চাবমেৰিন – পৰী শ্যামলী ভূঞা

:’চাবমেৰিন দেখিছা? ’

:’ও দেখিছো’

:’কেনেকুৱানো মা?’

:’একেবাৰে ঠেক, মেচিনবোৰৰ মাজে মাজে অকণমান যি ঠাই সিমানেই ঠাই৷ ’

:’দেউতানো কেনেকৈ সোমাই থাকে তাত?’

:’সৰু সৰু কোঠা আছে নহয় তাতে থাকে’

:’শুবলে বিছনা আছেনে মা?’

:’ও আছে’

:’দেউতাৰ তাৰ ভিতৰত আমনি নালাগে জানো?’

:’লাগে, পিছে কামো বহুত হয়৷ লেপটপটো লগতে থাকে নহয়, যি টি কৰি থাকে৷ আমনি লাগিলে চিনেমা চাই নিউজ পঢ়ে আৰু …’

:’আৰু কি?’

:’আৰু এই কণমানিটোৰ ফটোবোৰ চাই থাকে ’

মাকৰ কথাত হাঁহিৰে পোহৰ হৈ উজলি উঠিল কণমানিটোৰ মুখখন৷

:’দেউতাই সাগৰৰ তলতো ফটো চায়?’

:’ও চায়, তোমালৈ যে মনত পৰে সেয়ে চায়’

:’তেতিয়াহলে দেউতাইনো ফোন এটাও কিয় নকৰে মা?’

:’চাবমেৰিনৰ পৰা ফোন কৰিব নোৱাৰে নহয়’

:’তেতিয়াহলে দেউতা ইমান দিন কিয় নাহে?’

:’দেউতাৰ লগত বহু মানুহ থাকে৷ সকলো লগ লাগি চাবমেৰিনখন বহু দূৰলৈ লৈ যায়৷ সেয়েহে সময় লাগে৷ আৰু আমাৰ এই কণমানিটোক চাবলৈ দেউতায়ে খুব স্পিডত চলাই দিয়ে নহয়, যাতে সোনকালে ঘৰ পায়হি৷ ’

খিলখিলাই হাঁহি উঠিল কণমানিটো৷ সেই হাঁহিটিয়ে যেন পৰীক সকলো চিন্তাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে৷ সকাহ দিয়ে তাইৰ এই অকলশৰীয়া সময়বোৰত৷ জনা হৈ অহাৰে পৰা লৰাটোৰ বাঢ়ি অহা প্ৰশ্নৰ উত্তৰ দি দি তাই ভাগৰি পৰিব ধৰিছে৷ কিমানদিননো কণমানিটোক এই উত্তৰবোৰেৰেই সন্তুষ্ট কৰি ৰাখিব৷ জনা হৈ অহাৰ পৰাই তাৰো মনত উৎসুকতা বাঢ়িব ধৰিছে৷ দেউতাকক পাবলৈ ব্যাকুল হৈ উঠি, কন্দা কটা কৰিবলৈ লোৱা লৰাটোৰ মনটোক বুজনি দিবলৈ তাইৰ থৰকাচুতি হেৰুৱাই৷

:’দেউতা চাবমেৰিনত কলৈ যায়?’

:’দেউতা চাবমেৰিনত সাগৰৰ তলে তলে চাৰিওফালে ঘূৰি ফুৰে’

:’কিয় ঘূৰি ফুৰে মা, আমাকো নিব পাৰে’

:’দেউতা ব’ৰদাৰত ঘূৰি ফুৰে যাতে বাহিৰা শত্ৰুৱে মনে মনে আহি আমাৰ ঠাইত সোমাবহি নোৱাৰে, সেয়ে আমাক নিব নোৱাৰে’

:’মোক চাবমেৰিন দেখুৱাবলৈ লৈ যাবা মা?’

