ঘৰ-সংসাৰ (২২): প্ৰদ্যুত জ্যোতি শইকীয়া

ঘৰ-সংসাৰ (২২)

প্ৰদ্যুত জ্যোতি শইকীয়া

“কিউঁ.. না হাম তুম..
চলে তেৰে মেৰে চে ৰ’স্তেপে
নংগে পাউ ৰে…..”

দেওবাৰে পুৱাই-পুৱাই ডিউটীৰ পৰা আহি বাংলা সাপ্তাহিকখন খুলি লৈছোঁ | লগতে অংগৰাগৰ নতুন হিন্দী গীতটো | পাছফালৰ বাৰাণ্ডাত | মানে মোৰ নতুন কোৱাৰ্টাৰৰ বাৰাণ্ডাত | শ্ৰীমতীক অহাৰ পৰাই দেখা নাই | ভুমুকিয়াই মেলি চালোঁ | উদ্দেশ্য পুৱাৰ চাহকাপ | বাংলা সাহিত্যৰ মজা লৈ লৈ শ্ৰীমতীৰ হাতৰ একাপ চাহ | বাঃ কি আমেজ | শ্ৰীমতীক চিঞৰ এটা মাৰিবলৈ লওঁতেই ওলোটাই গৰম সম্ভাষণ এটাহে পালোঁ – পুৱাই পুৱাই এই “ৱোফাৰ”ডালক কিয় টেটুফলাই মৰাইছে? পোনাকন উঠিলে মজাটো গম পাব | হোঃ | ক’ত গম পাব ? (অলপ ভোৰভোৰাই) নিজে কোনোবা দিনা একোলা লৈ পালেহে | মা আছে বুলিহে মই জীয়াই আছো |
কাপোৰ থুকুচি থকাৰ পৰাই “ঘৰ-সংসাৰ” উপাখ্যান মেলিলে শ্ৰীমতীয়ে | গৃহমন্ত্ৰীৰ কাপোৰ থুকুচি থকাৰ দৃশ্যটো কেঁৰা চকুৰে চালোঁ | কাপোৰ নহয় যেনিবা মোকহে ধুই আছে শ্ৰীমতীয়ে | চাবোনৰ এটা এটা ঘঁহাত মোৰ পিঠিৰ চাল বখলা বখলে এৰাইছে | শ্ৰীমতীৰ মাতত সম্বিত ঘূৰি আহিল |
-বোলো শুনিছেনে ? আপোনাৰ সেইডালৰ চাউণ্ড কমাওক | পোনাকন উঠিব এতিয়া |
উঠি গৈ ভলিউমটো কমাই আহিলোঁ | বাথৰুমৰ চৌকাঠটোত হেলান দি শ্ৰীমতীক ঠেৰোগেৰোকৈ ফৰমাইচ দিলোঁ |
-হেৰা চাহ একাপ দিয়াচোন | মই বাৰাণ্ডাত পেপাৰ চাই আছোঁ | অলপ সোনকালে দিবা দেই ডাৰ্লিং |
কথাষাৰ ক’বলৈ পালো কি নাপালো জাঙুৰ খাই উঠিল গৃহমন্ত্ৰী – হেৰি, দেখা নাই নেকি কি কৰি আছোঁ ? আপুনি ধোৱক তেতিয়া হ’লে , মই যাওঁ | চা…হ খায় | আজি দুবছৰৰ বেছি হ’ল | কেতিয়াবা ভাত এসাঁজ ৰান্ধি খোৱাই পাইছেনে ? আৰু কি কৈছিল ? ডা…ৰ….লিং….