চিঠি ২: ঠিকনাহীন (অভিজিত মেধি)

তেৰ মাহ চৈধ্য দিন….

নীলা ফুটুকী ফ্ৰকটো পিন্ধি খেলি থকা তই হঠাতে মোৰ পায়জামাটোত খামুচি “দেতা“ বুলি মতা প্ৰথম দিনটো৷ ময়ো যে…সুখৰ চাকনৈয়াত এসোঁতা যেন কান্দিহে দিম! তোক বোকোছাত লৈ সেইদিনা কত পৰ আপোনপাহৰা হৈছিলোঁ এতিয়া মনত নাই৷ তোৰ চৌপাশতেই যেন সিঁচি দিম জীৱনৰ সাতো ৰং৷ তই ওলমা পেটটো সাৱটি ভাল পাৱ কাৰণেই যেন দুগৰাহ বেছিকৈ খাওঁ, তোৰ লগত উমলিবলৈ সন্ধিয়া ঘৰলৈ বুলি বেগাই বাট বাওঁ৷

ষোল্ল বছৰ দুই মাহ….

মোৰ ফুটুকী, কণমানি বুলি ভাবি থাকোঁতেই চোন তই গাভৰু হ’লি, মোৰ মনত সংশয়ৰ মালা গুঠিলি৷ সিদিনা সৰস্বতী পূজা, পাটৰ যোৰা পিন্ধি “দেউতা আহোঁ” বুলি তই মাতষাৰ দিওতে মনটো বিষণ্ণ হৈ উঠিল৷ হঠাতে লাগিল তই যেন কইনা সাজেৰে চিনাকি ঘৰৰ দেওনা পাৰ হ’ব খুজিছ৷ সিদিনা গধূলি বাটত তোক জোকোৱা বুলি শুনি মই কেঁচা দা লৈ চ’কত পহৰা দিছিলোঁ৷ তোৰ দেতা জীয়াই আছে আই, তই কালৈকো ভয় নাখাবি৷

ওঠৰ বছৰ তিনি মাহ….

তই দেখোন বুজন হ’লি মাজনী, নিজকে লৈ সপোন দেখিব পৰা হ’লি৷ তোৰ দেতাৰ দুখীয়া বুলি কিয় পিছুৱাই আহিবি, তই হোষ্টেলত থাকি ভালকৈ পঢ়, দুবেলাৰ ঘামেৰে হ’লেও তোৰ কলেজৰ ফীজ ভৰিম৷ তই ডাঙৰ মানুহ হ’বি, লাগিলে গাঁৱৰ মাটি টুকুৰা বিকিম৷ নীলা আকাশলৈ পাখি মেলিবি, তোৰ দেতা আছে মাজনী, তই ৰৈ নাযাবি৷

তেইশ বছৰ এক মাহ….

সন্ধিয়াৰ ক’লা চহৰত কিয় ওলাই গ’লি মাজনী? সন্ধিয়াৰ আকাশত নাথাকে তোৰ প্ৰিয় নীলা, শালীনতাৰ সাজ খুলি নঙঠা হোৱা ৰাজধানীৰ বাটত কিয় ভৰি দিলি? চলন্ত বাছত চিৰাচিৰ হ’ল মোৰ কলিজাৰ টুকুৰা৷ কামনাৰ আৱৰ্জনা লেপি নিশাচৰ গুচি গ’ল, পথৰ দাঁতিত পৰিত্যক্ত তেজৰ চেঁকুৰা, অৱহেলিত হৈ জিলিকিল গাড়ীৰ হেডলাইটৰ পোহৰত৷ প্ৰতিটো আঁচোৰত “দেতা” “দেতা” তোৰ চিৎকাৰ কিয় মোৰ কাণত নপৰিল? কিয় কেঁচা দা লৈ তোৰ বাবে নাহিলোঁ? কিয় নিলাজ হাতৰ অৰণ্যত তোক অকলে এৰি দিলোঁ? মইয়ে অপৰাধী মাজনী….মই অভিশপ্ত…! অকলশৰীয়া এটা কোঠাত তেৰ দিন উশাহৰ বাবে তোৰ যুজঁ, বাহিৰৰ পৰা জুমি থকা তোৰ দেতা পংগু চাৱনিৰ নীৰৱ দৰ্শক!

থমকি ৰোৱা সময়; জৰাজীৰ্ণ এখন হৃদয়….

তই হাৰ মানি কিয় গুচি গ’লি মাজনী? “দেউতা আহোঁ” বুলি মাত এষাৰো নলগালি৷ মোকো লৈ যা; নহ’লে ৰড এডাল আনি ৰিক্ত মোৰ বুকু খুচি খুচি ফালি চিৰাচিৰ হ’ব দে, যন্ত্ৰণাৰ সুখত পূৰণ হওক মোৰ মৰণৰ হেঁপাহ৷

“দেউতা তই মেছেজ কৰিব নিশিক যদি প্ৰতিমাহে মোলৈ চিঠি এখনকে লিখিবি৷ “

আদৰৰ কথাষাৰ এতিয়া কাণত বাজি থকা হ’ল৷ এইয়া চা মাজনী, তোৰ মৰমৰ নীলা ৰঙৰ খাম এটা কিনি আনিছোঁ৷ উকা কাগজ এখিলা লৈ নীলা চিয়াহীৰে পাতনি মেলিছোঁ “মৰমৰ মাজনী”৷ তোলৈ চিঠি লিখিব সকলো যোগাৰ আজি মোৰ…তইহে কিয় ঠিকনাহীন?

[নিৰ্ভয়া, দামিনী…. জ্যোতিৰ (মাজনীৰ) অনেক নাম৷ তাইৰ দোষ কি আছিল? কি দোষত অভিশপ্ত তাইৰ পৰিয়াল?]

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!