চকমাটি – হৰেকৃষ্ণ ডেকা
হাই-উৰুমি কৰি ল’ৰাহঁত ওলাই গ’ল৷
শ্রেণীকোঠা এতিয়া নিস্তব্ধ৷
ক্ষয় যোৱা চকমাটিৰ টুকুৰা এটা
মেজৰ ওপৰত পৰি আছে,
পৰিত্যক্ত, অৱহেলিত৷
কোঠাটোলৈ সোমাই গলোঁ৷
নির্জন কোঠাটোলৈ কোন নেপথ্যৰ পৰা
ভাহি আহিছে গুণগুণনি!
চকমাটিৰ টুকুৰাটো হাতত তুলি ললোঁ৷
মোৰ শৈশৱৰ ক্ষয়প্রাপ্ত চকমাটিবোৰ
হাতত তুলি লোৱা টুকুৰাটোত মিলি গ’ল৷
ব্লেকব’র্ডখন এতিয়া মচি থোৱা
তাত কি পাঠ পঢ়োৱা হৈছিল নাজানো৷
মগজুত টুং-টাং শব্দ শুনিলোঁ৷ বুজিলোঁ,
মোৰ শৈশৱৰ চকমাটিৰ ক্ষয় হোৱা অনুকণাবোৰ
মোৰ মস্তিষ্কৰ নিউৰণবোৰত আখৰ হৈ এতিয়াও
খেলিমেলিকৈ ঘূৰি আছে৷
স্মৃতিত শব্দ হৈ পাঠ দি আছে৷
চকমাটিৰ ক্ষয়প্রাপ্ত কণাবোৰ তেতিয়া
অথলে যোৱা নাছিল৷
স্মৃতি-ফলকৰ পৰা অনেক শব্দৰ গুণগুণনি
পাঠ হৈ পাঠান্তৰলৈ গৈ আছে৷
পেলনীয়া চকমাটিৰ টুকুৰাটো পেলাই দিব নোৱাৰিলোঁ,
হাতত লৈ আহিলোঁ৷
উচ্ছাস!
যদি হয় তাক অনুভূতিলৈ
ৰূপান্তৰ কৰিলোঁ৷
——————————–