চাৰিটা স্তৱক (- ইন্দিৰা দিগন্ত )
চাৰিটা স্তৱক
=========
– ইন্দিৰা দিগন্ত
গোৱালপাৰা৷
১
অংকুৰিত জোনাক
প্ৰতিপদ, দ্বিতীয়া, ……
চতুৰ্দশী … পূৰ্ণিমা
আজিয়েই শেষ ৰাতি পোহৰৰ মালিতা৷
২
প্ৰতিপদ, দ্বিতীয়া …
চতুৰ্দশী, অমাৱস্যা …
আজিয়েই শেষ নিশাহ আন্ধাৰৰ৷
৩
নিশাৰ নাচোন
সাক্ষী জোনাক৷
নিশাৰ হুঁমুনিয়াহ৷
সাক্ষী আন্ধাৰ৷
৪
পৰুৱাই পোৱা সাধুটোৰ অগা-দেৱাত
ওৰে ৰাতি কঁপি থাকে
চাকিৰ শলিতা৷
ছাঁ এটাই ভ্ৰম বকে
ধোঁৱাবৰণীয়া নিশাটো গলিব ধৰে৷
——–