশ্চিত হ’লোঁ৷ গৰ্ভস্থ সন্তানটি ইতিমধ্যে বোধকৰোঁ ঢুকাইছে৷ সেই মুহূৰ্তত মাতৃগৰাকীৰ জীৱন ৰক্ষা কৰাটো মুখ্য প্ৰত্যাহবানৰূপে দেখা দিছিল৷ চিকিৎসালয়ৰ এম্বুলেন্সখনত মহিলাগৰাকীক তাৎক্ষণিকভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰালোঁ৷ কিন্তু কিছু কথা জানিবলৈ পাই বৰ কষ্ট পালোঁ৷ মহিলাগৰাকী সম্পূৰ্ণ প্ৰসুতিকালটো নিজৰ মাকৰ ঘৰতে আছিল, কিন্তু মহিলাগৰাকীৰ মাকৰ গোড়ামি তথা আকোৰগোঁজ মনোবৃত্তিৰ বাবে কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰাটো দূৰৰ কথা, মহিলাগৰাকীক গৰ্ভাৱস্থাত এবাৰলৈও কোনো চিকিৎসকৰ ওচৰলৈ নিয়া হোৱা নাছিল৷
“কাকো দেখুওৱাৰ একো প্ৰয়োজন নাই৷ সৱ ঘৰতে কৰিম৷”
কেৱল সেই মাকগৰাকীক দোষ নিদিওঁ৷ গিৰিয়েক বা বেলেগ কোনোবাই বিচৰা হ’লেই মহিলা গৰাকীক কাৰোবাক দেখুৱাব পাৰিলেহেঁতেন৷ কিন্তু নাই, কোনোৱে একো নকৰিলে৷ আৰু এনে মানসিকতাৰ বাবেই গৰ্ভস্থ শিশুটিৰ লৰচৰ দুদিন নোপোৱাৰ পিছত উপায়ন্তৰ হৈহে তেওঁলোক চিকিৎসালয়লৈ আহিছিল৷ তাকো আহিয়েই ‘লেডী ডাক্তৰ’ লাগে৷
সাজপাৰৰ ফালৰপৰা ইমান উন্নত মানুহ এঘৰৰ এনে মানসিকতা দেখি আচৰিত হৈছিলোঁ৷ মহিলাগৰাকীক প্ৰথমৰেপৰাই ৰক্তহীনতাৰ চিকিৎসা আগবঢ়োৱা হ’লে শিশুটি হেৰুৱাবলগা বোধকৰোঁ নহ’লহেঁতেন৷ মহিলাগৰাকীও এনে এটি জটিল অৱস্থাৰ মুখামুখি হোৱাৰপৰা যথাসম্ভৱ ৰক্ষা পৰিল হয়৷
বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞামতে তেজত থকা হিম’গ্লবিনৰ পৰিমাণ প্ৰতি ডেছিলিটাৰত ১১.০ গ্ৰামতকৈ কমি গ’লে ৰক্তহীনতা বা এনিমিয়া হোৱা বুলি কোৱা হয়৷ অৱশ্যে গৰ্ভাৱস্থাত যিহেতু দেহত প্লাজমা (তেজৰ জুলীয়া পদাৰ্থবিধ)ৰ পৰিমাণ সাধাৰণভাৱেই বাঢ়ি যায়, সেয়ে এনে ক্ষেত্ৰত ১০ গ্ৰাম/ডেছিলিটাৰতকৈ কম হ’লে এনিমিয়া হোৱা বুলি ধৰা হয়৷ আমাৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰত প্ৰসুতিজনিত মৃত্যুৰ ভিতৰত ২০ শতাংশৰ কাৰণেই হ’ল এনিমিয়া৷ ভাবিবলগীয়া বিষয় নহয়নে বাৰু?
