চন্দ্ৰগ্ৰহণ আৰু আমাৰ ধাৰণা – শ্ৰী নৱজ্যোতি ওজা
চন্দ্ৰগ্ৰহণ, সূৰ্য্যগ্ৰহণ একোটা প্ৰাকৃতিক ঘটনা৷ ২৭ জুলাইৰ নিশা শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ পৰিঘটনা দৃশ্যমান হৈছিল৷ এই লৈ মানুহৰ মাজত নানা আলোচনা বিলোচনা৷ ফেচবুক, হোৱাতচাপত অন্ধবিশ্বাসীৰ বিভিন্ন মেছেজ৷ একৈশ শতিকাৰ মানুহৰ মনৰ পৰা এতিয়াও গ্ৰহণক লৈ চলি থকা অন্ধবিশ্বাসবোৰ আতৰা নাই৷ আজিকালি অন্ধবিশ্বাস বোৰ অলপ উন্নত হোৱাও দেখা গৈছে৷ আমাৰ দৰে ওভোটাকৈ ধৰা মানুহক বুজাবলৈ অন্ধবিশ্বাস বোৰ বিজ্ঞান সন্মত ভাবে বুজাবলৈ চেষ্টা কৰা হৈছে৷
এতিয়া আহো চন্দ্ৰগ্ৰহণ কি? কত? কিয়?
———————————————–
পৃথিবীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু চন্দ্ৰই নিজ কক্ষপথত পৃথিবীৰ চাৰিওফালে ঘূৰে৷ এনেদৰে ঘূৰি থাকোতে সূৰ্য, পৃথিবী আৰু চন্দ্ৰ একেৰেখাত উপনীত হলে পৃথিবীৰ ছাঁ চন্দ্ৰৰ পৃষ্ঠত পৰে৷ ফলত পৃথিৱীৰ পৰা চন্দ্ৰটো কিছুসময় নেদেখা হৈ পৰে৷ ইয়াকে চন্দ্ৰগ্ৰহণ লগা বুলি কোৱা হয়৷
কথাটো মন কৰিব পৃথিবীৰ যিটো ফালে সূৰ্যৰ পোহৰ পৰে সেইফালে দিন হৈ থাকে আৰু আনটো ফালে ৰাতি হয়৷ চন্দ্ৰগ্ৰহণ ৰাতি দেখা যায়৷ গতিকে পৃথিবীৰ ছাঁ যি দিশত পৰিব সেই দিশৰ পৰাহে চন্দ্ৰগ্ৰহণ দেখা যাব৷ অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিবীৰ যিটো ফালে পৰিব সেইফালে চন্দ্ৰগ্ৰহণ নহয় আৰু পৃথিবীৰ ছাঁ যিটো ফালে গৈ চন্দ্ৰ টোক ধাকিব সেই ফালেহে চন্দ্ৰগ্ৰহণ হব৷ গতিকে এবাৰ ভাবকছোন চন্দ্ৰগ্ৰহণৰ সময়ত সূৰ্যৰ কিবা বেয়া ৰশ্মি চন্দ্ৰগ্ৰহণ দেখা পোৱা পৃথিৱীৰ ফালটোত পৰিবনে? এতিয়া আপুনি নিজেই অনুমান কৰিব পাৰিছে যে চন্দ্ৰগ্ৰহণৰ সময়ত কোনো অলৌকিক ৰশ্মি, ultra violet ৰশ্মি পৃথিৱীলৈ নাহে৷ তেনেহলে এই প্ৰাকৃতিক ঘটনাবোৰ উপভোগ কৰাৰ পৰা আমি বঞ্চিত হৈ থাকিব লাগে কিয়?
