চাৰ্কাচঃ অঞ্জন শৰ্মা
চাৰ্কাচ, শৈশৱৰ এক নষ্টালজিয়া৷ নিম্ন-মধ্যবিত্ত ঘৰৰ সন্তান হিচাপে শৈশৱত বিনোদনৰ বাবে সীমিত সুবিধা পাইছিলোঁ৷ ছবিঘৰলৈ ছবি চাবলৈ যোৱাৰ সুবিধা অষ্টম শ্ৰেণীলৈ পোৱা নাছিলোঁ৷ কিন্তু তাৰ আগতেই সোৱাদ পাইছিলো চাৰ্কাচৰ৷ সেইসময়ত চাৰ্কাচৰ এটা বা দুটা দৰ্শনী দিনৰ ভাগতো চলা বাবে চাৰ্কাচ চাবলৈ যোৱাৰ সুবিধাকণ পাইছিলোঁ৷ বিমোহিত হৈছিলো চাৰ্কাচৰ কাৰচাজিত৷ মুনলাইট, মহাবাহু, মহাৰাজ, ডাইমণ্ড আদি সেইসময়ৰ বিখ্যাত চাৰ্কাচ৷
জাৰ্মানীৰপৰা অহা কেইখনমান বিখ্যাত চাৰ্কাচৰো নাম শুনিছিলোঁ যদিও তেনেকুৱা ব্যয়বহুল চাৰ্কাচ চোৱাৰ সৌভাগ্য আমাৰ হোৱা নাছিল৷ স্থানীয় যিকেইখন চাৰ্কাচ চোৱাৰ সুবিধা পাইছিলোঁ, সেয়াই আমাৰ বাবে আছিল বিস্ময়কৰ! অকল খেল দেখি অভিভুত হোৱাই নহয়, সততে ভাবিও আচৰিত হৈছিলোঁ যে এনেকুৱা এখন চাৰ্কাচ এদল মানুহ আৰু এখন সৰু-সুৰা চিৰিয়াখানাৰে সৈতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নি পৰিচালনা কৰা পৰিচালকজন কেনেকুৱা হ’ব! ইমানবোৰ জন্ত আৰু ইমানবোৰ মানুহক ভৰণ-পোষণ-প্ৰশিক্ষণ দি ৰখা চাৰ্কাচৰ মালিকজন কিমান ধনী হ’ব! শৈশৱত এইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিলোঁ, কিন্তু চাৰ্কাচৰ এটা দৰ্শনী চাই আহি প্ৰায় এসপ্তাহলৈ এইবোৰ ভাৱতে বিভোৰ হৈ ৰৈছিলো৷
চাৰ্কাচক লৈ বহু বিখ্যাত গ্ৰন্থ ৰচনা হৈছে, চাৰ্কাচৰ কাহিনীৰে বহু বিখ্যাত চলচ্চিত্ৰ নিৰ্মাণ হৈছে৷ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ বলিউদ যাত্ৰাও আৰম্ভ হৈছিল চাৰ্কাচ নামৰ ধাৰাবাহিক এখনেৰে৷ ঘৰত থকা এটা ক’লা-বগা টেলিভিচনৰ কৃপাত উক্ত ধাৰাবাহিকখনৰ কেইবাটাও খণ্ড চোৱাৰ সৌভাগ্য হৈছিল৷ ধাৰাবাহিকখনে আমাৰ কৈশোৰ মনত চাৰ্কাচৰ ভিতৰচ’ৰাকলৈ থকা অজস্ৰ ৰঙীণ কল্পনাক চুৰমাৰ কৰি চাৰ্কাচৰ প্ৰকৃত ছবিখন উন্মুক্ত কৰি দিছিল৷ তাৰপিছত চাৰ্কাচ চালে বিমুগ্ধ হোৱাতকৈ কিছু পৰিমাণে বিষাদগ্ৰস্থহে হ’বলৈ ধৰিলোঁ৷ তথাপিও চাৰ্কাচ চোৱাৰ নিচা অব্যাহত থাকিল৷
’৯০ ৰ দশকৰ আৰম্ভণিলৈকে চাৰ্কাচ এক লাভজনক ব্যৱসায় আছিল৷ এখন চাৰ্কাচে বহু প্ৰতিভাশালী কিন্তু দুখীয়া লোকৰ সংস্থাপনৰ বাট মুকলি কৰি দিছিল৷ চাৰ্কাচৰ লোকসকলৰ জীৱনশৈলীও আছিল বিচিত্ৰ৷ এখন চাৰ্কাচতে কেইবাটাও পৰিয়ালে একেলগে এখন ঘৰৰ দৰে বাস কৰিছিল৷ চাৰ্কাচৰ আন এক আকৰ্ষণ আছিল জ’কাৰ বা বহুৱাজন৷ এওঁলোকে চাৰ্কাচৰ প্ৰতিটো ৰূদ্ধশ্বাসকাৰী খেলৰ অন্তত দৰ্শকক বিভিন্ন বহুৱালী কৰি মনোৰঞ্জনৰ খোৰাক যোগোৱাৰ লগতে দৰ্শকক ৰুদ্ধশ্বাস পৰিবেশৰপৰা সাধাৰণ অৱস্থালৈ ঘূৰাই আনিছিল৷ এয়াও নিশ্চয় চাৰ্কাচৰ এক কলা৷ জ’কাৰকলৈ অভিনেতা-পৰিচালক ৰাজকাপুৰে ৰচনা কৰা ‘মেৰা নাম জ’কাৰ’ চলচ্চিত্ৰখন চালেই অনুভৱ কৰিব পাৰি এজন জ’কাৰে নিজৰ অন্তৰত কিমান দুখলৈ দৰ্শকক মনোৰঞ্জন দিয়ে৷
বহুকেইটা প্ৰকৃতিপ্ৰেমী সংগঠনৰ নেৰা-নেপেৰা দাবীত চৰকাৰে চাৰ্কাচত জীৱ-জন্তুৰদ্বাৰা খেল প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা জাৰী কৰিবলৈ বাধ্য হৈছিল৷ চাৰ্কাচৰ মালিকসকলে তেওঁলোকৰ প্ৰ্শিক্ষিত জীৱ-জন্তুসমূহ চিৰিয়াখানা নাইবা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিবলৈ বাধ্য হৈছিল৷ লগে লগে জনপ্ৰিয়তা কমিছিল চাৰ্কাচৰো৷ লাহে লাহে অকল মানুহে খেল দেখুওৱা চাৰ্কাচ চাবলৈ মানুহৰ আগ্ৰ্হ কমি আহিছিল আৰু শেষলৈ বহুকেইটা বিখ্যাত চাৰ্কাচদলে চাৰ্কাচ বন্ধ কৰি দিবলৈ বাধ্য হৈছিল৷ ■