:’কিয় নিনিম, নিশ্চয় যাম, দেউতা আহক আমি তিনিও যাম চাবমেৰিন চাবলৈ হবনে ?’…

সন্তুষ্টিৰ হাঁহি এটা মাৰি টোপনিয়ে টানি অনা তাৰ চকুকেইটা তৎক্ষণাত জাপ খাই গল৷ পৰীয়ে থৰ লাগি চায় ৰয় তাৰ কুমলীয়া মৰমলগা মুখখনিত৷ সেই মুখখনতে যেন তাই জীয়াই থকাৰ পোহৰ বিচাৰি পায়৷ এনেকৈয়ে আজি তিনিটা বছৰেই পাৰ হল৷ কত’ উজাগৰী নিশা পাৰ কৰিছে তাইৰ মনতে নাই৷ এতিয়া সি ডাঙৰ হৈ অহাৰ পৰাই যেন তাইৰ আজিকালি অলপ ভালকৈ টোপনি অহা হৈছে৷ এতিয়া যেন তাইৰ ধৈৰ্য্য ধৰা দিনবোৰত কণমানিটোৱেও লাহে লাহে ভাগিদাৰি হবলৈ আগবাঢ়ি আহিছে৷ তাইৰ ধৈৰ্য্যৰে ভৰা সময়বোৰ যেন কণমানিটোক দিয়া সময়বোৰেই উৰাই লৈ যাবলৈ ধৰিছে৷

●●●●●●●●

কিন্তু আজি এসপ্তাহমানৰ পৰা পৰীক ভিতৰি ভিতৰি এক গভীৰ অস্থিৰতাই কঁপাই তুলিব ধৰিছে৷ চাবমেৰিনৰ ভিতৰখনৰ কথা মনলৈ আহিলেই তাই সিয়ঁৰি উঠে৷ তাইক যেন কিবা অমূলক চিন্তা এটাই ভিতৰি ভিতৰি কুৰুকি পেলাব ধৰিছে৷ তাই নাজানে মানুহজন আজি পানীৰ কোনটো কোণত? পানীৰ কিমান গভীৰত? এমাহৰো ওপৰ হবলৈ হোৱা মানুহজনে বাৰু সেই বন্ধ মেচিনবোৰৰ মাজত যাতনা ভূগা নাইনে! ! যোৱা দিনাৰপৰাই কোনো খবৰেই নোপোৱা, কোনো শুংসূত্ৰ এটাও নোপোৱাকৈ থকা পৰীৰ চকুৰ আগত চাবমেৰিনৰ ভিতৰৰ প্ৰতিছবিবোৰ পলে পলে ভাঁহি আহি দেখা দিবলৈ ধৰিছে৷ মনলৈ আহিলেই তাই সিয়ঁৰি উঠিব ধৰে৷ হাৰবাৰ পালেগৈয়ে নিশ্চয় ফোন এটা আহিব৷ মনতে আশা পালি পালি ৰৈ থকা তাইৰ মনটোৱেহে জানে এই এটা এটা পল কিমান যন্ত্ৰণাদায়ক ! ! ! লৰাটোক নানা বুজনিৰে আশ্বাস দিয়া পৰীজনীয়ে নিজেও অকণমান আশ্বাসভৰা সংকেত পাব বিচাৰে মনৰ মানুহজনৰপৰা৷ চাবমেৰিনখন ৰাওনা হোৱাৰ আগমুহূৰ্তলৈকে দলটোৱে সঠিককৈ প্ৰায় নিজেই নাজানে মিচন কি, গন্তব‍্য স্থান কি, কিমান দিনৰ৷ যোৱাৰ সময়ত চাবমেৰিনৰপৰাই তাইলৈ তেওঁ শেষ বাৰ ফোনযোগে কথাপতা৷ সেই দিন ধৰি দীঘল দীঘল যেন লগা দিনবোৰ পাৰ হৈ আজি এমাহ পাৰ হবলৈ ধৰিছে৷ তাই এক অজান অস্থিৰতাত ভূগিব ধৰিছে৷ তাইৰ মনত পৰে চাবমেৰিনখন দেখুৱাবলৈ তেওঁ তাইক লগত লৈ যোৱা সেই দিনটোৰ কথা৷ এক শ্বাসৰুদ্ধ পৰিবেশ, বন্ধ মেচিনবোৰৰ মাজেৰে তাই তেওঁক অনুসৰণ কৰি খোজ দি আগবাঢ়িছিল মাথোঁ৷ তাতেই তাই অস্বস্তি পাই চিঞৰি উঠিছিল..’ ইয়াতচোন মানুহ ঘূৰা-মেলা কৰিবলেই ঠাই নাই ’..এঘণ্টা সময়েই তাই থাকিব নোৱাৰি বাহিৰলৈ ওলাই আহিব বিচাৰিছিল৷ সেই সময়ত তেওঁ তাইক কৈছিল..’আমি ইয়াতে সূৰ্য্য নেদেখাকৈ মাহ মাহ পাৰ কৰোঁ, এঘণ্টা তুমি সহ্য নকৰানে?’..

