চিঠি (মিতালী বর্মন)

চিঠি
মিতালী বর্মন
ঠিকনা এনেয়ে দিয়া নাই
বানান ভুল হ’লেও কথা নাই
আনে নিচিনা আখৰকেইটিৰে
হৃদয়ৰ উমেৰে
এটি দুটিকৈ গঢ়া
মনৰ খৱৰবোৰ লিখি পঠিয়াবা
সাত সাগৰ তেৰ নদীৰ পৰিধি ভাঙি
এটি ক্ষণৰ বাবে হ’লেও
দুয়ো মিলি এক হ’ম…
তোমাৰ আবেগ ঢলা কথাৰে
পাৰ হ’ব আমাৰ
বহুতো মধুযামিনী প্রহৰ
তোমাৰ হাতৰ চিনাকি পৰশ আৰু
মৰহি যোৱা পাপৰিটিৰ সুবাস
সাঁচি ৰাখিছোঁ মই—- গান্ধাৰীৰ দৰে !
হৃদয়ৰ জপনা খুলি থোৱাই আছে
মন গ’লেই বৰপেৰাৰ
মুখ উদঙাই
উজাই ল’ব পাৰা
সেই চিনাকি সুবাস…
বুকুভৰা হুমুনিয়াহটো
তুমি নুশুনা হ’লেই ভাল !
নহ’লে যে নিয়ৰ কণা হৈ সৰি পৰিম মই
এটুপি দুটুপিকৈ…
সকলো লিখিবা
ভাল-বেয়া সকলোবোৰ…
প্রেৰকৰ নাম নিদিলেও কথা নাই—
তোমাৰ হাতৰ নাচনী আখৰকেইটি
মোৰ দুচকুৰ অতিকে আপোন !
তুমি মাথোঁ
আবেগবোৰ লুকুৱাই নথ’বা
কিজানি মনৰ বতৰা আহে
হৃদয়ৰ পৰিধি ভাঙি !
ঊষা হ’ব মোৰো মন !!
আৰু…
এবাৰ দুবাৰকৈ মই পঢ়ি যাম
পঢ়ি যাম তোমাৰ মনৰ খবৰ
পঢ়ি যাম মই
হেঁপাহ নপলোৱালৈ…
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!