চিলা আৰু ধুমুহা (শান্তনু চাংমাই)

Santanu Changmai

“চিলা আৰু ধুমুহা”

সপোনৰ বাগানত যিবোৰ ৰাস্তা হেৰাই গ’ল

নিদ্ৰাৰ পৰা সাৰ পাই সেইবোৰ বিচাৰি গ’লোঁ

ধূলি আৰু মাটি লাগি লেতেৰা হোৱা

এখন বগা চাদৰহে বিচাৰি পালোঁ

 

যিবোৰ সপোন তৰাৰ দেশৰ ভিৰত হেৰাই গ’ল

মাটিত বাগৰি সেইবোৰ বুটলিব খুজিলোঁ

সন্ধিয়াৰ অস্ত যাব খোজা বেলিৰ পোহৰত

কঁপি থকা ক’লা ৰাতিৰ ভূমিকম্পহে আগুৱাই আহিল

 

যি পাখি আপোন মানুহেই কাটি পেলালে

সেই টুকুৰাবোৰ কালি সী পেলাব খুজিলোঁ

যন্ত্ৰণাত আৰ্তনাদ কৰি থকা

তেজেৰে লুতুৰি পুতুৰি

এক উমি উমি জ্বলি থকা জুইৰ শিখাত

নিজৰ প্ৰতিবিম্বটোহে দেখিবলৈ পালোঁ

 

শান্তনু চাংমাই

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!