চলিদিনৰ কথাগিলাক (দৰঙীয়া উপভাষাৰ কবিতা): ধৰ্মজ্যোতি ভট্টাচাৰ্য
চলিদিনৰ কথাগিলাক মনত পল্লি বৰ ভাল লাগেই জানা !
হংকলাত উল্টি খোট দিয়া সেই দিনগিলাক ।
বাদুলি হানকে ওলমি আছিলোঁ হংকলাত…
আয়ে হাইহালৰপে গেৰবা ধৰেই…
মোৰ সোণাটো ঐ
সেইখ্খান খেলা নকৰবি
ক’বাত হাত ঠেঙ ভাঙিলি কেংকে ডাক্তৰ আনিম
আমি হ’লোঁ কঁকল ভাঙা মানহু ।
ঘৰৰ কাথিৰ পীৰাখানত বহি
চালঙী বুই থাকা পিতেই
মুখৰ ভিতৰতে ভোৰভোৰবা ধৰেই ।
পিতেইৰ চখুহাল ৰঙা হৈ নাহোনতেই মই
ভিৰা-ভিৰি লৰ মাৰি পলওঁ
দাউৰি দাউৰি যাই
লগৰ চলিমখাৰ কাষ পাওঁ
পিতেই হাতত তৰহিয়া চিকিনি লৈ
খেদি আইছি নিকি
ঘূৰি ঘূৰি চাওঁ ।
যাই পাই লগৰ লিকিৰা মখাৰ লগত টাংগুটি খেলোঁ….
মাঘ বিহু আহিলি আমাৰ চলিমখাৰ গাত তৎ নহৱা হৱেই
চুবাটোৰ গোটাইমখা চলি লগ হৈ ধুম ধাম নৰা কাটোঁ
কাটি ভেলাঘৰ ভেলাপুঁজি বনওঁ
কাবাৰ বস্তিৰপে বিচেৰি বিচেৰি গোধালতা কাটি আনি পুঁজিৰ গাঁথি দেওঁ
কলচোচেনি ধুহি আনি পুঁজিত জামা পিন্ধওঁ
উৰ্কাৰ দিনা ৰাতি কোৰ্হাল কৰি ভেলাঘৰত ভোজ খাওঁ ।
সোঁচাই…
চলি দিনৰ কথাগিলাক মনত পল্লি বৰ ভাল লাগেই জানা !
ধানৰ মাৰনত খোট দিয়া..
মৈহৰ পিঠিত উঠি মৈহ চাৰা…
নষ্টালজিক হৈ পৰোঁ জানা !
বৰ ভাল লাগেই
ইস্কুল বন্ধ থাকবাৰ দিনা ।
বেহেপ পুৱাই
জুইহালত পোৰা আলুইদি
আয়ে উলেই দিয়া
ঝকৰা ভাত কেটমান খাই
পিতেই গম নাপাৱাকে হাতত গুল্টিপাত লৈ বাহিৰ হওঁ
চৰেই চিকাৰ কৰবা ।
আয়ে কৱেই
সোণাটো ঐ , বেছিকে দাউৰি নুফুৰবি
ভাগাৰ লাগবু ।
মোৰ পিছে উল্টাটোহে হৱেই
চৰেই মাৰবা নৰোঁ , দাউৰিহে ফুৰোঁ….
হলিও সেংকে ঘূৰি ফুৰিয়েই ভাল লাগছিল জানা !
কেতবা যাওঁ বান্দৰ খেদবা
গাঁৱৰ গোটাইহোপা চলি ওলেই হাতত টাঙান টোকন লৈ খেদি বান্দৰক তধা মধা দেখওঁ
সেই যাৱাই আৰু একমাহমান নাহেই
পাহেল্লিক্কি আক্কো আহেই…..
সোঁচাই….
মনত পল্লি সেই দিনগিলাকক লেগি আক্কো ঘূৰি যাবা মন যায় ।
সৰু সৰু ঝিয়াগিলাকক ঝোকেই বৰ ভাল লাগছিল জানা !
তোক মই বিয়া কৰম বুলি কলিয়ে সেঁহেত
খঙত ৰবা নৰা হৱেই
মুখখান ফুলালুচি হানকে ফুলেই কৱেই..
মই তোল্লগত বিয়া নহবাহে পাইছি ।
সেহেঁতৰ চখুৰ সেই খংভাৱৰ চাৱনিয়ে
এতিয়াও মোক আমনি কৰেই জানা ।
কেতবা নদীৰ পাৰত যাই বহি থাকোঁ একেলাই…
বৈ আহা পানীখিনিটো কিবা এটা ছন্দ থাকে জানা !
চালি চাই থাকবাৰে মন যায় ।
সোঁচাই সৰুকালিৰ স্মৃতিবোৰ বৰ মধুৰ জানা….!
____________________________________
সুন্দৰ ।