চিভিকছ ছেন্স–গিৰীশ চন্দ্ৰ শৰ্মা
দয়া কাকতিয়ে ঘৰটো সাজিবলৈ লওঁতে সন্মুখত পথ বুলিবলৈ নাছিলেই৷ আগতে অহা বাসিন্দাসকলে নিজে নিজৰ সন্মুখটো পুতি কোনোমতে ওলাব সোমাব পৰাকৈ পথটো উলিয়াই লৈছিল৷ মাটিডৰা একেবাৰে মুৰত হোৱা হেতুকে ইতিমধ্যে বহা মানুহবোৰে সাজি লোৱা সাধাৰণ পথটোৰ ওপৰেৰে ঘৰ বন্ধাৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কঢ়িয়াবলৈ চিন্তা হৈছিল যদিও ঘৰটো যিহেতু সাজিবই লাগিব সেয়ে পথটোৰ ক্ষয়-ক্ষতি পূৰণৰ সম্পৰ্কে হ’বলগীয়া ওচৰ-চুবুৰীয়া সকলৰ লগত বুজা বুজি কৰি কাকতিয়ে এদিন ঘৰৰ কামত হাত দিছিল৷
ঘৰ সজোৱা সামগ্ৰী যোগান ধৰা ল’ৰা জনে ফোন কৰিলেই কাকতিৰ বকুখন চিৰিং কৈ উঠে “ক’ত বা কি গণ্ডগোল লাগিল” বুলি ভাবি৷ সাময়িক ভাৱে মনে মনে ওচৰ চুবুৰীয়াবোৰে বেয়াও পাইছিল পথটিৰ ওপৰেৰে ইটা-বালিৰ গধুৰ যান বাহনবোৰ অহা-যোৱা কৰাৰ বাবে৷ বেয়া পোৱাও স্বাভাৱিক, যিহেতু প্ৰত্যেকেই নিজৰ গাঠিৰ ধন ভাঙিয়েই পথটোৰ আকাৰ দিছিল৷ কাকতিয়ে ঘৰটোৰ কামৰ অগ্ৰগতিৰ লগে লগে পথটোৰ উন্নতিৰ কথা ভাবি সময়ে সময়ে শিল,বালি আৰু ইটাৰ অৱশিষ্ট বোৰেৰে পথটো মেৰামতি কৰি ৰাখিছিল৷
কাকতিৰ গৃহ ঋণটোৰ বেছ কিছু অংশ পথ, পানী আৰু বিজুলীৰ নামত খৰচ হ’ল৷ এই ফালে ঘৰটো সম্পূৰ্ণ হ’ল নে নাই, পৌৰ নিগমৰ মানুহ বোকা পানী গছকিয়েই কাকতিৰ পদূলিত হাজিৰ ঘৰটোৰ কৰ নিৰ্ধাৰণ কৰিবলৈ৷ কোনোমতে মুৰটো গুজিব পৰা হোৱাত বাকী থকা কামবোৰ পিছলৈ থৈ এটা শুভ দিনত কাকতিয়ে গৃহ প্ৰবেশ কৰিলে৷ অথন্তৰটো লাগিল বাৰিষা অহাৰ লগে লগে৷ ভৰা শিল বালিৰ ট্ৰাকে ৰাষ্টাটো নিশা মহটিয়াই থৈ যায়৷ পুৱাই উঠি পাহাৰৰ ৰঙা মাটি, বোকা পানীৰে গেলি যোৱা পথটো হাতত কোৰখন লৈ শিল, বালি ইটাৰ টুকুৰাৰে মেৰামতি কৰে, কাৰণ নিজে ওলোৱা সোমোৱা কৰিবই লাগিব৷ নিজৰ সুবিধাৰ লগতে পথচাৰীৰো সুবিধা হ’ব বুলি ভাৱি ঘৰৰ সন্মুখত বাঁহৰ খুটা এটা পুতি ঘৰৰ পৰা বৈদ্যুতিক তাঁৰ এডাল টানি বাল্ব এটা ওলোমাই দি ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰিলে৷ দিনত মেৰামতি কৰি লোৱা পথটো ৰাতি দোভাগত শিল বালিৰ ট্ৰাক কেইখনে কৰা দূৰাৱস্থা দেখিলেই কাকতিৰ বুকু ভুকুৱাই কান্দিবৰ মন যায়৷