সেই সময়ত তেওঁ কোৱা সেই কথাষাৰে অবিশ্বাস‍্য ভাবে সাহস জগাই তুলিছিল তাইৰ জীৱনত৷ আজি আকৌ তাইৰ কাণত সেইকথাষাৰ প্ৰতিধ্বনিত হবলৈ ধৰিলে৷ তাইৰ চকু জিলমিলাই উঠিল৷ …’মা তুমি কান্দিছা, দেউতা ব’ৰদাৰৰপৰা কেতিয়া আহিব’….তাইৰ কণমানিটোৰ মাত৷ তাই তৎক্ষণাত নিজকে সংযত কৰি স্বাভাবিক পৰিবেশলৈ ঘূৰি আহিবলৈ যত্নপৰ হৈ উঠিল৷

..’বেছিদিন নাই সোনকালেই আহিব, এতিয়া তুমি শুই থাকা’…তাৰ টোপনি আহিব ধৰিছিল৷ তাই তাৰ চুলিত আঙুলি বোলাই দিলে৷ সি তৎক্ষণাত শুই পৰিল৷ পৰীৰ মনটো গুচি গল চাবমেৰিনখনৰ পাছে পাছে তাইৰ মনৰ মানুহজনৰ কাষলে৷ এক অবৰ্ণনীয় শোকে খুন্দা মাৰি ধৰিছে তাইক৷ …
‘চাবা মূৰত খুন্দা খাবা, যিমানপাৰা হাউলি পাৰ হোৱা’…তেওঁ একে উশাহতে তাইক কৈছিল যেতিয়া তাই চাবমেৰিনৰ সেই সুৰংগসদৃশ দুৱাৰখন পাৰ হবলৈ হাউলিব ধৰিছিল৷ দুৱাৰখন পাৰ হওঁতে তাই সিয়ঁৰি উঠিছিল৷ মেছিনবোৰৰ মাজত থকা কণমান বাটত আগবাঢ়ি যাওঁতে দুয়োজনে একেলগে সমানে আগবঢ়ি যোৱাই অসম্ভৱ হৈছিল৷ অগাপিচাকৈ যাব লগা হোৱাৰ বাটটোত কিমানবাৰ যে হাউলিবলগিয়া হৈছিল তাৰ হিচাবেই নাছিল৷ ..
:’আমাৰ শোৱা কোঠা চাবা…? ’আহা’..কৈয়ে তেওঁ নিজৰ বিছনাখন দেখুৱাবলৈ তাইক লৈ গৈছিল৷ বিছনাখন দেখিয়ে তাই সচকিত্ হৈ উঠিছিল৷ বিছনাখনেই কোঠাতো! ! এখনৰ ওপৰত এখন বিছনা৷ ..
‘এই কণমানি ঠাইখনেই আমাৰ সকলোতকৈ সুখৰ আৰু আৰামৰ ঠাই৷ য’ত ভৰি হাত মেলিবলৈ ঠাই পোৱা যেন অনুভৱ কৰোঁ, অলপ সময় আৰামেৰে বহি সময় কটাব পাৰো’…এক স্বস্তিৰ নিশ্বাস এৰি কথাখিনি কৈ তেওঁ সেই বিছনাখনত তাইক বহোৱাই দিছিল৷ তাই শুই চাইছিল সেই বিছনাখনত যিখনে মানুহজনৰ সকলো কষ্ট ভাগৰ কিমানবাৰ চাগে ভগাই লৈছিল৷ এতিয়া এই দোভাগ ৰাতি তেওঁ চাগে সেই বিশ্ৰামস্থলত? শুব পাইছে নাই, নে এতিয়াও কৰ্মৰত হৈ পিয়াপি দিছে ইফাল সিফাল৷ আজিও তাইৰ সেই একেই চিন্তাই টোপনিবোৰ উৰুৱাই নিবলৈ ধৰিলে৷ মাহ মাহ ধৰি গা নোধোৱাকৈ থাকিবলগা হোৱা মানুহজনলৈ হঠাৎ মনত পৰি তাইৰ অকলে নিজৰ মাজতে এই নিশাখন হাঁহি উঠিব ধৰিলে৷ তেওঁ কৈছিল চাবমেৰিনত ইউনিফৰ্ম পিন্ধা নহয়৷ দুদিন পিন্ধি কাপোৰবোৰ পেলাই দিয়া হয়৷ সেয়েহে সাধাৰণ কাপোৰে তৈয়াৰি ড্ৰেছ ৰখা হয়৷ তাইৰ প্ৰায়ে মনত পৰে সেইদিনটোলৈ, যিদিনা ডেৰ মাহৰ মূৰত হাৰবাৰত উপস্থিত হয়ে তেওঁ খৰখেদাকৈ ঘৰ আহি সোমাইছিলহি৷ তেওঁৰ মুখত ভবকা দাড়ি, দীঘল চুলি৷ সেইদিনা সিহঁত দুয়োয়েই তভক লাগিছিল তেওঁৰ চেহেৰা দেখি৷ সেইসময়ত কণমানিটো যথেষ্ট সৰু আছিল৷ দেউতা বুলি কোৱা স্বত্বেও সি আগবাঢ়ি নগৈছিল৷ তেওঁ দাড়ি চুলি কটাৰ পাছত সি খুউব ফুৰ্তি কৰিছিল, খঙো কৰিছিল তাৰ মাজতে সি কান্দিছিল৷ সি সুধিছিল দেউতাকক….
‘কিয় ইমানদিন নাহা দেউতা৷ আমি বহুত মনত পেলাওঁ তোমাক’…সি নেদেখাকৈ তেখেতেও চকু মোহাৰিছিল৷ যাবৰ সময়ত আকৌ কান্দি উঠিছিল সি

