“চিলি-জেক্” (কেপচিকাম-কঁঠালৰ মুচি) (বৰ্ণালী বৰুৱা দাস)

“চিলি-জেক্” (চিলি-কঁঠালৰ মুচি)

কঁঠাল কেপচিকামৰ ‘চিলি-জেক্’‌
সামগ্ৰী

কঁঠালৰ মুচি- ৫০০গ্ৰাম (সমান সমান টুকুৰা কৰি কটা)

মেৰিনেটৰ বাবে- কণী-২টা,

নিমখ-সোৱাদ অনুযায়ী,

কৰ্ণফ্ল’ৰ- ১ টেবুল চামোচ,

চয়া চচ- ১টেবুল চামোচ,

চিলি চচ-টেবুল চামোচ,
ৰন্ধনৰ বাবে:

তেল- ডুবযোৱাকৈ ভাজিবৰ বাবে

পিয়াজ- ২টা (টুকুৰাকৈ কটা)

নহৰু- ৩টা (মিহিকৈ কটা)

কেপচিকাম- ২টা (দীঘল দীঘলকৈ কটা)

চয়াচচ- ১ টেবুল চামোচ,

চিলি চচ- ১ টেবুল চামোচ,

কৰ্ণফ্ল’ৰ- ডেৰ চামোচ (আধা কাপ পানীত গুলি লোৱা)

জালুকৰ গুড়ি- আধা চামোচ

কেঁচা জলকীয়া- ৬-৭টা

নিমখ-আন্দাজমতে

আজিন’ম’ট’-অকনমান (ইচ্ছা কৰিলে)
পদ্ধতি:

১) কঁঠালৰ মুচি খিনি অকনমান নিমখ দি আধা সিজা কৰি লওক‌।

২) সিজোৱা পানীখিনি পেলাই দিয়ক‌।

৩) এতিয়া কঁঠালৰ টুকুৰাবোৰ মেৰিনেটৰ বাবে দিয়া সামগ্ৰীখিনিৰ সৈ‍তে খুব ভালদৰে সানি আধাঘণ্টা ফ্ৰীজত ভৰাই থৈ দিয়ক‌।

৪) কেৰাহীত সৰহকৈ তেল দি সানি থোৱা কঁঠালৰ টুকুৰাবোৰ তেলত ডুব যোৱাকৈ ভাজক‌। ভালদৰে ভজা হ’লে তেলৰ পৰা উঠাই বেলেগে ৰাখক‌।

৫) আন এখন কেৰাহীত ১ টেবুল চামোচ তেল গৰম কৰি প্ৰথমে নহৰুখিনি ভাজি লওক‌। তাতে পিয়াঁজখিনি দি ৰঙচুৱাকৈ ভাজক‌।

৬) এতিয়া কাটি থোৱা কেপচিকামখিনি, ভাজি থোৱা কঁঠালখিনি, চয়া চচ, চিলি চচ, নিমখ আৰু পানীত গোলা কৰ্ণফ্ল’ৰখিনি দি ভালকৈ লৰাওক‌।

৭) নমোৱাৰ আগে আগে জালুকৰ গুড়ি আৰু দীঘল দীঘলকৈ কটা কেঁচা জলকীয়াখিনি দি ভালকৈ লৰাওক‌। ইচ্ছা কৰিলে অকণমান আজিন’ম’ট’ও দিব পাৰে‌।

৮)  আপোনাৰ চিলি-জেক্ তৈয়াৰ হৈ গ’ল। সুন্দৰকৈ পৰিবেশন কৰক, আলহীক খুৱাওক আৰু নিজেও খাওক।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!