চিঠি (মনোহৰ দত্ত)

প্ৰিয় সদস্য/সদস্যাবৃন্দ
অ.ক.ব. গোট, ফে’চবুক।
নমস্কাৰ গ্ৰহণ কৰিব।
আজি মই জনা ঘটনা এটিৰ আলমত চিকিত্‍সক এগৰাকী কথাৰে এই চিঠি লিখিবলৈ লৈছোঁ।
প্ৰায় বিশ বছৰৰ আগৰ কথা।
মোৰ সম্বন্ধীয় মামা এগৰাকীয়ে মামীৰ সৈতে নিজৰ এম্বেচাদৰ গাড়ীত উঠি ফুৰিবলৈ যাওঁতে দুৰ্ঘটনা এটা ঘটিছিল আৰু দুয়ো সাংঘাটিক ধৰণে আহত হৈছিল। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত প্ৰাথমিক চিকিত্‍সা লৈ দুয়ো ৰাওনা হৈছিল পাটনালৈ, উন্নত চিকিত্‍সাৰ বাবে। তাত যাৱতীয় চিকিত্‍সা কৰাৰ পিছত পাটনাৰ হস্পিতালে দিল্লীৰ সৰ্বভাৰতীয় চিকিত্‍সা বিজ্ঞান প্ৰতিস্থানলৈ (AIMS) যাবলৈ পৰামৰ্শ দিয়াত দুয়ো দিল্লীলৈ গৈছিল।
তাত মূলতঃ মামীগৰাকীৰ স্নায়বিক চিকিত্‍সা কৰিবলগীয়া হৈছিল। মামা ইতিমধ্যে পাটনাৰ হস্পিতালতেই সুস্থ হৈ উঠিছিল। সকলোৱে জানে যে AIIMS-ৰ চিকিত্‍সা পদ্ধতি নিয়ম মতে চলে। পোনতে প্ৰায় এসপ্তাহমান যাৱতীয় পৰীক্ষা চলিছিল। ঔষধ বুলিবলৈ বিশেষ একো দিয়া নাছিল। আনপিনে মামীৰ সমস্যাটোও আঁতৰা নাছিল। পাটনাত যথেষ্ট খৰছ হোৱাৰ বাবে মামাৰ ধনৰ নাটনি হৈছিল। লগতে মামীলৈ চিন্তাও বাঢ়িছিল। সাতে পাঁচে মিলি মামাই ভাবিলে আৰু বা কিমান দেৰি হয়! আনপিনে চিকিত্‍সা ভালকৈ কৰে নে নকৰে? এনে চিন্তাত পৰি এদিন মামাই সিদ্ধান্ত ল’লে যে মূল চিকিত্‍সক গৰাকীৰ ঘৰলৈ গৈ এবাৰ লগ ধৰা ভাল হ’ব। সেইমতে আগতীয়াকৈ চিকিত্‍সকৰ ঘৰৰ ঠিকনা সংগ্ৰহ কৰিলে। পিছদিনা দোকমোকালিতে চিকিত্‍সকৰ ঘৰলৈ বুলি অট’ এখনত উঠি মামা ৰাওনা হ’ল এখন। বাটে বাটে মামাই ভাবি গ’ল যে সুবিধা বুজি চিকিত্‍সক গৰাকীক আছুতীয়াকৈ কিছু টকা দিব আৰু মামীৰ যাতে ভালকৈ যাতে যত্ন লয় তাৰ বাবে অনুৰোধ জনাব। ঠিক পাঁচমান বজাত চিকিত্‍সকৰ ঘৰৰ সমুখত মামাৰ অট’খন ৰ’ল। মামাই অট’ৰ পৰা নামি দেখে যে চিকিত্‍সক গৰাকীয়ে বাৰান্দাতে বহি বাতৰি কাকত পঢ়ি আছে। দিনটো ভালেই হ’ব বুলি মামাৰ মনটো ভাল লাগি গ’ল। নঙলা মুখতে ৰৈ মামাই পৰিৱেশটো লক্ষ্য কৰিলে আৰু ভবা কথাখিনি কেনেকৈ পাতিব তাৰ চিন্তাত মগ্ন হ’ল। মামাৰ মগ্নতা ভাঙি চিকিত্‍সকগৰাকী মামাৰ পিনে আগুৱাই আহিব ধৰিলে। মামাৰ মনটো ভাল লাগিল এই বাবে যে ওচৰতে চিকিত্‍সকগৰাকীক পালে মনৰ কথাখিনি ভালকৈ ক’ব পাৰিব। চিকিত্‍সক গৰাকী ওচৰ পোৱাৰ লগে লগে মামাই নমস্কাৰ জনালে। চিকিত্‍সক জনেও প্ৰতি নমস্কাৰ জনালে। তাৰ পিছৰ কথাখিনি এনেধৰণৰ:
চিকিত্‍সক : (হিন্দীত) কওকচোন ইমান ৰাতিপুৱাই মোৰ ইয়ালৈ কিয় আহিল। ৰোগীয়ে কিবা অসুবিধা পাইছে নেকি?
মামা : নাই তেনে একো নহয়।
চিকিত্‍সক : তেন্তে?
মামা : আচলতে মই ব্যক্তিগতভাৱে আপোনাক অলপ কথা ক’ম বুলিহে এনেকৈ আহিছোঁ।
চিকিত্‍সক : হয়। মই বুজি পাইছোঁ আপুনি কিয় আহিছে।
মামা : তাকেইতো চাৰ।
চিকিত্‍সক : আচলতে অসমৰ পৰা অহা ৰোগী সকলে প্ৰায়ে মোৰ ওচৰলৈ বা অন্য চিকিত্‍সকৰ ওচৰলৈ এনেকৈ আহে। আমি বুজি পাওঁ এইটো কিয় হয়।
মামা : হয় চাৰ। ভাবিলোঁ আপোনাক দেখা কৰি..
চিকিত্‍সক : নাই নাই, মোক দেখা কৰি আপুনি সময় নষ্ট বা কষ্ট কৰিব নালাগে। অসমত তেনে পৰিৱেশ আছে হয়তো, সেয়ে এনে পৰিৱেশত আমি পৰোঁ। গতিকে আপুনি নিশ্চিন্ত মনে হস্পিতাললৈ যাওক আৰু কাইলৈ মানে আপোনাৰ পত্নীৰ হ’বলগীয়া এটি সৰু অস্ত্ৰোপচাৰৰ বাবে সাজু হওক। আমি চিকিত্‍সক আৰু ৰোগীক সেৱা কৰাটো আমাৰ দায়িত্ব তথা ধৰ্ম। ৰোগীয়ে বা ৰোগীৰ আত্মীয়ই এই লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি উপযুক্ত দৰমহা পাওঁ। মোৰ সাজু হ’বৰ সময় হ’ল। বেয়া নাপাব, আপোনাক এৰিছোঁ এতিয়া, নমস্কাৰ।
কিছু সময় মামাই ঘৰৰ পিনে আগুৱাই গৈ থকা চিকিত্‍সকগৰাকীলৈ চাই থাকিল আৰু অন্তৰেৰে শ্ৰদ্ধা জনালে।
এই ঘটনাৰ দহ দিন মানৰ পিছত মামী গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিছিল আৰু তেখেতসকল ঘৰলৈ উভতি আহিছিল।
ইতি
মনোহৰ দত্ত
নলবাৰী।
২১/০৬/২০১২

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!