চিকেন বিৰিয়ানী – মণিষা শইকীয়া

অতি সহজতে কম সময়ৰ ভিতৰতে প্ৰেচাৰ কুকাৰত কেনেকৈ “চিকেন বিৰিয়ানী” ৰান্ধিব পাৰি….আহক শিকি লওঁ৷

বিৰিয়ানী ৰান্ধিবলৈ লগা সামগ্ৰী সমূহ…….
১. মুৰ্গী আধাকিলোঁ অলপ ডাঙৰ কৈ কাটি লব ৷
২. বাচমতী চাউল আধা কিলো৷
৩. দৈ একাপ৷
৪. পিয়াঁজ ৪ টা৷
৫. আলু ৪ টুকুৰা৷
৬. ঘিউ ডাঙৰ চামুচে দুচামুচ৷
৭. ৰিফাইন ২/৩ চামুচ
৮. ধনীয়া পাত আৰু পদিনা পাত কূটা অলপ৷
৯. কেঁচা জলকীয়া ২ টা৷
১০. বিৰিয়ানী মচলা ১ চামুচ
১১. গৰম মচলা ১ চামুচ৷
১২. তেজপাত, গোটা লং-ইলাচী, ডালচেনি ৪/৫ টুকুৰা আৰু গোটা জালুক কেইটামান৷
১৩. সোৱাদ অনুযায়ী নিমখ আৰু হালধি৷
১৪. আদা-নহৰু পেষ্ট ডাঙৰ চামুচেৰে ২/৩ চামুচ৷
১৫. জিৰা-ধনীয়া গুড়ি, আৰু ৰঙা জলকীয়া গুড়ি আধা চামুচ৷
১৬. অলপ গাখীৰ আৰু কেশৰ৷
১৭. কোনোবাই বিচাৰিলে ‘ফুড কালাৰ’ ও দিব পাৰে৷

প্ৰথমে মাংসৰ টুকুৰাখিনি ভালকৈ ধুই তাত আলু টুকুৰা¸ আদা নহৰু পেষ্ট আৰু দৈ, বিৰিয়ানী মচলা, গৰম মচলা, সোৱাদ অনুসৰি নিমখ-হালধি, ধনীয়া, জিৰা, ৰঙা জলকীয়া গুড়ি মিহলাই এক ঘণ্টা মেৰিনেট কৰি ঢাকি ৰাখিলোঁ৷
এতিয়া চাউলখিনি ভালকৈ ধুই পানীত তিয়াই থলোঁ৷
এতিয়া প্ৰেচাৰ কুকাৰটো গেছৰ ওপৰত দি, তাত দুই চামুচ ৰিফাইন দি দীঘলকৈ কাটি থোৱা পিয়াঁজ চাৰিটা ভাঁজি ললোঁ৷ ৰঙচুৱা হোৱাকৈ ভাজিব লাগে৷
এতিয়া এটা চচপেনত পানী দি তাত তেজপাত, গোটা লং, ইলাচী, ডালচেনি, গোটা জালুক আৰু অকণমান নিমখ দি পানীখিনি ঢাকোন দি অলপ দেৰি উতলিবলৈ দিলোঁ৷ এতিয়া চাকি থোৱা চাউলখিনি তাত দি পঞ্চাশ শতাংশ সিজিব লওঁতেই চাউলখিনি চাকি থলোঁ ৷
এতিয়া তেল অলপ গৰম কৰি মেৰিনেট কৰি ৰখা চিকেনখিনি তাত দি ভালকৈ ভাজিলোঁ৷ ১০/১২ মিনিট মিডিয়াম বা কম ফ্লেমত চিকেনখিনি ভাজিব লাগে৷ সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিলো৷ এতিয়া তাত কটা ধনীয়া, আৰু পদিনাৰ পাত আৰু ভাজি থোৱা পিয়াঁজখিনি দিলোঁ৷
এতিয়া সেই ভালকৈ ভাজি ৰখা মাংসখিনিত সিজোৱা চাউলখিনি দি তাত আকৌ কটা ধনীয়া, পদিনা, আৰু ভজা পিয়াঁজ, দুচামুচ ঘি, গাখীৰত তিয়াই থোৱা কেশৰ আৰু ফুড কালৰ দিলোঁ, পানী কম থাকিলে চাউল সিজোৱা পানী অলপ মান আন্দাজ মতে দি এটা হুইচেল মাৰি নমাই থ’লো৷

বিৰিয়ানী ৰন্ধা হৈ গ’ল৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা আৰু বহুত মৰম ভাইটি পৰশমণিলৈ

Copying is Prohibited!