চমক(- হৃষীৰাজ শৰ্মা)
ৰুবুলে ঘৰৰ ওচৰৰ তিনিআলিটোতে তাৰ দোকানখন বহুৱাবলৈ ঠিক কৰিলে । দোকান মানে আৰুনো কি, চৰিডাল গোটা বাঁহেৰে মাটিৰ হাঁফলু এটাত ঘৰ যেন লগা সজ্জা এটি সাজিব, তৰ্জ্জাৰে চাৰিওফালে বেঢ়ি দিব আৰু যোৱাবছৰ বন্ধ হৈ যোৱা তাৰ টেণ্টহাউচৰ ৰোৱা-থোৱা টিনপাত কেইখনকে ৰঞ্জিতৰ হতুৱাই চালি আকাৰে সজাই-পৰাই তুলিব । ভবা মতে কাম । যথা সময়ত স্যামন্ত, সঞ্জয়, ধন, ৰঞ্জিতে লাগি ভাগি দুদিনৰ ভিতৰত ৰুবুলৰ দোকানখনৰ ঘৰটো সজালে । ৰুবুলে অৱশ্যে নিজে কামত লগা নাছিল, সি আঢ়ৈহতীয়া গামোচা এখন পিন্ধি লৈ বাকী কেইজনক কামটো নিয়াৰিকৈ সম্পাদন কৰিবলৈ উপদেশ দি আছিল ।
১৯৯৮ চনৰ অক্টোবৰ মাহৰ ২৩ তাৰিখ, ৰাতিপুৱা ৰুবুলৰ দোকানৰ শুভ উদ্বোধন হ’ল । ৰতন মিস্ত্ৰীয়ে কাঠেৰে এটা শ্বেল্ফ সাজি দিলে, শ্বেল্ফৰ সম্মুখভাগত আইনা লগালে; যাতে বিস্কুট আদি বস্তুবোৰ গ্ৰাহকে বাহিৰৰ পৰা দেখা পায় । হেমন্তই দুযোৰ ডেস্ক-বেঞ্চ আনিলে । পাম্প কৰা ষ্টোভ এটা বাপেকে মিলিটেৰীত কাম কৰোঁতেই ৰঙিয়াৰ চাৰ্কিট হাউচৰ পৰা কেনেবাকে সৰকাই আনিছিল, কালক্ৰমত অভ্যৰ্থনাৰ বাবে সেইটোও সাজু হ’ল । ৰাতিপুৱাই সাহপুৰৰ বৰ্মণ বেকাৰীয়ে বিস্কুট, ব্ৰেড আৰু বোন দি গ’লগৈ । আগদিনাৰে পৰা মায়েক আৰু ভনীয়েকে উলহ-মালহেৰে কাটি ধুই ৰখা তামোল-পাণ কেইখনো দোকানৰ বিক্ৰীৰ তালিকাত সন্নিৱিষ্ট হ’ল । মণি খুৰাই পুৰণি মিঠাতেলৰ টিন এটা কাটি তাত হালধীয়া ৰং সানি তাৰ ওপৰত ক’লা ৰঙেৰে ধুনীয়াকৈ লিখিলে “পাপৰী ষ্টোৰ” আৰু দোকানৰ সৰ্বোচ্চ স্থানত আঁৰি দিলে; পাপৰী ৰুবুলৰ ভাগিনীয়েকৰ নাম । ৰুবুলৰ দোকান আৰম্ভ হ’ল ।
ৰুবুলৰ দোকানখনে গাঁওখনত ৰেনেছাঁ আনিলে । সাৰ-সুৰ নোহোৱা গাঁওৰ চুবুৰী এটাৰ এমূৰে থকা তিনিআলিটোত এতিয়া পুৱাৰ পৰা গধূলিলৈ মানুহৰ সোঁত । পিলিঙা ডেকাবোৰে তামোল, শিখৰ, ফ্লেক প্ৰভৃতি কিনিবলৈ দিনটোত বিশ বাৰ মান আহে । বয়সীয়াল সকলে কেতিয়াবা ফিকা চাহ আৰু বিস্কুট খায়হি । ঘৰত আলহী আহিলে সাউতকৈ গৈ বিস্কুট এপেকেট কিনি অনাৰ সৌভাগ্যকণো হ’ল । কেতিয়াবা কথাৰ মহলা মাৰিবলৈও মানুহ বিচাৰি ৰুবুলৰ দোকানলৈ যোৱা হ’লোঁ । ভাগৰুৱা পথিক সকলে মাখিবাহাৰ পৰা নদলালৈ যাওঁতে ৰাষ্টাৰ দাঁতিত ৰৈ ৰুবুলৰ দোকানত ফিকা চাহ এগিলাচ আৰু তামোল এখনেৰে যাত্ৰাটোৰ বিৰাম দিয়ে । মুঠৰ ওপৰত ৰুবলৰ দোকান গাঁওবাসীৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিল ।
