চিগাৰেটৰ ধোঁৱা —পাৰ্শ্বজ্যোতি নেওগ

1. চিগাৰেটৰ ধোঁৱা
********************
“হেল্ল’ মা, ৫০০ টকা এটা দিব পাৰিবি নেকি? কিতাপ এখন কিনিবলৈ আছিল…বৰ দৰ্কাৰী কিতাপ।”
…দুদিনৰ পাছত তাৰ একাউণ্টত ৩০০ টকা এটা জমা হোৱাৰ মেছেজটো ম’বাইলত পোৱাৰ লগে লগে এ টি এমৰ পৰা টকাকেইটা
উলিয়াই আনিলে। গধূলিলৈ মদ-মাংসৰ পাৰ্টী হোষ্টেলত। চিনিয়ৰৰ দাবী সি পূৰণ কৰিলে যদিও বস্তু কম হোৱাৰ বাবে তাৰ ওপৰত ফাইন লগালে…”ঐ গঞা, এইবাৰটো পাল মাৰিলি অহা মাহত আকৌ ভালকৈ খুৱাব লাগিব।” তাৰ একো খোৱা নহ’ল। পাৰ্টী মাজনিশালৈ চলিল, লগতে তাৰ প্ৰতি কটাক্ষ। কিন্তু এবাৰলৈও কোনেও তাৰ খালী মাণিবেগটোৰ কথা নাভাবিলে। টকাকেইটা গোটাবলৈ তাৰ মাকে কৰা কষ্টবোৰ সিহঁতৰ মুখেৰে কুণ্ডলী পকাই ওলাই যোৱা চিগাৰেটৰ ধোঁৱাৰ লগতে উৰি গ’ল…ধোঁৱা হৈ..

2. দায়িত্ব
**********
সভা শেষ হ’ল। প্ৰথমে ডাঙৰ ডাঙৰ মানুহ কেইজন গ’ল। তাৰ অলপ পাছতে বাকী মানুহবোৰ। আয়োজকসকলেও ফ’ট’, চেলফী তুলি এজন এজনকৈ ঘৰলৈ যাবলৈ ওলাল। “অই বাই, এই গোটেইসোপা চাফা কৰিহে তই যাবি। অকণমানো যদি লেতেৰা হৈ থাকে পইচা নাপাবি কিন্তু।”- এজনে তাইক দঢ়াই দঢ়াই কৈ থৈ গ’ল। ডিছপ’জেবল চাহৰ কাপ, প্লেটেৰে সভাগৃহটো ভৰি আছিল। ক’ৰবাত ক’ৰবাত চাহ পৰি মজিয়াৰ বগা টাইলচত ক’লা-মুগা বৰণীয়া দাগ বহিছিল। ভাগৰ এটাই গাটো আৱৰি ধৰিছিল যদিও ঝাৰুটো লৈ তাই নিজৰ কাম আৰম্ভ কৰিলে।….সভাগৃহৰ চুক এটাত ঠিয় হৈ তাই ভাষণবোৰ মাজে মাজে শুনিছিল। ইমান ডাঙৰ ডাঙৰ মানুহবোৰক তাই জীৱনত প্ৰথমবাৰৰ বাবে দেখিছিল।….. “নিজৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে”- ডাঙৰ মানুহ এজনে ভাষণত কোৱা কথাষাৰ তাইৰ কাণত বাজি উঠা যেন অনুভৱ কৰিলে।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!