হোঃ | চাহ কাপ খাবলৈ হ’লেই ডাৰ্লিং | বাকী সময়ত টিকি টিকি …. মানুহৰ আগত “গৃহমন্ত্ৰী” | হোঃ | আমাৰ বৰুৱানীক দেখিলে হিংসাই লাগে (অলপ নৰম নৰম ভাৱত, মানে চকুপানীৰ বৰষুণজাক অহাৰ আগৰ অৱস্থা ) | বৰুৱা কামলৈ যোৱাৰ পাছতো বৰুৱানীলৈ খবৰ ল’বলৈ ফ’ন কৰিয়েই থাকে | আৰু আপুনি গ’ল যি গ’ল আৰু …তাৰ পাছত মই আৰু পোনাকন জীয়াই আছোনে নাই খবৰ নাই ( উচুপি উচুপি ) ।
ৰাম ৰাম কিহে পাইছিল মোক সুপ্ত আগ্নেয়গিৰি জাগ্ৰত কৰি ল’বলৈ | কিহে পাইছিল মোক ফুটা নমৰাকৈ কোদোৰ গাঁতত ধোঁৱা দিবলৈ | পুৱাই পুৱাই প্ৰদ্যুতৰ সংসাৰ দাহ | হায় হায় |
-হেৰা বৰুৱাৰ লগত নিমিলাবাচোন | তোমাৰ বৰুৱাই বৰুৱানীলৈ মৰমত ফ’ন নকৰে, মিছ কৰিছে কাৰণে খবৰ নকৰে | ফ’ন কৰে বৰুৱাৰ জম্ভাসুৰ চাৰিটাই দিনটোত কি কি ভাঙিলে তাৰ খবৰ ল’বলৈহে, চোৰাংচোৱাগিৰি কৰিবলৈহে | দিনটোত ২০বাৰ ফ’ন কৰে যে সেইয়া কেৱল বিজি আছেনে নাই সেইটো চাবৰ বাবে আকৌ |
সঁচাই মিছাই অলপ পাৰিবাৰিক মুখৰোচক আৰু শ্ৰীমতী-সন্তোষজনক বাক্যবান মাৰি দিলোঁ | শ্ৰীমতীয়ে অলপ চিন্তা কৰিলে | শ্ৰীমতীৰ গংগা যমুনা আৰু সৰস্বতীৰ প্ৰবাহ বন্ধ হোৱা যেন দেখি চান্স ল’লো |
– বুজিছা, মই ফ’ন কৰা নাই মানে তোমাক পাহৰি যোৱা নুবুজায় সোণ | ( সোণ ???? অলপ বেছিয়েই হ’ল নেকি বাৰু ?) মানে …ফ’ন নাই কৰা মানে… আচলতে তোমাক মই নীৰৱে ভালপাওঁ বুজিছা .. ..নীৰৱ ভাল পোৱা বুজিছা ..ন’ নয়জ…..চাইলেন্ট লভ …(যোৱাকালি ৰাতি ফেচবুকত দিনটোত দুকুৰিমান কবিতা লিখা কবি এজনৰ “চাইলেন্ট লভ” নামৰ কবিতা এটা ভুলতে গল্প বুলি পঢ়ি পেলাইছিলো, ডাইৰেক্ট উঠাই দিলো বাপ্পেকে এতিয়া )
কথাষাৰ শুনিয়েই সন্দেহযুক্ত চকুৰে সুধিলে গৃহমন্ত্ৰীয়ে -সঁচানে ?
-সঁচা অ’ টিকি | ঐ বাৰ্থডেত কি লাগিব কোৱানা ? পালেহিয়েই দেখোন ১২ তাৰিখ ….