সময়বোৰ একেগতিত পাৰ হৈ থকিল । ২০০২ চনত ৰুবলৰ দোকানত কিছু নতুন বস্তুৰ সংযোজন ঘটে । এটা ডেক আৰু এখন কেৰমবোৰ্ড । এইবাৰ ধিতিঙালি কৰি ফুৰা ডেকা সকলে নিজৰ জন্নত বিচাৰি পালে । সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত কেৰমৰ খেল আৰু বাজী । এইকাৰণে অৱশ্যে ৰুবুলৰ বিক্ৰী ভাল হ’ল । শিখৰ আৰু ফ্লেকৰ আমদানি আগতকৈ কিছু বাঢ়িল ।
২০০৩ চনৰ পৰা পিছৰছোৱা সময় মই গম নাপাওঁ, কিন্তু কাৰোবাক সুধিলে কয় ৰুবুলৰ দোকান আগৰদৰেই আছে, ডেকৰ ঠাইত চিডি প্লেয়াৰ আহিল, পাম্প কৰা ষ্টোভৰ ঠাইত গেছ ষ্টোভ আহিল, বিস্কুটৰ মান অলপ উন্নত হৈছে, কিন্তু এটা বস্তু সলনি হোৱা নাই, সেয়া হ’ল পৰিচয় । হয়, ৰুবুলৰ দোকান বুলিলে সদায় চাৰিটা কথাই মনলৈ আহে, “ফিকা চাহ, কেৰম, শিখৰ আৰু ধদুৱাৰ আড্ডা” ।
মাজে মাজে কেতিয়াবা গাঁৱলৈ যাওঁ, তেতিয়া ৰুবুলৰ দোকানত ভুমুক এটা মাৰোঁ । পৰিৱেশ সলনি হোৱা নাই, কেৱল ৰূপৰ সলনি ঘটিছে । ২০০৩ চনত আড্ডা মৰা ডেকাচাম এতিয়া কামে কাজে সোমাইছে, এতিয়া নৱ-প্ৰজন্মৰ আড্ডা । কথাৰ মহলা, থুন-পাক ইত্যাদি অপৰিৱৰ্তিত অৱস্থাতেই আছে, কেৱল মুখৰ ছবি কেইখনৰ সালসলনি । ৰুবুলে দোকানৰ উপাৰ্জনেৰে বিয়াও কৰালে ।
২০১১ চন । সুদীৰ্ঘ ছবছৰৰ মূৰকত ঘৰৰ মানুহৰ সৈতে দ্বীপাৱলী আৰু মোৰ জন্মদিনৰ আনন্দ; প্ৰকাশ কৰাৰ থল নাই । দেউতাৰ কথা মতে গাঁৱৰ ঘৰলৈ গ’লোঁ । বহুদিনৰ মূৰত নিজৰ গাঁওখন দেখি মনটো পুলকিত হৈ পৰিল । একেই পথাৰ, আলিবাট, সৰু সৰু ঘৰবোৰ, বতাহত ধূপ-ধূনাৰ সুবাস সকলোবোৰ একেই আছে । একেই আ্ছে ৰুবুলৰ দোকানখনো আৰু দোকানৰ লগত সংলগ্ন আড্ডাটো । আবেলি অলপ চূণ আনিবলৈ ওলাই গলোঁ । দূৰৰ পৰাই ল’ৰাজাকৰ কিৰিলি শুনা গৈছিল, সিহঁত বোধহয় তেতিয়া কেৰমৰ আড্ডাত নিমজ্জিত । দোকানৰ সম্মুখত এগালমান ল’ৰা, তাৰে এজনকো মই চিনি নাপাওঁ । চেঙেলীয়াৰ জুমটোৰ পৰা কিছু গালি জাতীয় শব্দ উফৰি আহি মোৰ কাণত পৰিল, বয়সৰ দোষ । কিৰিলি আৰু অট্টহাস্যৰ ফাঁকে ফাঁকে পনীয়া পাতল কথাবোৰৰ লগত নিজকে খাপ খুৱাবলৈ কঠিন হ’ল । কোনোমতে পাঁচ টকা এটা ৰুবুলৰ হাতত গুজি দি তাৰ পৰা ওলাই আহিলোঁ । হঠাৎ সেই জুমটোৰ পৰা খণ্ডবাক্য এটি ছিটিকি আহিল, “হৃষীদা কেতিয়া আহিলা ?”
মই নোচোৱাকৈ উত্তৰ দিলোঁ, “কালি ৰাতি”
এইবাৰ জুমটোৰ পৰা প্ৰত্যুত্তৰ আহিল, “হৃষীদা, তুমি ফে’চবুকত আছা নে ?”
ফে’চবুকৰ নতুন গ্ৰুপটোৰ পিনে মই থৰ লাগি চাই ৰ’লোঁ……..