ঘৰ-সংসাৰ ১৯(দ্বিতীয়ভাগ) (-প্রদ্যুতজ্যোতি শইকীয়া)
লাহে লাহে দুটি এটি কথাৰে পাতনি মেলি নি অচিনাকী শৰ্ম্মা কাইটীৰ লগতসাম্প্ৰতিক ঘটনাৱলীলৈকে পালোগৈ | মাজতে ভদ্ৰলোকে নিজৰ কাম কাজৰো বিৱৰণদিলে | শ্ৰীমতীকো চিনাকি কৰি দিলো | ৰেল মৰিগাঁও পাৰ হ’বৰ হ’ল | চাহ একাপএকাপ খাই ল’লো |গৄহমন্ত্ৰী শৰ্ম্মা কাইটীৰ লগত প্ৰায় “ফ্ৰী” হৈ গ’ল | শ্ৰীমতীয়ে ভদ্ৰলোককো নিজৰ অনলাইন বীমাৰ পৰা হাত সাৰি যাব নিদিলে | শ্ৰীমতীৰআলাপ আৰম্ভ হ’ল শৰ্মা ডাঙৰীয়াৰ স’তে অনলাইন বীমাৰ ওপৰত | আলাপ মানেগুনানুকীৰ্তন |
“শৰ্মাদা ( আঐ ঐ অচিনাকি মানুহ এটাক অলপ আগতে লগপাইয়েই শৰ্মাদা হৈ গ’ল), কওকচোন অনলাইন বীমাৰ ওপৰত আপোনাৰ কি মত?” একেবাৰে “নিউজ লাইভ”তসোধাৰ দৰে পোনপটীয়া বুৰ্বক প্ৰশ্ন | মনতে ভাবিলো বোলোশৰ্ম্মাদা আজি ক্লিন বল্ড হ’ল | পিছে তেৰাও কম নহয় | বিজ্ঞজনৰ দৰে উত্তৰদিলে |
“গম পাইছো আজিকালি | কিবা বোলে ইন্টাৰনেটতো টকা পইচা ৰাখিবপাৰি | ভাল ভাল | জীৱন বীমা কৰাটো ভাল |পিছে বিশ্বাসী ঠাইতহে বীমা কৰাবলাগে |”
শ্ৰীমতীৰ মুখখন উজ্জ্বল হৈ পৰিল | মোলৈ চাই একেবাৰেসেই হাঁহিটো মাৰিলে |অন্তৰ্নিহিত ভাৱটো বুজিলো | অৰ্থাত্ বুজিলা শ্ৰীমানতুমিহে নাজানা অনলাইন বীমা কি বস্তু | বাকী সকলোৱে জানে | মই লাহেকৈপেপাৰৰ মাজত মুখ লুকুৱালো |
শ্ৰীমতী আৰু শৰ্ম্মা কাইটীৰ অনলাইনবীমাৰ গুৰুত্বপূৰ্ণ আলোচনাৰ মাজতে গুৱাহাটী পালোহি | শৰ্ম্মা দেউৱেনামনিলৈ নিমন্ত্ৰণ এটা দি ভিৰৰ মাজত হেৰাই গ’ল | মইও শ্ৰীমতীৰ নিৰ্দেশ মতেডাক্তৰী ভাৱ এৰি কুলিৰ পাৰ্টতো তত্ক্ষনাত লৈ ল’লো | দুইটা বেগ কান্ধতলোৱাৰ লগে লগে কানৰ কাষত কুলি নং ১ চিনেমা খনৰ “মে ত’ কুলি নাম্বাৰ ৱান”গানটো বাজি উঠিল | যেনেতেনে কেকোঁজেকোকৈ ভনীয়েকৰ ঘৰ পালোগৈ | শ্ৰীমতীয়ে চাহকাপ খায়েই মোৰ এ টি এম দুইটা লৈ ভনীয়েকক লৈ উলাই গ’ল |বুজিলো | আজি মোৰএৰিয়াৰৰ টকাৰ তিলানী, দহা আৰু শ্ৰাদ্ধ একেদিনাই হ’ব | বেছিকে ভাবিলে মোৰঘূৰাব বুলি শ্ৰীমতীৰ ওপৰত সকলো এৰি দি বিচনাতে চকুহাল মুদি গাটো এৰি দিলো | ৰাতিলৈ ৯মান বজাতশ্ৰীমতী ভনীয়েক সহিতে উজ্জ্বল মুখেৰে উলালহি | এ টি এমমোৰ হাতলৈ হস্তান্তৰ কৰি ক’লে ” বেছি খৰচ কৰা নাই | মাত্ৰ মাহঁতলৈ দিবলগীয়াপ্ৰয়োজনীয় বস্তু কেইটামান লৈছো | আদিত্যৰ ওচৰত ইঞ্চিওৰেঞ্চতেই ৪০,০০০ গ’ল |কাগজবোৰ চাই ল’ব বেগতে আছে “|মোলৈ এ টি এম কেইটা আগবঢ়াই হাতবেগতোলৈআঙুলিয়ালে শ্ৰীমতীয়ে | কাষতে থকা ভন্টীৰ মুখটিপা হাঁহিতেই বুজিলো মোৰএকাউন্ট কিমান দ’ লৈকে খান্দিলে শ্ৰীমতীয়ে | হমমম | এয়াই বিবাহিত জীৱন | বিবাহিত জীৱনকএকপ্ৰকাৰ নৰকৰ মৰ্ত্য “ভাৰ্চন” বুলিয়েই ক’বপাৰি…………. নহয় নহয়…..দাবীয়েই কৰিব পাৰি |
এদিন থাকিউলালো শ্ৰীমতীৰ ঘৰলৈ |দ্ৰাইভাৰ নিজে | ভনী জোঁৱাইৰ গাড়ী |ট্ৰেইনত আহোঁতেকুলি, ঘৰত থাকিলে ৰামু কাকা আৰুএতিয়া আকৌ দ্ৰাইভাৰ |মুঠতে কেতিয়াবাশ্ৰীমতীৰ পি.এ নিচিনা ভাৱ হয় নিজকে | লক্ষ্য যোৰহাট | প্ৰথম পদাৰ্পন কৰিমশহুৰ গৄহত | দুদিন থাকি ঘৰত | মনটো অলপ উত্তেজিত আছিল যদিও শান্ত কৰি ল’লো | যাত্ৰাৰ মাজতে পোনাকণে দুবাৰমান ওৱাক ওৱাক কৰি অলপ নৄত্য নাটীকা প্ৰদৰ্শনকৰিলে | তাৰ বেমাৰ হোৱা যেন পালেই ভয় খাওঁ | শ্ৰীমতীয়ে নিজৰ ফালেখুলিনিয়া গাড়ীৰ গ্লাচখন মুৰ ঘোপা চাৱণিত ততাতৈয়াকৈ মাৰিবলৈ বাধ্য হ’ল | পোনাকনকলগত নিলে ঔষধৰ টোপোলাতো লগতে লৈ ফুৰোঁ বুলিহে বাছিলো | পিছে মোৰ ঘোপাচাৱণিৰ ফলত শ্ৰীমতীৰ চকুত বাৰিষা নামিছিলেই | জখলাবন্ধাত ৰখাই শ্ৰীমতীকখুৱাই ল’লো | লগতেমিঠাপট্টি পাণ এটা দি ঠেঁহটোও ভাঙি ল’লো | ক’তো নাৰাখিচিধাই শ্ৰীমতীৰ মাকৰ ঘৰত | শ্ৰীমতীক আগবাঢ়িবলৈ দি পদূলিমুখৰ পৰা পোনাকনকমইয়েই ডাঙি ল’লো | শ্ৰীমতীয়ে মাক দেউতাকক সাৱটি ধৰিয়েই লাহেকৈ ভিতৰলৈসোমাই গ’ল | মইও শহুৰ দেউতাৰ লগত ভিতৰলৈ সোমাই গৈয়েই দেখিলো শ্ৰীমতীয়ে থৰলাগি দ্ৰয়িং ৰুমৰ টিভিটোচাই আছে | টিভিতহেডলাইনৰ সৈতে শ্ৰীমতীয়ে বীমাকৰা কোম্পানীটোৰ বাতৰি পঢ়ি আছে “ৰাতিৰ ভিতৰতে উধাও বীমাকোম্পানী…..কোটিটকাৰ ঠগন দিলে গ্ৰাহকক….এজেন্টৰ পলায়ন….” |বাতৰি দেখিয়েই গৄহমন্ত্ৰীৰমুখলৈ চাই পঠিয়ালো |ইতিমধ্যেই শ্ৰীমতীৰ চকু আৰু নাকৰ গংগা , যমুনা আৰুসৰস্বতী সমন্বিতে নাকৰ বান্ধ ভাঙি দুগাল উপচাই বংগোপসাগৰলৈ ঢাপলি মেলিবলৈআৰম্ভ কৰিছিল |একো ক’বলৈ নাপালোৱেই | 🙁 |