চান্স এটা পাই ডান্স এটা মাৰোঁ বুলি শ্ৰীমতীক অলপ মৰম কৰিবলৈ লওঁতেই আমাৰ মৰম-চেনেহৰ খেলখনৰ একমাত্ৰ ৰেফাৰীৰ ফাউল ইণ্ডিকেটিং হুইচেলটো বাজি উঠিল | মা…..মা…….মা…… ওৱাঁও | মানে পোনাকন উঠিল |
-যাঃ এইডাল, মা আছে |
শ্ৰীমতীয়ে চাবোনলগা হাতেৰে ঠেলা এটা মাৰি পোনাকনৰ ওচৰলৈ লৰ মাৰিলে |

চাহ খোৱাৰ আশা ধোঁৱা চাঙৰ ওপৰত তুলি মোনাটো লৈ ওলালোঁ দেওবৰীয়া বজাৰ কৰিবলৈ | বসন্তীখন উলিয়াই বজাৰলৈ পোনালোঁ | বজাৰৰ ওচৰতে বদৰপুৰৰ বাছষ্টেণ্ডটো | বজাৰলৈ খোজ লওঁতেই পাছফালৰ পৰা চিনাকি চিঞৰ এটা শুনিলোঁ |
-“দাদা”
চিঞৰ শুনি পাছলৈ ঘূৰি চাওঁতেই দেখো আমাৰ জুনিয়ৰ ভিক্টোৰিয়াৰ চিঞৰ | ভিক্টোৰিয়া এম এস | পুৰা নামটো আজিও নাজানিলোঁ | মণিপুৰী ছোৱালী | খুব ফুৰ্তিবাজ | আমাৰ দুই বেটছৰ পাছৰ তাই | বহুত দিনৰ পাছত তাইক দেখিয়েই ভাল লাগিল | আগতে যি কোনো ছছিয়েল ইভেন্ট থকিলেই হ’ল আৰু | তাই ভঙা ভঙা অসমীয়াত “দাদা দাদা” বুলি আমাৰ পাছত ঘুৰি ফুৰিছিল | তাই আহিয়েই হাত দুখনত চেপি ধৰিলেহি | ৱাৰ্ম ৱেলকম এটা দিলে তাই |
-“দাদা ইয়াত যে ? আপোনাৰ বেলেগতহে আছিল হ’বলা পষ্টিং |” তাই সুধিলে মোক |
– নাই , ইয়াতেই আছো | তুমি পিছে ক’ত যোৱা ? মনৰ জিজ্ঞাসা নুমুৱাবৰ কাৰণে সুধিলোঁ তাইক |
-মোৰো প’ষ্টিং বদৰপুৰতে হৈছে | চামহুয়েৰ ইন শ্ৰীগৌৰী | কথাষাৰ কৈয়েই মোলৈ এপইন্টমেন্ট লেটাৰখন আগবঢ়াই দিলে |
চায়েই গম পালো মোৰ লগত একেখন হস্পিতালতে পোষ্টিং হৈছে তাইৰ | ভাল লাগিল কথাটো গম পায় | দুই এটা সৌজন্যমূলক কথা পাতি বিদায় দিলোঁ তাইক | তাই কৰিমগঞ্জলৈ ঢাপলি মেলিলে অফিচিয়েল কামৰ বাবে | ডিষ্ট্ৰিক্টত জইন কৰি চিধাই আহিব শ্ৰীগৌৰীলৈ একেবাৰে থকাকৈ |

দুখোজ মান দিছোঁহে বজাৰলৈ, আকৌ আমাৰ বীমা কোম্পানীৰ এজেণ্ট ব্ৰীজেছৰ লগত দেখা দেখি হ’ল | ব্ৰীজেছৰ ওচৰত শ্ৰীমতী আৰু পোনাকনৰ এটা বীমা খুলিবৰ বাবে কথা-বাৰ্তা চলি আছে | ব্ৰীজেছে কোনো পাতনি নেমেলাকৈ ডাইৰেক্ট ক’লেই | এনেও সি মানুহটো বৰ ফাষ্ট |