..’ দেউতা আকৌ কিয় যাব ওলাইছা, আমাৰ লগত থাকানা ’…তায়ো কান্দি উঠে, কিন্তু চকুলোবোৰ যেন ভিতৰতে জাহ নিয়াবলৈ চেষ্টা কৰে কণমানিটোক সান্ত্বনা দিবলৈ, মানুহজনক সান্ত্বনা দিবলৈকে৷ …’মই পাৰিম যোৱা, আমাৰ চিন্তা নকৰিবা, আমি ভালে থাকিম, তুমি নিজৰ কথা ভাবিবা’…তাই এবুকু সাহস নিজে বান্ধি, এবুকু সাহস তেওঁকো যাচি সদায় এইদৰে তেঁওক বিদায় জনায়৷

●●●●●●●●

ৰাতিপুৱাৰ চৰাইৰ বিননিত তাই খপজপকৈ সাৰ পালে৷ ভাৱনাবোৰৰ মাজত কেতিয়ানো টোপনি গলগৈ নিজেই গম পোৱা নাছিল৷ ৰাতিৰ আন্ধাৰ আঁতৰিছেহে৷ সুৰুযৰ প্ৰথম কিৰণবোৰে চাৰিওফাল জকমকাই তুলিছে৷ সতেজতাৰ এই কিৰণবোৰে আকৌ তাইক তেওঁলৈকে মনত পেলায় দিলে৷ বিশুদ্ধ মুকলি বতাহ পাবলৈ তেওঁলোক পানীৰ ওপৰলৈ বাৰু এবাৰো উঠি আহিছেনে নাই৷ দিন সপ্তাহ মাহ ধৰি চাগে সূৰ্য্যৰ কিৰণো দেখা নাই তেওঁ৷ তাইৰ মনতো সেমেকি উঠিল৷

বিছনা এৰিয়েই খৰধৰকৈ পুৱাৰ ব্ৰেকফাষ্ট তৈয়াৰ কৰি লৰাটোক উঠালে৷ তাক খাবলৈ দি নিজেও বহি ললে৷ ..’মা, দেউতাৰ কাৰণেও থৈ দিয়া, আহি খাব৷ পানীৰ তলত দেউতাই কিবা খাব পাইজানো?’..প্ৰায় এইদৰে কোৱাৰ দৰেই আজিও ব্ৰেকফাষ্ট টেবুলত তাৰ একেষাৰ কথা৷ তাৰ প্ৰশ্নৰে ভৰা, কৌতুহলৰে ভৰা মনটোক তাই সদায় সান্ত্বনা আৰু বুজনিৰে উপচাই পেলায়৷ ..’চাবমেৰিনৰ ভিতৰত খাদ‍্যৰ আকাল নহ’বলৈ বহুত ডাঙৰ ডাঙৰ ফ্ৰিজ ৰখা হয়৷ যত মাহজুৰি খোৱাবস্তু ৰখা যায়৷ শেষ হলেও ওচৰৰ যিকোনো হাৰবাৰত গৈ খোৱাবস্তু আকৌ ভৰাই লোৱা হয়৷ দেউতাৰ খোৱাত কোনো অসুবিধা নহয়’..সিও মূৰ দুপিয়াই শুনে৷ একেষাৰ কথাকে তাই কিমানবাৰ কবিতাৰ দৰে আবৃত্তি কৰিব লগা হয় তাই নিজেও হিচাপ নাপায়৷ মাথো কণমানিটোৰ সন্তোষ ভৰা মুখখনি চাই ৰয় তাই৷

