ঘাঁহ (পল্লৱ কুমাৰ নাথ)

মাটিত খামুচি ধৰি সিহঁতে
আৰম্ভ কৰে সেউজীয়া যাত্ৰা

ক্ৰমশঃ সেউজীয়া হয় হৃদয়
ক্ৰমশঃ সেউজীয়া হয় মন
সেউজীয়াৰ সতে সিহঁতৰ
জন্ম-জন্মান্তৰৰ মিতিৰালি

সিহঁতে মাটিৰ ঠিকনা জানে
জানে বৰষুণৰ নিটুল সংজ্ঞা
সিহঁতে দিব জানে সূৰ্যৰ প্ৰেমৰ প্ৰতিদান
কাণ পাতি শুনিব জানে বতাহৰ স্তুতি বন্দনা

মাটিৰ সামান্য উশাহত
শিলৰ ফাঁকেৰেও বৈ যাব পাৰে
নৈৰ দৰে
সিহঁতে আকাশৰ ফালে চায়
কথা ক’ব জানে

বৰষুণৰ চুম্বনত সিহঁত জী উঠে
যেনেদৰে, ৰ’দৰ পৰশত
চিৰনিদ্ৰাত জীণ যাবলৈকো ভয় নকৰে
জন্ম আৰু মৃত্যুৰ সংজ্ঞা
হয়তো সিহঁতৰ নিজস্ব সৃষ্টি
কৃত্ৰিমতাই কোষলৈকে শিপালেওঁ
কোমলতা সিহঁতৰ অাজন্ম লগৰী

এনেদৰেই সিহঁতে
গঢ়ি লব পাৰে নিজস্ব আকাশ
সাঁজি লব পাৰে আপোন পৃথিৱী
সেয়ে সিহঁতে দুখৰ সপোন নেদেখে নিজান ৰাতি

আৰু আমি ঘাঁহ হ’ব নোৱাৰাৰ বাবেই দুঃখী হওঁ
ঘাঁহ হ’ব নোৱাৰাৰ বাবেই শিল হওঁ
কঠিনতা আমাৰ অন্যতম সংজ্ঞা
প্ৰেমৰ নামত আমি সকলো বেশ্যা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!