ঘৰ – ডঃ কস্তুৰী নাথ

ঘৰ এখন লাগে নিজাকৈ

চাকৰিৰ ইণ্টাৰভিউবোৰত সোধে

“তোমাক কিয় লাগে চাকৰিটো?”

তাই ক’ব নোৱাৰে সঁচা কথাটো

যে নিজাকৈ এটা ঘৰ সাজিবলৈ তাইক এটা চাকৰি লাগে,

তাই ক’ব নোৱাৰে সঁচা কথাটো…

কাৰণ ইণ্টাৰভিউৰ বৰ্ডত বহি থকাকেইজনো

পুৰুষতন্ত্ৰৰে প্ৰতিনিধি…

নিজা ঘৰৰ সপোনটোৰ কথা ক’লেই

তাইলৈ চিনাকি জনেও

অবাক হৈ চাই

“কিয় লাগে তোমাক আৰু এখন ঘৰ?

ইমান এখন সম্ভ্ৰান্ত ঘৰ…

চহৰৰ মাজমজিয়াত ইমান এটা সুদৃশ্য অট্টালিকা থাকোঁতে?”

তাই কাকো বুজাব নোৱাৰে

নিজা ঘৰৰ সপোনটোৰ কথা…

যি ঘৰৰ পাকঘৰ চমজিলৈ তাই প্ৰমাণ দিব নালাগে

আজিৰ পৰা এইঘৰ তাইৰ নিজৰ ঘৰ…

যি ঘৰৰ বংশধৰক গৰ্ভত ধাৰণ কৰি তাই প্ৰমাণ দিব নালাগে,

এই ঘৰ নিজা বুলি ক’ব পৰাকৈ তাই এতিয়া যোগ্যহৈ উঠিছে…

যি ঘৰৰ মত নিমিলা সদস্যসকলৰ ভৰি মালিচ কৰি তাই প্ৰমাণ দিব নালাগে

এই ঘৰ নিজা বুলি ক’বলৈ

এই আনুগত্য যথেষ্ট নহয়নে?

অথবা যি ঘৰৰ নিয়মৰ লগত অলপ আপোচ কৰিলেই

কোনোবাই তাইক সোঁৱৰাই নিদিয়ে

এইঘৰত তাইৰ নিয়ম নচলে…

আৰু এখন ঘৰ আছিল তাইৰ

য’ত তাইৰ জন্ম হৈছিল

এতিয়া সেই ঘৰত জীয়ৰীৰ অধিকাৰেৰে

সহোদৰৰ লগত কাজিয়া কৰিবলৈ গ’লে

এইকথা সোঁৱৰাবলৈ কোনোবাই মুহূৰ্তও নাভাৱে যে এই ঘৰ তাইৰ নহয়…

অথবা তাই এতিয়া এই ঘৰৰ নহয়…

এতিয়া সেই ঘৰত দীঘলীয়াকৈ থাকিবলৈ গ’লে

চুবুৰীয়াৰো চকুত অলেখ প্ৰশ্ন…

“ঠিকে আছেতো সংসাৰ”!!

নিজাকৈ এখন ঘৰ লাগে তাইক

অট্টালিকা নহলেও হ’ব

অথবা মহানগৰীৰ মাজমজিয়াত নহলেও হ’ব সেইঘৰ…

যি ঘৰলৈ তাইৰ নামত চিঠি আহিলে

কাৰোবাৰ মাৰফৎ দিব নালাগে…

খং উঠিলে যি ঘৰত চিঞৰি চিঞৰি কাঁজিয়া কৰা

অথবা দুখ লাগিলে যি ঘৰত চিঞৰি চিঞৰি কন্দাৰ স্বাধীনতা থাকিব…

যি ঘৰত মুহূর্তে মুহূর্তে অধিকাৰৰ সীমা টানি দিবলৈ

কাৰো অধিকাৰ নাথাকিব…

এই পৃথিৱীৰ সমস্ত নিয়ম ভৰিৰে মোহাৰিলেও,

বাহিৰ কৰি দিবলৈ

যি ঘৰত কাৰো কলিজা নাথাকিব…

আৰু যি ঘৰৰ বিশ্বাসভাজন হোৱাৰ যজ্ঞত

তাই কেতিয়াও নিজৰ স্বকীয়তাক আহুতি দিব নালাগিব…

ঘৰ এখন লাগে তাইক নিজাকৈ….

০০০০০

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!