চলচ্চিত্ৰ সাংবাদিক উৎপল দত্তৰ সৈতে হোৱা এক সাক্ষাৎকাৰ

আমাৰ এই খণ্ডৰ আলহী উৎপল দত্ত । তেখেত এগৰাকী চলচ্চিত্ৰ সাংবাদিক¸ ফটোগ্ৰাফাৰ লগতে একাধাৰে চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক। আপুনি ‘নতুন অসমীয়া’ নামৰ সাপ্তাহিক কাকত এখনত সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি আকাশবাণী গুৱাহাটীৰ সহকাৰী সঞ্চালক হৈ আছিল¸ বৰ্তমান ৰাঁচীত আছে। এয়া তেখেতৰ লগত হোৱা কথোপকথনৰ সম্পাদিত অংশ । 

অকব: ছাৰ নমস্কাৰ। আপোনাক আমাৰ সাহিত্য ডট অৰ্গলৈ আদৰণি জনালোঁ। প্ৰথমেই আমি জানিব বিচাৰোঁ আপোনাৰ  কৰ্মযাত্ৰা কেনেদৰে আৰম্ভ হৈছিল? 

উৎপল দত্ত: মই যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাৰ ঘৰত এক পঢ়া-শুনাৰ পৰিবেশে বিৰাজ কৰিছিল ঘৰতে লাইব্ৰেৰী আছিল। কিতাপ আলোচনীসমূহ আহিছিল। দেউতাই কিতাপ অনুবাদ কৰিছিল। অনুবাদৰো বহু কিতাপ আছিল। সেইবোৰ দেখিয়েই কিতাপলৈ আগ্ৰহ হৈছিল। মোৰ কিতাপ বা কাকতত ছপা আখৰত নামটো চোৱাৰ হেঁপাহ আছিল। কেনেকৈ ছপা আখৰত নামটো উলিয়াব পাৰি তাৰ এক হাবিয়াহ হৈছিল। 

মোৰ প্ৰথম ছপা আখৰত নাম ওলাইছিল ক্লাছ চেভেনত পঢ়ি থাকোঁতে। মই দেৱীৰাম পাঠশালাত পঢ়িছিলোঁ। দৈনিক অসমত অকণিৰ চ’ৰাত ছবি পঠাইছিলোঁ সেই ছবি হাতে অঁকা আছিল। দশমমানত থাকোঁতে মই তোলা ফটো অসম বাণীত ওলাইছিল। মোৰ ছপা আকাৰত কাকতত প্ৰথম ফটো ওলাইছিল। প্ৰথমে মই হাতে অঁকা ছবিৰে আৰম্ভ কৰিছিলোঁ। তাৰ পিছত ফটোৰে আৰম্ভ কৰিছিলোঁ। মোৰ দেউতা ফটোগ্ৰাফাৰ আছিল। আমাৰ এটা কেমেৰা আছিল, আইচলি কেমেৰা। তাত ১৬টা স্নেপ ল’ব পৰা হৈছিল। তাৰ ১২খন দেউতাই তোলে। শেষৰ ৪খন মোক তুলিব দিছিল।

২) অকব: এইবাৰ আমি আপোনাৰ শৈশৱৰ সেই সোণালী দিনবোৰলৈ উভতি যাম। আপোনাৰ জন্ম, শিক্ষা আৰু পৰিয়ালৰ বিষয়ে অলপ ক’বচোন? 

উৎপল দত্ত: ১৯৬০ নলবাৰীৰ গুৱাকুচি গাঁওত মোৰ জন্ম হয়। তাৰ পিছত ১৯৬৯ চনত আমি নলবাৰীলৈ আহোঁ। মই নলবাৰী কলেজত পঢ়িছিলোঁ। মোৰ বিষয় আছিল ইংৰাজী। তাৰ পিছত স্নাতকোত্তৰ কৰিছিলোঁ কটন কলেজত। দেউতা কো-অপাৰেটিভৰ বিষয়া আছিল। অসমৰ বিভিন্ন ঠাইত কাম কৰিছিল। দেউতাও সাহিত্যৰ লগত জড়িত আছিল। মূলতঃ কেইবাখনো কিতাপ অনুবাদ কৰিছিল। দেউতাৰ নাম আছিল গোলোক চন্দ্ৰ দত্ত। মোৰ মা মিনি দত্ত আছিল শিক্ষয়িত্ৰী। মোৰ পৰিয়ালত এতিয়া মোৰ ছোৱালী আৰু পত্নী আছে। 

অকব: আপুনি এসময়ত অসমৰ আগশাৰীৰ স্বৰ্ণজয়ন্তী গৰকা আলোচনী ‘বিস্ময়’ৰ উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ‘ৰংঘৰ’আলোচনীৰ সহ-সম্পাদকৰ দায়িত্বও পালন কৰিছিল। সম্প্ৰতি কভিড-১৯ ৰোগৰ ভয়াবহ প্ৰভাবে প্ৰিণ্ট মিডিয়াৰ বহু ক্ষতি কৰা পৰিলক্ষিত হৈছে। প্ৰিণ্ট মিডিয়াৰ আলোচনীসমূহক এই সময়ত কেনেদৰে উজ্জীৱিত কৰি তুলিব পৰা যায়? 

উৎপল দত্ত: কথাটো অলপমান জটিল। প্ৰিণ্ট মিডিয়াই বেলেগ বেলেগ সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যেতিয়া প্ৰথম টেলিভিচন ওলাইছিল প্ৰিণ্ট মিডিয়াই এটা খুন্দা খাইছিল। সেয়া আছিল ১৯৮২/৮৩ চনত। তাৰ পিছত অসমীয়া অালোচনীয়ে অাৰু এটা খুন্দা খাইছিল, ৮৫/৮৬ মানত হ’ব৷ অসমীয়া পৰ্ণগ্ৰাফীক বহুত প্ৰচলন হৈছিল সেই সময়ত। এনেদৰে বেলেগ বেলেগ খুন্দা আহি থাকিব। এতিয়া নেট আহোঁতে প্ৰিণ্ট মিডিয়াই আৰু এটা খুন্দা খালে। মোবাইলত ইণ্টাৰনেট আহিল। কথা হ’ল সময়ে সময়ে প্ৰত্যাহ্বান আহিয়েই আছে। আচলতে পৃথিৱীখন দৃষ্টিগতভাবে বহুত সলনি হৈ গৈছে। এই সলনি হোৱাটো আমাৰ বহুত মিডিয়াৰ মানুহে গ্ৰহণ কৰিব পৰা নাই। গুৰুত্বসহকাৰে লোৱা নাই। বা তাৰ লগত যুদ্ধ কেনেকৈ কৰিব পাৰি,  সেয়া ভাবিব পৰা নাই। সেয়েহে প্ৰিণ্ট মিডিয়াৰ কিছু ক্ষতি হৈছে। এই ধৰণে পৰিবেশত বিভিন্ন ঠাইৰ পৰা নতুন নতুন প্ৰত্যাহ্বান আহি আছে আৰু সেই প্ৰত্যাহ্বানবিলাক যথেষ্ট শক্তিশালী। তাৰ লগত যুদ্ধ কৰাৰ কাৰণে প্ৰিণ্ট মিডিয়াৰ যিমানখিনি সুবিধাৰ দৰকাৰ হয়¸ সিমানখিনি নাই। গতিকে লাহে লাহে কাকত-আলোচনীৰ বিক্ৰী কমি আহিবও পাৰে। কভিড হৈছে এক বজ্ৰপাত। কিন্তু দুখৰ কথাটো হ’ল এই যে কভিডৰ ফলত মানুহৰ মানসিকতাৰ যিমান পৰিবৰ্তন হৈছে¸ মানুহৰ ৰীতি-নীতিও সমানে সলনি হৈছে। ৰুচিবোধ সলনি হৈছে। কভিডৰ পিছত মানুহে নতুন ধৰণৰ বস্তু বিচাৰিছে। কিন্তু আমি প্ৰিণ্ট মিডিয়াৰ ফালে যদি চাওঁ কভিডৰ আগৰ আৰু কভিডৰ পিছৰ একো পাৰ্থক্য নাই। নতুন নতুন বস্তু¸ নতুন নতুন ফ্ৰেছনেছ মূল কথা আদিৰ লগত মিডিয়া এক হ’ব পৰা নাই। অসমীয়া আলোচনীৰ প্ৰচাৰ ইণ্টাৰনেট অহাৰ লগে লগে ভালেখিনি স্তিমিত হৈ পৰিছে। প্ৰিণ্ট মিডিয়াৰ বাবে এইয়া এক যুদ্ধ। এইখন যুদ্ধৰ এটা নিয়ম আছে। যুদ্ধত জয়লাভ কৰিবলৈ সদায় নতুন অস্ত্ৰ ব্যৱহাৰ কৰিব লাগে। আমাৰ অসমৰ মিডিয়াই এই নতুন টেকন’লজিবোৰ কমকৈ ব্যৱহাৰ কৰে, বা আগ্ৰহী নহয়। 

