চহী- অঞ্জন কৃষ্ণ শৰ্মা
আপোনাৰ চহীটো
আপোনাৰ পৰিচয়
চহীটো মাৰোঁতে
আপুনি এবাৰ ভাবে
সচেতনভাৱে৷
আপুনি
উকা কাগজত
চহী নকৰে
নিজৰ চহীটোক
আপুনি মৰম কৰে৷
কৰি উঠি
চহীটো এবাৰ আপুনি চায়৷
ময়ো চাওঁ৷
আপুনি চহীৰ তলত
তাৰিখ দিয়ে
বছৰ বাগৰাৰ কেবামাহলৈকে
আপুনি ভুল কৰে চনটো লিখোঁতে!
সন্মত নহ’লে আপুনি চহী নকৰে
চহী কৰি আপুনি সন্মতি দিয়ে!
আপোনাৰ চহীটোয়েই আপোনাৰ মত৷
চহীটো কাট-কুট হ’লে
গ্ৰাহ্য নহয়!
আদেশপত্ৰ
নিযুক্তিপত্ৰ
ধনাদেশ
সকলোতে লাগে এটা
নিখুঁত চহী
প্ৰতিবিম্বৰ দৰে৷
বেংকৰ অফিচাৰে
লটিঘটি কৰি মাৰে
চহীৰ সামান্য
তাৰতম্যত৷
চহীৰ ইমান দাম
চহীৰ ইমান কাম!
ককাদেউতাই টিপচহী দিছিল
দা কুঠাৰ মাৰি মাৰি
থেতেলা খোৱা বুঢ়া আঙুলিৰে
হাকিমৰ সমুখত হাজিৰ হৈ৷
বহুবাৰ
বহু কাৰণত
ককাদেউতাই টিপচহী দিছিল৷
আঙুলিৰ ৰেখাবোৰ
টিপচহীত জিলিকি উঠে
টিপচহী দি উঠি
চকুহাল সেমেকি উঠে
মাটিবোৰ মহাজনৰ
নামত উঠে৷
টিপচহীত
সলনি হয়
চিথা বহীত নাম!
মোৰ প্ৰেকটিকেলৰ বহীখনত
ছাৰৰ চহীৰ কাষত
অনিয়মীয়া বুলি
সংক্ষেপে লিখা থাকে৷
সেইটো চহীৰ বাবেই
শ্ৰেণীত মই পিছপৰি ৰওঁ
প্ৰতিবাৰতে৷
চহীয়ে নিৰ্ণয় কৰে স্থান!
চহীৰ ইমান দাম!
আপোনাৰ চহীটো
মই চিনি পাওঁ
আপুনি মোৰ
পৰম মিত্ৰ!