চাদৰ (বি.জে. ৰঞ্জন)
নিৰ্জন দুপৰ।
আকাশত কলা বগা ডাৱৰবোৰে ভিৰ কৰিছেহি। এটা হপ্হপীয়া গৰম চৌপাশে বিয়পি পৰিছে।
দেবীকাই ঘৰৰ ভিতৰৰ পৰা বিচনা-চাদৰখন ৰ’দাবলৈ উলিয়াই আনিলে। বিচনাৰ তলপৰাখন বহুত পুৰণি হৈছে, জহি ফিচিকি চাদৰখনত কেইবাটাও সৰু-ডাঙৰ ফুটা হৈছে। তাই সেইখন চোতালৰ তাঁৰডালত ওলমাই মূৰ এটা টানি থাকোঁতে তলপৰাৰ ফুটাৰে দূৰত সোনেশ্বৰক আহি থকা দেখিলে। সি সিহঁতৰ ঘৰৰ ফালে আহি আছে, হাতত এটা টোপোলা।
সোনেশ্বৰে সোমাই আহি টোপোলাটো দি তাইক ক’লে- “আজি মই ভাত খাই যাম, ভালকৈ ৰান্ধ” – বুলি সি ভঙা মূঢ়াটো টানি আনি বহি ল’লেহি, হাতত থকা মোবাইলটোত বিহু নে কি এটা গান বজাই দিলে।
তাই টোপোলাটো চাই দেখিলে কেইকেইটামান মাছৰ টুকুৰা, মিঠাতেলৰ এটা সৰু পেকেট, আদা এডোখৰ, জলকীয়া দুটামানৰ সৈতে বিলাহী কেইটামান।
দুপৰীয়া-গধূলিয়ে যেতিয়াই তেতিয়াই সি হঠাৎ আহি ওলায়হি। দেবীকাৰ লগত নানা ৰকমৰ মেল-মক্কেল মাৰি দুখনমান তামোল চোবোৱা হোৱাৰ পিচতহে সি যায়গৈ।
-“তৰা কেতিয়া আহিব” – সি এনেয়ে সোধে।
-“জানো, পূজাত অহা কথা আছিল। আহিব দিয়ে নে নাই আকৌ তাইৰ মালিকে” – দেবীকাই কয়।
তৰা সিহঁতৰ জীয়েক, গুৱাহাটীত এঘৰত বন কৰা ছোৱালী হৈ আছে যোৱা দুবছৰে। মালিকহঁতে তাইক ঘৰলৈ সিমান আহিব নিদিয়ে। দেবীকাই বেয়া নাপায়। কিনো কৰিব তাই ঘৰলৈ আহি। মিস্তিৰী কাম কৰা নিবোকা গিৰিয়েক দেৱেনৰ সাংসাৰিক দিশত মনকাণ নাই। কামকৰি সি ঘৰ আহি পায় মানে ৰাতি আঠটাই বাজে। ঘৰ পায়েই সি দেবীকাক সোধে- “ভাত ৰান্ধিলিনে”। তাৰপিচত সি তুলিৰ তলত পইচাকেইটা থৈ বিড়ি টানি টানি বাহিৰত বহে। এটা সময়ত তাৰ মন গ’লে চৰুৰ পৰা ভাতকেইটা বাঢ়ি লৈ খায়, তাৰ পাছত বাঁহৰ বিচনাখনত চেপেটা তুলিখনৰ ওপৰত তাৰ ক’লা পৰা চেপেটা দেহটো পেলাই বিড়ি টানি টানি শুই পৰে, কেতিয়াবা আক’ ওৰে ৰাতিটো কাহিয়ে থাকে। আকৌ পুৱা হলেই ফাৰ্নিচাৰ হাউচত কাম কৰিবলৈ ওলাই যায়।
দেবীকাৰ পোন্ধৰ বছৰমান বয়সতে বিয়া হৈছিল। তাৰ আগতে তাই মানুহ এঘৰত সৰুৰ পৰাই থাকি কাম কৰিছিল। লোকৰ এৰা-চচৰা খাই কষ্টত ডাঙৰ হ’লেও দেবীকাৰ স্বাস্থ্যপাতি ভাল আছিল। তাই কাম কৰা মানুহঘৰেই এসময়ত তাইৰ দেৱেন মিস্ত্ৰীৰ সতে যোৰা পাতি দিছিল।