অকব: ইয়াৰ কাৰণ কি বুলি ভাবে? 

উৎপল দত্ত: যিজনে লিখে বা কণ্ট্ৰিবিউট কৰে তেওঁলোকেও কথাটো ভালকৈ ভবা নাই। মই বহুদিন পোনপটীয়াকৈ আলোচনীৰ লগত জড়িত হৈ আছিলোঁ। এতিয়াও মই দূৰৰ পৰাই মিডিয়াজগতখন খুব ঘনিষ্ঠভাবে লক্ষ্য কৰি থাকোঁ। সেইবাবে হয়তো মোৰ বেছিকৈ চকুত পৰে। মই নিজে দহবছৰ আলোচনীত কাম কৰিছিলোঁ। বিস্ময় আৰু ৰংঘৰৰ সম্পাদক শ্ৰীযুত শশী ফুকনৰ পৰামৰ্শ আৰু নেতৃত্বত প্ৰায় দুবছৰৰ মূৰে মূৰে আলোচনী দুখনত অকণমান অকণমান নতুনত্ব আনিবৰ চেষ্টা কৰিছিলো। সেয়া বহুত কামত আহিছিল। টিভি চেনেলে প্ৰিণ্ট মিডিয়াৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। কোনবোৰ অনুষ্ঠানৰ কাৰণে মানুহে আলোচনীখন বাদ দি টিভিৰ অনুষ্ঠানটো চায়, কিয় চায়, সেই চাইক’লজি আমি বিচাৰি তাক ব্যবহাৰ কৰিব পাৰিলে  আলোচনীৰ সহায় হ’লহেঁতেন। আৰু এইটো এটা ব্যৱসায়। উদ্যোগ। উদ্যোগ এটাৰ প্ৰথম চৰ্ত হ’ল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ গৱেষণা আৰু উন্নতি। সেই গৱেষণা আমাৰ দিনতো আছিল চাগে’, ভালকৈ নাজানো। কিন্তু যিমান থাকিব লাগিছিল, সিমান নাই যেন লাগে। মই এটা চাৰ্ভে কৰিছিলোঁ ঘৰত বহি বহি। বিভিন্ন পাঠকৰ মাজত চাৰ্ভে কৰিছিলোঁ যে কভিডে তেওঁলোকৰ জীৱননীতি কিমান সলনি কৰিছে। আৰু প্ৰিণ্ট মিডিয়াত তেওঁলোকে কেনেধৰণৰ পৰিৱৰ্তন বিচাৰে। মই এশজনমান মানুহৰ লগত এই বিষয়ে কথা পাতি তথ্য সংগ্ৰহ কৰিছোঁ। সেই এশজন মানুহৰ পৰা মই যিখিনি ইনপুট পালোঁ এটা ধাৰণা হ’ল ‘মানুহে কি বিচাৰিছে’- এই বিষয়ে। কাকত-আলোচনী মানুহে অনলাইনত বিচাৰিছে, পিছে অনলাইনত কেনেকুৱাধৰণৰ হ’ব সেইবিষয়ে ধাৰণাটো কম বহুতৰ। 

আজিকালি ফটো বিলাকৰ কোৱালিটি ভাল হ’ল। ৰঙীন ফটো আহিল। কিন্তু কোনখন ফটো ৰঙীন হ’ব লাগে, কোনখন নালাগে সেই কথাটো চৰ্চা নহ’ল। গতিকে অফচেটত ছপা হোৱাৰ লগে লগে যিমানখিনি সুবিধা আহিব লাগিছিল, আলোচনীত নাহিল। কালাৰ পেজটোহে কালাৰ হ’ল। কালাৰৰ নান্দনিক কথাটো নোসোমাল। এতিয়া অনলাইন আহিছে, কিন্তু অনলাইন আলোচনী কেনেকুৱা হ’ব পাৰে বা হ’ব লাগে সেই বিষয়ে ধাৰণাটো কম। এতিয়া গোটেই প্ৰকাশন গোষ্ঠীটোৱেই সলনি হৈ গৈ আছে। আৰু যদি খাপ খাব নোৱাৰে আলোচনীৰ বহুত অসুবিধা হ’ব। আৰু এটা অসুবিধা হৈছে এই যে আমাৰ অধিকাংশ লেখকে লেখাটো পঠিয়ায়, কিন্তু পাঠকে কি ধৰণে বিচাৰে সেই বিষয়ে লিখকসকল মনোযোগী নহয়। 

অকব: আপুনি প্ৰখ্যাত চিনে সাংবাদিক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাদেৱৰ কৰ্মৰ ওপৰত ‘বাইলেন-২’ নামেৰে চুটি ছবি এখন পৰিচালনা কৰিছিল। এই ছবিখন কেইবাখনো চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হোৱাৰ উপৰিও ২০১৩ চনৰ ভাৰতীয় পেনোৰামাৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ পিছত নিৰুপমা বৰগোহাঞিৰ জীৱন দৰ্শনৰ ওপৰত (Trust and fear )ইংৰাজী মাধ্যমত নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ‘বৰগীত’–ৰ পৰা বহুল প্ৰচাৰিত ‘বহুবৃত্ত’, ‘যি গল্পৰ শেষ নাই’ আদি কেইবাখনো ছবি আপুনি নিৰ্মাণ কৰিছে। ‘বহুবৃত্তখন’ তথা আপোনাৰ আন চলচ্চিত্ৰ সম্পৰ্কে আমাক অলপ ক’বনে? 

