চাকৰি এটা আছে বাবেই (ড° সমাদৃতা গোস্বামী)

চাকৰি এটা আছে বাবেই
লোলুপ দৃষ্টিৰে নাচাব আমাৰ পকেটলৈ৷
মাটি বন্ধকি থৈ পিতায়ে দিছিল ধন
পঢ়াত দিছিলো মন
সেই দিনৰে পৰাই চাকৰিৰ বাবে মনত লৈছিলো পণ৷
আপুনি কোন মোৰ দৰমহাৰ হিচাপ ৰাখিব
আপুনি কোন মোৰ অট্টালিকা, গাড়ী, বৈদেশিক ভ্ৰমণৰ হিচাপ কৰিবলৈ??
এই যে সংস্থাপন নহ’ল বুলি এতিয়া দেদাউৰিয়াই মৰে
পঢ়ি থকা কালত কিমান মনোযোগেৰে
পঢ়িছিল সেয়া জানো হিচাপ কৰে?
ঘোচ দিবলৈ টকা নাই বুলি যে চিস্টেমক গালি পাৰে
ঘোচ নিদিয়াকৈ পাব পৰা চাকৰিবোৰৰ বাবে জানো মানসিক পৰিশ্ৰম কৰে?
মিছাতে আপুনি মোৰ জেপলৈ নাচাব৷
লাহ-বিলাসত উৰি ফুৰা জাকৰুৱা চৰাই বুলি আমাক নক’ব৷
নিজৰ ভাগ্য মানুহে নিজেই নিৰ্মাণ কৰে৷
আপুনিহে নিজৰ ভাগ্যকে দোষী মৰে৷
জমা পইচা থাকক বা নাথাকক আমাৰো আছে হৃদয়
আমিও দিওঁ আনক আশ্ৰয়
সেইবুলি, পইচা ঘটিছো বুলিয়েই অবাবতে ভৰাই দিব নোৱাৰো আপোনাৰ পকেট
আমাৰ সপোনেৰে জীয়াই থকাৰ আমাৰো আছে অজস্ৰ বাজেট৷
চাকৰি এটা থকাটো জানো দোষ?
দুবেলা দুসাজ ভালকৈ খাবলৈ পোৱাটোত আপোনাৰ কিয় ইমান আক্ৰোশ?
কপালৰ ঘাম মাটিত পেলাই কৰো শ্ৰম
আপুনিতো নলয় মোৰ কষ্টৰ গম?
লোলুপ দৃষ্টিৰে নাচাব আমাৰ পকেটলৈ,খবৰদাৰ৷
চাকৰিয়াল বুলিয়েই পুৰাব নোৱাৰো আপোনাৰ প্ৰত্যেকটো আব্দাৰ৷৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!