ৰবিবাৰ৷ বন্ধৰ দিন৷ কাকতি ঘৰতে আছিল৷ ভৰা শিল বালিৰ ট্ৰাক এখনে দিন দুপৰতে ৰাষ্টাটোৰে সোমায় চাৰিওটা চকা ফচি ৰৈ গ’ল৷ ড্ৰাইভাৰে বহু সময় যুঁজি এস্কিলেটৰ দবাই দবাই ৰাষ্টাটোৰ শ্ৰাদ্ধ কৰিলে৷ ল’ৰা কেইজনমানে ড্ৰাইভাৰক উদ্দেশ্যি “ষ্টাৰ্ট বন্ধ কৰি মাল আনলোদ ক’ৰ, নহ’লে গাড়ী নোলাব” বুলি কৈ উধাও হল৷ কাকতিয়ে লেবাৰ কেইজনক কলে “গাত কেইটা মাৰি অলপ শিল গুটি চতিয়াই যাবা, নহলে বৰষুণ জাক আহিলেই ৰাষ্টাটো গেলিব৷” বেচেৰাহঁতে কথাটো ঠিকেই উপলব্ধি কৰিছিল৷ গাড়ীখন আনলোদ কৰি ওলাই যোৱাৰ পাছত লেবাৰ কেইজনে ৰাষ্টাটোৰ গাত কেইটা মাৰি শিলগুটি কেইটামান চতিয়াই থাকোঁতেই ডেকা ল’ৰা কেইজন উভতি আহি লেবাৰ কেইজনক অবাইচ মাতেৰে ক’লে- “তহঁতক ৰাষ্টাত শিলগুটি চতিয়াবলৈ কোনে কৈছে?” ঘৰৰ ভিতৰৰ পৰাই ল’ৰা কেইজনৰ কথাবোৰ শুনি কাকতিয়ে ওলাই আহিবলৈ লওঁতেই সহধৰ্মিনীয়ে আগছি ধৰি ক’লে – “হ’ব দিয়া বাহিৰলৈ যাব নেলাগে ৷ ল’ৰা কেইজনক দেখিলেই ভয় লাগে৷” খিৰিকীৰে লৰাকেইজনক লক্ষ্য কৰি, স্খলিত মানসিকতাৰ ওচৰত নিজৰ বিবেকক অপদস্থ নকৰাই ভাল বুলি কাকতি সহধৰ্মিনীৰ কথাত মান্তি হৈছিল৷ ইতিমধ্যে লেবাৰ কেইজনে ৰাষ্টাটো আচুৰি আচুৰি শিলগুটি বোৰ ঠেলাত উঠাই লৈ গ’ল আৰু হঠাতে অহা আবেলিৰ বৰষুণ জাকে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ৰাষ্টাটো গেলাই পেলালে৷
কাকতিয়ে ৰাষ্টাটোৰ কথা ভাবি মুৰে কপালে হাত দি বাৰাণ্ডাতে বহি আছিল৷ কোচত শিশু এটি লৈ মেখেলাখন আঁঠুলৈ কোচাই বোকাপানীবোৰ গছকি ৰাষ্টাৰে গৈ থকা মহিলা গৰাকীয়ে মুখেৰে ভোৰভোৰাই যোৱা কথাষাৰে “চা, দালান বনাইছে, ঘৰৰ সন্মুখত শিলগুটি এটাও পেলাব নোৱাৰে”, কোনোবাই যেন এটা শিলগুটিহে কাকতিৰ বুকুলৈহে মাৰি পঠিয়াইছিল৷ কোৰখন লৈ ভঙা ইটাৰ টুকুৰাবোৰ ৰাষ্টাটোত পাৰি দি মনতে ভাবিছিল ৰাষ্টাটো যেন ভালুকৰ সাঙিহে হ’ল৷
বছৰ বাগৰিছিল৷ হঠাতে যেন চৰকাৰী বিভাগটোৰ ৰাষ্টাটোৰ ওপৰত কৃপা দৃষ্টি পৰিল৷ এদিন মানুহ কেইজনমানে ৰাষ্টাটোৰ জোখ মাখ লৈ আছে৷ আগবাঢ়ি গৈ কাকতিয়ে মানুহ কেইজনক সুধিলে৷ “কিহৰ বাবে এই জোখ মাখ?” এজনে ক’লে ৰাষ্টাটো হ’ব, এশ মিটাৰ, পিছে আপোনাৰ সন্মুখলৈ নহ’ব৷” কিবা কামত আহক নাহক কাকতিয়ে মানুহ কেইজনক বিনম্ৰভাৱে কলে “সাপডাল মাৰি নেগুৰত বিষটো এৰে কিয়, পাৰিলে এইখিনিও ভৰাই ল’ব৷” কাৰ কথাত কি সংযোগ লাগিল কাকতিয়ে ক’ব নোৱাৰিলে, কেইমাহমানৰ ভিতৰতে গোটেই ৰাষ্টাটো পকী হ’ল৷