উৎপল দত্ত: বহুবৃত্তখন আছিল এখন পৰীক্ষামূলক ছৱি। আমি গল্প, কাহিনী অাদিক লৈ ছবি নিৰ্মাণ কৰোঁ। ভাবিলো কবিতাক লৈ কৰিলে কেনে হয়্ । কবিতা যদিও ভাব, তাৰ কোৱাৰ ধৰণটো বেলেগ। কেতিয়াবা এটা বাক্যত অৰ্থ ওলাই নাহে। কেতিয়াবা তিনিটা পদ্ধতিত অৰ্থ প্ৰকাশিত হয়। দাৰি কমাৰ ব্যৱহাৰো গদ্যতকৈ পৃথক। এতিয়া সেই ষ্ট্ৰাকচাৰটো চিনেমাত আনিব পাৰি নেকি মই সেইয়া নিৰীক্ষণ কৰিলোঁ। মানে কবিতাৰ দৰে আমি আধাকথা কম কিন্তু কথাটো সম্পূৰ্ণ ওলাব। সেইটো আছিল প্ৰথম ধাৰণা। দুই নম্বৰত আছিল গোটেই কবিতাটোত দিব খোজা এটা কন্ট্ৰাষ্ট চৰিত্ৰ। কন্ট্ৰাষ্ট মানে কেৰেক্টাৰ বিলাকৰ কথাবাৰ্তা¸ ইমেইজ, চাউণ্ড আদি সকলোবোৰতেই বৈপৰীত্যৰ বৈচিত্ৰ্য। মূল চৰিত্ৰটি ৰাতি বাস্তৱত থাকে। আৰু বাকীখিনি সময় থাকে কল্পনাত। এই ভাবটো আহিছিল মোৰ কবিতাৰ নেৰেটিভৰ পৰা। গল্পত বাক্যটো বেলেগ ধৰণে কোৱা হয় আৰু কবিতাত বেলেগ ধৰণে। পদ্যৰ এই কোৱা ধৰণটো চিনেমাত হব পাৰেনে নাই সেইটো পৰীক্ষা আছিল। প্ৰথম ছবিখন প্ৰদৰ্শিত হৈছিল ২০১৯ চনৰ ২৪ জানুৱাৰীত গুৱাহাটীত হোৱা আন্তৰ্জাতিক তথ্যচিত্ৰ মহোৎসৱত। সেইখনত দৰ্শকৰ বিশেষ সহাৰি নাছিল। বেলেগ সূত্ৰত ছবিখন চাইছিল দক্ষিণৰ প্ৰখ্যাত সমালোচক বিশ্বনাথ সুব্ৰমণিয়ামে। খুব উচ্চ প্ৰশংসা কৰিছিল তেওঁ। তাৰ পিছত বিদেশলৈ ছবিখন গৈছিল। তাৰ পিছত ইণ্ডিয়ান পেনোৰামাত ছবিখন প্ৰদৰ্শিত হোৱাৰ পিছত মই যিমান মানুহ তাত লগ পাইছিলোঁ কথা-বতৰা পতাৰ কাৰণে¸ তাৰ পিচত প্ৰেছমিটত যি ধৰণে আগ্ৰহ দেখিছিলোঁ আৰু কিছুমান প্ৰেছত যি ধৰণে কভাৰেজ হৈছিল¸ মই ভাবোঁ ছবিখনে এক ধৰণৰ সমাদৰ পাইছে। মই ভবাতকৈ বহুত বেছি হৈছে। জানুৱাৰীত ছবিখন ওলোৱাৰ পৰা প্ৰথম দহমাহত কেৱল বিশ্বনাথ সুব্ৰমণিয়ামৰ ৰিভিউটো আছিল মাথোঁ একমাত্ৰ মোৰ সমল। কিন্তু ইণ্ডিয়ান পেনোৰামা পোৱাৰ পিছতে বিভিন্ন ঠাইৰ বিভিন্নজন অচিনাকি মানুহে চিনেমাখনক ভাল চিনেমা বুলি কৈছিল। কৈছিল, আটায়ে মোৰ অচিনাকি। হয়তো চিনেমাখনত কিবা এটা আছিল যাৰ বাবে ইয়াক সকলোৱে ভাল পাইছে। তাৰ পিচত লাহে-লাহে বিভিন্ন ৰাজ্যৰ চলচ্চিত্ৰ মহোৎসৱত মানুহে ছবিখন ভাল পাইছে। 

মোৰ ভাল লগা আন এটা কথা হ’ল এই যে ‘যি গল্পৰ শেষ নাই’ নামৰ এক চলচ্চিত্ৰ নিৰ্মাণৰ লগত প্ৰদ্যোত কুমাৰ ডেকা আৰু প্ৰশান্ত শইকীয়াৰ লগত জড়িত হৈ পৰিছিলো । সেয়া আছিল আমাৰ তিনিওৰে তিনিখন ছবিৰ এখন সংকলন। এই ছবিখন এটা বেলেগ ধৰণৰ ধাৰণা আছিল আৰু ছবিখনৰ ‘শ্বো’ এটাহে প্ৰদৰ্শন কৰিব পাৰিলোঁ মাত্ৰ। আৰু নোৱাৰিলোঁ। তাৰ পিছত কৰ’না আহিল আৰু তেনেকৈয়ে থাকিল। সেই ছবিখনৰ ভাগ্যটো খুব বেয়া। কিন্তু মই ভাবোঁ তাৰ ভাগ্যখন এদিন হ’লেও ভাল হ’ব। কোনোবা নহয় কোনোবাই এদিন ছবিখন আৱিষ্কাৰ কৰিব, মই বিশ্বাস কৰোঁ। 

অকব: আপোনাৰ ছবি নিৰ্মাণৰ আৰম্ভণি সম্পৰ্কে আমাক অলপ ক’বনে? 

উৎপল দত্ত: মই যেতিয়া ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ লগত ছবিত কাম কৰিছিলো তেতিয়াৰ পৰা এখন চিনেমাৰ আইডিয়া মূৰত সোমাই আছিল। কথা আছিল বিদ্যুৎ চক্ৰৱৰ্তী আৰু মই একেলগে ছবিৰ কাম কৰিম। তেতিয়া চন্দ্ৰ প্ৰসাদ শইকীয়াৰ গল্প এটাৰে মই চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু সেইটো বিদ্যুৎ চক্ৰৱৰ্তীক সদায় সদায় অলপ কৈ থাকোঁ। বিদ্যুতে মতামত দিয়ে। কথাটো বিদ্যুতৰ বাদে আন কোনেও নাজানে। সেই সময়ত টিভিত এখন চিৰিয়েল আহিল। মহিলা পুলিচ থকা ৰোল, ‘উৰান’। আৰু দেখা গ’ল ভালেখিনি কথা আমাৰ চিত্ৰনাট্যৰ লগত মিলি গৈছে। গতিকে আগ্ৰহ নোহোৱা হ’ল। সেইখন বাদ দিলোঁ। তাৰ পিছত মূৰত সোমাল, যদি চিনেমা কৰোঁৱেই এখন এনেকুৱা চিনেমা কৰিম যিখন হ’ব বিগেষ্ট ইন নৰ্থইষ্ট৷ এনেকুৱা ইমান ডাঙৰ থিমত, ডাঙৰ স্কেলত এতিয়ালৈকে কোনেও কৰা নাই। ডাঙৰ বুলিলে মোগলে আজমৰ দৰে বুজায়। বহুতে নিৰ্মাণ কৰে কিন্তু সফল হোৱা নাই। মোৰ মূৰত সোমাল চিনেমা কৰিলে কৰিম কৰিম তেনেকুৱা।

প্ৰথমে জংগমৰ কথা ভাবিলোঁ। কিন্তু মোৰ পছন্দৰ সতে কাহিনীটো নিমিলিল। পিছলৈ মই মোৰ ভনী মমিৰ পৰা Flower of Gold নামৰ কিতাপ এখন পালোঁ। অখিলন নামৰ লেখকৰ এয়া ইংৰাজী অনুবাদ। সেই সময়ত কিতাপখনৰ অসমীয়া অনুবাদ ওলাইছিল ‘সোণৰ ফুল’ নামেৰে। সেই কিতাপখনৰ বিশেষত্ব এয়ে আছিল যে কিতাপখনৰ প্ৰথম অংশটো পঢ়াৰ পিছত দ্বিতীয় অংশটো সম্পৰ্কে একো অনুমান কৰিব নোৱাৰি। এটা অসাধাৰণ কাহিনী। চিত্ৰনাট্য মোৰ ইণ্টাৰভেললৈকে লিখা হ’ল। তাৰ পিছতেই চাকৰিত যোগদান কৰিলোঁ। গতিকে চিনেমাখন তল পৰি থাকিল। পিছত গম পালোঁ যে কিতাপখনৰ ওপৰত চিনেমা এখন হৈ গৈছে। তামিল চুপাৰ দুপাৰহিট চিনেমা আছিল সেইখন। সেই কথাটোৱে মোক এটা কথাত সন্তুষ্টি প্ৰদান কৰিলে যে মোৰ বাচনি ঠিকেই আছিল।  

অকব: আপুনি ফিল্ম ছ’চাইটি চলচ্চিত্ৰমৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল। সেই সময়ছোৱাত চলচ্চিত্ৰৰ বিকাশৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল অলপ ক’ব নেকি? 

উৎপল দত্ত: চলচ্চিত্ৰমৰ উদ্দেশ্য আছিল  আমাৰ ভাৰতৰ ঐতিহ্য আৰু আমাৰ সকলো জনগোষ্ঠী, সাহিত্য, সংস্কৃতি দেশপ্ৰেম, মন্দিৰ, স্থাপত্য আদি যিবিলাক লৈ আমি গৌৰব কৰিব পাৰো, সেই বিষয়বোৰৰ ছবিক আমি সামৰি ল’বলৈ প্ৰয়াস কৰিছিলোঁ। হেৰিটেজ ষ্টাডি এতিয়া সমগ্ৰ পৃথিবীতে এটা উল্লেখনীয় অধ্যয়ন বিষয়। সেইটো আমাৰ ভাৰতত চৰ্চা কম হৈছে। যদি এই বিষয়ে অলপ আগ্ৰহ আনিব পাৰোঁ নেকি সেয়া চেষ্টা কৰি আছিলোঁ। 

চলচ্চিত্ৰমে চুটি ছবিৰ প্ৰতিযোগিতাও আয়োজন কৰি আহিছে, পিছে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ পৰা আমি যিধৰণে আমি সহযোগ পাব লাগিছিল বা মহোৎসৱটো তেখেতসকলে যি ধৰণে ল’ব লাগিছিল, সেই ধৰণৰ আগ্ৰহ আমি দেখা নাপালোঁ। চিনেমাখন কৰিলেই নহয় তাক সঠিকভাবে আগবঢ়াই নিব লাগে। সেইকাৰণে যোৱাবাৰ মহোৎসৱত কিছু মানুহ আমি আমন্ত্ৰণ কৰিছিলোঁ। এই লোকসকল চিনেমাৰ প্ৰমোচনৰ লগত জড়িত। এই লোকসকলৰ লগত ভাবৰ আদান প্ৰদান কৰিবলৈ আমি চিত্ৰনিৰ্মাতা বহুতক আমন্ত্ৰণ জনাইছিলো, কিন্তু ভবা মতে সঁহাৰি পোৱা নহ’ল ।  

অকবঃ প্ৰায়ে দেখা যায় যে কমাৰ্চিয়েল চিনেমা এখন চাবলৈ সৰ্বসাধাৰণ লোকে বৰ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু আৰ্ট ফিল্ম এখন চাবলৈ তেনেকুৱা বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰা দেখা নাযায়। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? 

উৎপল দত্তঃ এই কাৰণটো কোৱা বৰ টান। মানে এনেকুৱা কমাৰ্চিয়েল চিনেমা যেনে হিন্দী চিনেমাৰ কথা কৈছোঁ মূলতঃ বহুত চিনেমা ৰিলিজ হয়। পিছে কেইখনমানৰ কাৰণেহে মানুহ আগ্ৰহী হয়। এতিয়া কভিডৰ সময়ত কথাটো বেলেগ। বাকী সময়তে বছৰত ছখনমান হিন্দী চিনেমাৰ বাবেহে মানুহ হিলদল ভাঙি আহে। সকলো চিনেমাৰ বাবে মানুহে আগ্ৰহ প্ৰকাশ নকৰে। যিকেইখন চিনেমাই চকুত লগাকৈ দৰ্শক টানিব পাৰে¸ তাত কিবা বিশেষত্ব আছে। যিটো দৰ্শকে ভাল পাইছে। তাত কিবা এটা থাকিবই লাগিব। নহ’লে দৰ্শক টনাটো সম্ভব নহয়। সেইটো কথাত মই কি ভাবোঁ নাভাবোঁ গুৰুত্বপূৰ্ণ নহয়৷ দৰ্শকে ভাল পাইছেনে পোৱা নাই সেইটোহে মেইন। দ্বিতীয়তে আৰ্ট ফিল্মৰ কথাটো বিশ্বাস নকৰোঁ। চিনেমাই আৰ্ট। কিন্তু কিছুমান চিনেমাৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ কম দেখা যায়। তাৰমানে সেই চিনেমাখনে দৰ্শকক আগ্ৰহী কৰি তুলিব পৰা নাই। কিয় পৰা নাই বহুত কাৰণ থাকিব পাৰে। মই কওঁ¸ চিনেমাখনৰ প্ৰতি আগ্ৰহ জন্মোৱাটো প্ৰযোজকৰ কাম। তেওঁ আগ্ৰহী কৰিব পাৰিব লাগিব। ভিলেজ ৰকষ্টাৰ চিনেমাখন¸ তাততো বিখ্যাত মানুহে অভিনয় কৰা নাই। কিন্তু সেইখনৰ প্ৰতি দৰ্শক ইমান আগ্ৰহী হৈছে কিয়? ভাল পাইছে মানে এইটো কৈছোঁ হল ভৰ্তি গৈছে¸ হলৰ টিকট বিচাৰি হাহাকাৰ কৰিছে। বহুত অসমীয়া চিনেমাতকৈ ভাল ব্যবসায় কৰিছে। তাত বেলেগ কিবা এটা পাইছে তাৰমানে। কিন্তু একেই পৰিচালকৰ ‘বুলবুল কেন চিং’ মানুহে বেছি চোৱা নাই ইমান। তাৰমানে দৰ্শকক পচন্দৰ বস্তু দিয়াত তেখেত সফল নহ’ল। আৰু কি কৰিলে দৰ্শক আহিব সেইটো কোনেও ক’ব নোৱাৰে।   

অকবঃ অসমীয়া ছবি জগতত এনেকুৱা এটা সময় আছিল যেতিয়া ‘বোৱাৰী’, ‘ড° বেজবৰুৱা’ আদি ছবিয়ে অসমীয়া মানুহৰ বুকুত এখন সুকীয়া আসন অধিকাৰ কৰিছিল। মাজতে সেই সময় ক’ৰবাত যেন হেৰাই গৈছিল। হয়তো এয়া অসমৰ অশান্তজৰ্জৰ পৰিবেশৰ প্ৰভাৱ আছিল। বৰ্তমান দুই এখন ছবিয়ে সেই স্থান ল’বলৈ সক্ষম হৈছে। এখন ছবিৰ জনপ্ৰিয়তা তথা দৰ্শকে সেই ছবিখন কিদৰে আকোঁৱালি লব সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি আপুনি ভাৱে? 