হঠাৎ সিহঁতৰ কথাবোৰ তল পৰি ৰল টিভিত বাজি উঠা বাতৰি এটাত৷ “চাবমেৰিনত ব্লাষ্ট”! ! ! ! ! চক খাই উঠিল তাই৷ টি ভিৰ স্ক্ৰিনত বাজি উঠা শব্দকেইটাই মুহূৰ্ততে তাইৰ কাণতো ডাঙৰকৈ বিস্ফুৰণ ঘটাই তুলিলে৷ জোৰেৰে তাইৰ কলিজাখন কঁপি উঠিল৷ তাই দৌৰি আহিল টিভিটোৰ ওচৰলৈ৷ ভলিউমটো বঢ়াই তন্ন তন্নকৈ নিউজটো শুনিবলৈ উদগ্ৰীৱ হৈ পৰিল৷ ডাঙৰ ডাঙৰকৈ লিখা শব্দবোৰ টি ভিত ভাঁহি উঠিল মুম্বাই হাৰবাৰত চাবমেৰিনত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ চাবমেৰিন এখনৰ ফটো ভাঁহি উঠিল টিভিৰ স্ক্ৰিনত৷ তাই চক খাই উঠিল ফটোখন দেখি যিখন চাবমেৰিনত কিছুদিনৰ আগতেই মানুহজন ডিউটিত কাৰ্য্যৰত আছিল৷ আজি জুইৰ শিখাবোৰৰ মাজে মাজে! ! ! জ্বলি উঠা সেইখন চাবমেৰিনৰে এই জ্বলন্ত ৰূপ দেখি তাইৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হবলৈ ধৰিলে৷ নিউজত ডাঙৰ ডাঙৰকৈ বাজি উঠিল, চাবমেৰিনত মিচাইলৰ এক বৃহৎ বিস্ফোৰণ ঘটাত শতাধিক লোকে প্ৰাণ হেৰুৱাইছে, কেইবাজনো এতিয়া পয‍্যন্ত সন্ধানহীন৷ পলকতে নিথৰ হৈ ৰৈ গল তাই৷ দুই চকুত অশ্ৰু বাগৰি আহিল৷ সেই সকলোবোৰৰ কি হ’ল সিকল সেই সময়ত তাত কৰ্তব্যৰত আছিল? ঘটনাটো হবলৈ পালে কেনেকৈ? বাকিসকল কোন যিসকল এতিয়া পৰ্য্যন্ত হেৰাই আছে? তেওঁলোকক বাৰু জীৱিত পোৱা যাবনে? পানীৰ সোঁতত উদ্ধাৰ হ’বনে ? পৰিয়ালবোৰৰে বা কি অৱস্থা হৈছে? তাইৰ মনত একেলগে শ শ প্ৰশ্নৰ ধুমুহা বৈ যাব ধৰিলে৷ ভীষণভাবে অন্তৰখন কঁপিব ধৰিলে৷ তেওঁলোক থকা চাবমেৰিনখন! ! কত সেইখন? সেইখনটো পানীৰ তলতে৷ যোৱাৰ দিনৰপৰা ধৰি আজি এমাহ কোনো খবৰে নাই! ! ! পানীৰ বেছি গভীৰতালৈ সোমাই যোৱা চাবমেৰিন পানীৰ প্ৰেচাৰত ওপৰলৈ উঠি অহাৰ সম্ভাৱনা হেৰুৱাই পেলায়৷ তেওঁলোকৰ কিয় ইমানদিনে খবৰ অহা নাই? নানান প্ৰশ্নই খেলা কৰিব ধৰিলে তাইৰ মনত৷ নাই সকলো ঠিকেই আছে, তাই মনোবল বঢ়ায়৷ ৷ মূখ‍্য কেন্দ্ৰৰ পৰা তেওঁলোকৰ লগত প্ৰতিসময়তে যোগাযোগ থাকে৷ নহ’লে কিবা খবৰ নিশ্চয় আহিলহয়৷ অন‍্যথা তেওঁলোকৰ খবৰ কোনেও নাপায়৷ নিজৰ মনতে নিজে কথাখিনি জুকিয়াই তাই মনোবল বঢ়াই৷ ক্ষন্তেক সময়ৰ বাবে কলিজাখন যেন কিছু শান্ত হৈ ৰয়৷ এনেবোৰ চিন্তা আৰু তাই কোনো বেলেগ নহয়৷ তাইৰ ছাঁটোৰ দৰেই এইবোৰ চিন্তা তাইৰ পিছে পিছে ঘূৰে৷ মনটোত অহেতুক চিন্তাই তোল পাৰ লগায়৷
●●●●●●●●●

