চিমকাৰ্ড (প্ৰদ্যুৎজ্যোতি শইকীয়া)


মৃনালিনী বৰুৱাৰ কথাৰে …..

মৃনালিনী বৰুৱা, স্কুলৰ আটাইতকৈ ‘ডিচিপ্লিন’ মানি থকা ছোৱালীজনীয়েই হ’ল তাই| কোনেও সাহস নকৰে তাইক জোকাবলৈ| কোনেও কথাও নাপাতে তাইৰ লগত| সকলোৱে সমীহ কৰে তাইক| কিন্তু বিখ্যাত শিক্ষক বুধেন বৰুৱাৰ জীয়েক মৃনালিনী বৰুৱাক কিন্তু এজনেই বলে পাৰে|সেইজনেই হ’ল বিদ্যুত জ্যোতি শইধকীয়া|ক্লাছৰ ফাৰ্ষ্ট আৰু খটাসুৰ ল’ৰা|বৰ উত্পেতীয়া স্বভাৱৰ বিদ্যুত|কোনো সাৰি নাযায় তাৰ পৰা|সেই কথাবোৰেই আকৰ্ষণ কৰে মৃনালিনীক তাৰ প্ৰতি | মৃনালিনীয়ে যৌৱনত ভৰি দিয়াৰ পৰাই এক অনামী আকৰ্ষন অনুভৱ কৰি আহিছে বিদ্যুতৰ প্ৰতি| কিন্তু প্ৰচণ্ড আত্ম-অভিমানী মৃনালিনীয়ে কেতিয়াও এই কথা জানিবলৈ দিয়া নাই বিদ্যুতক|সিফালে কিন্তু কৈশোৰত দপদপাই থকা বিদ্যুতৰ ভ্ৰুক্ষেপেই নাই| চিন্তাকেৱল উত্পা ত কৰাৰ| মৃনালিনীয়ে কথাৰ চলেৰে কেতিয়াবা তাৰ হাতখন চুয়ে|যোৱামাহত অংকৰ টিউচন তাই ইচ্ছা কৰিয়েই বিদ্যুতৰ দদায়েকৰ ওচৰতলৈছে|তাক চোৱাৰ হেপাঁহৰ বাবেই | পিছে বেচেৰীৰ আশা কেতিয়াবাহে পূৰণ হয়|কাৰণ দদায়েকৰ লগত বিদ্যুতৰ ৰাহি যোৰা নাহে|এইদৰেই নোকোৱা কথাবোৰ নোকোৱাকৈয়েইথাকি গ’ল|

বছৰৰ পাছত বছৰ বাগৰি গ’ল|হাইস্কুলতে এৰাএৰি হ’লদুয়োৰ| বিদ্যুত হ’লগৈ গাৱঁলীয়া ডাক্টৰ| মৃনালিনী বৰুৱা স্মৄতিৰ গৰ্ভত সোমাল| মৃনালিনীয়ে কিন্তু নোৱাৰিলে পাহৰিব বিদ্যুত্ক| সেইবাবেই চাগৈ কাকো আকোঁৱালিও ল’ব নোৱাৰিলে নিজৰ কলেজীয়া জীৱনত | চাইক’লজিষ্ট মৃনালিনীৰ কেতিয়াবা নিজকেই চাইক’ চাইক’ লাগে|কিয় নক’লে তাই বিদ্যুতক | এৰি অহাৰ সাতবছৰৰ পাছত অনুভৱ কৰে তাই | এতিয়া ক’ব বিচাৰে তাই |পিছে ক’ব কেনেকৈ? যিহে কিবা এটাই তাইক সোপা মাৰি ধৰে | ঘৰলৈ যাওঁতে তাই ভনীয়েকৰ মুখেৰে শুনিলে তাৰ হেনো কোনোবা লগৰে ডাক্টৰণী এজনীৰ লগত “এফেয়াৰ” | সেইষাৰ শুনাৰ পাচত আৰু তীব্ৰতা অনুভৱ কৰিছে তাই তাৰ প্ৰতি|পিছে হ’লে কি হ’ব? একো কানেকচনেই নাই দেখোন তাইৰ|সৰুতে কাৰো লগত মিলামিছা নকৰাৰ ফল ভুগিছে তাই| ইফালে বিদ্যুতে চাগৈ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত …..| নাই তাই ভাবিব নোৱাৰে আৰু তাৰ পাছত | কিবা কিবি লাগি যায় দেখোন গাত |