আজিৰ এই লিখনিত প্ৰধানতঃ আইৰণজনিত ৰক্তহীনতাৰ কিছু কথা আলোকপাত কৰিবলৈ যত্ন কৰিম৷
দৰাচলতে সাধাৰণ গৰ্ভাৱস্থা একোটাত দেহত প্লাজমাৰ পৰিমাণ বহুলাংশে বাঢ়ি যায় (সৰ্বাধিক বৃদ্ধি হয় গৰ্ভাৱস্থাৰ ৩২ সপ্তাহত)৷ ফলস্বৰূপে তেজ পনীয়া হৈ পৰাৰ লগতে তেজত থকা লোহিত ৰক্ত কণিকা তথা হিম’গ্লবিনৰ পৰিমাণ আৰু ঘনত্ব তুলনামূলকভাৱে কম হৈ পৰে৷ তেতিয়াই ৰক্তহীনতা বা এনিমিয়াৰ সৃষ্টি হয়৷ আপোনালোকৰ মনত এটি প্ৰশ্ন উদয় হ’ব পাৰে যে গৰ্ভাৱস্থাত লোহিত ৰক্ত কণাৰ পৰিমাণ বৃদ্ধি নহয় নেকি? হয়, কিন্তু প্লাজমাৰ পৰিমাণ যিটো হাৰত বৃদ্ধি হয়, তাতকৈ কম৷ গতিকেই গৰ্ভাৱস্থাত তেজ পনীয়া হয়৷ গড় হিচাপত সুস্থ মহিলা এগৰাকীৰ গৰ্ভাৱস্থাৰ পূৰ্বত প্ৰতি ডেছিলিটাৰ ৰক্তত থকা হিম’গ্লবিনৰ পৰিমাণ ১৩.৩ গ্ৰামৰপৰা কমি গৰ্ভাৱস্থাৰ ৩৬ সপ্তাহত ১০.৯ গ্ৰামমান হয়গৈ৷
গৰ্ভাৱস্থাত দৈনিক আইৰণৰ আৱশ্যকতা ২ মিলিগ্ৰামৰপৰা বাঢ়ি ৪ মিলিগ্ৰাম হয়গৈ৷ তদুপৰি গৰ্ভৱতী মহিলা এগৰাকীৰ অন্ত্ৰৰ আইৰণ শোষণ ক্ষমতাও কমি যায়৷ গতিকে আহাৰত অধিক পৰিমাণত আইৰণৰ প্ৰয়োজন হয়, বিশেষকৈ গৰ্ভাৱস্থাৰ দ্বিতীয় ভাগত৷ মনত ৰাখিব, গৰ্ভাৱস্থাৰ ৰক্তহীনতাৰ মুখ্য কাৰণটোৱেই হ’ল দেহত প্ৰয়োজনীয় পৰিমাণৰ আইৰণ আৰু ফলিক এছিডৰ অভাৱ, যাৰ ফলত আমাৰ দেহটোৱে যথোপযুক্ত পৰিমাণত হিম’গ্লবিন প্ৰস্তুত কৰিবলৈ অসমৰ্থ হয়৷ সংখ্যাত কম হ’লেও কিছুমান ক্ষেত্ৰত ৰক্তক্ষৰণ বা ৰক্তকণিকা ধ্বংস হোৱাৰ লগতে কিছুমান ৰোগ তথা সংক্ৰমণৰ ফলতো এনিমিয়া দেখা দিব পাৰে৷
দেহৰ আইৰণ শোষণ ক্ষমতা ১০ শতাংশ বুলি ধৰিলে, এজন সুস্থ লোকৰ আহাৰত দৈনিক ১৫ মিলিগ্ৰাম আইৰণৰ উপস্থিতিয়ে দেহৰপৰা দৈনিক ওলাই যোৱা ১.৫ মিলিগ্ৰাম আইৰণৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব পাৰে৷ কিন্তু আমাৰ দৰে এই বাতাৱৰণৰ এখন দেশত, বিশেষকৈ নিম্ন বিত্তসম্পন্ন লোকসকলৰ মাজত আইৰণৰ দৈনিক প্ৰয়োজনীয়তা নিম্নলিখিত কাৰণবোৰৰ বাবে বাঢ়ি যায়৷
গৰ্ভাৱস্থাৰ আগতঃ
