ঘাঁ (দীপজ্যোতি চহৰীয়া)

বজাৰৰ মাজত কুকুৰটোৰ অবাধ চলন-ফুৰণ

এজন কচাইৰ ওচৰৰ পৰা আন এজন কচাইৰ ওচৰ পায়গৈ

অতীষ্ট হৈ কচাইজনে গৰম পানী ঢালে

কুকুৰটোৰ পিঠিত…

ছাল গুছি গৈ ঘাঁ হয়

মাখি এটাই আহি ঘাঁ টুকুৰাত পৰে

কুকুৰটোৱে যাতনাত ওলট-পালট লগায়

মাখিটোক খেদিবলৈ যাওঁতে তেজ ওলায়

একে এডোখৰ ঘাঁ সকলোৰে থাকে

হৃদয়ত নহ’লে মনত নহ’লে গাত

স্মৃতিৰ মাখি এটাই ঘাঁ ডোখৰত

পৰি অবাধে চলাই তাৰ বিচৰণ…

খজুৱাই, বিষাই…

যন্ত্ৰণাকাতৰ হয় সময়বোৰ

কুকুৰটোৰ দৰে…

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!