তাই ভনীয়েকৰ মুখেৰে বিদ্যুত প্ৰেমত পৰা কথাটো জনাৰ পাছত আৰু উচপিচ লাগিছে | এনেকুৱা লাগিছেযেন তাইৰ বৰ কষ্ট হৈছে নিজৰ | আচলতে তাই তাৰ আগলৈকে এটা ভ্ৰান্ত ধাৰণা কৰিআছিল যে বিদ্যুতে তাইৰ দৰে ছোৱালীৰ বাহিৰে অন্য ছোৱালীক ভাল পাব নোৱাৰে |আচলতে সেইটোৱেই সত্য নহয় দেখোন | বিদ্যুতে চাগৈ তাইক এইটো ধাৰণাৰে কোনোদিনলোৱাই নাছিল | বহুত কথাই তাইৰ মূৰত পাকঘূৰণি খাবলৈ ধৰিলে | ছেঃ কি কৰা যায় | নাই নাই, … এটাই উপায় আছে | কানেকচন কৰিব লাগিব তাৰ লগত | ফেচবুক | তাইৰ কলেজৰ লগৰীয়া চিন্ময়ী জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ সদস্য|তাকো ছদ্ম নামত | বিদ্যুতৰ লগতো তাই অন্য এটা ছদ্ম নামেৰে বন্ধুত্বগঢ়ি থৈছে |মৃনালিনীৰ সকলো কথা জানে তাই |মৃনালিনীৰ অনুৰোধ মৰ্মে চিন্ময়ীয়ে বিদ্যুতৰ ফেচবুকত থকা ম’বাইল নাম্বাৰটো দিলে তাইক | সাত বছৰ হ’ল তাৰ মাতশুনা নাই মৃনালিনীয়ে | চেহেৰাটো আগৰ দৰেই আছে |দেখিছে তাই | নাই এনেকৈ আৰু নোৱাৰি |৯ বছৰীয়া আত্ম অভিমান ভাঙি পেলালে তাই |তাক আনৰ হৈ যাবলৈ দিব নোৱাৰি |ফেচবুকৰ পৰা লোৱা ভ’দাফ’ন নাম্বাৰটোত ফ’ন লগালে তাই |
“হেল্ল’ বিদ্যুত…মইৱ মৃনালিনীয়ে কৈছো ,তোমাৰ ক্লাছমেট…” | সিফালৰ পৰা এটা গুৰুগম্ভীৰ উত্তৰ “অ’ মৃনালিনী কোৱা, ….” | সেইয়াই আৰম্ভণি| ইমান সহজতে বিদ্যুতক নিজৰ কৰি ল’ব পাৰিব বুলি ভবা নাছিল তাই | খুব সোনকালেই বিদ্যুত প্ৰেমত পৰিল তাইৰ |

বিদ্যুতৰ ভাষাৰে…….

