চাকৰিৰ বাবে পতা পৰীক্ষা আৰু অসমীয়া যুৱচামৰ মনোভাৱঃ (-প্ৰতাপ প্ৰতীম বৰুৱা)

চাকৰিৰ বাবে পতা পৰীক্ষা আৰু অসমীয়া যুৱচামৰ মনোভাৱঃ (-প্ৰতাপ প্ৰতীম বৰুৱা)

সাধাৰণতে দেখা যায় যে আমাৰ সাধাৰণ অসমীয়া লৰা-ছোৱালীখিনিয়ে কোনো আগতীয়া পৰিকল্পনা আৰু প্ৰস্তুতি নোহোৱাকৈ চাকৰিৰ বাবে পতা পৰীক্ষাবিলাকত অৱতীৰ্ণ হয়। ফলত বেছিভাগেই কৄতকাৰ্য্তা লাভ কৰিব নোৱাৰে। আৰু দুবাৰমান অকৄতকাৰ্য্য হোৱাৰ পিছ্ত হয় পৰীক্ষাবিলাকলৈ ভয় কৰে নহয় পৰীক্ষাবোৰ ভেকোভাওনা বুলি নিজকে আৰু আনক সান্ত্বনা (?) দিয়ে। ইফালে নিজৰ বয়স বেছি হৈ যায় আৰু এটা সময় আহে যেতিয়া হঠাৎ এদিন আৱিষ্কাৰ কৰে যে এতিয়া চাকৰি পোৱাৰ বয়সেই নাই।

মোৰ মতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পা্ছ কৰি স্নাতক শ্ৰেণীত নামভৰ্ত্তিৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে ভবিষ্যতৰ চাকৰিৰ কথা চিন্তা কৰা ভাল । (যিহেতু স্নাতক হোৱাৰ পিছতেই চাকৰিৰ দুৱাৰখন খোল খাই যায়।) স্নাতক শ্ৰেণীৰ পঢ়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে চাকৰিৰ বাবে পতা প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ বাবে (যেনে – বেংক, আয়কৰ বিভাগ, পুলিচ বিভাগ, বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ সংস্থা, বিভিন্ন বীমা কোম্পানী, আদি ) নিজকে প্ৰস্তুত কৰা ভাল। তিনিজন বা চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে মিলি একো একোটা সৰু সৰু ষ্টাডি গ্ৰুপ পাতি ল’ব পাৰে। প্ৰয়োজনীয় কিতাপ, চি.ডি. আদি গোটেইকেইজনে মিলি কিনিলে গাইপতি খৰছ কমকৈ পৰিব। নিজৰ চহৰত থকা জনা-শুনা ব্যক্তিসকলৰপৰা (যেনে – মহাবিদ্যালয়ৰ শিক্ষক, বেংকৰ মেনেজাৰ, বিভিন্ন কোম্পানীৰ উচ্চ পদস্থ বিষয়া আদি) মাজে মাজে সহায় ল’ব লাগে। আগ্ৰহেৰে আৰু ভদ্ৰভাৱে কাৰোবাক অনুৰোধ কৰিলে সকলোৱে নিশ্চয় সহায় কৰিব।

এনেকৈ প্ৰস্তুতি চলাই স্নাতক হোৱাৰ পাছতেই যদি পৰীক্ষাবিলাকত অৱতীৰ্ণ হোৱা যায়, তেন্তে কৄতকাৰ্য্তা লাভ কৰাৰ সম্ভাৱনা বহুত বাঢ়ি যাব। যিমান সোনকালে চাকৰি পোৱা যায় সিমানে ভাল।  চাকৰি পোৱাৰ পিছতো স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে বা তাতোকৈও ওপৰৰ পঢ়া-শুনা কৰিব পাৰি।|

 

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!