-ছাৰ, মেডামক লৈ এইটো সোমবাৰ এৰি পাছৰটোত আহিব | লগত মেডামৰ ফ’ট তিনিকপি আনিব | পাৰিলে ফ’ট কেইখন আগতেই দিব |মই আহিলোঁহে |
কথাকেইষাৰ একেবাৰে তীৰৰ গতিত এৰি ঢাপলি মেলিলে সি | বজাৰৰ পৰা শ্ৰীমতীৰ পছন্দৰ পাছলি দুবিধ আৰু মাছ লৈ ঘৰলৈ ঢাপলি মেলিলোঁ | তাৰ মাজতেই আকৌ শ্ৰীমতীৰ তিনিটা মিছকল | ঘৰ সোমায়েই শ্ৰীমতীক ভিক্টোৰিয়া অহাৰ কথাটো কম বুলিও ৰৈ দিলোঁ | ক’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বহুত বেছি | ৰাতিপুৱাই খাণ্ডৱ দাহ হৈ গৈছেহে | ধোঁৱাবোৰ ভালকৈ যোৱাই নাই | গতিকে মনে মনে থকাই উত্তম |

পাছদিনা পুৱাই হস্পিতাললৈ ওলালো | ১১মান বজাত ভিক্টোৰিয়া পালেহি | তাইক জইন কৰাত অলপ সহায় কৰি দিলোঁ | জিনছ পৰিহিত ভিক্টোৰিয়াক দেখি হস্পিতালৰ ষ্টাফসকলৰ চকুবোৰ অলপ উজ্জ্বল হ’ল | দেখিলো বৰুৱাহঁতৰ চকুত | হঠাতে শ্ৰীমতীৰ ফ’ট প্ৰিন্টৰ কথা মনত পৰিলত ওলালোঁ ষ্টুডিঅ’লৈ | ভিক্টোৰিয়াক কথাষাৰ ক’লোঁ | তাইও ওলাল মোৰ লগত | তাইকো ফ’ট লাগে হেনো বেঙ্ক একাউন্টৰ বাবে | একেলগে সোমালোঁ ষ্টুডিঅ’ এটাত | শ্ৰীমতীৰ ফ’টখন উলিয়াই ব্লুটুথৰ যোগেদি তাত কাম কৰা ল’ৰাটোক দিওঁতেই ভিক্টোৰিয়াই দেখা পালে | শ্ৰীমতীৰ নাম ধাম ফেচবুক ঠিকনা একে উশাহে সুধি ল’লে | ফ’ট কেইখন হয় মানে কফি খালো দুইটাই |তেনেতে শ্ৰীমতীৰ ফ’ন আহিল | লৰালৰিকৈ ফ’টখিনি ল’লোঁ | ভিক্টোৰিয়াক কোৱাৰ্টাৰ দিছে আমাৰ কোৱাৰ্টাৰৰ তলতেই | গম পাইয়েই তাই খুব ভাল পালে | ঘৰ পোৱাৰ আগতেই শ্ৰীমতীয়ে আগফালে ওপৰত ৰৈ মোলৈ বাট চায়েই আছিল | ভিতৰি ভয় এটা সোমাল | ভিক্টৰিয়াক দেখিলে বা কি কয় ? ভিক্টোৰিয়াইও কটা ঘাঁত চেঙা তেল এসোঁতা দি গ’ল হাতেৰে চেক্সী হাই এটা দেখুৱাই | শ্ৰীমতী খঙত ভিতৰলৈ সোমাই গ’ল | ৰুমৰ ভিতৰলৈ সোমাবলৈ লওঁতেই প্ৰশ্নবান আৰম্ভ হ’ল |
– লগত আইটেমটো ক’ত পালেহে ? তামাম দেখোন | ট্ৰাইবেল, মোক খা মোক খা চেহেৰা তাতে জিনিছ ফিটিং | বাহ বাহ ডক্টৰ বাবু | নতুন বৰশী পাতিছে নেকি ?
খোঁচ মৰা প্ৰশ্ন কেইটা সুধিহে শান্তি পালে শ্ৰীমতীয়ে |
-হেৰা প্ৰত্যেকটো কথা নিগেটীভ্‌লী নলবাচোন | | সেইজনী মোৰ জুনিয়ৰ | যোৱাকালি নতুনকৈ জইন কৰিছে আমাৰ হস্পিতালত |
-আহ হা, দেখিছা…. কালিয়েই জইন কৰিলে | মোক কোৱাই নাই | হোঃ |
কথাষাৰ শ্ৰীমতীয়ে জকজকাই এনেকৈ ক’লে যেন ইনচাৰ্জৰ ওচৰত জইন নকৰি গৃহমন্ত্ৰীৰ ওচৰতহে জইন কৰিব লাগিছিল ভিক্টোৰিয়াই |
শ্ৰীমতীক বুজাবলৈ আধাঘন্টামান খৰচ কৰিব লগ হ’ল | যাহওক শেষত ঢেৰুৱাঠাৰিডাল সিজিল কোনোমতে |

দুদিনমান পাছত বুধবাৰে আকৌ হস্পিতাললৈ যাওঁতে গাড়ীত ভিক্টোৰিয়াক উঠাব লগা হ’ল | তাকো শ্ৰীমতীৰ সন্মুখতে | আনকালে শ্ৰীমতীয়ে মিচিকিয়া হাঁহি এটা দি বিদায় দিয়ে | আজি নাই | হে প্ৰভু ৰাতিলৈ বচাবা | আবেলি ডিউটীত বহি থকাৰ সময়ত ভিক্টোৰিয়াৰ লগত বহি তাইৰ টেবলেটটো চলাবলৈ শিকি আছিলোঁ | তেনেতে খপজপকৈ বৰুৱা সোমাই আহিল | মোলৈ লেটাৰ এখন আগবঢ়াই দি গোঁফৰ তলতে মিচিকিয়াই হাঁহি এটা মাৰি সম্ভাষন জনালে | চিঠিখন খুলি চালোঁ | অফিচিয়েল লেটাৰ | ঘৰলৈ বুলি উভতিলোঁ | ঘৰত সোমোৱাৰ আগতেই ব্ৰীজেছক শ্ৰীমতীৰ ফ’টৰ খামটো দি আহিলোঁ | আনদিনা হ’লে আহিলেই ঠাণ্ডা চৰ্বত এগিলাছ পাওঁ | আজি নাই | দেখা দেখিয়েই নাই গৃহমন্ত্ৰীৰ | অলপ মৰমেৰেই মাতি ভিতৰলৈ সোমাই গ’লোঁ | শ্ৰীমতী বেড্‌ৰুমত | লগত পোনাকনে খেলি আছে |
-টিকি… টিকি
মাতেই নাই শ্ৰীমতীৰ | আকৌ মাতিলোঁ | অলপ খঙাল মাত এটা ওলাল |
-আপুনি সেইজনীৰ পৰা অলপ আঁতৰি নাথাকিলে নহয়নে ?
-হেৰা তোমাৰ আকৌ কি হ’ল হে ? তাই নিজেই জোৰ কৰিছিল কাৰণেহে | (অলপ দুখী দুখী ভাৱেৰে )
-হোঃ | গাড়ীত উঠোৱাৰ কথা কোৱা নাই | হস্পিতালত একেলগে বহি বহি মোবাইল টিপাটিপি কৰি থকাৰ কথাহে কৈছোঁ |
অহ হ হ | ওৰহী গছৰ ওৰ কৰবাত | মানে বৰুৱাই বৰুৱানীক, আৰু বৰুৱানীয়ে লগে লগে শ্ৰীমতীৰ কানত কথাটো ১০০ ৰে পূৰণ কৰি কৈ দিলে | বুজিলোঁ | ধন্য বৰুৱাজী | দেখ লোংগা আপক’ভি | শ্ৰীমতীৰ মাতত আকৌ দিঠকলৈ ঘূৰিলোঁ ।
– মোৰ খঙ উঠা নাই | অলপ আঁতৰি থকা ভাল | তাতে সেইজনী আনমেৰিড হেনো | বাৰু সেইবোৰ বাদ | ব্ৰীজেছ নে কোনে ফ’ন কৰিছিল ঘৰৰ নাম্বাৰত | ফ’ট লাগে হেনো | দিলেনে ?
