চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা–মানৱ প্ৰেমৰ উজ্জ্বল নিদৰ্শন (- অঞ্জল বৰা)

(বীণ-বৰাগীৰ বিশেষ উল্লেখসহ)

অসমীয়া কাব্য সাহিত্যত ৰোমাণ্টিকতাৰ আৰম্ভণি কলিকতা নিবাসী এচাম অসমীয়া ডেকাৰ প্ৰচেষ্টাত প্ৰকাশিত ‘জোনাকী’ কাকতৰ মাজতেই হয় আৰু আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৭)ৰ হাততেই ইয়াৰ আৰম্ভণি ঘটে৷ জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি-কবিতাটিয়েই আধুনিক অসমীয়া কবিতাৰ শুভাৰম্ভ কৰে৷ পিছলৈ জোনাকীত প্ৰকাশ পোৱা কবিতাসমূহক একত্ৰিত কৰি তেওঁ ‘প্ৰতিমা’ (১৯১৩) নামৰ কাব্য পুথিখন প্ৰকাশ কৰে৷ ইয়াৰ পিছ্ত ‘বাঁহী’ আলোচনীত প্ৰকাশ পোৱা অন্যান্য কবিতাসমূহক একত্ৰিত কৰি ‘বীণ-বৰাগী’ (১৯২৩) নামৰ আন এখন কবিতা পুথি প্ৰকাশ কৰে৷ ‘প্ৰতিমা’ত পঁচিশটা আৰু ‘বীণ-বৰাগী’ত বাৰটা গীতি-কবিতা আছে৷ সংখ্যাত তাকৰ হ’লেও এই দুখন কবিতা পুথিয়েই বাবেই চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ জনক হিচাপে চিৰকাল পৰিচিত হৈ থাকিব৷

অসমীয়া ৰোমাণ্টিক কবিতাৰ লগত মানৱতাবাদৰ সংযোগ বিচাৰি পোৱা যায় চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত৷ মানৱতাই কবিৰ কবিতাৰ ঘাই সুৰ৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাতে পোন প্ৰথমে দেৱতাৰ পৰিৱৰ্তে মানুহৰ আৱাহন গীত ধ্বনিত হয়৷ তেওঁৱেই পোন প্ৰথমবাৰৰ বাবে আধুনিক কবিতাত মানুহক দেৱতাৰ আসনত অধিষ্ঠিত কৰিছে-

“মানুহেই দেৱ মানুহেই সেৱ/ মানুহ বিনে নাই কেৱ৷” (মানৱ বন্দনা)

কিন্তু কবিয়ে মানুহৰ স্বৰূপ উদ্ঘাটন কৰিয়েই ক্ষান্ত থকা নাছিল৷ তেওঁ মানৱ সমাজত চলি থকা সকলো প্ৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল৷ এই প্ৰসঙ্গত ত্ৰৈলোক্যনাথ গোস্বামীয়ে লিখিছে – “ৰোমাণ্টিক আদৰ্শৰে অনুপ্ৰাণিত কবি আগৰৱালাই এহাতে যেনেকৈ মানুহৰ মহত্ত্ব আৰু মানুহৰ প্ৰতি দেখুওৱা মৰম বেথাত অভিভূত হৈছে, আনহাতে তেনেকৈ মানুহৰ মাজত থকা ঈৰ্ষা, অসূয়াৰ ওপৰলৈ উঠি উচ্চ-নীচৰ মাজত থকা বিৰাট প্ৰাচীৰ ভাঙি-ছিঙি শুচি কৰাৰ আকাংক্ষাও পোষণ কৰিছে (সাহিত্য কলা আৰু তাৰ বিচাৰ)৷” চন্দ্ৰকুমাৰৰ কবিতাত দেশপ্ৰেম আৰু মানৱপ্ৰেমৰ লগত ভাৰতীয় ঐতিহ্যৰ বিশ্বাসবোধ, বিৰাট কল্পনা আৰু ভূমাস্পৃহাও অবিচ্ছেদ্যভাৱে জড়িত হৈ আছে৷ এই প্ৰসংগত যতীন্দ্ৰনাথ গোস্বামীয়ে সঠিকভাৱেই কৈছে- “তেওঁ বিশ্বমানৱৰ ফালে, বিশ্ব প্ৰকৃতিৰ ফালে আৰু ভগৱতসত্তাৰ নতুন উললব্ধিৰ ফালে আমাৰ জীৱনৰ সীমা প্ৰসাৰিত কৰি দিলে (সাহিত্য চিন্তা)৷”