দেবীকাই মাজে সময়ে টাওনৰ তামুলী মহৰীৰ ঘৰত চাউল জাৰা, ঢেঁকী দিয়া আদি ধৰণৰ কাম কৰে। সোনেশ্বৰেও তামুলীহঁতৰ ঘৰত বহু বছৰৰ পৰাই কাম কৰি আছে। হৰেক কিচিমৰ কাম তাৰ; গাই খীৰোৱা, গেচ চিলিণ্ডাৰ অনা, আম পৰা, পুখুৰীত মাছ মাৰি মাছৰ বাকলি গুচোৱা, শাক বাচি দিয়া, বজাৰৰ পৰা গেলামাল অনা ইত্যাদি নানান ধৰণৰ কাম। বিনিময়ত ভাত এসাঁজ বা দুসাঁজ আৰু টকা বিশ-ত্ৰিশটামান।
সিদিনা দেবীকাই তামুলীহঁতৰ বাৰীৰ পিচফালে পুখুৰীত কাপোৰ এগাল ধুই অটাই ৰছীত কাপোৰ আঁৰি দি আছিল। পানীত নামি কাপোৰ ধুওঁতে পানীত তিতি তাইৰ গাৰ চাদৰখন কেতিয়া বুকুৰ পৰা নামি গৈ শৰীৰৰ ক’ত লাগি ৰৈছিলগৈ তাইৰ খবৰ নাছিল। দেবীকাৰ অৰ্ধখোলা বহল বগা বুকুখনি পানী আৰু ঘামৰ মাজৰে ৰ’দত জ্বলমলাই উঠিছিল। অদূৰত পুখুৰীতে বৰশী বাই থকা বৰলা সোনেশ্বৰৰ চকুত সেই জ্বলমলনিয়ে আহি চাঁত মাৰি ধৰিলেহি, সি ৰ লাগি তাইলৈ চাই ৰ’ল। বৰশীৰ পুঙাটো তাৰ ইতিমধ্যে কেইবাবাৰো পানীত নেদেখা হৈ পৰিল, সি চিপ মাৰিব পাহৰি গল, চেঙেলী নে কি এটাই তাৰ টোপবোৰ বাৰে বাৰে গিলি গৈছেহি। পুখুৰী পাৰৰ দেবীকাক বৰ বৰালীজনী যেন দেখিলে সি। বৰশীৰ চিপ মাৰি চেঙেলী কেইজনী ধৰিবৰ আৰু তাৰ ইচ্ছা নাইকিয়া হৈ গ’ল।
তাৰ পিচৰপৰাই সোনেশ্বৰে দেবীকাহঁতৰ ঘৰত ঘূলি পকোৱা আৰম্ভ কৰিলে, তাইৰ ধাক-অধাক শৰীৰৰ পৰা বাগৰি পৰা ঢৌবোৰে তাৰ ঘূলিটো ক্ৰমাৎ চঞ্চল আৰু অশান্ত কৰি বহলাই লৈ গ’ল। তৰাং পানীত চকামকাকৈ দেখা পোৱা টোপগিলা মাছজনীলৈ যেনে এক লোভ জাগে, তেনে এটা লোভত বন্দী হৈ সি সিহঁতৰ ঘৰলৈ সঘনাই অহা-যোৱা আৰম্ভ কৰিলে। এটা সময়ত তাৰ ভাৱ হ’ল যে তাৰ ঘূলিটো বেচ ডাঙৰেই হৈ পৰিল, তাত আৰু বৰশী বা টোপৰ কি দৰকাৰ, জুলুকীৰে মাছজনী হানি-ক্ষতি নোহোৱাকৈ আৰামত উঠাব পাৰি।
প্ৰথম অৱস্থাত সোনেশ্বৰে দেৱেন থকা সময়তহে সিহঁতৰ ঘৰলৈ গৈছিল, আজিকালি দেৱেন নথকা সময়তহে তাৰ বিচৰণ ঘটে।
“এইটো চাচোন”, সি দেবীকাক তাৰ মোবাইলত হিন্দী গানৰ এটা নাচ দেখুৱায়, তাই হালি কাষ চাপি যায়, সি মোবাইলটো তাইৰ হাতত দিয়ে যদিও তাৰ হাতখন এৰি নিদিয়ে, এটা সময়ত নাচ-গান শেষ হয়, তথাপি মোবাইলটো তাই চায়েই থাকে, তাইৰ শৰীৰতো ইতিমধ্যে গানৰ ঢৌ উঠে, সেই ঢৌত তাৰ মূৰটো তাইৰ শৰীৰৰ অ’ত-ত’ত মিহি মিহিকে খুন্দা খায়।