ভুল খাদ্যাভ্যাসঃ আমাৰ বেছিখিনি আহাৰেই প্ৰধানতঃ কাৰ্বহাইড্ৰেট সমৃদ্ধ৷ আহাৰত ফছফেট আৰু ফাইটিক এছিডৰ অধিক উপস্থিতিয়ে অদ্ৰৱণীয় আইৰণ ফছফেট আৰু ফাইটেটৰ পৰিমাণ অন্ত্ৰত বঢ়াই তোলে, ফলত আইৰণৰ শোষণ কমকৈ হয়৷
ঘুণীয়া শোষণ ক্ষমতাঃ অন্ত্ৰত পৰজীৱীৰ উপস্থিতি তথা বিভিন্ন ৰোগ সংক্ৰমণৰ লগতে অপুষ্টিৰ ফলত আইৰণ শোষণ ক্ষমতা কমি যায়৷
দেহৰ আইৰণৰ অপচয়ঃ ঘামৰ মাধ্যমেদি প্ৰতি মাহে ১৫ মিলিগ্ৰাম পৰ্য্যন্ত আইৰণ দেহৰপৰা ওলাই যাব পাৰে৷ কম ব্যৱধানত পুনৰাই গৰ্ভাৱস্থাঃ দেহত জমা থকা আইৰণৰ পৰিমাণ কমি যায়৷ মাহেকীয়াৰ সময়ত অত্যধিক ৰক্তক্ষৰণ৷
হাকোটা কৃমিঃ এনে একোটা কৃমিয়ে প্ৰতিদিনে প্ৰায় ০.০৫ মিলিলিটাৰ তেজ শোষণ কৰিব পাৰে৷ এই হিচাপত প্ৰতিদিনে গড়ে ০.৫ ৰপৰা ২ মিলিগ্ৰাম আইৰণ দেহৰপৰা নাইকিয়া হয়৷ দীৰ্ঘদিনীয়া মেলেৰিয়া তথা পাইলছ (অৰ্শ/কেচুমূৰীয়া) বা গ্ৰহণী (ডিছেণ্টেৰী) আদিৰ ফলত হোৱা ৰক্তক্ষৰণ৷
গৰ্ভাৱস্থাৰ কালচোৱাতঃ
দেহত আইৰণৰ প্ৰয়োজনীয়তা বৃদ্ধি পালেও এগৰাকী সুস্থ সৱল নাৰী, যাৰ দেহত সঠিক পৰিমাণত আইৰণ সঞ্চিত আছে আৰু যোনে নিয়মিত ৰূপত সুষম আহাৰ গ্ৰহণ কৰিছে, তেখেতৰ এনিমিয়া হোৱাৰ আশংকা কম৷ কিন্তু কিবা কাৰণে যদি সঞ্চিত আইৰণৰ পৰিমাণ কমি যায়, তেন্তে নিম্নলিখিত কাৰণবোৰত তেখেতৰ এনিমিয়া হ’ব পাৰে-
☆ দেহত আইৰণৰ অধিক প্ৰয়োজনীয়তা৷
☆ আইৰণৰ কম সেৱনঃ আগতেই উল্লেখ কৰা কাৰকবোৰৰ উপৰিও গৰ্ভাৱস্থাত ভোক কমি যোৱা বা বমিৰ উপস্থিতিও অন্যতম কাৰক৷
☆ আইৰণ শোষণ ক্ষমতা কমি যোৱাঃ ডুৱডেনামত এক অম্লজনিত পৰিবেশে আইৰণ শোষণ ক্ষমতা বৃদ্ধি কৰে৷ বিভিন্ন ধৰণৰ এণ্টাছিড বা তেনেধৰণৰ ঔষধৰ ব্যৱহাৰে আইৰণ শোষণ ক্ষমতা কমাই তোলে৷
☆ ৰোগৰ সংক্ৰমণে লোহিত ৰক্ত কণিকা গঠন হোৱা প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে৷
আমাৰ প্ৰায়সংখ্যক মহিলাই গৰ্ভাৱস্থাৰ আগৰপৰাই ৰক্তহীনতাৰ স্বীকাৰ হোৱা দেখা যায়৷ গৰ্ভস্থ যমজ সন্তানৰ উপস্থিতিয়ে আইৰণৰ প্ৰয়োজনীয়তা দুগুণ বঢ়াই তোলে৷
গৰ্ভৱতী কিশোৰীঃ ২১ বছৰ বয়সৰ আগলৈকে দেহৰ সাধাৰণ বৃদ্ধিৰ বাবেই অধিক আইৰণ লাগে৷ তেনেক্ষেত্ৰত কিশোৰী অৱস্থাতে গৰ্ভৱতী হ’লে কি হ’ব পাৰে, সেয়া সহজেই অনুমেয়৷
ৰক্তহীনতাৰ লক্ষণসমূহঃ