উৎপল দত্তঃ সেইটো যদি মই ক’ব পাৰিলেহেতেন¸ সেইটো কৰি লাখ লাখ টকা উপাৰ্জন কৰি থাকিব পাৰিলোহেঁতেন। কি কৰিলে দৰ্শকে ভালপাব সেইটো কোনেও ক’ব নোৱাৰে, অসম্ভৱ কথা। ড° বেজবৰুৱা বহুত মনোযোগেৰে কৰা চিনেমা। পৰিকল্পনা কৰি কৰা চিনেমা। এতিয়া ৫০ বছৰ পিছতো মানুহৰ মনত আছে। কিন্তু হিট্‌ মানেই সকলো কথা নহয়। বহুত চিনেমা হিট হৈছে। পিছে ড° বেজবৰুৱা বা বোৱাৰীৰ নিচিনাকৈ দৰ্শকৰ মনত সাঁচ বহুৱাব পৰা নাই চিনেমা কেইখনে। হিট্‌ বা সফল হোৱাটো এটা বেলেগ কথা। কোনেও ইচ্ছা কৰি মনত ৰখাব নোৱাৰে। মই বহুত কায়দা কৰি চিনেমাহললৈ দৰ্শক টানি নিব পাৰোঁ, কিন্তু ওলাই আহোঁতে তেওঁ কি লৈ আহিব সেই নিশ্চয়তা দিব নোৱাৰোঁ। 

অকবঃ চিনেমাখন জনপ্ৰিয় হোৱাত গানসমূহেও যথেষ্ট প্ৰভাৱ পেলায় বুলি কোৱা শুনো। ড° বেজবৰুৱা আদি চিনেমাৰ গানবোৰে এক স্থায়িত্ব পাইছিল। মানুহৰ মুখে মুখে আজিও শুনা যায়। আজিকালিৰ বহু হিট চিনেমাৰ গানে তেনেকৈ স্থায়িত্ব নাপালে নেকি? 

উৎপল দত্তঃ মানে কথাটো এনেকুৱা। মই ড° বেজবৰুৱাৰ সমসাময়িক কথাই কওঁ। সেই সময়ত গানৰ যিটো প্ৰভাৱ আছিল তেতিয়া গান শুনাৰ সুবিধাটো কম আছিল। সেইটো আপুনি ৰেডিঅ’ত শুনিব পাৰিব বা নিজে ৰেকৰ্ড কৰি বজালে শুনিব পাৰিব। বেলেগ উপায় নাছিল। আগতে এবাৰ ৰেডিঅ’ত শুনাই আকৌ প্ৰগ্ৰাম পাতে। এবাৰ শুনি ভাল লাগিল, দ্বিতীয়বাৰ শুনাৰ পিছত মানুহৰ আগ্ৰহ হয়। আগতে বহুত কষ্ট কৰিব লাগিছিল গানটো শুনাৰ কাৰণে। তেতিয়া কেছেট নাছিল¸ কেৱল ৰেকৰ্ড আছিল। ৰেকৰ্ড সকলোৰে ঘৰত সুলভ নাছিল। মুঠতে গানটো দুস্প্ৰাপ্য আছিল, গতিকে আগ্ৰহ বেছি আছিল। আজিকালি গান যিমানে সহজলভ্য হ’ল, মানুহৰ প্ৰিয় হোৱাৰ কথাটো কমি গ’ল। গানৰ গুণৰ কথালৈ অহাই নাই। আগৰ দৰে শুনিবলৈ কষ্ট কৰিব নালাগে। আলাসত পোৱা বস্তুৰ মূল্য এনেয়ো কম। ইণ্টাৰনেটত উপলব্ধ হোৱাৰ আগলৈকে কেছেট ওলাইছিল। সুলভ হোৱাৰ লগে লগে লগে লগে গান জনপ্ৰিয় হ’লেও চিনেমাৰ ওপৰত যি ধৰণে প্ৰভাৱ পৰিব লাগিছিল, সেয়া কমি গ’ল। 

অকবঃ আজিকালি গানকৈও কাৰিকৰী দিশটোৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে নেকি বাৰু? 

উৎপল দত্তঃ যেতিয়া নতুন কৌশল¸ কাৰিকৰী সুবিধা আহে মানুহ আগ্ৰহী হ’বই। সেই ধৰণে নহলে পুৰণি যেন লাগিব নহয় দেখাত। কোনে কিমান ভালকৈ কৰিছে সেয়া বেলেগ কথা। 

অকবঃ প্ৰায়ে এটা অভিযোগ শুনা যায় অসমৰ কেইজনমান বিশিষ্ট পৰিচালকে বঁটা পাবৰ বাবেই ছবি নিৰ্মাণ কৰে। বিনোদনধৰ্মী ধাৰাৰ বিপৰীতে গৈ নিৰ্মাণ কৰে। সকলোকে আকৰ্ষণ কৰিৱ পৰাকৈ বিনোদনধৰ্মী ছবি যিদৰে সফল হয়, চুটি ছবিয়ে দৰ্শকক আকৰ্ষিত কৰিব পাৰিবনে? 

উৎপল দত্তঃ চুটি ছবিৰ কথাটো বেলেগ। কমাৰ্চিয়েলি যিদৰে ছবি এখন হলত ৰিলিজ কৰা হয়, দহ মিনিটৰ ছবি এখন দিয়াটো সম্ভব নহয়। গতিকে মই চুটি ছবি হলত চলিব বুলি কল্পনাই কৰিব নোৱাৰোঁ। 

অকবঃ থিয়েটাৰত মুল নাটৰ আগে আগে গীতি নৃত্য নাটিকাৰ আৰ্হিৰে কমাৰ্চিয়েল ছবি এখনৰ আগতে চুটি ছবি এখন প্ৰদৰ্শন কৰা সম্ভৱ হ’ব নেকি? এক ধৰণৰ ’কম্বো পেক’ হিচাপে। 