দেবীকাৰ ঘৰত মাছেৰে ভাত খালে সোনেশ্বৰে। খাই উঠি সি অলপ দীঘল দিম বুলি কোৱাত দেবীকাই মজিয়াতে তলপৰাখন পাৰি দিলে….।
সোনেশ্বৰে চিলমিলিয়া টোপনিৰ পৰা হঠাৎ সাৰ পালে। দৰ্জাৰ ফাঁকেৰে দেখিলে দেবীকাই বাহিৰত পানীত তিয়াই তলপৰা চাদৰখন মেলি দি আছে, তেতিয়াহে তাৰ ভাৱ হ’ল ইমান সময় সি কেঁচা মজিয়াখনতে শুই আছিল।
সি বাহিৰ ওলাল, শৰীৰত গধুৰ অৱসাদ। তাইৰ ফালে নোচোৱাকে ক’লে- “বৰষুণ দিব নেকি, মই যাওঁ দে” – বুলি সি সিহঁতৰ ঘৰৰ পৰা লাহে লাহে বাহিৰ ওলাল। তাই নামাতিলে, তলপৰাখন টানি ঠিক কৰি থাকোতে চাদৰখনৰ ফুটাৰে দেখিলে- সি লাহে লাহে খোজকাঢ়ি গৈ আছে।
তাইৰ বিতৃষ্ণা জাগিল। কেনে যেন এটা জানোৱাৰ! তাইৰ দেহাটো মেচিন এটাতহে যেন পিছি গৈছে, সৰ্বশৰীৰত বিষ। জন্তু ক’ৰবাৰ, মানুহে বাৰু এনে কৰেনে- চেকচেকাই বিষাই থকা বুকুখন পিহি পিহি তাই ভাবিলে। তপ্ত শৰীৰ শীতল কৰিবলৈ নমা পুখুৰীটোৰ পৰা তাইৰ শৰীৰলৈ যেন পুখুৰীৰ ঘোলা পানীৰ দুৰ্গন্ধি বোকাহে লাগি আহিল। মিঠাইৰ ক্ষুদ্ৰ কণিকা এটিত এচেলেক মাৰিব খোজোঁতে যেন মাখি এটা মিঠৈৰ ৰসত আঠা লাগি ধৰি উশাহ নোপোৱা হ’ল, তাইৰ নিজৰো তেনে এক উকমুকনি লাগিল।
ৰাতি দেৱেনক তাই ভাতসাজ বাঢ়ি দিলে। তাইৰ ভোক লগা নাছিল। ভাত খাই দেৱেনে বিড়ি এটা জ্বলাই বিচনাত দীঘল দি পৰিল। তাই তাৰ কাষত আহি বহিলহি।
তাই ক’লে-“আজি ঘটনা এটা হ’ল…।”
সি তাইলৈ চালে।
-“সোনেশ্বৰ দুপৰীয়া আহিছিল, সি মোক এইখিনিতে জঁপিয়াই ধৰিলে। মই চিঞৰিব লওঁতে সি মোৰ মুখখনত গবা মাৰি ধৰিলে।” কথাখিনি কৈ দেবীকাই দেৱেনৰ মুখলৈ চালে, দেখিলে সি নিৰ্বিকাৰ হৈ বিড়ি টানি আছে। তালৈ চোৱা বুলি জানি সি তাইৰ মুখলৈ চাই সুধিলে- “তাৰ পাছত?”
-“তাৰ পাছত সি মোক, মোক….”, তাই মনে মনে ৰ’ল।
দুয়োটা কিছু সময় মনে মনে থাকিল। দেৱেনে আৰু এটা বিড়ি জ্বলালে, বিড়িটো দীঘল দীঘল কৈ টানি জুইটো ভালকৈ লগাই এসোপামান ধোঁৱা উৰুৱাই দি কিবা ভাবি ৰ’ল।
তাৰ এই নিৰ্বিকাৰ ৰূপ দেখি দেবীকাৰ খং উঠিল। তাই ক’লে- “সি মোক বিয়া কৰিব খুজিছে।”
দেৱেনৰ সাৰ সুৰ নাই, একান্ত মনে সি কেবল বিড়ি হুপিছে।
তাইৰ খং উঠি কিবা কবলৈ লওঁতেই সি তাইৰ ফালে চাই কলে-“তই কি ক’লি?”