যোৰহাট মেডিকেল ইনষ্টিটিউটত পঢ়াৰ দিনৰ কথা | প্ৰথম বাৰ্ষিকলৈ গৈয়েই প্ৰেমত পৰিছো | তাৰ ফল স্বৰুপে যোৰহাটৰ গড়আলিত বোন্দাপৰ দি বহি আছো | ভাৱী পত্নীৰ কাঢ়া আদেশ “ভ’দাফ’নৰ ফ্ৰী চিম দুইটা উলিয়াই আনিবা|আৰু ইমান পইহচা খৰচ কৰিবনোৱাৰি | ভ’দাফ’ন টু ভ’দাফ’ন ফ্ৰী ভৰাই ল’ম |” পইইচা নাথাকে তেতিয়া হাতত | চিগাৰেট এটা খাবলৈও চিন্তা হয় |প্ৰেমিকাই হাতত গুজি দিয়া টকা এশৰে দিনটোৰবাবে ওলালো | ফ্ৰী চিম আনিবইআ লাগিব | এটা তাইৰ কাৰণে এটা মোৰ কাৰণে|কষ্ট-মষ্ট কৰি শেষত পালো দুটা চিম | তাকো বহুত নাকনি কাকনি | ভাৰাঘৰৰ মালিকৰ লাইটৰ বিল, আইদেণ্টীটি কাৰ্ড |এশ এবুৰি ঝামেলা | সন্ধিয়া সময়লৈ চিম দুটাপালো |নাম্বাৰ দুইটাত এটাহে মাত্ৰ পাৰ্থক্য|শেষৰ নাম্বাৰটোৰ| এটাৰ দুই এটাৰ তিনি| হাতত থকা টকা এশৰে কি কৰা যায় | নেটতে বহিলো অলপ সময় | তাৰ পাচত চিধাইভাৱী পত্নীৰ ৰুম | বোলো লোৱা চিম এটা |তেৰাই হাঁহি মাৰি চিমটো হাত পাতিল’লে | তাৰ পাছৰ পৰাই আমাৰ ৰাতি ৰাতি দুৰ্দান্ত প্ৰেমালাপ আৰম্ভ হ’ল |
আৰম্ভণিতে কথাবোৰ বেছি ওলোৱা হ’ল | জুনিয়ৰবোৰে মোৰ ভাত ঢাকি থোৱা হ’ল | বিচনাত আঁঠুৱা ১০ টামান বজাতেই লগোৱা হ’লো | ন’টবোৰ লিখা কামটো এলাহত (নেসময়ৰ অভাৱত) থাকি গ’ল | সুবৰ্ণ সুযোগ ওলালেও ফ’নৰ প্ৰকোপত ঘুটুং পানী ধৰা কামটো‍ও সামৰনি পৰিল | মুঠৰ ওপৰত তামাম | তামাম মানে জোৰদাৰ প্ৰেম | তাৰ ফলহাতে হাতে পালো | প্ৰথম বাৰ্ষিকৰ ৰিজাল্ট কোনো মতে টানি টুনি ৬০% | ককাইদেউৰ, আইমাতৃৰ সন্মুখতে বাক্যবান “নতুনকৈ কিবা নোকিয়া নে ফুঁকিয়া দিয়া এটালৈছে নহয়, যোৱাবাৰ হোষ্টেললৈ যাওঁতে জৰী বটিয়া দুদাল মান কাণত ওলমাই ভোনভোনাই থকাতে পাইছিলো মই | পাইছে এতিয়া মজা |” খোঁচ মাৰি কোৱা কথাকেইষাৰে মোৰ জিভাখন একেবাৰে নি ভিতৰ পোৱালেগৈ |

