চিঠিৰ ব্যাকৰণ (ৰিদিপ কুমাৰ নাথ)

বৰ মৰমেৰে প্ৰেয়সীলৈ বুলি চিঠি এখন লিখিছিলোঁ। চিঠিখন পোৱাৰ পিছতেই প্ৰেয়সীৰ সৈতে বিচ্ছেদ হ’ল মোৰ। বৰ দুখ লাগি আছে হে! ছেঃ! কি জানো হ’ল! চিঠিখন লিখিছিলোঁ এনেদৰে-

মৰ মৰ। মৰম ল’বা জংঘলী। বান্দৰ এটাৰ নিচিনা তোমাৰ মুখখন। দেখিলে মোৰ হৃদয়ে হাই-জাম্প মাৰিবলৈ আৰম্ভ কৰে। তুমি মোৰ অতি মৰমৰ ছাগলী খেদা। বৰষুণত তিতি বেমাৰী হোৱা তুমি। আৰু মই যে বৰষুণজাকৰ আনন্দ লোৱাৰ পণ লৈছিলোঁ। তোমাৰ বাৰু মনত পৰেনে মই যে গৰু? বিহুৰ দিনা লগ পাইছিলোঁ তোমাক। তোমাৰ মা আৰু দেউতাক আমাৰ ঘৰলৈ মাতি এইবাৰ এসাজ খুৱাম বুলি বুলি ভাবিছোঁ কুকুৰ। এটাই বাহিৰত ভুকি আছে তোমাৰ দৰে। মোৰো মনত পৰি থাকে তোমালৈ, এনেদৰে ভবাটোও ভুল! মই তোমাক তিলমাত্ৰাও দেখিব নোৱাৰোঁ। ইতি তোমাৰ। ****

পিছতহে বন্ধু এজনে শুধৰাই দিলে। আচলতে এনেদৰেহে হ’ব লাগিছিল হেনো…

মৰমৰ,

মৰম ল’বা। জংঘলী বান্দৰ এটাৰ নিচিনাকৈ, তোমাৰ মুখখন দেখিলে মোৰ হৃদয়ে হাই-জাম্প মাৰিবলৈ আৰম্ভ কৰে। তুমি মোৰ অতি মৰমৰ। ছাগলীখেদা বৰষুণত তিতি বেমাৰ হোৱা তুমি আৰু মই যে বৰষুণজাকৰ আনন্দ লোৱাৰ পণ লৈছিলোঁ, তোমাৰ বাৰু মনত পৰেনে? মই যে গৰু বিহুৰ দিনা লগ পাইছিলোঁ তোমাক! তোমাৰ মা আৰু দেউতাক আমাৰ ঘৰলৈ মাতি এইবাৰ এসাজ খুৱাম বুলি বুলি ভাবিছোঁ। কুকুৰ এটাই বাহিৰত ভুকি আছে। তোমাৰ দৰে মোৰো মনত পৰি থাকে তোমালৈ। এনেদৰে ভবাটোও ভুল যে মই তোমাক তিলমাত্ৰাও দেখিব নোৱাৰোঁ।

ইতি,
তোমাৰ ****

 

আপোনালোকেই কওকচোন বাৰু, দাৰি-কমা আৰু ব্যাকৰণৰ সঠিক ব্যৱহাৰ নজনাটো জানো মোৰ ভুল?

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!