ঘৰতে ৰান্ধিব পৰা মুৰ্গী মাংসৰ এটা ব্যঞ্জন -মনালী গগৈ

খোৱা বোৱাত অসমীয়া মানুহৰ বিশেষ বাধা-নিষেধ নাই৷ আমিষ-নিৰামিষ উভয়প্ৰকাৰৰ আহাৰেই ভোজন কৰোঁ আমি৷ আমাৰ প্ৰিয় খাদ্যৰ তালিকাখনত মাছ-মাংসই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ অৱশ্যে সকলো ধৰণৰ মাছ বা সকলো ধৰণৰ মাংস সকলোৱে নাখায়৷ জনজাতীয় লোকসকলৰ মাজত সৰ্বাধিক জনপ্ৰিয় এবিধ বিশেষ খাদ্য হৈছে কুকুৰা চৰাইৰ মাংস৷ আজি আপোনালোকলৈ সিদ্ধ কুকুৰা মাংসৰ এক ৰন্ধন প্ৰণালী আগবঢ়ালো৷

উপকৰণ
কুকুৰা মাংস আধা কিলো
পদিনা পেষ্ট এক চামুচ
জালুকৰ গুৰি এক চামুচ
নেমু ৰস এক চামুচ
আদা নহৰু বটা এক চামুচ
ধনীয়া জলকীয়া
বটা এক চামুচ
মিহিকৈ কুটি লোৱা
বিলাহী এটা
পিয়াঁজ বটা তিনিটা
নিমখ সোৱাদ
অনুসৰি
হালধি গুড়ি আন্দাজমতে
শুকান জলকীয়া
গুড়ি,
কেঁচা জলকীয়া
তেল তিনি চামুচ
পানখৌ পাত এক মুঠি
(আপোনালোকৰ সুবিধাৰ্থে পানখৌ পাতৰ ফটো দি দিয়া হৈছে়)
ৰন্ধন প্ৰণালী:
মাংসখিনি ভালদৰে ধুই এটা পাত্ৰত, ওপৰত উল্লিখিত সকলো উপকৰণৰ সৈতে মিহলাই লওক৷ আধাঘণ্টা সময় সেইদৰেই ৰাখক৷ তাৰপাছত তিনি কাপ পানীৰে সৈতে মাংসখিনি কুকাৰত দিয়ক৷ কেইটামান হুইছেল দিয়াৰ পাছত নমাই থ’ব৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!