চিনেমা নিৰ্মাণৰ নন্দনতত্ত্ব — ঝুলন কৃষ্ণ মহন্ত

আশী-নব্বৈ দশকত আমি স্কুলত পঢ়া দিনত চিনেমা বা টিভিৰ অনুষ্ঠানসমূহত visual effect দেখিলেই সকলোৱে কৈছিল “কেমেৰাৰ বাহাদুৰি”। অমিতাভ বচ্চন , ৰাজেশ খান্না, ৰেখা, শ্ৰীদেৱী আদিৰ মুখত দেখা গানটোও আমি বহুতে তেওঁলোকেই গোৱা বুলিয়েই ধৰি লৈছিলোঁ। কিন্তু আজিৰ তাৰিখত আমি সাধাৰণ দৰ্শক বুলি যাক কওঁ‌ তেওঁলোকেও চিনেমা বা টেকন’লজিৰ বিষয়ে বহুখিনি কথা জানে আৰু আগ্ৰহো ৰাখে। দৰাচলতে চিনেমাৰ বাবে কাহিনী এটা চিত্ৰনাট্যৰ ৰূপ দিয়াৰ সময়তেই টেকনিক আৰু টেকন’লজিৰ কথা ভাবি আগ বাঢ়িব লগা হয়। এখন অট’ ৰিক্সা যিদৰে তিনিটা চকাৰ ওপৰতেই চলে সেইদৰেই নান্দনিকতা (aesthenic sense) কৌশল(Technique) আৰু প্ৰযুক্তি (Technology)ৰ ওপৰত চিনেমা এখন বহুখিনি নিৰ্ভৰ কৰে । অট’ চালকজন যেন পৰিচালক আৰু শিল্পী আৰু কলা-কুশলীসকল যেন আৰোহী। দৰ্শকসকলে যেন এই যাত্ৰা প্ৰত্যক্ষ কৰে। সেইখিনি কথা এই কাৰণেই কৈছোঁ কাৰণ আমাৰ বহুতৰ মাজত ধাৰণা আছে চিনেমা সম্পূৰ্ণ এক কাহিনী সৰ্বস্ব মাধ্যম য’ত ভাল কাহিনীয়েই সকলো; আৰু আন এচামৰ মতে চিনেমা সম্পূৰ্ণ technique আৰু technology সৰ্বস্বহে। আচলতে এই তিনিওটি দিশৰ ভাৰসাম্যতাইহে চিনেমাক এক সুন্দৰ যাত্ৰা প্ৰদান পাৰে । এই যাত্ৰা কেতিয়াবা কম দৈৰ্ঘৰ আৰু কেতিয়াবা দীঘলীয়া । কেতিয়াবা এক মিনিটৰ আৰু কেতিয়াবা ১০০ মিনিটৰ ।
অৱশ্যে বাস্তৱ সময় আৰু চিনেমাৰ সময়ৰ তাৰতম্য থাকে আৰু ই যেন এক যাদুকৰী বিদ্যাহে ।

ধৰি লওঁ এজন ব্যক্তিৰ ১০০ বছৰীয়া জীৱন কালকলৈ ১০ মিনিটৰ এখন চিনেমা হ’ব পাৰে আৰু আনহাতে মুহূৰ্ততে হৈ যোৱা বোমা বিস্ফোৰণ এটিক লৈ ১০০ মিনিটৰ এখন চিনেমা হ’ব পাৰে। সময়ৰ সংকোচন আৰু সম্প্ৰসাৰণ কৰি কাহিনী এটিক ইমান বিশ্বাসযোগ্যতাৰে দেখুৱাব পৰা এনে কৌশল কোনো এটা দৃশ্য-শ্ৰব্য মাধ্যমতেই পোৱা নাযায় আৰু এক চেকেণ্ডক ২৪ভাগত ভগাব পৰা আৰু মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ পৰা টেমচ বা মিচিছিপিৰ পাৰলৈ দৰ্শকক লৈ যাব পৰা প্ৰযুক্তিও এনে কোনো মাধ্যমতেই বৰ্তমানলৈ সম্ভৱ হৈ উঠা নাই । সেইদৰে শ্বুটিঙৰ সময়ত নিৰিবিলি গাঁৱৰ স্কুল ঘৰ এখনৰ শ্ৰেণী কোঠা এটাও শব্দসংযোজনেৰে ৰে’লৰ আলিৰ ওচৰৰ স্কুল হিচাপে দৰ্শকক বিশ্বাস কৰোৱাব পৰা যায়। তেনেদৰে সম্পাদনাৰ সময়ত বিভিন্ন ধৰণৰ cutৰ সহায়ত সৰল আৰু বিশ্বাসযোগ্য চিনেমেটিক যাত্ৰা সম্ভৱ হয় । বৰ্তমান সময়ত চিনেমাৰ colour toneএ ও আনকি দৰ্শকক কাহিনীৰ লগত একাত্ম হোৱাৰ বহুতো সুযোগ দিয়ে। উদাহৰণস্বৰূপে যুদ্ধৰ ওপৰত আধাৰিত চিনেমা এখন যিদৰে warm colourৰ tone হয়, ৰোমান্টিক চিনেমা এখন কিন্তু নহয়।

চিনেমাৰ তিনিটা স্তৰৰ প্ৰাৰম্ভিক পৰ্যায় (Pre Production)ৰ পৰাই সকলোখিনি দিশ মনত ৰাখিব লগা হয়। চিনেমাৰ বাবে কাহিনী নিৰ্বাচনতেই আৰম্ভ হয় এই প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে “অসীমত যাৰ হেৰাল সীমা”ক চিনেমাৰ ৰূপ দিবলৈ গ’লে তাৰ চিত্ৰগ্ৰহণ, শব্দ, সম্পাদনা, কলা নিৰ্দেশনা, সাজ-পোছাক, ৰূপ-সজ্জা আদি প্ৰতিটো দিশেই চাব লাগিব৷ চিনেমাখনত কি কি কৌশল আৰু প্রযুক্তি ব্যৱহাৰ হয় সি আয়ত্বত নাথাকিলে বা মনোযোগ নিদিলে বিভিন্ন সমস্যাৰ সৃষ্টি হয় বা চিনেমা মাজডোখৰতে ৰৈ যাব পাৰে বা প্রায়েই অসফলো হয়।

চিনেমাৰ ছাত্র-ছাত্রী বা আগ্রহীসকলে আমোদ পাব পৰা দুই এটা কথা মই যদি উনুকিয়াই যাঁও, তেনেহ’লে নিশ্চিতভাবে ক’ব লাগিব যে চিনেমাত কিছুমান এনে সহজ সৰল কৌশল আছে, যি চিনেমাখনৰ কাহিনীক নান্দনিকভাৱে উপস্হাপন কৰাত যথেষ্ট সহায়ক হয়। উদাহৰণস্বৰূপে Background Out Focus কৰি অভিনেতাজনক স্পষ্টকৈ দেখুওৱা এক অতি প্রচলিত কৌশল। পোহৰৰ ক্ষেত্ৰত এফালে পোহৰ আৰু আনফালে আন্ধাৰ কৰি বিশেষকৈ suspense ছবিত দৰ্শকক আন্ধাৰ-পোহৰৰ মাজত ৰাখি উদ্বেগ আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰা সহজতেই দেখা যায় । এনেবোৰ কৌশল চিনেমেটিক ভাষাত অতি গুৰুত্বপূৰ্ণ। চিনেমাত কেমেৰাৰ কথা সকলোৱে আলোচনা কৰে যদিও কেমেৰাৰ বাবে অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ পোহৰ বিভাগৰ কথা সাধাৰণতে আলোচিত নহয়। অথচ ফটোগ্ৰাফিৰ অৰ্থই হৈছে পোহৰে (photo) ৰে অঁ‌কা (graph)। অথচ The Godfather কে ধৰি In The Mood for Love, Tree of Life, Silence, The Great Beauty, Ida আদি প্ৰত্যেকখন চিনেমাত cinema lighting ৰ অসাধাৰণ ভূমিকা আছে। Ingmar Bergman, Andrei Tarkovsky, Akira Kurosawa, Ozu, Bela Tarr আদিৰ দৰে পৰিচালকৰ চিনেমাত film lighting অসাধাৰণ আছিল। Cinematographer অৰ্থাত দৃশ্যগ্ৰহণকাৰীসকলৰ মাজত Greggtoland ৰ Citizen Kane (Orson Welles), Sven Nykvist ৰ Persona(Ingmar Bergman), John Alcohৰ Barry Lyndon (Stanley Kubrick), Vitorio Shorano ৰ Apocalypse Now (Francis Ford Coppola) আদিৰ দৰে বহু চিনেমা ওলাব য’ত দৃশ্যগ্ৰহণকাৰীয়ে পোহৰ সজ্জাৰ জৰিয়তে চিনেমাৰ কাহিনীত পূৰ্ণ সহযোগ কৰিছে। বহু চিনেমাৰ তালিকা ওলাব য’ত দৃশ্যগ্ৰহণকাৰীয়ে পোহৰ সজ্জাৰ জৰিয়তে চিনেমাৰ কাহিনীক এক অন্য মাত্ৰালৈ লৈ গৈছে।

Camera Angle চিনেমেটিক ভাষা প্ৰকাশৰ আন এক আহিলা। চিনেমাত যিদৰে এটি দৃশ্য বিভিন্ন ধৰণে দেখুৱাব পৰা যায়, সেয়া কোনো দৃশ্য-শ্ৰব্য মাধ্যমতেই নোৱাৰি। সকলোতে মাত্ৰ আমি এটা ফ্ৰেমত সীমাবদ্ধ থাকো। ধৰি লওক পেইন্টিং এখন এটা ফ্ৰেম। শিল্পীয়ে সকলোখিনি সেই ফ্ৰেমতেই ৰচনা কৰে। আনহাতে নাটক এখনৰ ক্ষেত্ৰতো দৰ্শক এজনে বহা ঠাইৰ পৰাই তেওঁৰ চকুৰে এটা চৰিত্ৰ বিচাৰি চাব লগা হয়। অৱশ্যে পোহৰ, অভিনয় শিল্পীৰ অৱস্থান আদিয়ে এই ক্ষেত্ৰত চৰিত্ৰটো দেখা পোৱাত সহায় কৰে বা এইয়াই নাটকৰ মাধুৰ্যতাও। কিন্তু চিনেমাত যিদৰে নতুন নতুন ফ্ৰেম, কোণ আদিৰ ব্যৱহাৰ কৰি চিনেমেটিক ভাষাৰে কাহিনী কোৱাৰ সুযোগ আছে সেয়া আন মাধ্যমত নাই। Seven Samurai, Days of Heaven, Satantango, Baraka, Dekalog, Andrei Rublev(1966),I am Cuba, Citizen Kane, The Diving Bell and the Butterfly আদি অন্যতম উদাহৰণ ।

এইসমূহৰ উপৰি আন কিছু কৌশলো আছে যিবোৰ পলকতে সাধাৰণ দৰ্শকৰ চকুত নপৰে । Hitchcock ৰ Rope বা Sam Mendesৰ 1917 ছবিত ব্যৱহাৰ হোৱা Invisible Cut, য’ত এটা দৃশ্যাংশ ক’ত শেষ হ’ল আৰু আনটো ক’ত আৰম্ভ হ’ল কোনো উমানেই পোৱা নাযায়। মাত্ৰ এটা shot তেই অবিৰতভাৱে হৈ থকা যেন লাগে । সেইদৰে Mise En Sceneৰ কথা ক’বলৈ গ’লে Stalker, Path of Glory আদিৰ কথা ক’ব লাগিব। যিয়ে চাইছে তেওঁ হয়তো অনুভৱ কৰিব পাৰিব কেমেৰা, লাইট, অভিনয় শিল্পীৰ মাজত হোৱা বুজা-বুজি আৰু তালমিলৰ উদাহৰণ । Terminator – ii (1991), Avenger Infinity War, 2018, The Matrix, Inception আদিৰ দৰে ভাৰতৰো বহুত চিনেমাত slow motion ব্যৱহাৰ হয়। অৱশ্যে অতিমাত্ৰা slow motion ব্যৱহাৰৰ কাৰণে বহু ভাৰতীয় চিনেমা সমালোচনাৰ সন্মুখীনো হ’ব লগা হৈছে।

চিনেমা সম্পাদনাৰ কথা আলোচনা কৰিবলৈ গ’লে বহুতৰ সাধাৰণ দৃষ্টিত ই এক কাৰীকৰি কামহে মাথোন। প্ৰয়োজনীয়খিনি ৰখা আৰু প্ৰয়োজনত নোহোৱাখিনি পেলাই দিয়াই সম্পাদনা। কিন্তু সম্পাদনা মানে মাত্ৰ সেয়াই নহয়। সম্পাদনা হ’ল জীৱ নথকা Shot বোৰত জীৱন দিব পৰা শক্তি । চিনেমা এখনৰ আন আন বিভাগৰ ভুল ত্ৰুটিবোৰ নিৰীক্ষণ কৰি চিনেমাখনৰ সফলতাত প্ৰত্যক্ষভাবে জড়িত হোৱাই হওক বা দৃশ্যাংশৰ অগা পিছা কৰি, কোনো দৃশ্য কমকৈ বা বেছিকৈ দেখুৱাই চিনেমাৰ কাহিনীৰ গতি দ্ৰুত বা লেহেমীয়া কৰাই হওক চিনেমাখন পুনৰবাৰ পৰিচালনা হয় সম্পাদনা টেবুলত । সম্পাদনাৰ পাচৰ পৰ্যায়ত হ’ব লগা সংগীত আৰু শব্দ বিভাগৰ বাবে সৃষ্টিশীল সুযোগ প্ৰদান কৰোঁতেও সম্পাদনাই কাহিনীলৈ স্পন্দন আনে । তদুপৰি এনে বহু কাম সম্পাদকৰ মেজত হয় যি যিকোনো বিভাগৰ দুৰ্বলতাখিনি বহু পৰিমাণে চকুত নপৰা কৰাৰ উপৰি আন বিভাগৰ কামক সুন্দৰ কৰাৰ সুবিধা দিয়ে । সংবেদনশীল সম্পাদক এজনে Jump Cut, Match Cut, Skip Cut, Parrallel Cut আদিৰ উপযোগী ব্যৱহাৰেৰে চিনেমা এখনৰ কাহিনী কোৱাৰ ভাষাটোক অধিক চিনেমেটিক আৰু অনুভৱী কৰি তোলে। The God Father, All That Jazz, Apocalypse Now, 2001: A Space Odyssey, 8½, Memento, Titanic আদি চিনেমাত সম্পাদনাই কাহিনীক নতুন গতি দিছে ।

শব্দৰ কথা আলোচনা কৰিবলৈ গ’লে বহু কথাই কোৱা প্ৰয়োজন। একেটা শব্দকে আমি প্ৰয়োজনত সংগীত বা কেতিয়াবা প্ৰয়োজনত Noise (কোলাহল) আৰু প্ৰয়োজনত সুমধুৰ ধ্বনি হিচাপেও ল’ব পাৰোঁ। ধৰক অফিচ এটাত থকা ACৰ শব্দ কেতিয়াবা Noise হ’ব পাৰে। মাছৰ বজাৰত হৈ থকা হুলস্থুলখিনিও শব্দ হ’ব পাৰে বা সাগৰৰ পাৰৰ ঢৌৰ শব্দও সংগীত হ’ব পাৰে। আনকি সংগীতো হ’ব পাৰে কোনো ক্ষেত্ৰত Noise। ই সম্পূৰ্ণ Sound Designerৰ ওপৰত নিৰ্ভৰ। Once upon a time in the Westৰ আৰম্ভণিৰ বিখ্যাত Sequence টো যিয়ে চাইছে তেওঁ সহজতেই বুজি পাব নিস্তব্ধতাত শব্দ কি দৰে ডিজাইন হয়। Sound design ৰ বিষয়ে কিছু ধাৰণা ল’ব খোজা সকলে কৌশিক গাঙ্গুলীৰ বাংলা ছবি ‘শব্দ’,(Sound) চালে বহু কথা সহজেই অনুমান কৰিব পাৰিব। চিনেমাত শব্দ বুলি ক’লে আচলতে ( effect, Dialogue, Ambience, or music) কোনটো দৰ্শকে শুনিব বা নুশুনিব সেইয়া Sound Design তথা Mixing Engineer ৰ সিদ্ধান্ত ।

Film Technology ৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে প্ৰথমে এটা কথা ক’ব লাগিব যে বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে চিনেমাতো ইয়াৰ প্ৰভাৱ পেলাইছে। মিনিটযোৰা ক’লা-বগা নিৰ্বাক ছবি ( Black and White Silent film )ৰ পৰা আহি আহি আজি ডিজিটেল চিনেমাৰ যুগ পালেহি। কভিড-১৯ৰ সন্ত্ৰাসৰ পাচত চিনেমা হলৰ পৰিৱৰ্তে ইন্টাৰনেটযোগে মোবাইল বা স্মাৰ্ট টিভিত কিদৰে চিনেমা দেখুৱাব পাৰি তাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে। টিভি, ইণ্টাৰনেটৰ প্ৰচলনৰ লগে লগে বিতৰণ ব্যৱস্থাতো ( Distribution System) নতুন নতুন দিশ সংযোজন হ’ল ।

ডিজিটেল চিনেমাৰ প্ৰচলনৰ পাচত নতুন নতুন নিৰ্মাতাও ওলাই আহিল। 3D, 4D ৰ সৈতে দৰ্শক চিনাকি হ’ল। Mono Sound ৰ পৰা Stereo, Sorround, 5.1- 7.1 আৰু Dolby Atmos ৰ যাত্ৰাই চিনেমাক নতুন ৰূপ দিলে। 8 mm ৰ পৰা smart phone ত চিনেমা শ্বুটিং হোৱা দিনটোলৈ বহুখিনি পৰিৱৰ্তন হ’ল। আকাশমাৰ্গৰ পৰা দৃশ্য ল’বৰ বাবে য’ত এটা সময়ত বহু অৰ্থৰ বিনিময়ত হেলিকপ্টাৰ ব্যৱহাৰ হৈছিল, এতিয়া মাত্ৰ কেইহাজাৰমান টকাতে ভাড়া লোৱা Drone কেমেৰাই এই সুবিধা দিয়ে। মুঠতে থমাচ আলভা এডিচনৰ হাতত জন্ম হোৱা চিনেমাই এতিয়া নতুন ৰূপ ল’লে। কিন্তু এটা কথা অনস্বীকাৰ্য যে চিনেমাই এটা যুগ ধৰি ৰাখে, মানুহৰ সূক্ষ্ম সূক্ষ্ম অনুভূতিৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ ডাঙৰ ডাঙৰ সমস্যালৈ কল্পনাপ্ৰৱণ লিখকৰ মগজুসৃষ্ট কাহিনীৰ পৰা জীৱনৰ কঠিনতম সত্যলৈ চিনেমাই বিজ্ঞান, শিল্প আৰু বাণিজ্যৰ এক উমৈহতীয়া সন্তান হিচাপে জীৱন আৰু সমাজত বহুলভাৱে প্ৰভাৱ পেলাইছে । যেনেকৈ নতুনকৈ সম্বন্ধ হোৱা এহাল প্ৰেমিক-প্ৰেমিকাই এখন চিনেমা চাই প্ৰথমকণ মধুৰ সময় কটাব বিচাৰে সেইদৰে কেইজনমান গৱেষকেও বিশেষ কোনো কথাৰ সত্যাসত্য অনুধাৱন কৰিবলৈ চিনেমাৰ টোপোলা খুলি লয়। পৃথিৱীৰ বিভিন্ন সমাজৰ সভ্যতা-সংস্কৃতিৰ পাণ্ডুলিপি হিচাপে য’ত চিনেমাৰ এক নিজা পৰিভাষা আছে সেইদৰে বহুতো মানুহৰ জীৱিকা অৰ্জন আৰু সংস্থাপনৰ বাবে ই বাটো মোকলাই দিছে। সময় সলনি হৈ গৈ থকাই সময়ৰ চৰিত্ৰ। লগতে সলনি হৈ থাকে মানুহ, সমাজ, ৰুচি-অৰুচি । চিনেমা কেৱল মনোৰঞ্জনৰ বিষয় নহৈ অধ্যয়নৰ বিষয় আৰু আহিলা হৈও চিৰদিন হয়তো মানৱ সমাজৰ এক এৰাব নোৱাৰা প্ৰয়োজন হৈ জীয়াই থাকিব।

One thought on “চিনেমা নিৰ্মাণৰ নন্দনতত্ত্ব — ঝুলন কৃষ্ণ মহন্ত

  • December 18, 2020 at 8:27 am
    Permalink

    ভাল লাগিছে লেখাটো । বহু দৰকাৰী কথা সহজকৈ লেখা হৈছে । ধন্যবাদ ঝুলন ‌

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!