নিশা নামিল৷ লৰাটো টোপনি যোৱা ভালেমান পৰ হ’ল৷ তাইৰ মনটো আকৌ গুছি গল চাবমেৰিনখনৰ পাছে পাছে মানুহজনৰ কাষলে৷ তাই ইছাট বিছাট কৰি উঠিছে এবাৰ তেওঁৰ মাত এষাৰ পাবলৈ৷ এবাৰ ভাল বুলি শুনিবলৈ৷ আজি ব্যাকুলতাই ভৰি পৰিছে তাইৰ মনটো৷ বাতৰিটোৰ প্ৰতিটো কথাই ৰাতি পলে পলে তাইক কঁপাই তুলিব ধৰিলে৷ তেওঁ এদিন কৈছিল, কোনো আকস্মিক ঘটনাত যেনে জুই লাগিলে, সকলো বাট বন্ধ হলে সদস‍্যবোৰক টৰপেড’ নিক্ষেপ বাটেৰে এজন এজনকৈ পানীলৈ ঠেলি পঠোৱা হয়৷ সেই ঠাই তাই নিজ চকুৰে দেখা নাই৷ মেচিনেৰে ভৰা, খোজ দিবলৈয়ে ঠাই নোহোৱা চাবমেৰিনখন তাই অলপহে সোমাইছে৷ পোন পোন থিয় চিৰিৰে বগাইযোৱা, নামি যোৱা, সুৰংগযেন বাটবোৰ, মেচিনৰ মাজত বন্ধ হৈ অস্বস্তিত আগবাঢ়িব নোৱাৰিয়েই তাই ঘূৰি আহিছিল আধা বাটেৰে৷ তেতিয়া মানুহজনে তাইক ছবি দেখুৱাই বুজাইছিল সেই বাট৷ সুৰংগৰ দৰে এটা দীঘল বাট৷ সেয়াই টৰপেড’টিউব৷ ৰেডাৰ চনাৰৰৰ দ্বাৰা চাউন্দ ৱেভৰ ওপৰত নিৰ্ভৰ কৰি শত্ৰুৰ জাহাজ আৰু চাবমেৰিনলৈ এই বাটেৰেই টৰপেড’ ফায়াৰ কৰা হয়৷ টৰপেড নিক্ষেপ কৰা সেই সৰু বাটটোৰেই জৰুৰীকালিন অৱস্থাত এজন এজনকৈ সদস‍্যক বাহিৰ কৰোৱা হয়৷ শুই থকা আসনত এজন মানুহ সোমাব পৰা সেই বাটেই জৰুৰীকালিন সময়ত তেওঁলোকৰ জীৱন ৰক্ষাৰ একমাত্ৰ সাধন হৈ পৰে৷ কথাবোৰ শুনি তাইৰ মনটো সেইদিনা আৰ্তনাদ কৰি উঠিছিল৷ কিমান যে সাহস হব লাগিব সেইকেইজনৰ যিকেইজনে এই বাটেৰে বাহিৰলৈ আগবাঢ়িব লগা হয়৷ স্বতঃস্ফূৰ্ত ভাবে আৰু বহুতো কথাই ওলাই আহিছিল সেইদিনা তাইৰ মুখৰ পৰা৷ তেওঁলোকৰ সেই সাহসৰ কথা ভাবি ভাবিয়ে বহুতো সাহস ঘূৰাই পাই তাই৷ ৰাতি বহু হল৷ তাইৰ মনটোত জুমুৰি মাৰি ধৰা প্ৰশ্নও বহু হব ধৰিলে৷ আজি বিস্ফোৰণত তেওঁলোকেও টৰপেদৰে বাহিৰ হবলৈ শেষ প্ৰচেষ্টা কৰিছিল নেকি! যদি কৰা হৈছিল তেওঁলোক বাচিল নে৷ মনত আকৌ একেবোৰ কথায়ে তোলপাৰ লগাবলৈ ধৰিলে৷ বহুতো কথাই নাভাবিম যেন লাগে৷ অথচ সেইবোৰ কথাই মনলৈ আহি আহি থাকে৷ টৰপেদৰ প্ৰতিছবিখনেই চকুৰ আগত ভাঁহি থাকিবলৈ ধৰিলে৷ ..’আকস্মিক ঘটনা আৰু কি কি হ’ব পাৰে’…তাই তেওঁক সুধিছিল৷