উৎপল দত্তঃ অসমীয়া চিনেমা ফাগুনী শিৱ প্ৰসাদ ঠাকুৰে কৰাৰ সময়ত জয়ন্ত হাজৰিকাই এখন ডকুমেণ্টৰী কৰিছিল। সেইখন ফাগুনীৰ লগত একেলগে দেখুৱাইছিল। কিন্তু মই যদি চৰ্ট ফিল্মখনৰ পৰিচালক হওঁ তেতিয়া কমাৰ্চিয়েল ছবি এখনৰ আগত দিবলৈ ভাল নাপাম এই কাৰণে যে দৰ্শক যাব মূল কমাৰ্চিয়েল চিনেমাখনৰ আকৰ্ষণত। মুম্বাইত সঞ্জয় গুপ্তা নামৰ পৰি়চালক এগৰাকীয়ে দহখন চুটি ছবি একেলগ কৰি ‘দচ কাহানীয়া’ নামেৰে ৰিলিজ কৰিছিল। সেইখন মোটামুটি চলিছিল। চুটি ছবি এনেকৈ চলিছিল। কিন্তু ডকুমেণ্টৰী চলা নাই। কিন্তু হয়তো এনে দিন আহিব যদি এক্সাইটিং ডকুমেণ্টৰী হয় হয়তো চলাব পৰা যাব। কিন্তু প্ৰথমতে সাহস লাগিব। ডকুমেণ্টৰী দৰ্শক আজিকালি আগতকৈ বাঢ়িছে। 

অকবঃ আপুনি কেনেধৰণৰ চিনেমা পৰিচালনা কৰিবলৈ ভাল পায়? কমাৰ্চিয়েল নে আৰ্ট ফিল্ম আৰু কিয় ভাল পায়? 

উৎপল দত্তঃ প্ৰথম কথা আৰ্ট আৰু কমাৰ্চিয়েল ধাৰণাটো নুবুজো। মই মাথোঁ কাহিনী এটা ক’ব খোজো নিজৰ ধৰণে। প্ৰতিবাৰেই কাহিনী এটা বেলেগ ধৰণে ক’ব খোজো। সেয়ে মোৰ ইখনৰ লগত আনখনৰ মিল নাই। মই ভাবোঁ দৰ্শকে আৰম্ভণিৰ পৰা যাতে শেষলৈকে মোহাচ্ছন্ন হৈ বহি থাকিব পাৰে। মই যি দেখুৱাম তাকেই দেখিব কিন্তু দৰ্শক যাতে উঠি যাব লগা নহয়¸ বিৰক্ত নহয় সেইটো মোৰ মূল উদ্দেশ্য হ’ব। বিষয়বস্তু যিয়েই নহওক¸ চাই থাকোঁতে যাতে বেয়া নাপায় মানুহে। দ্বিতীয় কথা চাবলৈ আহি যাতে ঘূৰি যাওঁতে কিবা লৈ যাব পাৰে। মই ডাৰ্ক ধৰণৰ বিষয়বস্তু ছবি কৰি ভাল পাম। মানুহৰ সাধাৰণ উপৰুৱা আৱেগ অনুভূতি, সহজেই স্পৰ্শিত হোৱা সেই অনুভূতিৰ গভীৰলৈ গৈ মানুহৰ মনত বেলেগ বেলেগ অনুভূতি থাকে, সেইয়া তৎক্ষণাত ওলাই নাহে। সুবিধা নাপায় ওলাবৰ। সেই ধৰণৰ কথাবিলাক কৰিবলৈ ভাল লাগে। 

অকবঃ আপোনাৰ প্ৰিয় অসমীয়া চিনেমা কোনখন? চিনেমাখন প্ৰিয় হোৱাৰ বিশেষ কিবা কাৰণ আছে নেকি? 

উৎপল দত্তঃ মোৰ আটাইতকৈ প্ৰিয় চিনেমা হৈছে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ অনিৰ্বাণ। প্ৰিয় হোৱাৰ কাৰণ এই যে সেইখন চিনেমাই যিকোনো চিত্ৰ প্ৰেৰণাৰ কাৰণ, একধৰণৰ বিষাদৰ মুখামুখি কৰাই দিব পাৰে।  চিনেমাৰ ভাষাত এইখন অসাধাৰণ চিনেমা। তাৰ পিচত আৰু বহুত চিনেমা আহিব। এখনক বাদ দি এখনক কব নোৱাৰি। 

অকবঃ বৰ্তমান ইণ্টাৰনেটৰ যুগ। সকলোৰে হাতে হাতে স্মাৰ্ট ফোন। Netflix জাতীয় চাইটবোৰ সহজলভ্য হৈ পৰিছে। তেনে ক্ষেত্ৰত ছবিজগতত ইয়াৰ কেনে ধৰণৰ প্ৰভাৱ পৰিছে বুলি ভাবিছে? 

উৎপল দত্তঃ এয়া নতুন ধাৰাৰ সৃষ্টি হৈছে বুলি কব পাৰি। বহু চিনেমা হলত দিব নোৱাৰি নেটফ্লিক্সত দিছে। এনেকৈতো কিছু টকা আহিব। নেটফ্লিক্সত দিয়া মানে গোটেই পৃথিবীৰ দৰ্শক পোৱা। নেটফ্লিক্সৰ কাৰণে এইটো ব্যৱসায়। যিমান দৰ্শক পাব¸ সিমান আয় হ’ব কাৰণেহে ইনভেষ্ট কৰিছে। সকলো শ্ৰেণীৰ দৰ্শকক নেটফ্লিক্সৰ খৰচৰ পৰা লাভ দিয়ে। এইখিনিতে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কথা আহে। সেইখিনি লাগিবই। চিনেমাত আৰু লাগিব। কাৰণ চিনেমাৰ ব্যৱসায় অসমত অতি কম আজিকালি। 

অকবঃ অসমৰ চলচ্চিত্ৰ জগতৰ অচলাৱস্থাৰ এই সময়ত নতুন প্ৰজন্মই যদি চিত্ৰ নিৰ্মাণক জীৱিকা হিচাবে ল’ব খোজে কেনেদৰে আগবঢ়া উচিত?  তেওঁলোকে কেনেধৰণেৰে আগবঢ়িব? 

উৎপল দত্তঃ কৰ’নাই যি পৰিৱেশৰ সৃষ্টি কৰিছে সেই সময়ত এই কথাটো এবাৰতেই ক’ব নোৱাৰি। এইসময়খিনিত একো আশা কৰিব নোৱাৰে। কিন্তু যদি কৰ’নাৰ আগৰ সময়খিনি বিচাৰ কৰি চাওঁ,  তেতিয়া ছবি নিৰ্মাণ কেৰিয়াৰ হিচাপে ল’ব পৰা বিষয়। কিন্তু ছবি নিৰ্মাণ স্ব-নিয়োজন। স্ব-নিয়োজনত ৰিস্ক থাকে আৰু ৰিস্কটোৰ লগত যুঁজ কৰাৰ এক মানসিকতা থাকে। সিমানখিনি সাজু হৈ আহিলেহে ইয়াত নমাটো ভাল। সাহস আৰু পৰিকল্পনা লাগিব। 

অকবঃ সাহিত্যৰ বিভিন্ন ধাৰাৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন প্ৰিণ্ট মিডিয়া বা ইলেকট্ৰনিক মিডিয়াত আলোচনী বা বহু ধৰণৰ কাম চলি আছে। এখন আলোকচিত্ৰ বা ছবিৰ ক্ষেত্ৰত বা চিনেমাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কাম কেনেকৈ চলি আছে বা উন্নয়নৰ কাম কেনেকৈ চলি আছে বুলি আপুনি ভাবে? 