তেওঁৰ কবিতাৰ বিষয়বস্তুত যিদৰে দৰ্শনৰ গুৰু-গাম্ভিৰ্য বিচাৰি পোৱা যায় সেইদৰে অসমীয়া লোকগীতৰ সুৰো শুনিবলৈ পোৱা যায়৷ পুৰণি লোকগীতক তেওঁ নতুন ধৰণেৰে নতুন পৰিৱেশত নিৰ্মান কৰি নতুন ধৰণেৰে চাবলৈ চেষ্টা কৰিছিল৷ ‘তেজীমলা’, ‘জলকুঁৱৰী’ আদি কবিতাৰ মাজত লোকগীতৰ প্ৰভাৱ দেখা যায়৷

জোনাকী যুগৰ বিশিষ্ট সাহিত্য-সাধক আৰু ৰমন্যাসবাদৰ বাটকটীয়া কবি আগৰৱালা ‘বীণ-বৰাগী’ (১৯২৩) কবিতাটোৰ মাজেৰে অসমীয়া সমাজখনৰ এখন সুস্পষ্ট চিত্ৰ অংকিত হৈছে৷ বৰ্তমান আমাৰ সমাজ জীৱনৰ মাজত দেখা পোৱা ধনী-দুখীয়া, ডাঙৰ-সৰু, বলী-নিৰ্বলী আদি বিভিন্ন প্ৰাৰ্থক্যই কি দৰে আমাৰ সমাজ জীৱনৰ একতাৰ বান্ধোনটোৰ মাজত বিভেদৰ সৃষ্টি কৰিছে সেইয়া কবিতাটোৰ মাজত ধ্বনিত হৈছে৷ কবিয়ে সুদীৰ্ঘ কবিতাটোৰ মাজেৰে পৃথিৱীৰ পৰা শোষণ-নিষ্পেষণ দূৰ কৰি এখন মঙ্গলময় ৰাষ্ট্ৰ সৃষ্টি কৰিব বিচাৰিছে৷ তাৰবাবে কবিয়ে বৰাগীৰ ভূমিকাৰে তেওঁৰ প্ৰাণৰ বীণত দুখ আৰু বিদ্ৰোহৰ সুৰ তুলি জনসাধাৰণক জাগ্ৰত কৰি তুলিবৰ চেষ্টা কৰিছে৷ বীণখনি সংগীতৰ প্ৰতিক৷ কবিয়ে আশা কৰিছে, বীণৰ মাজেৰে তেওঁৰ অন্তৰৰ সুৰ প্ৰতিধ্বনিত হৈ জগতৰ সকলো মানুহৰ মাজত বিয়পি পৰক আৰু বীণৰ ঝংকাৰে দীন-দৰিদ্ৰৰ প্ৰাণতো মধুৰ কল্পনাই পাখি মেলেক৷

“লক্ষ হৃদয়ৰ লক্ষ দুখ কণা

বান্ধিছোঁ একেটি সুৰে৷

তোমাৰ প্ৰাণেৰে মহাপ্ৰয়াণত

দুখো সুখ হৈ পৰে৷”

কবিয়ে উপলব্ধি কৰিছে যে, এই পৃথিৱীত দৰিদ্ৰজনৰ হৃদয়ৰ কথা শুনিবলৈ কাৰো আজৰি নাই৷ সকলো মানুহ আজি নিজ নিজ স্বাৰ্থত বন্দী৷ কিন্তু কবিয়ে অনুভৱ কৰিছে যে, মানুহৰ অন্তৰৰ নিভৃত স্থলত এক অসীম তৃষ্ণা সদায় শুই থাকে আৰু সুৰৰ মাজত বা সুৰৰ ৰাগীত মতলীয়া হোৱা মানুহে ক্ষণিকৰ বাবে হ’লেও দুখ-বেদনা জ্বালা-যন্ত্ৰণাৰ কথা পাহৰি থাকিব পাৰে৷ সেয়েহে কবিয়ে হৃদয় পাতল কৰিবৰ বাবে বীণৰ কাষ চাপিছে- যাৰ সুৰত লুইত উজায়; জোন তধা লাগে; যতনেৰে
যি বুকুত ভৰাই লয় মানুহৰ কৌটিকলীয়া দুখ৷ একৰ দুখক এশত ভগাই মানুহৰ প্ৰাণৰ এশ সুঁতি আনি একেটি ধাৰাৰে বোৱাই নিয়া বীণখনিৰ সুৰত তেওঁ যেন নিজৰ প্ৰাণৰ সুৰটি মিলাইহে দিছে৷ হিয়াৰ সকলো গোপন কামনা, দুখৰ অনুভূতি আৰু শুধৰণীৰ বাসনা বীণৰ সুৰতে ফুতি উঠক- এয়ে কবিৰ কামনা৷

কবিতাটোৰ দ্বিতীয় স্তৱকৰ মাজত কবিৰ এক বিপ্লৱীক চেতনা প্ৰকাশিত হৈ উঠিছে৷ কবিয়ে অনুভৱ কৰিবলৈ বাধ্য হৈছে যে, সংসাৰত প্ৰকৃত সুখ ক’তো নাই৷ বাৰেৰহণীয়া সুখৰ পখিলাটি দুখৰ চিলাই থপিয়াই নিয়ে৷ কিন্তু কবিৰ দৃষ্টিত এই সীমাহিন দুখৰ উত্স আন কোনো নহয়৷ কবিয়ে অনুভৱ কৰিছে-

“দেখিলো কেনেনো নৰ সমাজত

বিষয় জঞ্জাল হায়!

মানুহে মানুহে পৰতকৈ পৰ

এফেৰি মৰমো নাই৷”

কবিয়ে সুখৰ সন্ধানত ব্যাকুল হৈ সংসাৰৰ মাজত ভ্ৰমণ কৰি দেখা পাইছে মাথো দুখীয়াৰ দুখ, দুৰ্বলীৰ শাস্তি, ডাঙৰৰ ডাঙৰ ভেম-অহংকাৰ, দুখীয়াৰ প্ৰতি ঘৃণা আনকি মৰম আৰু আন্তৰিকতাৰে ভৰি থাকিব লগা একেটি পৰিয়ালৰ মাজতো চেনেহতকৈ প্ৰাধান্য পোৱা ধনৰ মোহ৷ মিঠা মাতষাৰৰ ঠাইত মানুহৰ মুখত হৃদয় বিদাৰি যোৱা বাক্যবাণ৷ ইয়াতকৈও কবিৰ বাবে দুখৰ বিষয় হৈছে-

“কুটুমেই ৰান্ধে কুটুমেই বাঢ়ে,

কুটুমে কুটুমক খাই

কুটুমৰ তেজেৰে বন্তি জ্বলালে

মজিয়া ভকেভকায়৷”

এই কপততাৰে ভৰা সমাজখনত কেৱল যে মানুহৰ মানুহৰে প্ৰতি শ্ৰদ্ধা-ভক্তি নোহোৱা হৈছে এনে নহয়৷ মানুহে ধৰ্মৰ নামতো ধনৰ লোভত নানান পাপ-সত্ৰ পাতি ভাটৌৰ দৰে শাস্ত্ৰ আওৰাই নিজকে জ্ঞানী হিচাপে আনৰ আগত জহায় ফুৰিবলৈ ধৰিছে৷ কীৰ্ত্তনৰ বেদস্তুতিত থকাৰ দৰে “সন্যাসীৰ বেশ ধৰি লোকক বঞ্চিলোঁ ছলে/ভৈলো ভোগ্য চিন্তায়ে ব্যাকূল”ৰ দৰে কবিয়েও অনুভৱ কৰিছে-

“ধৰ্মৰ নামত অধৰ্মৰ বেহা

দেখিলে বিৰাগ হয়৷

ধনৰ লোভত পাপসত্ৰ পাতি

কপটী গুৰুৰ জয়৷”

সমাজ মানুহৰ সৃষ্টি৷ এই সমাজত যদি মানুহেই মানুহৰ ওপৰত এনে অত্যাচাৰ চলাই তেনেহ’লে মানুহৰ মাজত প্ৰতি বিদ্বেষৰ ভাৱ ওপজা স্বাভাৱিক৷ য’ত কেৱল অন্যায়, অত্যাচাৰ আৰু অবিচাৰৰ মেলা, য’ত পাপ আৰু ছলনাৰ মায়াজাল, প্ৰয়োজনেই বা কি তেনে এখন সমাজৰ? যিখন সমাজত নিঃকিনলৈ মাথো দুখ আৰু দুৰ্দশা আৰু ‘দুৰ্বলীৰ গতি জীৱন্তে মৰণ’ তেনেখন সমাজ কবিক নালাগে৷ সেই সমাজে দান কৰা সম্ভ্ৰম, সন্মান, কৃপা, ভিক্ষা একোৰে প্ৰতি তেওঁৰ স্পৃহা নাই৷ এইখিনিতে কবিয়ে এক বিপ্লৱী ৰূপে এই পুৰণি সমাজখন ভাঙি-ছিঙি এখন সম্পূৰ্ণ নতুন সমাজ গঢ়াৰ কথা মনলৈ আনিছে৷ সমাজ পৰিৱৰ্তনৰ বাবে কবিয়ে ভাৰতীয় চিন্তা অনুসৰি মহা প্ৰলয়ৰ আগমণত সমাজখন ধ্বংস কৰাৰ কথা ভাবিছিল যদিও শেষত কবিয়ে বীণ-বৰাগী হিচাপেই বীণৰ সুৰৰ সহায়ত সমাজখন ভাঙি-ছিঙি নতুনকৈ গঢ় দিয়াৰ কথা ভাবিছে৷ তাৰবাবে কবিয়ে ভগৱানৰো শৰণাপন্ন হ’ব বিচাৰিছে৷ কবি বিপ্লৱী হ’লেও কবিয়ে ভগৱানৰ ওচৰত বিশ্বাস হেৰুৱা নাই৷ সেয়েহে কবিয়ে ভগৱানক অনুৰোধ কৰিছে-

“দুখ দূৰ কৰি জগত উদ্ধাৰ

কঁৰা হে জগত স্বামী

নীচ হৃদয়ৰ নীচ অহংকাৰ

হওক অধোগামী৷”

কবিতাটোৰ তৃতীয় স্তৱকৰ মাজেদি কবিৰ মানৱ সমাজৰ প্ৰতি চৰম আশাবাদ প্ৰতিষ্ঠিত হৈ উঠিছে৷ কবিৰ চকুত নতুন সমাজৰ সপোন জিলিকি উঠিছে৷ মানুহৰ ওপৰত কবিৰ আছে গভীৰ বিশ্বাস৷ মানুহৰ মাজতে সত্য, শিৱ, সুন্দৰ আছে বুলি কবিৰ বিশ্বাস আছে৷ এই বিশ্বাসৰ খাতিৰতেই কবিৰ দুখ-বেজাৰেৰে উপচি পৰা মনোজগত মুকলি হৈ মানৱ মহত্ব উপলব্ধি কৰিছে-

“দেখিছোঁ পৃথিৱী স্বৰ্গটো অধিক

মানুহৰ নিজাপী ঘৰ

মানুহেই দেৱ ইহ জগতৰ

মানুহেই পৰাৎপৰ৷”

এই কবিতা শাৰীৰ মাজেৰেই কবিৰ মানৱতাবোধ আৰু মানৱপ্ৰীতি সুন্দৰ ৰূপত ফূটি উঠিছে৷ সৃষ্টিৰ দিনৰে পৰা আৰম্ভ হোৱা মানৱ জীৱনৰ অনন্ত যাত্ৰাত তেওঁ প্ৰত্যক্ষ কৰিছে চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক৷ নীচতা-হীনতা আদি নানাবিধ বিচ্যুতিয়ে কলংকিত কৰিলেও প্ৰকৃত মানৱ সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ৷ তেওঁৰ কবিতাৰ ছত্ৰে ছত্ৰে প্ৰকাশ পাইছে মানুহৰ ওপৰত সীমাহীন আস্থা৷ মানুহৰ প্ৰীতি সাধনৰ অৰ্থে এই পৃথিৱীক শান্তিৰ আলয় কৰি তুলিবলৈ তেওঁ ভৰষা ৰাখিছে মানুহৰ ওপৰতেই-