..’চাবমেৰিনখন পানীৰ বেছি গভীৰতালৈ সোমাই গলে পানীৰ প্ৰেচাৰত ওপৰলৈ উঠি অহাৰ সম্ভাৱনা হেৰাই ৰয়৷ সেয়াও এক আকস্মিক ঘটনা, তেতিয়াও টৰপেদৰেই আশ্ৰয় লোৱা হয়’… সেই কথাষাৰ শুনি খুউব ভয় লাগিছিল সেইদিনা৷ তথাপিও যেন বহুত সাহস তাইৰ মনৰ মাজত৷ আকৌ সেই টৰপেদৰ বাটটো তাইৰ চকুৰ আগত ভাঁহি আহিব ধৰিলে৷ মনত আকৌ একেবোৰ কথায়ে তোলপাৰ লগাই থাকিবলৈ ধৰিলে৷ ভাবনাবোৰৰ মাজতে তাই টোপনি যায়গৈ৷ কেতিয়া টোপনি আহিল তাই গমেই নাপালে৷

●●●●●●●●

ৰাতিপুৱা খৰধৰকৈ তাই লৰাটোক স্কুলত থবলৈ ওলাই গল৷ সি যোৱাৰ পাছতে ঘৰটোৰ নিমাওমাও পৰিবেশটোৱে তাইক গ্ৰাস কৰি পেলাব খোজে৷ তেওঁৰ ফোন কল এটাৰ আশাত তাইৰ মনটো অস্থিৰ হৈ পৰিব ধৰিলে৷ এতিয়ালৈ তেওঁ কোনো হাৰবাৰৰ কাষেই চপা নাই নেকি ফোন এটা কৰিব পৰাকৈ৷ দেড় মাহ পাৰ হল৷ কোনো খবৰ নাই৷ একোতে মন নবহা হল তাইৰ, ঘৰৰ কামবোৰ বাকি পৰি আছিল৷ কামখিনিত হাত দিবলৈও মন নগ’ল, তাই বহি ৰল৷ একোৱে ভাল নলগা হ’ব ধৰিছে আজিকালি৷ লৰাটোকো আগৰদৰে ফুচলাই থাকিবলে মন নোযোৱা হ’ব ধৰিছে৷ গধূলী সময়খিনি লৰাটোক ব্যস্ত ৰাখিবলৈকে বাহিৰলৈ খেলাবলৈ লৈ যায়৷ এয়াও তাইৰ এক ৰুটিনহে হৈ পৰিছেগৈ৷ আগতে এই সময়খিনি তাইৰো ভাল লাগিছিল তাৰ লগত একেলগে হাঁহি ধেমালিৰে সময়বোৰ পাৰ কৰিছিল৷ কিন্তু আজিকালি যেন তাই কাৰোৰে লগতে কথা নাপাতিব-এনে লাগে৷ এই জীৱনত আজি তাই অতিষ্ঠ হৈয়ো অভ‍্যস্ত হৈ পৰিব ধৰিছে৷ এয়াও এক জীৱন, জীয়াই থাকিবলৈ কৰা জীৱনৰ এক যুঁজ৷

