চিত্ৰকৰ্ম : সুপ্ৰভা নাথ
চিত্ৰশিল্পী সুপ্ৰভা নাথ
একো একোজন শিল্পীৰ সৃষ্টিয়ে জন্ম দিয়ে আন এজন শিল্পীৰ৷ কাৰোবাৰ সৃষ্টি কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ কোনো কোনোৱে হয়তো নিজকে আৱিষ্কাৰ কৰি তোলে অন্য ৰূপত৷ তেনে এগৰাকী শিল্পী হ’ল গুৱাহাটী মহানগৰৰ শৰণীয়া নিবাসী সুপ্ৰভা নাথ৷ নিতান্তই সাধাৰণ জীৱন যাপন কৰা শিল্পী গৰাকীৰ জন্ম হৈছিল মঙলদৈত৷
তেখেত কিন্তু কোনো এটা বিশেষ কলাৰ সৈতে নিৰিৱিছিন্নভাৱে জড়িত নহয়৷ তথাপিতো তেখেতে ভজন, ৰাগ সংগীতৰ ৰসগ্ৰাহী শ্ৰোতা৷ এদিন তেখেতে স্বামী সতীশ নাথৰ সৈতে পাণবজাৰলৈ ভজনৰ নতুন ৰেকৰ্ড কিনিবলৈ যাওঁতে দোকানীজনে আগবঢ়ালে এখন নতুন গজলৰ কেছেট৷ গায়কজন হ’ল মেহদী হাছান৷ এই গজল কেইটা শুনি তেখেত মুগ্ধ হৈ পৰিল আৰু ক’ব নোৱৰাকৈয়ে সোমাই পৰিল এখন নতুন সৃষ্টিশীলতাৰ জগতত৷ গজলবোৰ শুনি থাকোঁতেই তেখেতৰ মানসপটত ধৰা দিলে একো একোখন চিত্ৰ৷ ৰং আৰু তুলিকাৰে সেই চিত্ৰবোৰ অংকন কৰিবলৈ আৰম্ভ কৰি ক’ব নোৱৰাকৈয়ে সোমাই পৰিল এখন নতুন জগতত৷ এনেদৰে এখন এখনকৈ তেখেতে অংকন কৰিলে প্ৰায় তিনিশৰো অধিক ছবি৷ এই প্ৰতিখন ছবিয়েই কিন্তু মেদহী হাছানৰ গজলৰ আধাৰত আধাৰিত৷ বেলেগৰ গান শুনি কিন্তু তেখেতে এখনো ছবি আঁকিব পৰা নাই৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গজলটো শুনাৰ পাছত তাৰ সুৰত মোহবিষ্ট হৈ থাকোঁতেহে তেখেত ছবিখন আঁকিব পাৰে৷ এবাৰতে ছবিখন আঁকি শেষ কৰিব নোৱাৰিলে সেয়া আৰু পুনৰ অংকন কৰা তেখেতৰ বাবে সম্ভৱ নহয়৷ যি দিনাৰে পৰা হাছান চাহাবে গজল গাবলৈ বাদ দিলে তেতিয়াৰে পৰা কিন্তু সুপ্ৰভা দেৱীৰ ছবি অঁকাও বন্ধ হৈ গ’ল৷ ব্যক্তিগতেভাৱে হাছান চাহাবক লগ ধৰাৰ ইচ্ছা আছিল যদিও অলপতে তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাত সুপ্ৰভা দেৱীৰ সেই ইচ্ছা পূৰণ নহ’ল৷
তেখেতৰ পুত্ৰ আমাৰ অকব-ৰ সক্ৰিয় সদস্য সত্যজিৎ নাথে আমাক এই ছবিখিনি সাহিত্য.অৰ্গত প্ৰকাশৰ বাবে অনুমতি প্ৰদান কৰি সকলোকে বাধিত কৰিলে৷ সত্যজিৎ নাথে তেওঁৰ মাতৃৰ ছবি সম্পৰ্কে মত পোষণ কৰে— ‘‘এই পানীৰং (ৱাতাৰ-কালাৰ) চিত্ৰখিনিৰ শিল্পি হʼল মোৰ মা, শ্ৰীমতি সুপ্ৰভা নাথ। গোটেই মিলি যোৱা ৩০ বছৰত, তেওঁ তিনিশখনতকৈ বেছি এনেকুৱা ছবি আঁকিছে। এটি অনন্য কথা যে প্ৰত্যেকখন ছবি, বিখ্যাত গায়ক মেহদি হাছানদেৱৰ একোটি গজলৰ সুৰত আধাৰিত। উৰ্দ্দূ ভাষাৰ বিষয়ে মায়ে বেছি নাজানে আৰু সেই বাবে ছবিবোৰ প্ৰমুখভাৱে গজলখিনিৰ সুৰৰ পৰা হে প্ৰভাৱিত। সুৰৰ পৰা এই সৃষ্টি কেনেকৈ মাৰ মনে-প্ৰাণে উদ্ভৱ হয়, তাৰ বিষয়ে মই এতিয়ালৈকে কোনো বোধ কৰিব পৰা নাই। কিন্তু ছবিবোৰৰ এই ফোটোখিনি আগবঢ়াইছোঁ, আশা কৰিছোঁ যে তাৰ পৰা আপোনালোকেও আনন্দ আৰু প্ৰেৰণা পাব।’’
আমি সাহিত্য.অৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা সুপ্ৰভা দেৱী ডাঙৰীয়াণীৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷ লগতে এনে সুন্দৰ অনুভৱৰ কথা আমাক জনোৱাৰ বাবে সত্যজিৎ নাথকো ধন্যবাদ জনালোঁ৷
প্ৰস্তুতকৰ্তাঃ সম্পাদনা সমিতি
*অনুনাদ আলোচনিৰ জুলাই ২০১২ সংখ্যাত অনুভৱ পৰাশৰে লিখা ʼশেষ পৃষ্ঠাʼ প্ৰবন্ধখনৰ সহায় ধন্যবাদেৰে মান দিয়া হʼল।