পিছে কথাকেইষাৰ মোৰ ডাইৰেক্ট কানেকচন থকা কানৰ ফুটাইদি সৰকি গ’ল | ৰাতি ৰাতি প্ৰেমালাপ চলিয়েই থাকিল| কেতিয়াবাটো ৰাতিপুৱা ৭টাও বাজিছিল | মাজতে কেতিয়াবা স্কুলীয়া দিনবোৰৰ কথা মনত পৰে | প্ৰেয়সীৰ আগত কেতিয়াবা মোৰ খাছ পাৰ্টনাৰ মৃনালিনীৰ কথা উলিয়াওঁ, পাৰ্থহঁতৰ কথা কওঁ|পিছে তেখেতে মুখ ঘুৰাইদিয়ে | শুনিব নিবিছাৰে| তেওঁ মোৰ লিখা মেলা বা অন্যধৰণৰ সৃষ্টিশীল কামত ব্যস্ত নহয় | মইাও তাপ মাৰো | কিন্তু বুকুখনে হাহাঁকাৰ কৰি উঠে কেতিয়াবা নিজক বিচাৰি | কিন্তু মইম তাইক ভালপাওঁ বাবে একো ক’ব নোৱাৰো তাইক | নিজকে লুকুৱাই ৰাখোঁ আনৰ পৰা |মোৰ জগতখনৰ পৰা আঁতৰি অন্য এখন জগতত বাস কৰোঁ | য’ত মোৰে প্ৰেয়সী আৰু মইু থাকোঁ | বাকী কাকো ঠাই নিদিওঁ | আনকি মোৰ ভালপোৱা কামবোৰকো |

তেনেদৰেই চলিল আৰু চলি আছিল | বছৰে বাগৰ সলালে |মাজতে খোলা ছছিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত বন্ধুৰ সংখ্যা ১ৰ পৰা ১০০০ হ’ল | আমাৰ মেডিকেল কলেজত চাৰিবাৰ মাখন ৰঙৰ বোল পৰিল | ৱাৰ্ডবোৰে ঠাই সলালে | আমিও পাছ কৰি ওলালো কলেজৰ পৰা | আমাৰ দুয়োৰে পোষ্টিং বেলেগ বেলেগ ঠাইত হ’ল | মইা আহিলো কৰিমগঞ্জলৈ | প্ৰেয়সী গ’ল কোকৰাঝাৰলৈ | লাহে লাহে ৰাতিবোৰত ভ’দাফনৰ চিমত কথা কমি আহিল | লাইনবোৰ ব্যস্ত হ’ল | শেষত জন্মদিনত মাতি নিআচল উপহাৰটো দি দিলে |উদ্ধাৰ কৰিলোগৈ মোৰ প্ৰেয়সীক বেলেগৰ ওচৰত |খঙ দুগুনে চৰিল | প্ৰেয়সীৰ সন্মুখতেই ম’বাইল কোৱাৰ্টাৰৰ সন্মুখৰ পিতনিত দলিয়াই দিলো ভ’দাফ’ন চিমৰ সৈতে | মোৰ পাঁচ বছৰীয়া প্ৰেমৰ বৰ সন্তোষজনক(?) সামৰনি এটিহ’ল |তাৰ পাছত দুখৰ নৈ বোৱালো দুদিন মান |মদৰ বটলৰ দম বান্ধিল | ডিউটি ইৰেগুলাৰ হ’ল | উৰ্দ্ধতন কৰ্ত্তৃপক্ষৰ গালি খালো | নাই এনেকৈ নোৱাৰি | ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলালো | সকলোকে চাৰপ্ৰাইজ দিম | আৰম্ভ কৰিম মৃনালিনীৰ পৰা | মোৰ স্কুলৰ আটাইতকৈ ভাল বন্ধু তাই | তাইকেই গৈ চাৰপ্ৰাইজ দিম |ওলালো ভাল‘বাৰ’ এটাত | শিৱসাগৰ পায়েই ইণ্ডিকা এখন ভাৰাত ল’লো | পোনাই দিলো মৃনালিনীৰ ঘৰৰ ফালে |ঘৰলৈ পাছত যাম |তাইক অলপ আচৰিত কৰি লওঁ |

ড্ৰাইভাৰ প্ৰবোধ শইউকীয়া…….