আজি ৰাতি একো খাবলৈও মন নগ’ল তাইৰ৷ ল’ৰাটোক শুৱাই তাই কাষতে পৰি থাকিল৷ আজিলৈকে লৰাটোৰ লগতো তাই ইমান অকলশৰীয়া অনুভৱ কৰা নাছিল৷ আজি কিয় ইমান অকলশৰীয়া হৈ পৰিছে তাই৷ ৰং নোহোৱা হৈ পৰিছে কিয় জীৱনটো তাইৰ৷ উদাসী মনটোত শোকে খুন্দা মাৰি ধৰিব খুজিলে৷ পাৰ ভাঙি বৈ আহিব খুজিলে চকুলুবোৰ৷ আজি চকুলোৰ মাজত যেন হেৰাই যাব তাইৰ সকলো ধৈয্য আৰু সাহসৰ বান্ধ৷ তাই হুকহুকাই কান্দি উঠিল৷ এই নিজানত অন্ধকাৰৰ সুযোগ লৈ যেন তাই খুউব কান্দিব৷ কান্দিয়ে থাকিব৷ তাইৰ মন গৈছে আজি কান্দি থাকিবলে৷ বেৰত আঁৰি থোৱা ঘড়ীটোলৈ তাইৰ চকু গল৷ ঘড়ীটোৰ সময়বোৰ যেন বহুদিন ধৰি ৰৈ গৈছে৷ আগবঢ়া নাই একপলো৷ তাইৰ চকু থৰ হৈ ৰৈ গ’ল কেলেন্দাৰখনতো৷ তেওঁ যোৱা তাৰিখটো টলটলকৈ জিলিকি উঠিছিল৷ নিশা বহু পৰলৈ ভাৱনাবোৰৰ মাজত তাইৰ বুকুখনো গধূৰ হৈ পৰিল৷ ভাগৰুৱা হৈ পৰা পৰীৰ দুচকু টোপনিৰ হেঁচাত মুদ খাই আহিল৷

ভালেমান ৰাতি পাৰ হ’ল৷ হঠাৎ কিবা এটা শব্দত তাই চক খাই সাৰ পাই উঠিল৷ কাষতে ফোনটো বাজিছে৷ বাহিৰত এতিয়াও আন্ধাৰ৷ ৰাতিপুৱাই নাই৷ এই সময়ত ফোনৰ শব্দ! ! এখেতেই ফোন কৰা নাইতু? এনে সময়বোৰতে তেওঁ ফোন কৰে৷ হয়তো চাবমেৰিনখন কোনোবা এটা হাৰবাৰত ৰৈছেগৈ৷ নহ’লে তেওঁ ঘূৰি আহি পাইছেহি৷

তাই ঠিকেই অনুমান কৰিলে

টেবুলখনৰপৰা মোবাইলটো আনিবলৈ লওঁতেই স্ক্ৰিনত তেওঁৰ ফটোখন ভাঁহি আহিল৷ ক্ষন্তেকতে পৃথিৱীৰ সমস্ত সুখ আহি যেন তাইক বৰি ধৰিলেহি৷ তাইৰ মুখখন উজ্জ্বল হৈ হাঁহিৰে বিৰিঙি উঠিল৷ হৰহৰাই বৈ আহিল তাইৰ আনন্দৰ চকুলোবোৰ৷ ৰিচিভ কৰা ফোনটোত তেওঁৰ মাত ভাঁহি আহিল৷ শোকত চেপা মাৰি ধৰা ডিঙিটোৰে যেন তাইৰ মুখৰ মাতষাৰেই নোলাব৷

..’আমি পালোহি পৰী, ভালে আছানে’..

মাতষাৰে তাইক জীয়াই তুলিলে৷ তাইৰ কঁপি কঁপি ওলাব ধৰা মাতষাৰ তাই ধৰি ৰাখিবলে চেষ্টা কৰিলে৷

..’ঘৰ কেতিয়া পাবাহি, ক’ত আছা, কেনে আছা’..

..’আহি আছো পৰী, পোহৰ হোৱালৈ ঘৰ পামগৈ’..

কলা মেঘ আতৰি যোৱা আকাশখনৰ দৰে হঠাতে তাইৰ মনটো ফৰকাল হৈ উঠিল৷
তেওঁ পালেহি৷ সাগৰৰ তলিৰ পৰা ওলাই মানুহজন অৱশেষত তাইৰ কাষ পালেহি৷ তাইৰ হাজাৰ চিন্তাক হাৰ মনাই শেষত তেওঁলোকৰ চাবমেৰিন পানীৰ ওপৰলৈ উঠি আহিল৷ আজি তেওঁ সুৰ্য্যৰ পোহৰ দেখিব৷ আজি তেওঁ পৃথিৱীখন চাব৷ তাইৰ আকাশতো সূৰ্য্যই যেন আজিহে ভূমুকি মাৰিবহি৷ পোহৰ হবলৈ এতিয়াও ভালেমান পৰ বাকি৷ অপেক্ষাৰ ক্ষণবোৰে তাইক উদ্বাউল কৰি তুলিবলৈ ধৰিলে৷ তাইৰ চকুত ভাঁহি উঠিল বহুদিন পৰিষ্কাৰ নোহোৱা ভবকা দাড়ি চুলিৰে ভৰা তেওঁৰ মুখখন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments