চিকিৎসকক কিয় ভগৱান বোলা হয় ? (দেৱপ্ৰতীম হাজৰিকা)

আমি সৰুৰেপৰাই শুনি আহিছোঁ চিকিৎসকসকলক ভগৱান বুলি কোৱা হয়। নিশ্চয় ইয়াৰ অন্তৰালত আছে এক গভীৰ অৰ্থ। কিয় কোৱা হয় এনেদৰে?
তলৰ কাহিনী দুটা পঢ়িলেই এই কথাষাৰৰ অৰ্থ বুজিব পাৰিব।

(১)
২০১০ চন। মৰগান ডাইছাৰ্ট নামৰ এথলীট ছাত্ৰীগৰাকীয়ে ৰাতি দেৰিলৈকে পঢ়োতে চকুৰ সধাৰণ সমস্যাত ভুগিব লৈছিল। কিন্তু লাহে লাহে তাইৰ এই চকুৰ সমস্যা দিনক দিনে বাঢ়িবলৈ লৈছিল। সেয়ে তাই চকু বিশেষজ্ঞৰ সহায় ল’লে।
চিকিৎসক সকলে তাইৰ চকুত একো সমস্যা বিচাৰি নাপালে, সেয়েহে তাইক এটা ব্ৰেইন স্কেন কৰিবলৈ ক’লে।
“আৰু তেতিয়াই মোৰ ব্ৰেইন টিউমাৰটো ধৰা পৰিছিল।” মৰগান ডাইছাৰ্টৰ ভাষাত “আৰু মায়ে তৎক্ষণাৎ কৈছিল ডঃ আজিজৰ কথা।” মৰগানৰ মাক আছিল এখন হস্পিতেলৰ নাৰ্ছিং বিভাগৰ ডাইৰেক্টৰ। সেয়ে তেওঁ ডাঃ খালিড আজিজক চিনি পাইছিল। ডাঃ আজিজ আছিল সেই হস্পিতেলৰে ‘Center of Complex Intracranial Surgery’ৰ ডাইৰেক্টৰ।
মৰগানৰ টিউমাৰটো নাম আছিল ‘trigeminal schwannoma’। ই আছিল অতি মাৰাত্মক। আৰু মৰগানৰ ক্ষেত্ৰত ই ইতিমধ্যে বহু বাঢ়িছিল, ই ইতিমধ্যে তাইৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাইছিল আৰু তাইৰ চকু আৰু মুখৰ বহু অংশ নিষ্ক্ৰিয় কৰিবলৈ আৰম্ভ কৰিছিল।
এই টিউমাৰৰ চিকিৎসাৰ বাবে হোৱা অস্ত্ৰোপচাৰত বহুতো বিপদ আছিল। কিন্তু ডাঃ আজিজ আছিল অতি আত্মবিশ্বাসী। তেওঁ মৰগানৰ মাকক সম্ভাব্য বিপদৰ সকলো কথা অৱগত কৰিছিল।
এই অস্ত্ৰোপচাৰৰ সময় আছিল সম্পুৰ্ণ আঠ ঘন্টা। মৰগানৰ ভিতৰত অংশ চাবলৈ মানে স্নায়ুতন্ত্ৰৰ ইলেক্ট্ৰ্নিক ভিজিয়নৰ পৰীক্ষাৰ বাবে এক বিশেষজ্ঞৰ দলো তেওঁৰ লগত আছিল। ‘trigeminal nerve’ৰ সেই টিউমাৰটো ধৰা পেলাবলৈ তেওঁ বহুতো আধুনিক মাইক্ৰছাৰজিকেল উপায় অৱলম্বন কৰাৰ লগতে ব্যৱহাৰ কৰিছিল এক বিশেষ নেভিগেছন ব্যৱস্থাৰ, ঠিক আমি গাড়ীত ব্যৱহাৰ কৰা নেভিগেছন ব্যৱস্থাৰ দৰে।
শেষত তেওঁ কাষৰীয়া আন তন্ত্ৰিকাক হানি বিঘিনি নঘটাবলৈ এবিধ আলসুৱা আলট্ৰআছনিক এছপিৰেটৰ ব্যৱহাৰ কৰিছিল সেই টিউমাৰক বাহিৰ কৰিবলৈ। ইয়ো এবিধ আধুনিক ব্ৰেইন ছাৰ্জন সকলে ব্যৱহাৰ কৰা আন এবিধ সঁজুলি।
মৰগান অতি সোনকালেই সুস্থ হৈ উঠিছিল। তাই হস্পিতেলত মাত্ৰ পাঁচ দিন আছিল আৰু তাইৰ সমস্যাবিলাক এসপ্তাহৰ ভিতৰত নাইকিয়া হৈ পৰিছিল এটা বেমাৰ যি এটা সময়ত মাৰাত্মক বুলি ভবা হৈছিল তাই সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছিল অতি কম সময়তে।
(২)
দুবছৰ আগতে জিন মেগাজ্জু উশাহ-নিশাহৰ সমস্যাত ভুগিব লৈছিল। তাইৰ ডাক্তৰসকলে ভাবিবলৈ লৈছিল ই এক এলাৰ্জিৰ সমস্যা নতুবা তাই ভুগিছিল ব্ৰনকাইটিছৰ সমস্যাত। বহুতো এন্টিবায়টিক লোৱাৰ পাছতো তাইৰ এই সমস্যা দুৰ নহ’ল। শেষত এই সমস্যা ইমানেই গুৰুতৰ হ’ল যে তাইৰ বাবে খোজ কঢ়াটো এটা ডাঙৰ সমস্যা হৈ পৰিল।
