চাহী পনীৰঃ অনামিকা দত্ত

shahi paneer

পনীৰ: ২৫০ গ্ৰাম
কটা পিয়াজ: একাপ
কটা বিলাহী:একাপ
কটা ধনিয়া: একাপ
পানী: একাপ
গাখীৰ: একাপ
ক্ৰীম:৩/৪ কাপ
কাজু: ৫০ গ্ৰাম(পেষ্ট কৰা)
ৰিফাইন তেল:আন্দাজমতে
চেনী: এক চামুচ
নিমখ: আন্দাজমতে
জলকীয়া গুড়ি: ১/২টী স্পুন
গৰম মছলা:১/২টী স্পুন

প্ৰণালীঃ কেৰাহীত আন্দাজমতে তেল গৰম কৰি লৈ তাত একাপ পিয়াজ ব্ৰাউন হোৱাকৈ ভাজি লৈ বিলাহীখিনি দি গলি নোযোৱালৈকে ভাজক। এতিয়া সেইখিনি ঠাণ্ডা কৰি পেষ্ট বনাই লওক। এতিয়া কেৰাহীত দুচামুচ
ৰিফাইণ্ড তেল দি তাত অকনমান চেনী আৰু চাৰি-পাঁচটা ইলাচী দিয়ক। সেইখিনি হেতাৰে ভালদৰে লৰাই তাত পিয়াজ আৰু বিলাহীৰ পেষ্টটো দি গৰম মছলা আৰু জলকীয়া গুড়ি দি ভালদৰে মিহলাই কাজুৰ পেষ্টটো
তাতে ঢালি দিয়ক। পুনৰ হেতাৰে ভালদৰে লৰাই তাত একাপ পানী আৰু একাপ গাখীৰ মিহলি কৰক। এতিয়া পনীৰ দি কিছুসময় ৰাখি নমোৱাৰ আগে আগে ক্ৰীমখিনি দিয়ক। কেৰাহীৰ পৰা নমাই থৈ কটা ধনীয়াৰ
পাতেৰে সজাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

Yum! Really proud of u. Love u alwayz.

Anonymous
7 years ago

বঢিয়া

Copying is Prohibited!