ইটো বিষয়ে শাম কটাত উশাহ পালোঁ |
-দিলোঁ দিলোঁ | একে উশাহে কৈ দিলো শ্ৰীমতীক | ৰক্ষা তেও , কোনোমতে ধুমুহাজাকৰ পৰা হাত হাৰিলোঁ |

সোমবাৰে শ্ৰীমতীক লগত লৈ ব্ৰীজেছৰ অফিচলৈ ওলালোঁ | বেংকৰ ওচৰতে অফিচ | শ্ৰীমতীক সম্ভাষণ জনাইয়েই ব্ৰীজেছে ফৰ্মখন আগবঢ়াই দিলে | ফৰ্মখন দেখিয়েই শ্ৰীমতীৰ চকু কপালত উঠিল | মোৰ ফালে পোন্দোৱাকৈ চাই ফৰ্মত লাগি থকা ফ’টখনলৈ আঙুলিয়াই দেখোৱালে | দেখিয়েই মোৰ মূচকছ যোৱাৰ দৰে অৱস্থা | ভিক্টোৰিয়াৰ ফ’ট | সেইদিনা শ্ৰীমতীৰ ফ’ন পাই লৰা লৰি কৰোঁতে ভিক্টোৰিয়াৰ ফ’ট মোৰ লগত আৰু….. | ব্ৰীজেছেও কোনোদিন শ্ৰীমতীক দেখা নাই | গতিকে…. | শ্ৰীমতী খঙত উঠিয়েই আহিল | শ্ৰীমতীৰ পাছে পাছে ওলাই আহোঁতেই দেখিলো ভিক্টোৰিয়া আহি আছে | মোক দেখিয়েই আগবাঢ়ি আহিল | শ্ৰীমতীয়ে মুখ ঘুৰাই দিলে |
-দাদা, বৌৰ ফ’টখিনি ভুলতে মোৰ তাত গুচি আহিল সেইদিনা | কফি খাই থাকোঁতে মইও পাহৰি থাকিলো | আজিহে বেংকত গম পালো | ভাগ্য আপোনালোকক পাই গ’লো দেই |
বেগৰ পৰা ফ’টখিনি উলিয়াই দিলে মোক তাই | শ্ৰীমতীৰ লগতো জোৰ জবৰদস্তিয়েই চিনাকি হ’ল | ইফালে কফিৰ নাম শুনি চকু কেইটা কপালত তুলিলে শ্ৰীমতীয়ে | আকৌ বীমাৰ কামবোৰ শেষ কৰি ওলালোঁ ঘৰলৈ | গাড়ীৰ ভিতৰত শ্ৰীমতীৰ গালি আৰু প্ৰশ্নবাণেৰে থকা সৰকা হ’লোঁ | কোনোমতে এখন কাণেৰে সোমোৱাই সিখনেৰে উলিয়াই দিলোঁ | ৰুম পাইহে অলপ শান্তি | তথাপিও উফৰি উফৰি আহি আছে খোচ মৰা বাক্য | (হায় হায় কি খাবলৈ পাতিছিলোঁ বিয়া ঐ)

কেইদিনমানৰ পাচৰ শুক্ৰবাৰ এটাত সন্ধিয়া ডিউটিৰ পৰা খোজ কাঢ়ি আহি আছোঁ | ভিক্টোৰিয়াই দেখিয়েই “ইমান দিন দেখা নাই” বুলি ভিতৰলৈ টানি লৈ গ’ল | না কৰিবলৈ নাপলোৱেই | আছলতে ভিক্টোৰিয়া তেনেকুৱাই | সৰু ছোৱালীৰ দৰে | তাইৰটোহে হ’ব | আগতেও আমাৰ কিবা অনুষ্ঠান শেষ হোৱাৰ পাছত “প্ৰাইভেট” পাৰ্টিবোৰত আছিল | “পানীয়”বিধতো ওষ্টাড আছিল তাই | অৱশ্য তাইৰ মতে সেইটো আছিল তাইৰ বংশগত গুণ 😛 | তাইক বাধা দি কৈ উঠিলোঁ
-টিকি ঘৰত অকলে আছে |
ভিক্টোৰিয়াই লগে লগে ধমক দি উঠিল ..