এইবাৰ তাই মনে মনে ৰ’ল।
তাইলৈ একেথৰে চাই সি ক’লে- “তোক মই মাইকী হিচাবে একো দিব পৰা নাই, দিব পৰা মোৰ অৱস্থাও নাই, তই যদি তালৈ যাব খোজ যা, মইনো কি কম, কিন্তু তই এৰি গ’লে মোৰ বৰ কষ্ট হ’ব।”
তাই যেন উত্তৰটো পাই গ’ল। তাৰ হাতখন খামোচ মাৰি ধৰি থোকাথুকি মাতেৰে তাই ক’লে-“তোমাক এৰি ময়ো থাকিব নোৱাৰোঁ।”
মিস্ত্ৰীৰ মুখখন পোহৰ হৈ গ’ল, সি ক’লে- “হ’ব দে, যি হ’ল হ’ল, এইবোৰ অইনক নক’বি, মনে মনে শুই থাক এতিয়া।”
তাই লাহেকৈ তাৰ কাষত বাগৰ দি তাৰ কেৰকেৰীয়া শুকান দেহটোত জোৰকৈ সাৱট মাৰি ধৰিলে। সিও হাত এখনেৰে তাইক কাষলৈ চপাই আনিলে।
আকাশখনে গুৰুম-গুৰুম কৈ গৰজিলে, হঠাৎ এজাক বৰষুণ হুৰমুৰাই নামি আহি চালিত পৰিব ধৰিলে।
সিহঁতৰ গধুৰ ঘন শ্বাস-প্ৰশ্বাসবোৰ বৰষুণৰ শব্দত মিলি নুশুনা হৈ পৰিল।
পিচদিনাও পুৱাই দেৱেন কামলৈ ওলাই গ’ল।
দুপৰীয়া সোনেশ্বৰ আহি ওলালহি। সি তাইলৈ শাৰী এখন আনিছে। তাইক ক’লে-“চা, তোৰ বাবে কি আনিছো। জৈনালৰ দোকানৰ পৰা আনিলো, তোৰ যদি পচন্দ নহয়, বদলাই আন এখন আনিব পাৰিবি।”
তাই টোপোলাটো লৈ তাৰ ফালে চালে। অলপ ৰৈ লাহেকৈ তাই ক’লে- “সোনেশ্বৰ, তই আৰু ইয়ালৈ নাহিবি। মিস্তিৰিক কোনোবাই লগাইছে, কালি ৰাতি মিস্তিৰিয়ে মোক কৰটেৰে ডিঙি কাটিব ওলাইছিল, আৰু কৈছে যে যদি তোক আৰু কেতিয়াবা ইয়ালৈ অহা তেওঁ দেখা পায়, তোক হেনো হাতুৰীৰে মৰিয়াই মূৰ গুড়া কৰিব আৰু লগতে মোকো দুচোৱা কৰিব।”
শুনিয়ে সোনেশ্বৰে সন্ত্ৰস্ত হৈ ক’লে- “মই যাৱেঁই দে, মোৰ কাম আছে।”
দেবীকাই দেখিলে লৰি যোৱাৰ দৰেই সি মুহূৰ্ততে সিহঁতৰ ঘৰৰ বাজ ওলাল, কেনিও নোচোৱাকৈ সোঁ-সোঁৱাই বাট ললে, আৰু নাইকিয়া হৈ গ’ল।
দেবীকাই শাৰীখন এবাৰ চুই চালে-মিহি, বেয়া নহয়।
ঠিক কৰিলে তাই এতিয়া ওলাই যাব। জৈনালৰ দোকানত গৈ শাৰীখন বদলাই এখন নতুন তলপৰা চাদৰ আনিবগৈ। পুৰণি চাদৰখন কালিৰ পৰা তাই কাথি মচা লেচা কৰিছে।
বাহিৰত ফৰকাল বতৰ।
আগদিনা ৰাতিৰ বৰষুণৰ পানীয়ে গোটেইখন মুকলি আৰু চাফা কৰি ধুই নিছে।