বেলেগ সকলো কাৰকতহৈ ৰক্তহীনতাৰ পৰিমাণৰ ওপৰত ইয়াৰ লক্ষণসমূহ প্ৰধানকৈ নিৰ্ভৰ কৰে৷ বেছি ক্ষেত্ৰতেই এনে ৰোগীৰ কোনো লক্ষণ দেখা নাযায় আৰু নিয়মীয়া পৰীক্ষাতহে ধৰা পৰে৷ অৱশ্যে লাহে লাহে তলৰ লক্ষণসমূহে দেখা দিবলৈ আৰম্ভ কৰেঃ
☆ ভাগৰুৱা বা দুৰ্বলতা এই ৰোগৰ আগতীয়া লক্ষণ৷
☆ অভোক বা অজীৰ্ণতা৷
☆ বুকুৰ ধপধপনি নিজে গম পোৱা৷
☆ উশাহ নিশাহ লোৱাত অসুবিধা৷
☆ মুৰঘুৰণি৷
☆ ভৰি ফুলা৷
৯গ্ৰাম/ডেচিলিটাৰ বা তাতকৈ কম পৰিমাণৰ হিম’গ্লবিনৰ উপস্থিতিত ৰক্তজনিত সম্পূৰ্ণ পৰীক্ষাবোৰ কৰোৱাটো বাঞ্ছনীয় যাতে এনিমিয়াৰ ডিগ্ৰী, ধৰণ, কাৰক আদি গম পাব পাৰি৷
এনিমিয়াৰ ডিগ্ৰীঃ হিম’গ্লবিনৰ পৰিমাণৰ (গ্ৰাম/ডেছিলিটাৰ) এপৰত ভিত্তি কৰি এনিমিয়াক তলত দিয়াৰ দৰে ভগাব পাৰিঃ
☆ ৮ ৰপৰা ১০ ৰ ভিতৰত – মৃদু (মাইল্ড)
☆৭ ৰপৰা ৮ তকৈ কম – মডাৰেট
☆৭ তকৈ কম- অত্যধিক (ছিভিয়েৰ)
পৰীক্ষা নিৰীক্ষাঃ হিম’গ্লবিনৰ পৰিমাণৰ উপৰিও তলৰ পৰীক্ষাবোৰো কৰিবলগীয়া হ’ব পাৰেঃ
☆ পেৰিফেৰেল ব্লাড স্মিয়েৰ৷
☆বিভিন্ন হিমাট’লজিকেল পৰীক্ষা৷
☆প্ৰস্ৰাৱ আৰু শৌচ পৰীক্ষা৷
☆ তদুপৰি ৰোগীগৰাকীৰ পৰা কথা বতৰাত পোৱা তথ্য তথা ৰোগীগৰাকীৰ শাৰীৰিক পৰীক্ষাত পোৱা আনুষংগিক তথ্যৰ আলমত বিভিন্ন ৰোগ সম্বন্ধীয় পৰীক্ষা নিৰীক্ষাৰো যেনে হাড়ৰ মজ্জাৰ পৰীক্ষা আদিৰো আৱশ্যকতা পৰিব পাৰে৷
এনিমিয়াৰ ফলত দেখা দিব পৰা সমস্যাবোৰঃ
গৰ্ভাৱস্থাতঃ অপুষ্টি আৰু দেহত প্ৰটিনৰ ঘাটিৰ ফলস্বৰূপে প্ৰি-ইক্লাম্পছিয়া, অৰ্থাৎ যথেষ্ট সংশয়জনক এক পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷
ৰোগ সংক্ৰমণঃ এনিমিয়াৰ ফলত দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱাৰ ফলত নতুন ৰোগৰ লগতে পূৰ্বৰেপৰা থকা নিষ্ক্ৰিয় সংক্ৰমণ অত্যধিক সক্ৰিয় হৈ পৰিব পাৰে৷
হৃদৰোগ তথা হৃদযন্ত্ৰৰ বিকালগ্ৰস্ততা, বিশেষকৈ গৰ্ভাৱস্থাৰ ৩০ ৰপৰা ৩২ সপ্তাহত৷
আগতীয়া প্ৰসৱ৷
প্ৰসৱকালতঃ
☆কম ওজনৰ নৱজাতক৷
☆জৰায়ুৰ সমস্যা৷
☆প্ৰচুৰ ৰক্তক্ষৰণঃ এনিমিয়া ৰোগীগৰাকীৰ পক্ষে সামান্য ৰক্তক্ষৰণ সহন কৰাটোৱো কেতিয়াবা জটিল হৈ পৰে৷
হৃদৰোগ তথা হৃদযন্ত্ৰৰ বিকলাৱস্থা৷
