চিঠি (চন্দনজ্যোতি বাঢ়ৈ)

প্ৰিয়বন্ধুসকল,
আপোনালোকে অসমীয়া ভাষাক এক বিশ্বস্তৰীয় মৰ্য্যদা প্ৰদানৰ যি প্ৰচেষ্টা হাতত লৈছে তাক লৈ আপোনালোক গৌৰৱৰ পাত্ৰ। আজি আপোনালোকে প্ৰচলন কৰা ই-আলোচনী এক যুগান্তকাৰী পদক্ষেপ। আমি সকলোৱে বিচাৰো অসমীয়া ভাষাটো সকলোৰে মাজত চিনাকি হৈ পৰাটো। অসমীয়া ভাষা সংবিধান স্বীকৃত ভাষা কিন্তু তত স্বত্বেও বহুতেই এই ভাষাক অৱমাননা কৰি আহিছে। অসমীয়া ভাষা হ’ল অসমীয়াৰ মান। এই ভাষা অবিহনে আমাৰ পৰিচয় আধৰুৱা। কিন্তু সেইসকল লোকক বুজাব কোনে যি এই ভাষাৰ মহত্ব বুজি নাপায়,যি সকলে অসমীয়া ক’বলৈ লাজ কৰে। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক নামভৰ্তি কৰি গৌৰৱ কৰে তেওঁ লৰাই অনৰ্গল ইংৰাজীত কথা ক’ব পৰাৰ বাবে। কিন্তু এই গৌৰৱ কিহৰ? দেখা যায় যে আজিৰ নৱপ্ৰজন্মই প্ৰতিটো কথাৰ মাজত এটাকৈ ইংৰাজী শব্দ ব্যৱহাৰ কৰিবই, যেন ইংৰাজী অবিহনে তেওঁৰ কথা অসম্পূৰ্ণ। দোকানৰ নামো দিয়ে ইংৰাজীত অসমীয়াত দিলেও তাতো ইংৰাজী ভাষাৰ ব্যৱহাৰ। সমাজসেৱাৰ,সভ্যতাৰ বগা খদ্দৰ পিন্ধি প্ৰতিবাদ কৰে ৰাজনৈতিক সমস্যা সমাধানৰ বাবে কিন্তু অসমীয়া ভাষাক লৈ তেওঁলোক নিৰ্বাক।
কিন্তু ধন্য আপোনালোক যিয়েই অসমীয়া ভাষাৰ উন্নতি কামনা কৰিছে। বন্ধুসকল আপোনালোকৰ মাজৰ এজন সদস্য হ’বলৈ পাই মই সুখী। সুখী ইয়াৰ বাবেও যে আপোনালোকে ইয়াৰ পৰা ইংৰাজীৰ ব্যৱহাৰ বৰ্জন কৰিছে। প্ৰতিজন অসমীয়াই যদি আপোনালোকৰ দৰে ভাবিলেহেঁতেন তেন্তে হয়তো আজি এই ভাষাক লৈ ইমান চিন্তা কৰিবলগা নহ’লহেঁতেন।
আপোনালোকৰ মাজত মই হয়তো কনিষ্ঠ সদস্য। ইয়াত হয়তো লেখোঁতে বহুতো ভুল-ক্ৰতি ৰৈ যাব পাৰে কিন্তু মনৰ কথাখিনি প্ৰকাশ কৰিবৰ উত্তম উপায় বুলি ভাবি ইয়াতেই প্ৰকাশ কৰিছোঁ। যদি কিবা ভুল হৈছে তেন্তে মাৰ্জনা কৰে যেন।
প্ৰান্তত
চন্দন জ্যোতি বাঢ়ৈ
কাকজান (যোৰহাট)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!