চকু মোহাৰিয়েই প্ৰবোধে কামোৰ খালে |ড্ৰাইভাৰ প্ৰবোধ | নিজৰ গাড়ীৰে ড্ৰাইভাৰ প্ৰবোধ| নিজৰ ওপৰতে খং উঠিল তাৰ | ছেঃ নতুন গাৰ্লফ্ৰেণ্ডজনীৰ লগত ৰাতি দুটালৈকে কথা পাতি থাকোঁতেই গ’ল |তাৰ নিজৰ ইণ্ডিকা গাড়ীখন সোনকালে শুই উঠি ধুবলৈকে থাকিল |৯ টা বাজিলেই |আচলতে সি নতুনকৈ লোৱা ভ’দাফ’ন চিমটোৱেতাক বৰ বিপদত পেলাইছিল দুদিনমান |এতিয়া অলপ কম | কেতিয়াবা ৰাতি দুটা তিনিটাত ফ’ন আহে “ছাৰ আছে নেকি ? ছাৰ ৰোগী এটা আছিল?” প্ৰথমে গালিয়েই পাৰিছিল সি|কাৰণ দিনটোত প্ৰায় ১৫ -১৬ টা ফোন আহিছিল | বেছি ভাগেই বাংলা ভাষীফ’ন | প্ৰথমে শই কীয়া ছাৰক বিচাৰো বুলি ক’লে নিজৰ উপাধিটোলৈ চাই নিজকে মতা বুলিয়েই ভাবিছিল | কিন্তু আচলতে চিমটো আগতে কোনোবা এজন ডাক্তৰৰ আছিল | কোনোবা শই কীয়া উপাধিৰ ডাক্তৰ | চিমটো লোৱাৰ পাছতেই তালৈ অসংখ্য ফ’ন আহে | সকলোবোৰ ৰোগীৰ | বাংলাভাষী ৰোগী | পাগল হৈ যায় কেতিয়াবা সি | চিমটো এৰি দিমবুলিয়েই ভাবিছিল সি | মাজতে পিছে অলপ বেলেগ ধৰণৰ ফ’ন এটা আহিল , হেল্ল’ বিদ্যুত…. মইএ মৃনালিনীয়ে কৈছো …. |মাত শুনিয়েই সি নিজৰ আচল পৰিচয় লুকুৱাই পেলালে | চিমটোৰ আগৰ মালিক ডাক্তৰ শইদকীয়াৰ ভাও ধৰিলে| তুৰন্তে উত্তৰ দিলে “অঁ মৃনালিনী কোৱা..”|সেইয়াই আৰম্ভণী | মৃনালিনীৰ পৰা মৃনা হৈ বিদ্যুতৰ(?) বুকুৰ মাজত সোমালেহি সি ক’বইল নোৱাৰিলে | বিদ্যুত শই্কীয়া মানে প্ৰবোধ শইৰকীয়াৰ বুকুত | এতিয়াও সাহস নাই হোৱা তাৰ সঁচা কথা ক’বলৈ | দেখাও নাই মৃনালিনীক | তথাপিও ভালপোৱা ছোৱালীজনীৰ মুখ চোৱাৰ খুবেই ইচ্ছা তাৰ |কিবা চাইক’লজিষ্ট বুলিও কৈছে তাই |প্ৰবোধে সেইবোৰ গম নাপায় যদিও তাইৰ দৰমহাটোৰ কথা শুনিয়েই জিভাৰ পানী পেলাইছে | এইবাৰ সি সঁচা কথা ক’বইন ক’ব | হাজাৰ হওক সি ডাঃ বিদ্যুতৰ ভাও ধৰিলেও তাকেই ভাল পায় মৃনালিনীয়ে |গতিকে না নকৰিব চাগৈ |মনত অসীম আশাৰ সঞ্চাৰ হয় কেতিয়াবা তাৰ |

সোনকালে মুখহাত ধুই ষ্টেচন চাৰি আলিলৈ ওলাই গ’ল প্ৰবোধ| মৃনালিনীৰ ঘৰৰ ফালৰ, মানে চেপনৰ ফালৰ ভাৰা পালেহে ল’ব আজি সি | নাপালে নাই | আজি মাতি পঠাইছে তাক মৃনালিনীয়ে | তাক এবাৰ চোৱাৰ ইচ্ছা |মৃনালিনীৰ মতে ৯ বছৰ দেখা নাই তাইবিদ্যুতক | মৃনালিনীৰ ঘৰৰ আগৰ দলংৰ ওচৰত লগ কৰিব তাই আৰু বিদ্যুতৰূপী প্ৰবোধে |আচলতে দুদিন আগতেই মাতিছে তাক | যিহেতু বিদ্যুতে কৰিমগঞ্জত কামকৰে, গতিকে যাওঁতে দুদিন লাগিব বুলি সি জানে | প্ৰবোধো কম বস্তু নহয় | ফেচবুক যোগে সকলো জানি লৈছে বিদ্যুতৰ বিষয়ে | কৰিমগঞ্জৰ পৰা শিৱসাগৰলৈ আহোঁতে দুদিন সময় লাগে বাবে প্ৰবোধেও আজিহে ওলাইছে | ১১ বজাত মৃনালিনীক ল’গ কৰাৰ কথা |এইবোৰ ভাবি থাকোঁতেই এজন গ্ৰাহকে আহি সুধিলে “চেপনলৈ যাবা নেকি ?” যাম বুলি তপৰাই ক’লে সি | বেছি দাম হ’লে বেলেগৰ গাড়ীত যাব পাৰে বুলি সি তপৰাই অলপ কম দামতে মানুহজনক হাত কৰি ল’লে | গাড়ীত উঠিয়েই মৃনালিনীৰ গাঁৱৰ নাম কৈ তালৈকে যাবৰ বাবে আদেশ দিলে মানুহজনে | প্ৰবোধেও গাড়ীত টান দিলে | মৃনালিনী অলপ আগলৈ ওলাই অহাৰ কথা বাবে ভাৰা লোৱা মানুহজনক কৈয়েই পেলালে সি “আপোনাৰ গাওঁ পোৱাৰ আগৰ দলং খনত অলপ ৰ’ম , বেয়া নাপাব দেই” মানুহজনে সন্মতিসূচক মূৰ দোঁৱাই দিলে | সকাহ পালে প্ৰবোধে | মাজে মাজে মৃনালিনীৰ ফ’ন |কিমান পাইছেহি খবৰ লৈছে | ভিতৰি ভিতৰি কঁপি উঠিছে প্ৰবোধ | আজি সঁচা ক’বসি | কি যে হ’ব ? আকোঁৱালি ল’ব নে নাই মৃনালিনীয়ে | মনটো অলপ ভাৰাক্ৰান্তহৈ উঠিল তাৰ |

সমসাময়িক……

মৃনালিনীৰ দলঙৰ ওচৰতৰৈ ৰৈ বাট চাওঁতে চাওঁতে চকু বিষাইছে | ফ’ন কৰিলেও কৈ বোলে দ্ৰাইভ কৰিআহিছো গাড়ী | অলপ ৰবা| একো বুজা নাই তাই | ইফালে গাড়ীত আহি আছে প্ৰবোধ | মাজে মাজে মৃনালিনীৰ ফ’ন | বিদ্যুতেও গাড়ীত বহি মৃনালিনীৰ কথাই চিন্তা কৰিআছিল | বহুত শকত হ’ল চাগৈ তাই | কিমান বছৰ যে দেখা নাই | মাত্ৰ লগৰ কেইজনীৰ মুখেৰে গম পাইছে যে তাই চাইক’লজিষ্ট | ঘৰতে আছে এতিয়া | অহা যোৱা কৰি ডিমৌ হস্পিতালত কাম কৰে | মনতো ভাল লাগি গ’ল বিদ্যুতৰ | কিমান ভাল লাগিব তাইক লগ পাই |

প্ৰবোধ গৈ পালেগৈ মৃনালিনীয়ে কোৱা গন্তব্যস্তান | প্ৰবোধে ভাৰা লৈ অহা যাত্ৰীজনক ক’লে ” আপুনি অলপ সময় বাহিৰত বতাহ খাব পাৰে | মইব মোৰ তেখেতক লগ কৰি আহোঁ ” | প্ৰবোধ আৰু যাত্ৰীজন নামিল | দুয়োএকেলগে ওলাই অহাৰ পাছত মৃনালিনী দৌৰি প্ৰবোধৰ ফালে আহিল | প্ৰবোধ প্ৰায় আচৰিতেই হ’ল | তাইটো মোক আগতে দেখা নাই | তেন্তে কিয় দৌৰি আহিছে তাই তাৰফালে |

ড্ৰাইভাৰে অনুৰোধ কৰাৰ কাৰণে মৃনালিনীৰ গাঁও পোৱাৰ অলপ আগৰ দলঙৰ ওচৰত নামিল গাড়ীৰ পৰা বিদ্যুত | নামিয়েই বিদ্যুত আচৰিত হ’ল মৃনালিনীক দলঙৰ ওচৰত দেখি | ইমান বছৰৰ পাছতো তাইক আঁতৰৰ পৰাই চিনি পালে সি| মৃনালিনীক দেখিয়েই সিও অলপ আৱেগিক হ’ল |দৌৰি আহিল তাই তাৰ ফালে | সাৱতি ধৰিলে তাক |ইফালে ইণ্ডিকাৰ ড্ৰাইভাৰ প্ৰবোধৰ আচৰিত হোৱাৰ পাল | মৃনালিনীয়ে দৌৰি আহি প্ৰবোধক এৰি গাড়ীখন ভাড়া কৰি অনা ল’ৰাজনকহে সাৱতি ধৰিলে |হেঃ এইজনী মৃনালিনী নহ’বও পাৰ | ততাতৈয়াকৈ ফ’ন কৰিলে সি তাইক | বাজি উঠিল মৃনালিনীৰ ম’বাইলটো | ৰিংটন বাজি উঠিল তাইৰ ম’বাইলত | স্ক্ৰীণখন চায়েই চিঞৰি উঠিল তাই |এতিয়া তুমি মোক কিয় ফ’ন কৰিছা বিদ্যুত? বিদ্যুতক উদ্দেশ্যিকৈ উঠিল তাই | বিদ্যুতে আচৰিত হৈ নহয়সূচক উত্তৰ দিলে | ইতিমধ্যে থাওকতে সকলোবোৰ দেখি-শুনি-বুজি নিজৰ গাড়ীত বহিলহি প্ৰবোধ |স্পীডত তাৰ পৰা ওলাই অহা প্ৰবোধৰ ম’বাইলটো বাজি উঠিল | মৃনালিনীৰ ফ’ন | ফ’নটো ৰিচিভ নকৰি কাটি দিলেসি | চিমখন খুলি ততাতৈয়াকৈ দলিয়াই দিলে হাবিৰ মাজলৈ |হাঁহি এটা ওলাই গ’লদুখৰ মাজতে | মনে মনে বিৰবিৰালে সি “ঘেন্টা চিমকাৰ্ড বনাইছে ভ’দাফ’নে” |বিদ্যুত আৰু মৃনালিনীয়ে সকলোবোৰ বুজি পালে লাহে লাহে | দুয়োৰে মৰমবোৰো বাঢ়িল লাহে লাহে | সেইদিনাৰ পৰা আজিলৈকে মৃনালিনীৰ ফ’নত বিদ্যুতৰ ভ’দাফ’ন নাম্বাৰটো লগালেই ভদাফ’ন কাষ্টমাৰ কেয়াৰৰ এটা শব্দ ভাহি আহে “আপুনি পাব বিচৰা নাম্বাৰটো বৰ্তমান সংযোগসীমাৰ বাহিৰত আছে…… ” |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!