“হাঁহিছে মানুহে, কান্দিছে মানুহে,

পাতিছে মানুহে প্ৰেম,

ধুলিতে উদয়, ধূলিতে বিলয়,

ধূলিতে স্বৰ্গীয় হেম৷”

কবিতাটোৰ শেষলৈ কবিয়ে প্ৰকৃতিৰ মাজতে মানৱৰ অসীম সম্ভাৱনাময়তা দেখা পাইছে৷ তথাপি কবিয়ে তাৰ পৰাই পলায়নবাদী দৃষ্টিভঙ্গীৰে মানুহক প্ৰকৃতিৰ মাজতেই এৰি থৈ আহিব বিচৰা নাই৷ এই পৃথিৱীৰ মানুহক মহামহত্বৰ অভিমুখে লৈ যাবলৈ কবি আগ্ৰহশীল৷ তাৰবাবে কবিয়ে নিজৰ চিন্তা আৰু উপলন্ধিৰ মাজেদিয়েই সেই মানৱতাৰ সৃষ্টিৰ গূঢ় ৰহস্যৰ সত্য প্ৰতিভাত হোৱাতো কামনা কৰিছে৷ কাৰণ আশাবাদী কবিৰ কল্পনাত নিজৰ মাজতেই সেই সকলোবিলাক দেখা পাইছে-

“মোৰেই মুখেদি মানৱ প্ৰাণৰ

ফুটক আকূল মাত;

মোৰ চিন্তাতেই গূঢ় ৰহস্যৰ

সত্য হক প্ৰতিভাত৷”

এইদৰে ‘বীণ-বৰাগী’ কবিতাটোৰ মাজেদি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ গভীৰ ‘সৰ্বাত্মবাদী বোধ’ অনুৰণিত হৈছে৷ এফালে গভীৰ মানৱ প্ৰেম আৰু আনফালে এক আধ্যাত্মিক দৃষ্টিৰে কবিয়ে হিংসা, দ্বেষ, পাপ-পঙ্কিলতাৰে পৰিপূৰ্ণ সমাজখনক নিকা কৰি ইয়াক উজ্জ্বল কৰি তোলাৰ হেঁপাহ পুহি ৰাখিছে৷ কবিৰ এই প্ৰেৰণাৰ স্থল হ’ল পাশ্চাত্য কবি শ্বেলীৰ গভীৰ মানৱতাবোধ আৰু ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ ভাবাদৰ্শ৷ নিঃসন্দেহে বীণ-বৰাগী এটা উচ্চ স্তৰৰ ‘মানৱতাবাদ’ প্ৰতিফলিত কবিতা৷

Subscribe
Notify of

9 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

মই চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা কবিতাৰ মূলভাৱ জানিব বিচাৰো

Nilam Borah
4 years ago

so nicely given about a great men. I liked it very much.

Quddus
3 years ago

মৃত্যুৰ চন আৰু প্ৰতিমা প্ৰকাশৰ চনটো ভূল সন্নিবিষ্ট হোৱা যেন অনুভৱ কৰিছো

পূজা ডেকা
Reply to  Quddus
1 year ago

প্ৰতিমা প্ৰকাশ ৰ চন টো শুদ্ধ ।

Manas
3 years ago

প্ৰতিমাত থকা মুঠ কবিতাৰ সংখ্যা কিমান?

Sabul Haque
Reply to  Manas
4 months ago

সৰু-বৰ আঠচল্লিশটা কবিতা আছে
According to ‘কবিতা আৰু কবি মানস’:বায়ন,ভৱজিৎ ।।

Moinul Hoque
3 years ago

মই এই কবিতাৰ উপদেশ জানিব বিচাৰিছোঁ

popy
3 years ago

নিয়ৰ কবিতাটোৰ মূলভাৱ দিব ।

Dixi
2 years ago

অনুগ্ৰহ কৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰকৃতিʼ কবিতাটো দিব চোন।

Copying is Prohibited!