চিকেন 65 – -পিংকি বৰুৱা

চিকেন ২০০ গ্ৰাম(হাঁড় নথকা)
দৈ একাপ
কৰ্নফ্লৰ দুই চামুচ
ময়দা দুই চামুচ
ৰেড চিলি পাওদাৰ দুই চামুচ
কণী এটা
গৰম মছলা গুৰি এক চামুচ
নিমখ জোখমতে
আদা নহৰু পেষ্ট এক চামুচ
সৰিয়হ আধাচামুচ
জীৰা আধাচামুচ
নৰসিংহ পাত বিশটা মান
নেমুৰস দুই /তিনি চামুচ
শুকান জলকীয়া তিনিটা
তেল আধাকাপ

চিকেন খিনিৰ হাঁড়বোৰ আতৰাই সৰু সৰু কৰি কাটি ল’ব৷ ময়দা ২ চামুচ, কৰ্নফ্লৰ ২চামুচ, ৰেড চিলি একচামুচ, নিমখ, আদা নহৰুৰ পেষ্ট, কণী ভালকৈ মিহলি কৰি লৈ তাতে চিকেনখিনি দিব৷ যদি পানী অলপমানৰ প্ৰয়োজনবোধ কৰিলে পানী দুই/তিনি চামুচমান দিব পাৰে৷ এতিয়া সকলোবোৰ ভালকৈ মিহলি কৰি দুইঘণ্টা মানৰ বাবে ভালকৈ ঢাকি ফ্ৰীজত থৈ দিব৷

দৈ, গৰম মছলা, ৰেড চিলি পাওদাৰ আৰু সামান্য নিমখ মিহলি কৰি ল’ব৷ কেৰাহী গৰম কৰি তাতে অলপ অলপ কৰি চিকেনখিনি ফ্ৰাই কৰি নমাই থ’ব৷ পেন এখনত এক চামুচমান তেল লৈ তাতে সৰিয়হ, জীৰা, শুকান জলকীয়া কেইটা ভাঙি দিব৷ এতিয়া নৰসিংহৰ পাত কেইটা দি দৈৰ মিশ্ৰণ খিনি দি ফ্ৰাই মাংস খিনি দি লৰাই দিব৷ কম জুইত পাঁচ মিনিটমান ভাজি নেমু ৰস দি নমাই থ’ব৷ গৰমে গৰমে পৰিবেশন কৰিব৷ খাবলৈ বৰ সোৱাদ হয়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!