কোনো কোনোৱে আমাক যুক্তি দিয়ে চন্দ্ৰগ্ৰহণ ৰ সময়ত সাগৰত জোৱাৰ উঠে৷ চন্দ্ৰৰ মহাকৰ্ষণ শক্তিয়ে পৃথিবীক সেইদিনা আকৰ্ষণ কৰে যাৰ বাবে সাগৰৰ পানী বহু ওপৰলৈ অৰ্থাৎ চন্দ্ৰলৈকে যাব বিচাৰে কিন্তু পৃথিবীৰ মাধ্যাকৰ্ষণ বলৰ বাবে নোৱাৰে৷ যদি চন্দ্ৰ ই সাগৰৰ পানী আকৰ্ষণ কৰিব পাৰে তেন্তে আমাৰ দেহত থকা পানী আকৰ্ষণ কৰি আমাক ক্ষতি কৰিব নোৱাৰিব নে? গতিকে আমি সেইদিনা খাব নালাগে৷
এতিয়া মই তাৰ উত্তৰ দিও শুনক৷ মহাকৰ্ষণ; মাধ্যাকৰ্ষণ মানি লৈছে যেতিয়া নিউটনে আবিষ্কাৰ কৰা মহাকৰ্ষণ সূত্ৰটোও মানিব লাগিব৷ এই সূত্ৰ অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ যি কোনো দুটা বস্তুয়ে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে, এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক৷ অৰ্থাৎ দুটা বস্তুৰ মাজৰ আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে৷ বেছি ভৰৰ বস্তুৰ মাজত এই আকৰ্ষণ বল বেছি৷ কম ভৰৰ বস্তুৰ ওপৰত আকৰ্ষণ বল কম৷ আকৌ দূৰত্ব কমিলে আকৰ্ষণ বল বাঢ়ে৷ গতিকে সূৰ্য- পৃথিবী-চন্দ্ৰ একেৰেখাত থাকোতে চন্দ্ৰ আৰু পৃথিবীৰ মাজত দূৰত্ব কমি যায় ফলত চন্দ্ৰৰ মহাকৰ্ষণ বলে পৃথিবীৰ ওপৰত বল প্ৰয়োগ কৰে৷ যাৰ বাবে পৃথিবীৰ বৃহৎ অঞ্চল আগুৰি থকা সাগৰৰ পানী ওপৰলৈ উঠিব বিচাৰে কিন্তু পৃথিবীৰ মাধ্যাকৰ্ষণ বলৰ বাবে যাব নোৱাৰে৷ এই একে বল মানুহৰ শৰীৰত থকা পানী ভাগৰ ওপৰত পৰিবনে? নিশ্বয় নপৰে, কাৰণ চন্দ্ৰ ৰ তুলনাত মানুহৰ ভৰ তেনেই নগণ্য৷ কম ভৰৰ বস্তুৰ মাজত আকৰ্ষণ বল কম হোৱা বাবে এই বলে মানূহৰ দেহত প্ৰভাব পেলাব নোৱাৰে৷ মানুহটো বাদেই নদ-নদীৰ পানীৰ ক্ষেত্ৰতোএই বল দেখা পোৱা নাযায় আৰু যদি সচাকৈয়ে মানুহৰ দেহত ইয়াৰ প্ৰভাৱ পৰিব বুলি ধৰা হয় তেন্তে আপুনি কিছুমান অলৌকিক ঘটনা দেখিবলৈ পাব৷ যেনে আপোনাৰ সন্মুখত পৰি থকা ডাঙৰ শিলটো বতাহত নাচি আছে, ৰাস্তাত গৈ থকা গাড়ী বোৰ হঠাত্ ওপৰলৈ উঠি বতাহত ওপঙি আছে, খালটোৰ পানী, কুৱাৰ পানীয়ে ঢৌ খেলিছে আদি৷ গতিকে যেতিয়া এই ঘটনাবোৰ আপুনি দেখিব তেতিয়া আপোনাক খাবলৈ কলেও আপুনি খাব নোৱাৰিব বা এতিয়া খাব নাপায় বুলি আপোনাক কোনোবাই কোৱাৰ প্ৰয়োজন নহব৷ গতিকে যদি নিউটন সত্য তেন্তে চন্দ্ৰগ্ৰহণ ৰ সময়ত আমি কোনো বস্তু খোৱাত বাধা নাই৷ আহক আমি অন্ধবিশ্বাস বোৰ আঁতৰাই পেলাও৷
গ্ৰহণ লাগি থকা সময়ত খোৱা বোৱা কৰিব নাপায় বুলি আমাৰ মাজত কিছু প্ৰচলিত নিয়ম আছে৷ কোনোবাই এই নিয়ম মানি চলে চলক৷ আমাৰ তাত একো কবলগা নাই৷ কিন্তু আনক এনে নিয়ম মানিবলৈ বাধ্য নকৰিব৷ আমি জনাত গ্ৰহণ লগাৰ লগত খোৱা বোৱা ৰ কোনো সম্পৰ্ক নাই৷ যি মন যায় তাকে খাব পাৰে৷ কিছুসংখ্যক লোকৰ মন খেলিমেলিৰে ভৰা৷ সেইসকলক কওঁ ভয়ে ভয়ে খোৱাতকৈ নোখুৱাই ভাল৷ যিসকল আকোঁৰগোজ মেজাজৰ তেওঁলোকলৈ অনুৰোধ আপোনালোকে নাখায় নালাগে৷ আনক তেনে কৰিব’লৈ প্ৰৰোচিত কৰি নাথাকিব৷ কোনো বৈজ্ঞানিক ভিত্তি নথকাকে আনক যা তা কথা কৈ থকাৰ পৰা বিৰত থাকিব৷ চচিয়েল মেডিয়াৰ জৰিয়তেও প্ৰচাৰ নকৰিব৷ গ্ৰহণৰ সময়ত খোৱা বোৱা কৰোতে কাৰোবাৰ পেটৰ অসুখ হোৱা, চকু বেয়া হোৱা, আদি ঘটনা যদি আগতে ঘটিছে তেন্তে তাৰ স্পষ্ট প্ৰমাণ দিয়ক৷ ■■