-সদায় মাতিছোঁ নেকি আপোনাক ? ঘৰ সেইটোহে… যাব অলপ পাছত ( ওপৰলৈ আঙুলিয়াই দেখুৱালে
উপায় নাপাই বহিলোঁ ভিক্টোৰিয়াৰ ৰুমত | ভিক্টোৰিয়াই প্ৰথমেই মোক কিবা ছাৰপ্ৰাইজ দিয়াৰ কথা ক’লে | কালিলৈ দিব বোলে | লাহে লাহে পুৰণা কথাবোৰে ওলাল | নষ্টালজিয়াত ডুবি পৰিলো দুইটা | মাজতে উঠি গৈ ভিক্টোৰিয়াই পেগ দুইটা বনাই আনিলে | লগত ফিংগাৰ চিপচ্‌ | তাই মোলৈ গ্লাছটো আগবঢ়াই দিওঁতেই মই আজিকালি নাখাওঁ বুলি মানা কৰি হাতখনেৰে আঁতৰাই দিওঁতেই শ্ৰীমতীৰ ভিক্টোৰিয়াৰ ঘৰৰ দুৱাৰমুখত প্ৰবেশ | মোক দেখিয়েই তভক মাৰি ৰ’ল | মোক আচৰিত কৰি শ্ৰীমতীয়ে লাহেকৈ ক’লে
-ভিক্টোৰিয়াৰ লগত চিনাকি হ’বলৈ আহিছিলোঁ | আপোনাক পালোঁ ভালেই হ’ল | ফ’ন লগা নাই | পোনাকনে বিছাৰি আছে | আহক |
কৈয়েই গুছি গ’ল শ্ৰীমতী | মুক বধিৰ মানুহৰ দৰে ভিক্টোৰিয়াৰ ঘৰৰ পৰা ওলালোঁ |
ঘৰত সোমায়েই শ্ৰীমতীৰ ওচৰলৈ গ’লোঁ | মানে যাব নোৱাৰিলোঁ | বেডৰুমত পোনাকন আৰু শ্ৰীমতী অকলে | দৰ্জ্জা বন্ধ | ইফালে কালিলৈ শ্ৰীমতীৰ বাৰ্থডে আছে | কি কৰা যায় | কেনেকৈ পতোৱা যায় | মুৰ আচন্দ্ৰাই কৰিল মোৰ | শ্ৰীমতীয়ে পিছে আকৌ আচৰিত কৰি দুৱাৰ খুলিলে | ভাত বনালে | নিজে খাই পোনাকনক লৈ শুই থাকিল |মোক এবাৰো নুশুধিলে | তাৰ মানে মৌন ব্ৰত | বুজিলো | চৰম শাস্তি | কালিলৈ বাৰ্থডেৰ বাবে |

পাচদিনা সন্ধিয়ালৈকে একো মাতবোল হোৱাই নাই | যেন এখন ঘৰত দুজন মুকবধিৰ | অসহ্য হ’ল ৰাতিলৈ | ইফালে বাৰ্থডেৰ কথাও আছে | গাড়ীখন লৈ শ্ৰীমতীৰ কাৰণে কেক এটা আনি শ্ৰীমতীয়ে নেদেখাকৈ ৰাখিলোঁ | ৰাখিলোঁ মানে গাড়ীৰ ভিতৰতে ৰাখিলোঁ | ১১.৪৫ লৈকে কাৰো মাতবোল নাই | ১১.৫০তত শ্ৰীমতী ওলাই আহিল | পোনাকন কাষত | শ্ৰীমতী আহি দ্ৰইং ৰুমতে বহিল | মই তাতে গালত হাত দি বহি আছিলোঁ