উৎপল দত্তঃ ডেভেলপমেণ্টৰ কাম ক’তো একো চলা নাই। মই নিজে কষ্ট কৰি শিকি কিবা এটা সুখ পালোঁ। সেই সুখটো পোৱা কাৰণে মোৰ ফটো মেগাজিনত ছপা হয়। মই কিবা লিখি লিখি আহি এটা স্থান পালোঁ বাবে মোৰ লেখা মেগাজিনত ছপা হয়। এটা স্থান পাবলৈ অলপ ৰ’ব লাগিব। পিছে এবাৰ যদি আমি সীমাটো পাই যাওঁ, তাৰ আগলৈ যোৱাৰ কথা চিন্তা নকৰোঁ। এইখিনিতে আমি সুখী। আমাৰ আকাংক্ষা আছে কিন্তু আকাংক্ষাক ঠেলি নিয়াৰ কষ্ট কৰাৰ প্ৰৱণতাৰ অভাৱ। অধ্যৱসায়, চৰ্চা আমাৰ হয়তো কম। 

অকবঃ কথাটো শুনিবলৈ অলপ বেয়া। (যদিও স্বীকৃতি নিদিও তাহানিৰ পৰা¸ সাহিত্য¸ চিনেমাৰ ক্ষেত্ৰত আমি অনুকৰণ বেংগলী সমাজকে কৰি আহিছোঁ। )কিন্তু আমাৰ চুবুৰীয়া বেংগলীসমাজৰ পৰা আমাৰ কিবা শিকিবলগীয়া আছে নেকি আপোনাৰ মতে? 

উৎপল দত্তঃ বৰ্তমান শিকাব পৰা দক্ষতা বেংগলীতো নাই। এটা সময়ত আছিল। আচলতে হয় কি¸ আমাৰ বেছিভাগ অনুকৰণ হয় বেংগলীৰ পৰা। আকাংক্ষা থাকিলেও আমাৰ চৰ্চাৰ সীমাবদ্ধতা আহিছে। পৰিবেশ কোনেও গঢ়ি নিদিয়ে। মই যিটো কাম কৰিম¸ নিজেই তাৰ পৰিবেশ গঢ়ি তুলিব লাগিব। মই কি সৃষ্টি কৰিম কোনে জানে? মোৰ সৃষ্টিটো ওলোৱাৰ পিছতহে মানুহৰ চকুত পৰিব। আগতে সুবিধা কম আছিল¸ যেনে আলোচনীৰ সংখ্যা কম আছিল। সেয়ে তাত লেখা ওলোৱাৰ বাবে মানদণ্ড ভাল হ’বই লাগিব। কাৰণ এখন মেগাজিনত দহজনে লিখে। কিন্তু তাৰ পৰা বাচি বাচি এটাহে ছপা হয়। আজিকালি সুবিধা বেছি হৈছে। প্ৰকাশ হলেই খুচ। যদি প্ৰকাশ নহ’লহেঁতেন, ভাল কৰাৰ প্ৰৱণতা থাকিলহেঁতেন। আৰু যিসকলে ছপায় তেওঁলোকৰো সীমাবদ্ধতা আছে। পেপাৰ এখনৰ কথাই ক’লো¸ তেওঁলোকেতো ছপাবই লাগিব কিবা এটা। খালী ঠাই পূৰ কৰাৰ স্বাৰ্থত পচন্দ নোহোৱা বস্তুও ছপাবলে বাধ্য হৈ যায়। মই মানে এফালৰ পৰা কথাটো কোৱা নাই। বহু সময়ত গুণগত মানত কম্প্ৰমাইজ কৰিবলৈ বাধ্য হয় প্ৰকাশকগোষ্ঠী। সেইটোৱে পাঠক-দৰ্শকৰ ৰুচিবোধত প্ৰভাব পেলায়। পাঠকখিনিও অলপ সচেতন হোৱাটো দৰকাৰ। পাঠকৰ মতে বহু সময়ত কাম কৰে। পাঠকে যদি ক’লেহেঁতেন ভাল লেখা লাগে, নিশ্চয় হ’লহেঁতেন। 

অকবঃ শেহতীয়াভাবে আমি ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত ৰুচি সলনি হোৱা দেখিছোঁ। কিবা এক ‘মেছেজ’ থকা নাটকখনতকৈ সস্তীয়া নাটক এখনহে বেছি জনপ্ৰিয় হোৱা আমি দেখিবলৈ পাইছোঁ। এই সম্পৰ্কে আপোনাৰ অভিমত কি? 

উৎপল দত্তঃ নাটক এখন দৰ্শকে চাই ভাল পাইছে¸ সেই কাৰণে চাইছে। কথা হৈছে চোৱা দৰ্শকখিনিয়ে নাটক এখন কেনেদৰে গ্ৰহণ কৰিছে। ৰুচিহীন দৰ্শক সৃষ্টি হোৱা কথাটো বহুত কমপ্লিকেটেড। ভ্ৰাম্যমাণ থিয়েটাৰত কিমানজন দৰ্শক বহিব পাৰে এবাৰত¸ সেইটো কম-বেছি কৰিব নোৱাৰি। ৫০ জনলৈ ইফাল সিফাল কৰিব পাৰে চাগে, তাতকৈ বেছি নোৱাৰে। গতিকে বিগ বাজেটৰ নাটক কৰক বা কম বাজেটৰ নাটক কৰক দৰ্শকৰ সংখ্যাটো সমানেই। গতিকে য’ত প্ৰডাকচন খৰচ কম হয়, প্ৰফিট বেছি হ’ব। যদি টিকটৰ দাম কম হয়, চোৱা মানুহ বাঢ়িব। গতিকে অংকটো ইমান সহজ নহয়। অলপ জটিল। এনেকুৱাটো হ’ব পাৰে¸ দৰ্শকে ভাবিব কম দামীখন চাবলৈ নাযাওঁ। ব্যৱসায়ৰ কথাটো অতি জটিল। এটা অকল কথাৰে সকলো বান্ধিব নোৱাৰি। বজাৰ এখনত বহুত বস্তু থাকে; ভাল-বেয়া, দামী কমদামী। 

অকবঃ শ্ৰদ্ধাৰ ড° ভবেন্দ্ৰনাথ শইকীয়াদেবে এচাম দৰ্শকৰ সৃষ্টি কৰিছিল। কিন্তু সম্প্ৰতি এচাম নাট্যকাৰে ৰুচিশীল দৰ্শক সৃষ্টি কৰিব পৰা নাই। চাবলৈ গ’লে মানদণ্ডৰে নিম্নগামীহে হৈছে। সেয়া কেনেকৈ ঠিক কৰিব পৰা যাব? 