শেষত এক্স-ৰে কৰা হ’ল আৰু এই সমস্যাৰ মূল কাৰণ জানিব পৰা গ’ল। তাইৰ হাওঁফাওঁত তেজৰ চেঁকুৰা আৰু কিছুমান মৃত পেশী জমা হ’বলৈ ধৰিছিল। তাইক পঠিওৱা হ’ল হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰেমণ্ড বেনজাৰ ওচৰলৈ। ডঃ বেনজাই কৈছিল, “পালমনেৰি হাইপাৰটেনছন(Pulmonary hypertension)এবিধ অতি দুৰ্লভ ৰোগ। এক মিলিয়ান মানুহৰ মাজত মাথো ১৫ জন মানুহৰ মাজতহে দেখা পোৱা যায় এই ৰোগ। এইবিধ অতি সোনকালে বিয়পি পৰে আৰু অতি মাৰাত্মক।”
জিনৰ PH যি এই তেজৰ চেঁকুৰাৰ লগত জড়িত আছিলে সেইয়াও আছিল অতি দুৰ্লভ। এই ৰোগ চিহ্নিত কৰা হৈছিল হাঁওফাঁওৰ পালপনেৰী ধমনীৰ উচ্চ ৰক্তচাপৰ পৰা। এই ধমনীয়ে অতি বেছি শক্তি প্ৰয়োগ কৰিছিল হৃদয়ৰ ওপৰত, যি মৃত্যু ঘটাবলৈ যথেষ্ঠ আছিল।
তেওঁ এইটো বুজি উঠিছিল যে এই অস্ত্ৰোপচাৰ অতি বিপদাসংকুল। বহুতো আলসুৱা ভাৱে তাইৰ এই তেজৰ চেঁকুৰা তথা মৃত পেশীসমূহ তাইৰ হাঁওফাঁওৰ পৰা আঁতৰাব লাগিব। ইয়াৰ বাবে কমেও ১২ ঘ্ন্টা লাগিব পাৰে তথা শৰীৰ তথা মগজুক অতি ঠাণ্ডা কৰি ৰাখিব লাগিব। আৰু এই অস্ত্ৰোপচাৰ আমেৰিকাৰ কেইখনমান হস্পিতালতহে সম্ভৱ।
ইয়াৰ বাবে লাগিব অতি বিশেষজ্ঞ তথা অভিজ্ঞ চিকিৎসকৰ। ডঃ বেনজাই লগ লৈছিল ডঃ ৰবাৰ্ট মৰাকাৰ। জিনে কৈছিল, “তেওঁ বুজিছিল এই অস্ত্ৰোপচাৰ ভয়লগা আছিল। কিন্তু তেওঁ সকলো কৈছিল যাতে মই বুজিব পাৰো আৰু তেওঁলোকে কি কি কৰিব সেইয়াও কৈছিল। মই আচলতে জানিব খুজিছিলোঁ, আৰু মই তেওঁলোকক প্ৰশংসা কৰো। তেওঁ আৰু ডাঃ মৰাকাৰ আত্মবিশ্বাসে মোৰ ভয় কমোৱাত যথেষ্ঠ সহায় কৰিছিল।”
ডঃ বেনজাই কৈছিল, “এই অস্ত্ৰোপচাৰ সম্পন্ন হ’বলৈ হাওঁফাওঁৰ মাজেৰে কোনো তেজ প্ৰৱাহিত হ’ব নালাগিব কাৰণ আমি সেই ঠাইতেই অস্ত্ৰোপচাৰ সমন্ন কৰিম।” সেয়ে দৰকাৰ হৈছিল এক ‘Circulatory arrest’ৰ। তাইৰ শৰীৰ আৰু মগজুক শীতৰ মাজত ৰখাৰ পাছত, মূল ছাৰ্জন ডাঃ মৰাকাই হাঁওফাঁওৰ সকলো ৰক্ত বাহিকা মুকলি কৰি দিছিল আৰু অতি সাৱধানেৰে তেজৰ চেঁকুৰাবিলাকক হাঁওফাঁওৰ পৰা পৃথক কৰিছিল। “তেতিয়াও এক সমস্যা আছিল, কোনবিলাক আচল পেশী আৰু কোনবিলাক মৃত পেশী?” ডাঃ বেনজাই কৈছিল, “আৰু তেতিয়া তুমি যদি এটা ভুল কৰা তেতিয়া তাৰ পৰিণাম ভয়ংকৰ হ’ব পাৰে।”
অৱশেষত আস্ত্ৰোপচাৰ সফল হৈছিল। আৰু ইয়াৰ ফল অতি সোনকালে পোৱা গৈছিল। জিনৰ হাঁওফাঁওৰ সমস্যা লাহে লাহে নাইকিয়া হৈ আহিছিল। জিন হস্পিতেলত এসপ্তাহ আছিল আৰু সুস্থ অতি কম দিনতে হৈ পৰিছিল।
এনেধৰণৰ আৰু বহুতো কাহিনী আছে যিবিলাক কৈ শেষ কৰিব পৰা নাযায় আৰু এনেধৰণৰ সঁচা কাহিনীসমূহে সদায় এটা প্ৰশ্নৰ উত্তৰ দিয়ে “আমি চিকিৎসকক ভগৱান কিয় বোলো?”
(কাহিনী দুটাৰ উৎস: Pittsburgh Magazine)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments