চিঠি (সুব্ৰত গগৈ)

সৰু থাকোঁতে কিতাপৰ দোকানত বহি কিতাপ পঢ়ি থকা এটা অভ্যাস আছিল । ডেকাল’ৰা কিছুমানে প্রায়ে এখন কিতাপ বিছাৰি অহা লক্ষ্য কৰিছিলোঁ … ” নীলা খামৰ চিঠি ” । গড় হিছাপত দৈনিক এখন কিতাপ বিক্রী হৈছিল বুলিয়ে কব পৰা যায়।যিমানদূৰ মনত পৰে, কিতাপখনৰ বেটুপাতৰ ৰঙো আছিল আকাশী নীলা। ভৰ দুপৰীয়া চাইকেল চলাই চলাই আহি বহু ডেকাই সুধিছিল ” নীলা খামৰ চিঠি আছে নেকি ” ? মোৰ আক’ এটা অভ্যাস আছিল … কিতাপ দেখিলেই পঢ়ি চোৱা। প্রথমমানত থাকোঁতে বছৰেকীয়া পৰীক্ষাৰ ছবিৰ বিষয়ত এবাৰ এখন বন্ধকিতাপ আঁকিবলৈ দিলে। কিতাপখন আঁকি বেটুপাতত লিখি থৈ আহিলোঁ “বিপ্লৱী নেতা মাও চে তুঙ” ( কিছুমানৰ বাবে শক্তিমান, কিছুমানৰ বাবে ফেন্টম; কিন্তু মোৰ বাল্যকালৰ হিৰ’ আছিল মাও চে তুঙ ) । পৰীক্ষক মহোদয়ে কি বুজিলে গম নাপালো। একেটা আগ্রহৰ বাবেই “নীলা খামৰ চিঠি ” খনো তুলি ললোঁ, কিনো আছে চাওঁ বুলি । যিমানদূৰ মনত পৰে কিতাপখন আছিল কিছুমান পদ্য আৰু গদ্যৰ সমাহাৰ। সৰু আছিলো কাৰনে কিতাপখন “কি, ক’ত, কিয় বিখ্যাত” বুজি পোৱা নাছিলোঁ। পঢ়িও বৰ ভাল নাপালো। ক’ত বা এইবোৰ কথা ব্যৱহাৰ কৰা হয়, সেইয়াও বোধগম্য নহ’ল ।

দ্বিতীয় শ্রেণীলৈ প্রমোচন পোৱাৰ এমাহ মানৰ পাচতে এগৰাকী ছাত্রীৰ আগমন ঘটিল প্রথমমানলৈ। মোৰ জুনিয়ৰ ! তাইক দেখিয়েই বুকুৰ মাজত কিবা এটা হোৱা যেন পালোঁ … মোৰ অন্তৰত আখৈ ফুটিছিল ছাগে। ফিৰিঙ্গী ভাষাত যে কয় “love at first sight”, সেয়াই হৈছিল । চিনেমাৰ কায়দাত খুন্দা এটা মাৰি চিনাকি হৈ আহিলোঁ। কিন্তু তেতিয়াও ” নীলা খামৰ চিঠি ” নামৰ সেই সময়ৰ ব্রক্ষ্মাষ্ত্ৰটিৰ মোল বুজি পোৱা নাছিলোঁ। সুবিধা পালেই তেখেতক চাই আহোঁ … ক্লাছত কি কৰি আছে বুলি। এদিনটো তেখেতক লৈ সপোনেই দেখিলোঁ । সেই দ্বিতীয় শ্রেণীত দেখা সপোনটো আজিও মোৰ মনত আছে !

তৃতীয় শ্রেণীলৈ প্রমোচন পোৱাৰ পাচত কাগজৰ টুকুৰাত এদিন কিবা অকণমান লিখি নিছিলোঁ, দিবলৈ সাহস নহ’ল। ডাঙৰ হোৱাৰ পাছত বুজি পালোঁ, সেয়াই মোৰ প্রথম বগা কাগজত লিখা ” নীলা খামৰ চিঠি ” আছিল। চতুৰ্থ শ্রেণীৰ পাছত মোৰ বেলেগ বিদ্যালয়ত আৰু তেখেতৰ বেলেগ বিদ্যালয়ত নাম ভর্তি কৰোৱা হ’ল। তেতিয়া নিজেই সিন্ধান্ত ল’ব পৰা ক্ষমতা আমাৰ হাতত দিয়া হ’লে হয়তো ময়ো তেখেতৰ বিদ্যালয়তে নাম ভর্তি কৰিলোহেতেন। পিছে সেইটি নেছেল। মোৰ নতুন বিদ্যালয়ত ছাত্রীক নামভর্তি কৰিবলৈ দিয়া হোৱা নাছিল। সেয়া এক বৰ দুখৰ কাহিনী।

মোৰ পূ্ৰ্বৰ কন্যাগৰাকীৰ লগতো বেছি কথা আগ নাবাঢ়িল। ইয়াৰ হয়তো দুটা কাৰণ আছিল …
প্রথমতে তেওঁ সম্ভৱতঃ “নীলা খাম” কি বস্তু সেয়া বুজি পোৱা নাছিল; দ্বিতীয়তে “নীলা খাম” কি বস্তু সেয়া মই বয়সতকৈ সোনকালে বুজি পাইছিলো কিন্তু কেনেকৈ তাৰ মোকাবিলা কৰা যায়, সেইটো জনা নাছিলো।

তিনিবছৰমানৰ আগতে এবাৰ দেখা হ’ল তেওঁৰ লগত। আমাৰ ঘৰলৈ বায়েকৰ লগত আহিছিল আৰু সৌভাগ্যবশতঃ মই ঘৰত আহি আছিলোঁ। তেওঁৰ বিয়াৰ নিমন্ত্রণ দিবলৈ আহিছিল। নিমন্ত্রণ ৰক্ষা কৰাৰ প্রতিশ্রুতি আদায় কৰি তেওঁ গ’লগৈ।

সেই যে প্রথম ” নীলা খামৰ চিঠি ” লিখিলোঁ, তাৰ পাচত আৰু থমকি ৰোৱা নাই। অষ্টম শ্রেণীত বুদ্ধি কৰি সহশিক্ষা থকা বিদ্যালয় এখনলৈ বদলি হৈ ললোঁ। আকাশী নীলা বেটুপাতৰ ” নীলা খামৰ চিঠি ” খন দোকানৰ পৰা নিকিনিলোঁ যদিও নিজেই গদ্য-পদ্য মিহলি কৰি নিজৰ নগতে সহপাঠীৰ বাবে নীলা ৰঙৰ চর্চা অব্যাহত ৰাখিলোঁ।

চিঠিৰ সতে জড়িত এটা আমোদজনক ঘটনাও ঘটিছিল মোৰ জীৱনত।
২০০০ চনৰ প্রথম বিস্ময় খনৰ পত্রবন্ধু শিতানৰ প্রথম নামটি এগৰাকী কন্যাৰ আছিল। মোৰ ৰূমমেটে চেলেঞ্জ দিলে … কোন চিঠি লিখাত পাকৈত দেখা যাওক। আমি দুয়ো চিঠি লিখিম তেওঁলৈ। কালৈ তেওঁৰ উত্তৰ আহে তাতেই গম পোৱা যাব কোন পাকৈত। মোৰো মনত ভাৱ হ’ল শতিকাটো স্মৰণীয় কৰি ৰাখিবলৈ বগা খামৰ চিঠি এখন দি বন্ধুত্ব স্থাপন কৰি লওঁ। ৰং পাছত সলনি হয় নে নহয় দেখা যাব। কথা মতেই কাম। ১৫ দিনৰ পাছত মোলৈ ফোন আহিল কন্যাগৰাকীৰ পৰা। ৰূমমেটে খঙতে কটাৰী লৈ খেদি ফুৰিছিল মোক। খঙত একোনাই হৈ সি ” নীলা ৰঙৰ চিঠি ” বুলি কথাটো মোৰ ঘৰত কাণ ছোৱালে। ময়ো সিমানতে এই অধ্যায়ৰ যৱনিকা পেলালোঁ। কন্যাগৰাকীয়ে কি বা বুজিলে !

( ফে’চবুক’ত তেওঁক মই বিছাৰি পোৱা নাই। যদি এই গ্রুপত তেওঁ আছে আৰু এই লেখাটো পঢ়িছে, প্লীজ প্লীজ ই-চিঠি এখন দিবা বুলি
কাতৰে অনুৰোধ থাকিল )

চিঠিৰ কথা কৈ থাকিলেও ওৰকে নপৰে। ম’বাইল ফোন বোৰ হোৱা আগতে চিঠিয়েইটো আছিল প্রধান বার্তাবাহক।
এবাৰ বিয়া ঘৰত চিগাৰেটৰ বাহত কিবা অকণমান লিখি চকুৰ চিনাকি কন্যাক কোনেও নেদেখাকৈ হাতৰ টিপতে দি আহিছিলোঁ । তেতিয়া মানুহে গম পালে কি ভাবিব বুলি ভাৱ এটা আহিছিল যদিও এতিয়া লাগিছে যেন সেয়া ভালেই কৰিছিলোঁ। কাৰণ এতিয়া ম’বাইল ফোনৰ যুগত তেনে সুবিধা আৰু নহ’ব। বেয়াই হওক বা ভালেই হওক অভিজ্ঞতা এটাটো পালোঁ।


আজিও সুবিধা পালেই মই চিঠিৰ ব্যৱহাৰ কৰোঁ। পিছে আগতে যেনেকৈ চিঠিৰ উত্তৰ পাবলৈ বহু দিন অপেক্ষা কৰিব লাগিছিল, আজিকালি তেনে নহয়। ম’বাইলটো কাণত লৈ এটা মূৰত চিঠি পঢ়ি থকা যায়। চিঠি লিখাজনে গম পাই থাকে সিটো মূৰত তেখেতে কোনটো বাক্য পঢ়ি আছে।

বহুতে আক’ চিঠিখন পদ্যৰে ভৰাই পেলায়। ময়ো যত্ন নকৰা নহয় তেনে কৰিবলৈ। পিছে অন্তৰৰ সঁচা মৰম নাথাকিলে পদ্যবোৰ উলিয়াই অনা কঠিন।কন্যাৰ মন জুৰাব পৰা এটা ভাল পদ্যৰ জন্ম দিবলৈ বহু দেৰী কলম কামোৰিব লাগে।

মাথোঁ মৰমৰ … সাজিম এটি সৰু ঘৰ ।
পোণাটিও আহিব … নালাগিব সৰহপৰ ।।
সোণমইনাৰ হাঁহিৰে ভৰি যাব এই সংসাৰ …
তুমি হ’বা মা
মই দেউতা ।

এই পদ্যটি মোৰ তেনে এটি সৃষ্টি । কেইবাগৰাকী কন্যা ইয়াৰ জৰিয়তে মোৰ নামত ৰেজিষ্টাৰ কৰিছিলোঁ। সফলতাৰ হাৰ দেখি পাচত ইয়াৰ লগত সুৰ সংযোগো ঘটোৱা হ’ল। মোৰ দৰে বৰলা সমাজৰ বাবে সহায় হ’ব পাৰে বুলিয়ে ইয়াত তুলি দিলোঁ। ইয়াৰ প্রয়োগ কৰি চাব পাৰে। বৰ সণ্মোহিনী গুণসম্পন্ন এইফাঁকি মন্ত্র ।

পিছে কিছুমান বহুলভাবে ব্যৱহৃত পদ্যও পোৱা যায়। যেনে

আঙুৰ লাগে লোমালোমে … ডালিম লাগে ডালত ।
চিঠিৰ মাজত চুমা দিছো … লগাই লবা গালত ।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!