চিঠি (অঞ্জনা তামুলী)
পূজনীয়া মা ,
শ্ৰদ্ধা গ্ৰহন কৰিবা । দেউতাকো মোৰ সেৱা জনাবা । আমাৰ ভালেই । তোমালোকৰো সৰ্বতো কুশল কামনা কৰিলোঁ । মা , যেতিয়ালৈকে তোমাৰ কাষত আছিলো বুজিয়ে পোৱা নাছিলো মাতৃ দিৱস বুলিও কিবা দিৱস আছে বুলি । তোমালোকৰ পৰা আঁতৰি আহি যেতিয়া হোষ্টেলৰ জীৱনৰ ভৰি দিছিলো তেতিয়া সমনীয়াৰ পৰাহে জানিছিলো আজিৰ দিনটোক মাতৃ দিৱস বুলি কয় । সমনীয়াই যেতিয়া mother’s day special card কিনিছিলে মই ভেবা লাগি চাই আছিলো । সিহঁতৰ বাৰম্বাৰ অনুৰোধকো মই প্ৰত্যাখ্যান কৰিছিলো । সিহঁতি মোক সুধিছিল মই কিয় তোমালৈ কাৰ্ড নিকিনো বুলি । তোমাক মই সকলো কথাই তেতিয়া কৈছিলো মই কিয় কাৰ্ডকিনা নাছিলো। মোৰ তিনিবছৰীয়া হোষ্টেল কালত মই শেষৰ বছৰৰ মাতৃ দিৱসৰ দিনা তোমালৈ এখন চিঠি লিখিছিলো যিখন আজিও তুমি সযতনে ৰাখি থৈছা । সেইদিনা মই তোমালৈ এখন কাৰ্ড দিয়া হ‘লে হয়তো আজি তাৰ স্মৃতিও তুমি বিছাৰি নাপালা হয় ।
মা, আজি তোমালৈ বৰ মনত পৰিছে মোৰ । আধুনিকতাৰ আভিজাত্যত পৰি আমি বহুত কিবা কিবি হেৰুৱাই পেলাইছো । তুমিয়ে কোৱাচোন মা, তোমাৰ দৰে বহুতো মাতৃয়ে তেওঁলোকৰ পৰা বহু যোজন আঁতৰত থকা তেওঁলোকৰ সন্তানহঁতে বছৰৰ মুৰত এদিন মাডাৰ্চ দে পাতি তেওঁলোকক এসাজ দামী কাপোৰ বা এটা দামী উপহাৰেৰে সম্বৰ্ধনা কৰোতে সেইসকল অভিজাত পুত্ৰৰ মাতৃয়ে মুখত যিটো হাঁহি মাৰি তাক গ্ৰহন কৰে সেয়া জানো তেওঁলোকৰ গৌৰৱৰ হাঁহি হয় ? মই দেখোন সেই হাঁহিবোৰত তেওঁলোকৰ অন্তৰত উৰি থকা দুখৰ ধুমুহা বতাহ জাক হে দেখা পাওঁ । কিয় বাৰু এগৰাকী মাতৃয়ে বুকুত এসোপা দুখৰ বোজা কঢ়িয়াই থাকিও বাহিৰত সন্তানহঁতৰ সন্মুখত এগৰাকী সুখী মাতৃৰ অভিনয় কৰি যায় ? একমাত্ৰ সন্তানহঁতৰ সুখৰ বাবেই নহয় জানো ? সেই সকলো মাতৃৰ প্ৰতি অভিজাত সন্তানহঁতৰ দায়িত্ব সিমানেই নেকি ? এনে বহুতো প্ৰশ্নই মোক কেতিয়াবা বৰ আঘাট দিয়ে অ‘ মা।
মা, আজি মোৰ তোমাৰ কাষলৈ মোৰ শৈশৱলৈ উভতি যাবলৈ বৰ মন গৈছে। তোমাৰ কোলাত মুখ গুজি তোমাৰ হাতৰ আলফুলীয়া মৰমবোৰ পাবলৈ মই আজি ব্যাকুল হৈ পৰিছো। এবাৰ মোৰ মুৰ বিষাওতে মই যে কান্দি কান্দি ভাত খোৱা নাছিলো তেতিয়া তুমি নাৰিকল তেল সানি দি মুৰত তোমাৰ আঙুলি বোলাই লাহে লাহে যে মালিচ কৰি দিছিলা আৰু মই যে চকুমুদি আৰামেৰে শুই পৰিছিলো । সেইদিনা মই ভাত ঠিকেই খোৱা নাছিলো কিন্তু তোমাৰ পৰা যি মৰম পাইছিলো সেয়া মোৰ বাবে আজিও হিয়াৰ একোণত আবদ্ধ হৈ থাকি গ‘ল। এইয়া এক সাধাৰণ উদাহৰণ হে । মই কেতিয়াবা ভাৱিছিলো আমি ছয়জন সন্তানৰ মাজত তোমাৰ কোন প্ৰিয় বুলি । কিন্তু উপলব্ধি কৰিব পৰা নাছিলো । আঁচলতে তোমাৰ মৰম ছয়জনৰ বাবে সমানেই হয় । খুব সোনকালে মানে মৌৰ গৰম বন্ধত তোমাৰ ওচৰলৈ গৈ আছো ।
তোমালৈ জানো চিঠি লিখি শেষ কৰিব পাৰিম ? কেতিয়াও শেষ নহব মোৰ মনৰ মহাভাৰতখনৰ কথা। যেতিয়া যাম তেতিয়া সকলো মনৰ হেপাহ পলোৱাম। দেউতাক মোৰ সেৱা জনাবা আৰু ভাইটিক মৰম দিবা ।
ইতি
তোমাৰ মাজু জী