ৰাষ্টাটোৰ উন্নতিৰ লগে লগে ৰাষ্টাটোৰে চলাচল কৰা যান বাহনৰ সংখ্যাও দুগুণে বাঢ়িল৷ বাইক চলাই ষ্টাণ্ট দি ফুৰা ল’ৰা জাকৰ যেন ৰাষ্টাটো প্ৰশিক্ষণ ক্ষেত্ৰহে হ’ল৷ কাকতিয়ে সন্ধিয়া অফিচৰ পৰা গৈ গেটখন খুলি গাড়ীখন চৌহদৰ ভিতৰত সোমাবলৈ লওতেই, পিছে পিছে আহি থকা গাড়ীখনৰ ড্ৰাইভাৰজনে হৰ্ণ বজাই অতিষ্ঠ কৰি তুলিছিল৷ অপেক্ষা কৰিবলৈ ধৈৰ্য্য নাই গাড়ীখন চৌহদত সোমোৱালৈকে৷ পিছৰ চিটত বহি থকা আৰোহী এজনে অবাইচ মাতেৰে চিঞৰি “বাপেৰৰ ৰাষ্টা নেকি?” বুলি তীব্ৰ গতিৰে গাড়ীখন ওলাই গৈছিল৷ গাড়ীখনৰ পিছে পিছে খেদি গৈ উশৃঙ্খল আৰোহী জনক কাকতিৰ বুজায় দিবলৈ মন গৈছিল তেওৰ বিলাসী গাড়ীখন পাৰ হৈ যোৱা পথটোৰ তলত নীৰৱে শুই থকা গৃহঋণ আৰু কেঁচাঘামৰ টোপালবোৰৰ কথা৷
কাকতিৰ ঘৰটো যেনেকৈ মৰমৰ ৰাষ্টাটো ঠিক তেনেদৰে অতি মৰমৰ৷ প্ৰাত: ভ্ৰমণলৈ ওলাই গ’লে হাতত হাকুটি এডাল লৈ ৰাষ্টাটোত পৰি থকা পলিথিনৰ পেকেটবোৰ উঠাই ডাষ্টবিনত পেলোৱা কাকতিৰ স্বভাৱত পৰিণত হৈছিল৷ বন্ধু এজনে এদিন প্ৰাত: ভ্ৰমণলৈ আহি ঘৰৰ দুৱাৰ মুখতে লগ পায় কলে “প্ৰাত: ভ্ৰমণত আপোনালোকৰ ৰাষ্টাটোলৈ আহি বৰ ভাল লাগে, ৰাষ্টাটো বেছ পৰিস্কাৰ হৈ থাকে৷” মনতে গৰ্ববোধ কৰি কাকতিয়ে ৰাষ্টাটো ঝাড়ু দিয়াৰ পৰা ড্ৰেইন চাফা কৰালৈকে সকলো ব্যৱস্থা কৰি লোৱা বুলি বন্ধু জনক ক’লে৷ সেয়ে ৰাষ্টাটো কোনোবাই লেতেৰা কৰিলে খং উঠে যদিও উপায় নাই ৰাষ্টাটো নিজে চাফা কৰি ৰখাৰ বাহিৰে৷ কাৰণ নিজৰ ঘৰ নিজৰ দুৱাৰমুখ৷ সেয়ে প্ৰাত:ভ্ৰমণলৈ উলাওঁতে হাতত হাকুতিডাল লৈ কোনোবাই ৰাষ্টাত পেলায় থৈ যোৱা পলিথিনৰ জাবৰৰ টোপোলাবোৰ উঠাই পেলোৱা কাকতিৰ যেন এক নিত্য কৰ্ম৷
প্ৰাত: ভ্ৰমণলৈ ওলাই আহি ভৱানন্দ শইকীয়াই ঘৰৰ দুৱাৰ মুখত কাকতিক লগ পাই ক’লে- “বলক, স্কুলৰ খেলপথাৰ খনতে দুপাক মাৰি আহোঁ৷” ইচ্ছা নাছিল যদিও ৰাতিপুৱাই মানুহজনক লঘু কৰিবলৈ কাকতিৰ ভাল নেলাগিল৷ শইকীয়াৰ লগতে কাকতি স্কুলৰ খেলপথাৰ খনলৈ ওলাই গ’ল৷ কংক্ৰিটৰ মহানগৰীত ককবকাই থকা মানুহজাকে যেন ৰাতিপুৱাই অকণমান উশাহ ল’বলৈ একমাত্ৰ খেলপথাৰ খনলৈ ঢাপলি মেলিছে৷ প্ৰাত: ভ্ৰমণ সামৰি গছজোপাৰ তলতে আটায়ে ক্ষন্তেক বিশ্ৰাম ল’লে৷ আলোচিত হ’ল আগনিশা হৈ যোৱা প্ৰৱল বৰষুণজাকত হোৱা মহানগৰখনৰ কদৰ্য ৰূপ৷ ভিন্ন জনৰ ভিন্ন মত৷ কিন্তু ভাল কথা এটাই – সকলোৱেই কোনো দ্বিমত নোহোৱাকৈ চিভিক চেঞ্চৰ অভাৱেই যে চহৰখনৰ সৰ্বনাশৰ মূল কাৰণ, সেইটো উপলদ্ধি কৰিছিল৷
নিশা কাৰেণ্ট নথকাত গৰমত শুব নোৱাৰি কাকতিয়ে বাৰাণ্ডাতে বিছনীখন লৈ বহিছিল৷ এন্ধাৰৰ মাজত গোটেই চহৰখন ৷ হঠাতে ৰাষ্টাত বটল ভঙা শব্দ শুনি কাকতিয়ে হাতৰ টৰ্চ লাইটটো জ্বলাই দিলে৷ লাইটৰ পোহৰত এখন চিনাকি মুখ৷ হাতত থকা জাবৰৰ টোপোলাটো ৰাষ্টালৈ দলিয়াবলৈ লওতেই খালী মদৰ বটলটো টোপোলাৰ পৰা ওলাই ৰাষ্টাৰ মাজতে টুকুৰা টুকুৰ হৈ পৰিল৷ মৰ্ণিং ওৱাকত চিভিক্স চেঞ্ছৰ অভাৱৰ বক্তৃতা দিয়া চিনাকি মুখখনে লাজ পালে নে নাই ক’ব নোৱাৰিলে ৷ কাকতিয়ে লাজতে টৰ্চ লাইটো নুমাই দিছিল৷
পুৱাই উঠি ৰাষ্টাটোত চেদেলি ভেদেলি হৈ পৰি থকা মাংসৰ হাড় মুৰৰ টোপোলা আৰু সুৰাৰ বটলৰ টুকুৰা বোৰ দেখি কাকতিয়ে মুৰে কপালে হাত দিয়া নাছিল৷ আগদিনা খনৰ প্ৰাত: ভ্ৰমণত সকলোৰে উপলদ্ধি “চিভিক্স চেঞ্চৰ” অভাৱ আৰু মানুহবোৰৰ চৰিত্ৰৰ ভিন্নতাই যেন কাকতিক বাকৰূদ্ধ কৰিছিল৷
কাকতিয়ে মনটোক বুজনি দিছিল, কোনোবাই লিখি থৈ যোৱা কথাৰে “অইনৰ ভাল নোপোৱা আচৰণবোৰ বন্ধ কৰিব নোৱাৰিলেও তুমি যেন অইনৰ অসুবিধাৰ কাৰণ নোহোৱা৷”কাকতিয়ে নঙলামুখ পৰিষ্কাৰ কৰি ঘৰ সোমাইছিল, “আপোন ভালেই জগত ভাল বুলি৷”
মৃত্যুমুখি চহৰখনত দয়া কাকতিৰ দৰে কিছুমান মানুহ আজিও আছে যাৰ চিন্তা মৃত্যুমুখী চহৰখনক ৰক্ষা কৰাৰ৷ দয়া কাকতিৰ বিষয়ে দুষাৰ লিখিবলৈ সাংবাদিক অজয়ে ফুকন এদিন দয়া কাকতিৰ ঘৰ বিচাৰি কাকতিৰ ঘৰলৈ যোৱা পথৰ দাঁতিত ঠিয়হৈ এজনক সুধিছিল “দয়া কাকতিৰ ঘৰ কোনটো?” উত্তৰ আছিল “হাকুটি কাকতিক হে জানো, দয়া কাকতি ……..? “ অচিনাকি এজনে অজয়ক কৈছিল “সৌৱা চাৰি নম্বৰ ঘৰটো, দয়া কাকতিয়ে হাকুটি কাকতি৷”
সাংবাদিক অজয় ফুকনে সুন্দৰতাৰে লিখিছিল
“এজন মানুহ আৰু এডাল হাকুটি ৷”