-মই কালিলৈ ঘ…ৰ…
শ্ৰীমতীয়ে কোৱাৰ মাজতে কলিং বেলটো বাজি উঠিল | ক্লিং ক্লিং ….ক্লিং ক্লিং….| কোন ওলালহি মৰিবলৈ এই ৰাতিখন | তাতে আমাৰ “চাইলেন্ট বৰ্ল্ড ৱাৰ” চলিয়েই আছে | দুৱাৰ খোলাৰ লগে লগেই ভিক্টোৰিয়া আৰু লগত এজন ট্ৰাইবেল যুৱক সোমাই আহিল | বহিব দিলো | লগতে ডাঙৰ পেকেট এটা | মোক ভিক্টোৰিয়াই যুৱকজনৰ লগত চিনকি কৰি দিলে
-দাদা, এখেত চাৰ্কোল অফিচাৰ বদৰপুৰৰ | মোৰ হাজবেণ্ড | ইটছ ডা ছাৰপ্ৰাইজ ।
শ্ৰীমতী কথাষাৰ শুনিয়েই মোলৈ চালে | একেবাৰে হাঁহিমুখীয়া ভাৱ | যেন এইটো এটা ভাৱত “আপোনাৰ ওপৰত তামাম অন্যয় কৰিলো অথবা চাৰ্কল অফিচাৰ থাকোঁতে তোমাক লাইন মাৰিবনে ?” মই হ’লে কোনটো বুজি নাপলোঁ | এনেতে ঘড়ীত বাৰটাৰ সংকেত দিলে | শ্ৰীমতীক মইয়েই প্ৰথম wish কৰিলো | লগে লগে ভিক্টোৰিয়াই পেকেট খুলি শ্ৰীমতীৰ আগত শ্ৰীমতীৰ নাম লিখা কেক এটা আগত দি ক’লে “হেপ্পী বাৰ্থ ডে” | শ্ৰীমতী অলপ আৱেগিক হ’ল | লগতে মইও | পিছে মনে মনে | ভিক্টোৰিয়াক সুধিলোঁ
– কেনেকৈ গম পালা বৌৰ বাৰ্থডে ?
-ফেচবুক দাদা ফেচবুক, চব ফেচবুক কা যাদু হেই….
কথাষাৰ কৈয়েই ভিক্টোৰিয়াই লগত অনা ৰাছিয়ান ভদকাৰ বটল এটা উলিয়ালে | মই শ্ৰীমতীলৈ চালোঁ | শ্ৰীমতীৰ সেই পুৰণা কেচাঁইখাইতী টাইপৰ চাৱনিটো | লগে লগেই না কৰি দিলোঁ ভিক্টোৰিয়াক | কেক আৰু চাহেৰেই বাৰ্থডে পাৰ্টি হ’ল |
মই অনা কেকটো শ্ৰীমতীক দিবলৈ নহ’ল | শ্ৰীমতী আৰু ভিক্টোৰিয়া এতিয়া খুব ভাল বন্ধু | কিন্তু ভিক্টোৰিয়াৰ ঘৰলৈ অকলে যোৱাৰ অনুমতি নাই | পুৱাৰ চাহকাপ এতিয়াও মইয়েই বনায় খাই আছো | ক’লেই “ঘৰ-সংসাৰ” উপাখ্যান আৰম্ভ হয় বুলি ভয় লাগে | কম বয়সত বিয়া পাতিলে এনেকুৱাই হয় ৰাইজ 🙁

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments