চিফুঙৰ সুৰ এটা সপোন হৈ শিপাইছে ….. (নিবেদিতা হাজৰিকা)
ফাগুনৰ সৰাপাতত পঢ়াৰে পৰা তোমাৰ চিঠি
সাৰে আছোঁ মই
দূৰৰ পৰা ভাঁহি অহা চিফুঙৰ সুৰ এটা
সপোন হৈ শিপাইছে বুকুৰ মাজত
কুমলীয়া কুঁহিপাত কঁপাই নামি আহিছে এতিয়া
সেউজীয়া বৰষুণ এজাক,
চিনাকি চিনাকি গোন্ধ এটাই
ওৰে ৰাতি দুৱাৰত টুকুৰিয়াই আছে
আলফুল বতাহ এজাকে ৰঙা আঁচুৰ আঁচল কঁপাই
গাই আছে ব’হাগৰ গান
সুৰটোৱে আঁচুৰিছে কাৰোবাৰ বুকুত !
কোনোবাই হয়তো আৱেগেৰে সজাই
জুকিয়াই লৈছে প্ৰিয়জনক ক’ব লগা কথাবোৰ
আৰু কোনোবাই
হেঁপাহৰ সাজ পিন্ধাই লিখিছে এটি প্ৰেমৰ কবিতা।
এনেকৈয়ে যেতিয়াই
বসুন্ধৰা বননিত বাজি উঠে তোমাৰ গান
ভঙা কলিজাৰ বিননি পাহৰি জী উঠোঁ আমিবোৰ
সুৰীয়া আঁচল পাতি বোটলোঁ জীৱনৰ ৰং
পাহৰি যাওঁ সকলো দুখ-যাতনা,মান অভিমান!!