☆দেহত অক্সিজেনবিহীন এক পৰিবেশৰ সৃষ্টি (হাইপ’ক্সিয়া)৷ ৰক্তহীনতাত ভূগা ৰোগী এগৰাকীৰ তেজৰ অক্সিজেন বহন ক্ষমতা কমি যায়৷
☆দেহৰ পক্ষে অতি জৰুৰী অংগবোৰ সঞ্ছালন কৰিব নোৱাৰা এক অৱস্থাৰ সৃষ্টিঃ যাৰ ফলত ৰোগীগৰাকীৰ মৃত্যুপৰ্য্যন্ত ঘটিব পাৰে৷
প্ৰসৱোত্তৰ কালচোৱাতঃ
☆ ৰোগৰ সংক্ৰমণ৷
☆ জৰায়ুটো সঠিক হাৰত সৰু নোহোৱা৷
☆ মাতৃদুগ্ধ কমি যোৱা৷
☆ ৰক্তসঞ্চালনজনিত বিভিন্ন সমস্যা৷
গৰ্ভস্থ শিশুটিৰ ওপৰত প্ৰভাৱঃ মাতৃগৰাকী ৰক্তহীনতাত ভুগিলেও তেখেতৰ দেহৰপৰা গৰ্ভস্থ সন্তানটিলৈ যোৱা আইৰণৰ পৰিমাণ সাধাৰণতেই অপৰিবৰ্তিত থাকে৷ তৎস্বত্বেও কিছুমান সমস্যাই দেখা দিব পাৰে৷ যেনে,
☆ কম ওজনৰ নৱজাতক৷
☆ গৰ্ভাৱস্থাতে শিশুটিৰ মৃত্যু ইত্যাদি৷
সঠিক সময়ত উপযুক্ত চিকিৎসাৰে গৰ্ভাৱস্থাৰ ৰক্তহীনতা কম সময়ৰ ভিতৰতেই কমাই তুলিব পাৰি৷ আগতেই উল্লেখ কৰিছোঁ যে আমাৰ দৰে দেশত গৰ্ভৱতী মহিলা এগৰাকীয়ে এনিমিয়াত সাধাৰণতেই পূৰ্বৰেপৰাই ভুগি থাকে, যিটো গৰ্ভাৱস্থাত আৰু বাঢ়ি যায়৷ গতিকেই কিশোৰী কালৰেপৰাই সুষম আহাৰৰ লগতে আইৰণ ফলিক এছিডৰ যোগানেৰে এনিমিয়াৰ প্ৰসাৰ বহু পৰিমাণে কম কৰিব পৰা যায়৷ মনত ৰাখিব, কেৱলমাত্ৰ সুষম আহাৰ তথা আহাৰত আইৰণৰ উপযুক্ত পৰিমাণেৰে গৰ্ভাৱস্থাত উদয় হোৱা আইৰণৰ প্ৰয়োজনীয়তা নোহোৱা কৰিব নোৱাৰি৷ সেয়ে অধিকাংশ ক্ষেত্ৰতে গৰ্ভৱতী মহিলা সকলক আইৰণ আৰু ফলিক এছিড সংমিশ্ৰিত টেবলেট বা চিৰাপ খাবৰ বাবে উপদেশ দিয়া হয়৷ আইৰণসমৃদ্ধ ঔষধ খোৱাৰ ফলত কিছু সংখ্যক মহিলাৰ পেটৰ বিষ, বমিৰ ভাৱ হোৱা বা বমি কৰা, ডায়েৰীয়া বা কৌষ্ঠকাঠিন্য আদি হোৱা দেখিবলৈ পোৱা যায়৷ অৱশ্যে উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰি এনে সমস্যাবোৰৰপৰা পৰিত্ৰাণ পাব পাৰি৷ তদুপৰি আমাৰ সকলোৰে আৰু কিছু কৰণীয় আছে৷
দুই সন্তানৰ মাজত উপযুক্ত ব্যৱধান ৰাখক৷ তিনি বছৰ নহ’লেও অতি কমেও দুই বছৰ৷ প্ৰসৱ কাল তথা মাতৃদুগ্ধ পান কৰোৱাৰ ফলত দেহৰপৰা ওলাই যোৱা আইৰণখিনি দেহত নতুনকৈ সঞ্চিত কৰিবলৈ লগা সময়খিনিটো অন্ততঃ মাতৃগৰাকীক দিয়ক৷ আৰু তাৰ বাবে উপযুক্ত গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পিছহুহঁকি নাহিব৷ চিকিৎসকে পৰামৰ্শ দিয়া ধৰণেই আইৰণ ফলিক এছিড টেবলেট বা চিৰাপ ব্যৱহাৰ কৰক৷ মাতৃগৰাকীয়ে কিবা অসুবিধা পাইছে? পুনৰ চিকিৎসকৰ পৰামৰ্শ লওক৷ আইৰণৰ পৰিমাণ বেছি থকা আহাৰ যেনে লিভাৰ, মাংস, কণী, সেউজীয়া শাক পাছলি, সেউজীয়া মটৰ মাহ, লেচেৰা মাহ, পিয়াজৰ ঠাৰি, মিঠৈ (গুৰ) আদিবোৰ মাতৃগৰাকীক খুৱাওক৷ ৰন্ধা বঢ়া কৰোতে লোহাৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰে৷ ভাত বা শাক পাচলি সিজোৱাৰ পাছত ৰৈ যোৱা পানীখিনি পেলাই নিদিব৷ হাকোটা কৃমি, তেজ গ্ৰহণী, মেলেৰিয়া, ৰক্তক্ষৰণ হৈ থকা কেচুমূৰীয়া আদি ৰোগৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক৷ হ’বলগীয়া মাতৃগৰাকীক গৰ্ভাৱস্থাৰ সময়চোৱাত সঠিক পৰামৰ্শৰবাবে চিকিৎসক তথা চিকিৎসাকৰ্মীৰ ওচৰলৈ নিবলৈ নাপাহৰিব৷
হিম’গ্লবিন বঢ়াবৰ বাবে থকা আন কিছুমান উপায়ো আছে৷ কিন্তু তেনে উপায়বোৰৰ আনুষংগিক কিছু সমস্যাও আছে৷ যেনে ধৰক, মাংসপেশীত দিয়া আইৰণৰ ইনজেকছন বেদনাদায়ক৷ সিৰাত দিয়া ইনজেকছনৰ ফলত এলাৰ্জিজনিত প্ৰতিক্ৰিয়া দেখা দিয়াৰ সম্ভাৱনা থাকে৷ ৰক্ত সঞ্চালনৰ ফলত কম পৰিমাণে হ’লেও এণ্টিবডি প্ৰস্তুত হোৱাৰ লগতে ৰক্ত সঞ্চালনজনিত প্ৰতিক্ৰিয়া দেখা দিয়াৰ সম্ভাৱনা থাকে৷ গতিকেই আটাইতকৈ সুলভ প্ৰক্ৰিয়াটোৱেই হ’ল মুখেৰে খোৱা টেবলেট বা চিৰাপ৷ অৱশ্যে ৰোগীগৰাকীৰ লগতে গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ কথা মনত ৰাখি তথা তেজৰ অক্সিজেন বহন কৰাৰ ক্ষমতা বঢ়োৱাৰ স্বাৰ্থত যোগ বিয়োগ কৰি যিকোনো এটা পদ্ধতি প্ৰয়োগ কৰাৰ সিদ্ধান্ত লোৱা হয়৷
গতিকেই দেৰি নকৰিব৷ আপোনাৰ ঘৰৰ বা চিনাকি মহিলা এগৰাকী গৰ্ভৱতী হোৱাৰ খবৰটো পাইছে? আপুনি নিজে কিবা ক’বলৈ সংকোচবোধ কৰিছে? কোনো কথা নাই৷ অন্ততঃ বেলেগ কাৰোবাৰ মুখেৰে হ’লেও মহিলাগৰাকীক নিকটবৰ্তী স্বাস্থ্যকেন্দ্ৰলৈ এবাৰ লৈ যোৱাৰ কথাটো কাণত পেলাওক৷ কাণত পেলালে? বঢ়িয়া, দুটি জীৱনক সুৰক্ষা দিয়াৰ বাবে এক মহান কামৰ আপুনি ইতিমধ্যেই শুভাৰম্ভ কৰিলে৷ আপোনালৈ অভিনন্দন৷ ■■