উৎপল দত্তঃ এতিয়া তেখেতসকলৰ প্ৰতি সন্মান দেখুৱাই কৈছোঁ¸ তেখেতসকলৰ প্ৰতিভাক ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ প্ৰতিভাৰ লগত একে স্থানত ৰাখিব পাৰিনে! যিটো ভবেন্দ্ৰনাথ শইকীয়াই কৰিছিল, অন্যই কৰিবপৰা নাই। তাতে দক্ষতাৰ কথা নাহিব জানো? তেখেতৰ দক্ষতা যিটো স্তৰৰ আছিল এওঁলোকে সেই স্তৰ পাবলৈ বহু দূৰ বাকী- এনেকৈয়োতো ক’ব পাৰোঁ আমি। তেখেতৰ লগত তুলনা কৰিব পৰা মানুহ খুৱ কম। ৰিস্ক ল’ব পৰা, নতুন কথাৰে দৰ্শকক আনিবলৈ সাহস কৰা প্ৰযোজকো লাগিব নাটকৰ ক্ষেত্ৰত। তেনেকুৱা প্ৰযোজক এজন আছিল ৰতন লহকৰ। তেওঁ বেলেগ বেলেগ কথা পৰীক্ষা কৰি চাইছিল। তেখেতৰ কোনোবাখন নাটকত ভাবিব নোৱাৰা লাভ হৈছে। কোনোবাখনত ভাবিব নোৱাৰা লোকচান হৈছে। কিন্তু কৰিছে তেওঁ। মই দুবাৰ নাটক লিখিছিলো থিয়েটাৰৰ কাৰণে। এবাৰ প্ৰযোজকক ক’লো মই আপোনাৰ আটাইতকৈ কম খৰচৰ নাটক কৰিম এইখন। এইখনে আপোনাক আটাইতকৈ বেছি পইচা দিব। প্ৰডাকচনৰ খৰচ একদম কম আছিল সেইখনত আৰু সেইখন নাটক দুবছৰ চলিল। পিছত প্ৰযোজকে ক’লে, “হয়, আপোনাৰ কথাই ৰ’ল। বহুত লাভ হৈছে।” 

অকবঃ আপুনি অলপতে ‘চলচ্চিত্ৰ’ নামৰ গ্ৰন্থখন লিখি গ্ৰন্থস্বত্ব মুক্ত কৰি ই-বুক হিচাপে ‘ৱিকিপিডিয়া’ত দিছে। সাধাৰণতে গ্ৰন্থস্বত্ব সহজে এইদৰে কোনেও নিদিয়ে। এই বিষয়ে আপোনাৰ মনৰ কথাখিনি শুনিলে ভাল লাগিব। 

উৎপল দত্তঃ কিতাপখন এতিয়া পাবলৈ নাই। কিতাপখন এসময়ত ওলাইছিল। বিক্ৰী হ’ল। শেষ হ’ল। কিতাপখন কোনোবা কোনোবাই পঢ়িবলৈ বিচাৰে। কিন্তু চিনেমাৰ কিতাপৰ বিক্ৰী ইমানেই কম যে তাক আকৌ ছপা আকাৰত প্ৰকাশ কৰা সম্ভব নহয়। প্ৰকাশকে প্ৰকাশ কৰিব নোখোজে¸ মোৰো সামৰ্থ্য নাই। কিন্তু ইয়াত কিতাপখন থকা মানে কিতাপখন লাইভ হৈ থাকিল। যাকে যেতিয়াই তেতিয়াই লাগে পালে¸ যি ব্যৱহাৰ কৰিব খোজে পালে। মোৰ কিতাপখন এটা ভাল ঠাইত সংৰক্ষণ কৰিছোঁ। মোৰ আনন্দৰহে কথা। য’ত প্ৰফিটৰ কথা থাকে তাতহে কপিৰাইটৰ কথা আহে। এইখনত প্ৰফিটৰ কথা নাই। কপিৰাইট উঠিছে উঠা নাই দৰকাৰী নহয়। যদি বছৰি ইমান টকা আহিব¸ তেতিয়া কপিৰাইটৰ প্ৰসংগ আহে। অন্যকথা বাদ দিলো। ৱিকিপিডিয়াত আপলোড কৰাৰ সময়ততো কেইজনমানে পঢ়িছে। সেইখিনিয়ে মোৰ লাভ। 

অকবঃ  আপুনিও কিতাপখন ৱিকিপিডিয়াত দিছে। ৱিকিপিডিয়াত যিসকলে নিস্বাৰ্থভাবে স্বেচ্ছাসেৱক হিচাপে লাগি আছে¸ তেওঁলোকৰ বিষয়ে অলপ ক’বনে? 

উৎপল দত্তঃ তেওঁলোকে অসমীয়া ভাষাটোৰ কাৰণে আৰু জাতিটোৰ কাৰণে বহুত মূল্যবান কাম কৰি আছে। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ এতিয়াৰ পৰাই আমি পাবলৈ আৰম্ভ কৰিছোঁ। কিন্তু হয়তো আমি ভালকৈ বুজা নাই কথাটো। এইটো এটা জৰুৰী আৰু ডাঙৰ কাম হৈছে। আৰু কিমান ডাঙৰ কাম আমি হয়তো খুউব কম দিনৰ ভিতৰত গম পাম। কিন্তু এইটোও ঠিক¸ অলপ সময় লাগিব বুজিবলৈ। কিন্তু আন এটা কথাও আছে। ৱিকিপিডিয়াত যিসকলে কাম কৰি আছে¸ কি কি কাম কৰিছে তাৰ প্ৰচাৰ কম হৈছে। সাধাৰণ ৰাইজে বহুতে গম পোৱা নাই। সেই কথাটো জৰুৰী আছিল দুটা কাৰণত। কাৰণকেইটা হ’ল ভালকৈ প্ৰচাৰ কৰা। সকলো মানুহেই ইয়াত কি কি বস্তু আছে ভালকৈ গম পাওক। আমাৰ কি কি সম্পত্তি আছে ইণ্টাৰনেটত চাওক। একেদৰে এই কামৰ বাবে কিছু উৎসাহী মানুহ আগবাঢ়ি আহক। স্বেচ্ছাসেৱক বঢ়োৱাৰ কাৰণে চেষ্টা কৰিব লাগিব। যদি চেষ্টা কৰা হৈছেও ফলপ্ৰসূ হোৱা নাই। বেলেগ ৰাষ্টাৰে ভাবিব লাগিব। মই ‘ৱিকি’ত কিতাপখন দিয়াৰ পিছত বহুতে খবৰহে ললে। আগ্ৰহী হোৱা নাই কিন্তু।  মই অহাবছৰ নতুন কিতাপখন ৱিকিচ’ৰ্চত প্ৰথমে  দিম যিখন ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপৰত ওলাব। তাৰ প্ৰিণ্ট ভাৰ্চন নোলায়। তেতিয়া একেবাৰে নহ’লেও মানুহ অলপ আগ্ৰহী হ’ব পাৰে। কিন্তু এই ট্ৰেণ্ডটো সোনকালেই সলনি হ’ব। 

ছাৰ¸ বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। বহু নজনা কথা জানিলোঁ আপোনাৰ পৰা। আপুনি সঁচাকৈয়ে অসমৰ গৌৰৱ¸ অসমৰ সম্পদ। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনালোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো। লগতে আপোনাৰ পৰিকল্পনাবোৰে অতি শীঘ্ৰেই বাস্তৱত ৰূপায়িত হওক তাকেই কামনা কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পদ্মজা
1 year ago

বিশিষ্ট চলচ্চিত্ৰ সাংবাদিক, লেখক,পৰিচালক,ফটোগ্ৰাফাৰ উৎপল দত্তদেৱৰ সৈতে হোৱা সাক্ষাৎকাৰ টো পঢ়ি বহু কথা জানিব পাৰিলো।ধন্যবাদ।